মাণিকপুৰ (Manikpur) অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ এখন সৰু চহৰ আৰু গাওঁ পঞ্চায়ত৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক চুই গৈছে৷ ই বঙাইগাঁও চহৰৰ পৰা ২৪.৭ কিল'মিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৫৫ কিল'মিটাৰ আতৰত অৱস্থিত। ঐতিহাসিক মানস নদী মাণিকপুৰৰ কাষেৰে বৈ গৈছে৷
গঠন
মাণিকপুৰ উন্নয়ন খণ্ডৰ ভিতৰত ১২ খন গাওঁ পঞ্চায়ত১ আছে। সেইবিলাক হ'ল:-
বঙাইগাঁও জিলাৰ মাণিকপুৰ গাঁও পঞ্চায়তৰ অধীনৰ গাঁওসমূহ হ’ল
- বৰবিলা
- ডোমপাৰা
- কাহিবাৰী
- মাণিকপুৰ (বৰিপাৰা)
- মৌ-খোৱা
- ঝাকুৱাপাৰা
ইতিহাস
মাণিকপুৰ ইয়াৰ সমৃদ্ধিশালী সংস্কৃতিৰ বাবে জনজাত। শংকৰী ক'লা কৃষ্টিৰ অন্যতম প্ৰতীক গোবিন্দ ভৱন গীতা সত্ৰ মাণিকপুৰৰ মাজমজিয়াত অৱস্থিত। এই সত্ৰখন স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে প্ৰতিষ্ঠা কৰে ৷ ঐতিহাসিক তথ্য আৰু ইয়াৰ ক'লা সংস্কৃতিৰ প্ৰতি লক্ষ্য কৰি এই অঞ্চল এসময়ত বৃহত্তৰ কোঁচ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল বুলি অনুমান কৰিব পাৰি।
জনগাঁঠনি
মাণিকপুৰ অঞ্চলৰ বেছিভাগ জনগোষ্ঠী কোচ ৰাজবংশী-ৰাজবংশী সম্প্ৰদায়ৰ হোৱাৰ লগতে কিছু সংখ্যক কলিতা, বামুন, যোগী আৰু কিছু সংখ্যক বড়ো জনগোষ্ঠী আৰু বঙালী ভাষা আৰু ইছলাম ধৰ্মাম্বলম্বী মানুহো আছে।
উৎসৱ
অসমৰ আন সকলো ঠাইৰ নিচিনাকৈ মাণিকপুৰতো ব'হাগৰ মাহত মুকলি বিহু এটা প্ৰধান বছেৰেকীয়া উৎসৱ। ইয়াৰ লগতে ইয়াত বছৰি লক্ষ্মী পূজা আৰু ঈদ পালন কৰা হয়। লক্ষ্মীপূজা পাঁচৰ পৰা সাতদিনীয়াকৈ পতা হয় আৰু সহস্ৰাধিক ভক্তৰ সমাগম হয় ৷ গোবিন্দ ভৱন গীতা সত্ৰৰ প্ৰতিষ্ঠা দিৱস আঘোন মাহত পালন কৰা হয় আৰু ইয়ালৈ অসমৰ বিভিন্ন অঞ্চলৰ উপৰিও চুবুৰীয়া পশ্চিম বংগৰ পৰাও বহুতো ভক্তৰ আগমন ঘটে ৷
শিক্ষা
মাণিকপুৰত কেইবাখনো উচ্চ মাধ্যমিক শিক্ষাৰ অনুস্থান আৰু এখন আঞ্চলিক মহাবিদ্যালয় আছে। ব্যক্তিগত শিক্ষাখণ্ডৰ উন্নতিৰ পিছৰ পৰাই ইয়াত কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন হৈছে যদিও সেইবিলাকত উচ্চশিক্ষাৰ ব্যৱস্থা সম্প্ৰতি উন্নত নহয়।
মহাবিদ্যালয়: মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়।
বিদ্যালয়: মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাণিকপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, মাণিকপুৰ উচ্চ বুনিয়াদী বিদ্যালয়।
পৰিবহণ
মাণিকপুৰ ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহ বাছ আৰু ৰেলেৰে ভালকৈ সংযুক্ত। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ২ সহায়ত ই ভাৰতৰ আন আন ঠাই সমূহৰ লগত সংযুক্ত। ইয়াৰ আটাইতকৈ কাষৰ ৰেল ষ্টেচন পাতিলাদহ ইয়াৰ পৰা প্ৰায় ৩ কিল'মিটাৰ দূৰত অৱস্থিত।
ৰাজনীতি
মাণিকপুৰ ৩৪ নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত৩ আৰু ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত৷
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ National Highways Authority of India (NHAI)
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাণিকপুৰ” প্ৰবন্ধৰ সংশোধন ৫৬২৪৪৮ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।