অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাইদানেটস্কে

মাইদানেটস্কে (ইউক্ৰেইনীয়ান: Майданецьке) হৈছে ইউক্ৰেইনৰ চেৰকাচি অব্লাষ্ট (প্ৰভিন্স)ৰ জভেনিহোৰোডকা ৰায়ন (জিলা)ৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন ৰাজধানী কিয়েভৰপৰা প্ৰায় ২৩৫ কিলোমিটাৰ (১৪৬ মাইল) দক্ষিণে অৱস্থিত। ই ইউক্ৰেইনৰ অন্যতম এক স্থানীয় প্ৰশাসনিক গোট টালনে নগৰীয়া হ্ৰমাডাৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৪৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মাইদানেটস্কে (ইউক্ৰেইনীয়ান: Майданецьке) হৈছে ইউক্ৰেইনৰ চেৰকাচি অব্লাষ্ট (প্ৰভিন্স)ৰ জভেনিহোৰোডকা ৰায়ন (জিলা)ৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন ৰাজধানী কিয়েভৰপৰা প্ৰায় ২৩৫ কিলোমিটাৰ (১৪৬ মাইল) দক্ষিণে অৱস্থিত। ই ইউক্ৰেইনৰ অন্যতম এক স্থানীয় প্ৰশাসনিক গোট টালনে নগৰীয়া হ্ৰমাডাৰ অন্তৰ্ভুক্ত।১

এইখন মূলতঃ টালিয়ানকি নদীৰ পাৰৰ এটা পাহাৰৰ ওপৰত অৱস্থিত এক সৰু কৃষি প্ৰধান অঞ্চল। মাইদানেটস্কে টালনে ৰায়নৰ তিনিখন জিলা চিকিৎসালয়ৰ এখনৰ আৱাসস্থল। ১৯৯০ চনৰ দশকত ইয়াত এটা স্থানীয় সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছিল, যিটোৱে এই ঠাইৰ প্ৰাচীন ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সংগ্ৰহালয়টোত প্ৰাগঐতিহাসিক যুগত ইয়াত অৱস্থিত এটা বৃহৎ কুকুটেৰী-ত্ৰিপিলিয়ান বসতিৰ এক পেনোৰামিক পুনৰ্নিৰ্মিত আৰ্হি প্ৰদৰ্শন কৰাৰ লগতে গাঁওখনৰ আশে-পাশে উদ্ধাৰ হোৱা কিছুমান প্ৰাচীন শিল্পকৰ্মও সংৰক্ষণ কৰা হৈছে।

২০২০ চনৰ ১৮ জুলাইলৈকে মাইদানেটস্কে টালনে ৰায়নৰ অন্তৰ্ভুক্ত আছিল। ২০২০ চনৰ জুলাই মাহত ইউক্ৰেইনৰ প্ৰশাসনিক সংস্কাৰৰ অংশ হিচাপে এই ৰায়নটো বিলুপ্ত কৰা হয়, যাৰ ফলত চেৰকাচি অব্লাষ্টৰ জিলাৰ সংখ্যা চাৰিখনলৈ হ্ৰাস পায়। পৰৱৰ্তী সময়ত টালনে ৰায়নৰ সমগ্ৰ এলেকা জভেনিহোৰোডকা ৰায়নৰ সৈতে একত্ৰিত কৰা হয়।২৩

পুৰাতাত্ত্বিক ধ্বংসাৱশেষ

মাইদানেটস্কেৰ ৩ডি আৰ্হি (3D model)।
মাইদানেটস্কেৰ ৩ডি আৰ্হি (3D model)।ছবি: René Ohlrau · CC BY 3.0
মাইদানেটস্কে, শিল্পীৰ কল্পনাৰে এক পুনৰ্নিৰ্মাণ
মাইদানেটস্কে, শিল্পীৰ কল্পনাৰে এক পুনৰ্নিৰ্মাণছবি: Kenny Arne Lang Antonsen · CC BY-SA 4.0

মাইদানেটস্কেত নব্য প্ৰস্তৰ যুগ আৰু তাম্ৰ প্ৰস্তৰ যুগৰ কুকুটেৰী-ত্ৰিপিলিয়ান সংস্কৃতিৰ দুখন পৃথক বসতিস্থল আছিল। প্ৰায় ২ হেক্টৰ (৫ একৰ) এলেকা জুৰি থকা প্ৰথমটো বসতিস্থল খ্ৰীষ্টপূৰ্ব ৫০০০ চনৰ আশে-পাশে গঢ়ি উঠিছিল। এই স্থানখন মাইদানেটস্কেৰ উপকণ্ঠ অঞ্চলত, টালনেলৈ যোৱা পথৰ কাষত 'হ্ৰেবেনিউকিভ ইয়াৰ' (ইউক্ৰেইনীয়ান: Гребенюків Яр) নামৰ ঠাইত অৱস্থিত। ১৯৮১ চনৰপৰা ১৯৮৯ চনৰ ভিতৰত এম. শ্মাগ্লিজ আৰু এন. বুৰ্ডোই এই স্থানটো আংশিকভাৱে খন্দন কৰিছিল, য'ত তিনিটা বাসগৃহ আৰু মাটিৰ তলত আশ্ৰয় ল'ব পৰা দুটা বিশেষ গৃহ (Bordei) আৱিষ্কাৰ কৰা হৈছিল।৪

কুকুটেৰী-ত্ৰিপিলিয়ান সংস্কৃতিৰ দ্বিতীয় আৰু আটাইতকৈ ডাঙৰ বসতিস্থলটো টালিয়ানকি নদীৰ বাওঁপাৰে, মাইদানেটস্কেৰ পশ্চিমে অৱস্থিত, য'ত প্ৰায় খ্ৰীষ্টপূৰ্ব ৩৭০০–৩৬০০ চনৰ সময়ছোৱাত মানুহে বসবাস কৰিছিল। উপবৃত্তাকাৰ (Oval) আৰ্হিত গঢ়ি উঠা এই বসতিস্থলটো প্ৰায় ২৫০ হেক্টৰ (৬২০ একৰ) এলেকা জুৰি বিস্তৃত আছিল, যাৰ দৈৰ্ঘ্য ১.৫ কিলোমিটাৰ (০.৯৩ মাইল) আৰু প্ৰস্থ ১.১ কিলোমিটাৰ (০.৬৮ মাইল) আছিল। ১৯৭১ চনৰপৰা ১৯৯১ চনলৈকে এম. শ্মালিজৰ নেতৃত্বত এটা পুৰাতাত্ত্বিক দলে এই স্থানটোত অধ্যয়ন চলাইছিল। তেওঁলোকে বসতিস্থলখনৰ মানচিত্ৰ তৈয়াৰ কৰিবলৈ মেগনেটোমিটাৰ বিশ্লেষণ ব্যৱহাৰ কৰিছিল (যিটো ভি. ডুটকিনে প্ৰস্তুত কৰিছিল)। ইয়াৰ জৰিয়তে ১৮০ হেক্টৰ অন্বেষণ কৰা অঞ্চলত মুঠ ১৫৭৫টা ভৱন উদ্ধাৰ হয়, যাৰ ভিতৰত বাসগৃহ, দুৰ্গ, উপাসনা গৃহ আৰু কিছুমান দুমহলীয়া ঘৰো আছিল। এই স্থানৰ খনন কাৰ্যত প্ৰায় ৫০ হাজাৰ শিল্পকৰ্ম পোৱা গৈছে, য'ত ৰং কৰা মৃৎশিল্প আৰু মাটিৰ মূৰ্তিৰ এক অনন্য সংগ্ৰহ অন্তৰ্ভুক্ত। এই বসতিস্থলখন কুকুটেৰী-ত্ৰিপিলিয়ান সংস্কৃতিৰ আটাইতকৈ বৃহৎ বসতিসমূহৰ অন্যতম আছিল, যিয়ে ইয়াক সেই সময়ৰ সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ মানৱ বসতি হিচাপে গঢ়ি তুলিছিল।৫

২০১৪ চনৰ নতুন গৱেষণাই সূচায় যে খ্ৰীষ্টপূৰ্ব ৩৭০০ চনৰ আশে-পাশে ইয়াত পূৰ্বতকৈ বহু ঘন জনবসতি আছিল আৰু একে সময়তে কমেও ২২৯৭ৰপৰা ২৯৬৮টা ঘৰ আছিল। ফলস্বৰূপে, ইয়াৰ জনসংখ্যাও পূৰ্বৰ ধাৰণাতকৈ বহু বেছি আছিল। এক সীমিত অনুমান অনুসৰি ইয়াৰ জনসংখ্যা ১২,০০০ আছিল, আনহাতে সম্ভাৱ্য গড় জনসংখ্যা আছিল ২৯,০০০; আনকি ইয়াত সৰ্বাধিক ৪৬,০০০ গৰাকী পৰ্যন্ত অধিবাসী থকাৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।৬

এই দুখন কুকুটেৰী-ত্ৰিপিলিয়ান সাংস্কৃতিক স্থানৰ উপৰি মাইদানেটস্কেত আন দুটা প্ৰাচীন পুৰাতাত্ত্বিক স্থান পোৱা গৈছে। গাঁওখনৰ ওচৰতে য়াম্নায়া সংস্কৃতিৰ দুটা কবৰৰ ঢিপ (Tumuli/Burial mounds) পোৱা গৈছে, য'ত খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দৰ মাজভাগৰ আঠখন কবৰ আছে। লগতে, ওচৰৰে গেলিভ ষ্টাভ নামৰ স্থানত চতুৰ্থ শতিকাৰ চেৰনিয়াখভ সংস্কৃতিৰ এটা সৰু বসতিৰ ধ্বংসাৱশেষ পোৱা গৈছে।৫

মাইদানেটস্কেৰ স্থানীয় সংগ্ৰহালয়ৰ উপৰি, এই স্থানসমূহৰপৰা সংগ্ৰহ কৰা পুৰাতাত্ত্বিক সামগ্ৰীসমূহ চেৰকাচি আঞ্চলিক সংগ্ৰহালয়, টালনেৰ কৃষি সংগ্ৰহালয়, কিয়েভৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয় আৰু কিয়েভৰে পুৰাতত্ত্ব প্ৰতিষ্ঠানত সংৰক্ষিত হৈ আছে। ইয়াৰ আশে-পাশে আন কিছুমান চহৰ আৰু গাঁও আছে যিবোৰ নব্য প্ৰস্তৰ যুগৰ বসতিস্থলৰ বাবে জনাজাত; ইয়াৰ ভিতৰত অন্যতম হৈছে টালিয়ানকি গাঁও, য'ত সমগ্ৰ কুকুটেৰী-ত্ৰিপিলিয়ান সংস্কৃতিৰ আটাইতকৈ ডাঙৰ বসতিস্থলখন অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ Тальнівська територіальна громада. decentralization.gov.ua
  2. ↑ (2020-07-18). Про утворення та ліквідацію районів. Постанова Верховної Ради України № 807-ІХ.. Голос України
  3. ↑ Нові райони: карти + склад. Міністерство розвитку громад та територій України
  4. ↑ Videiko, Mykhailo Yu.; Shmaglij, M. (1987). Раннетрипольское поселение Гребенюков Яр у с. Майданецкоe. Наукова думка (Naukova Dumka). পৃ. 87–89
  5. ↑ Videiko, Mykhailo Yu. Settlements of the Trypillian culture in Ukraine: a short guide. The Trypillian Civilization Society. The Trypillia-USA-Project
  6. ↑ High precision Tripolye settlement plans, demographic estimations and settlement organization. Academia.edu

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইদানেটস্কে” প্ৰবন্ধৰ সংশোধন ৬২৯৬৩৪ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।