মহীশূৰ প্ৰাসাদ, ( Mysore Palace যাক আম্বা বিলাস প্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ মহীশূৰত অৱস্থিত এক ঐতিহাসিক প্ৰাসাদ আৰু ৰাজবাসগৃহ। এইটো ৱাডিয়াৰ বংশৰ চৰকাৰী বাসগৃহ আৰু মহীশূৰ ৰাজ্যৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল। পূৰ্বৰ অট্টালিকাটো অগ্নিকাণ্ডত ধ্বংস হোৱাৰ পিছত, ১৮৯৭ চনৰ আগষ্ট মাহত কৃষ্ণৰাজ চতুৰ্থ ৱাডিয়াৰে ইয়াৰ কাম আৰম্ভ কৰিছিল। ব্ৰিটিছ স্থপতি হেনৰী ইৰউইন আৰু এডউইন ৱলাষ্টন ফ্ৰিচলীয়ে এই ৰাজপ্ৰাসাদটোৰ ডিজাইন কৰিছিল। হেনৰী ইৰউইনে ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ডিজাইন কৰিছিল১ আৰু এডউইন ৱলাষ্টন ফ্ৰিচলিয়ে পিছলৈ ললিতা মহলৰ ডিজাইন কৰিছিল।২ বৰ্তমানৰ গঠনটোৰ নিৰ্মাণকাৰ্য ১৮৯৭ চনৰপৰা ১৯১২ চনলৈকে চলিছিল।৩ মহীশূৰ চহৰৰ সাতটা ৰাজপ্ৰাসাদৰ ভিতৰত ই আটাইতকৈ ডাঙৰ আৰু ভাৰত-ইছলামিক, ৰাজপুত, হয়ছালা আৰু গথিক স্থাপত্য শৈলীৰ সংমিশ্ৰণেৰে ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক বিশিষ্ট উদাহৰণ। ৪৫
২০২৪ চনৰ তথ্য অনুসৰি মহীশূৰ প্ৰাসাদ ভাৰতৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী, ইয়ালৈ বছৰি ৪০ লাখতকৈ অধিক দৰ্শনাৰ্থী আহে।৬
ব্যুৎপত্তিবিজ্ঞান
'অম্বা বিলাস' নামটো সংস্কৃত ভাষাৰ পৰা আহিছে। 'আম্বা' (অৰ্থাৎ "মাতৃ") হিন্দু দেৱী দুৰ্গাৰ নাম,৭ যিয়ে স্থানীয় কিংবদন্তি অনুসৰি ওচৰৰ চামুণ্ডী পাহাৰৰ শিখৰত দানৱ ৰজা মহিষাসুৰক হত্যা কৰিছিল।৮ 'বিলাস' শব্দটোৱে (আক্ষৰিক অৰ্থত "সুখ") আনন্দ বা বিলাসীতাৰ স্থানক বুজায় ৯ আৰু ইংৰাজ শাসনৰ সময়ত ভাৰতৰ ৰাজপ্ৰাসাদসমূহৰ নামকৰণৰ বাবে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।
ইতিহাস
আৰম্ভণিৰ ইতিহাস
১৫২৪ চনত তেতিয়াৰ বিজয়নগৰ সাম্ৰাজ্যৰ অধীনস্থ চমৰাজ ৱোদেয়াৰ তৃতীয়ই পুৰাগেৰে গাঁৱত মাটিৰ দেৱালযুক্ত এটা দুৰ্গ নিৰ্মাণ কৰিছিল।১০১১ এই ৰাজপ্ৰসাদটোৰ বিষয়ে প্ৰথম লিপিবদ্ধ উল্লেখ ১৬৩৮ চনত, যেতিয়া প্ৰথম কান্থিৰাৱ নৰসৰাজে বিজুলীৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত দুৰ্গৰ ভিতৰত ৰাজপ্ৰসাদটো মেৰামতি আৰু সম্প্ৰসাৰণ কৰিছিল। ১২১৩ এই সময়ছোৱাত শ্ৰীৰংগপট্না মহীশূৰ ৰাজ্যৰ বাস্তৱিক ৰাজধানী আছিল,১৪ আৰু মহাৰাজৰ সৈতে তেওঁৰ সৈন্যই ওচৰৰ চামুণ্ডেশ্বৰী মন্দিৰলৈ পূজা কৰিবলৈ যোৱাৰ সময়ত এই ৰাজপ্ৰসাদক প্ৰধানকৈ মহাৰাজৰ বাসস্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল।১৫

ধ্বংস আৰু পুননিৰ্মাণ
১৮৯৭ চনৰ ২০ ফেব্ৰুৱাৰীত চামৰাজেন্দ্ৰৰ জ্যেষ্ঠ ৰাজকুমাৰী (মহাৰাজ-কুমাৰী) জয়লক্ষ্মী আম্মানীৰ বিয়াৰ ঠিক পিছতেই মহীশূৰ প্ৰাসাদৰ উত্তৰ অংশ ভয়ংকৰ অগ্নিকাণ্ডত বহু পৰিমাণে ধ্বংস হয়। এই বিধ্বংসী অগ্নিকাণ্ডত আঠজন লোকৰ মৃত্যু হোৱাৰ লগতে অট্টালিকাটোৰ এক পঞ্চমাংশ ধ্বংস হয়; ক্ষতিগ্ৰস্ত অংশসমূহৰ ভিতৰত দৰবাৰ হল, ৰাজপ্ৰাসাদৰ অস্ত্ৰভাণ্ডাৰ, সংস্কৃত পুথিভঁৰাল আৰু সংগীত কক্ষ উল্লেখযোগ্য। ৰাজপ্ৰাসাদৰ পিছফালে থকা আৱাসিক অংশটোহে অক্ষত অৱস্থাত থাকিল। এই ঘটনাৰ সময়ত তেৰবছৰীয়া কৃষ্ণৰাজ চতুৰ্থ কৃষ্ণৰাজ ৱোডেয়াৰৰ বাবে মহীশূৰ ৰাজ্যৰ ৰিজেণ্ট (ভাৰতীয় শাসক) হিচাপে শাসন কৰা কেম্পানঞ্জমন্নী দেৱীয়ে নতুন ৰাজপ্ৰাসাদ নিৰ্মাণ কৰিবলৈ ব্ৰিটিছ স্থপতি হেনৰী ইৰউইন আৰু ই.ডব্লিউ. ফ্ৰিচলীক নিযুক্তি দিয়ে আৰু ৰাজপ্ৰাসাদৰ নিৰ্মাণকায্য সম্পূৰ্ণ নোহোৱালৈকে ৰাজ পৰিয়ালক ওচৰৰ জগনমোহন প্ৰাসাদলৈ স্থানান্তৰ কৰা হৈছিল।১৬ মুখ্য স্থপতি হিচাপে ইৰৱিনক ১২ হাজাৰ টকা মাচুল দিয়া হৈছিল। প্ৰথমতে ২,৫০০,০০০ টকা বুলি অনুমান কৰা এই প্ৰকল্পৰ মুঠ ব্যয় অৱশেষত অনুমাণিক ৪,১৪৭,৯১৩ টকালৈ বৃদ্ধি পায় (মুদ্ৰাস্ফীতিৰ হিচাপত প্ৰায় ৩ কোটি মাৰ্কিন ডলাৰ) আৰু ১৯১২ চনত ৰাজপ্ৰাসাদ নিৰ্মাণ সম্পূৰ্ণ হয়।১৭১৮ ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই ৰাজপ্ৰসাদটো মূলতঃ শিল, ইটা আৰু লোহাৰে নিৰ্মাণ কৰা হৈছিল আৰু জ্বলনশীল সামগ্ৰীৰ ব্যৱহাৰ নূন্যতমভাৱে ৰখা হৈছিল।১৯

স্বাধীনতাৰ পিছত
১৯৫০ চনৰ ২৬ জানুৱাৰীত 'ডমিনিয়ন অৱ ইণ্ডিয়া'ৰ পৰা গণৰাজ্যলৈ পৰিৱৰ্তন হোৱাৰ পিছত আৰু ভাৰতৰ সংবিধান গ্ৰহণৰ পিছত জয়চমৰাজেন্দ্ৰই ৱাডিয়াৰে ৰাজপ্ৰসাদৰ দৰবাৰ হলত এখন ঘোষণা পাঠ কৰে, য'ত তেওঁ মহীশূৰ ৰাজ্যৰ নিয়ন্ত্ৰণ আনুষ্ঠানিকভাৱে নৱগঠিত ভাৰতীয় গণৰাজ্যলৈ হস্তান্তৰ কৰা হয়।২০ পৰৱৰ্তী সময়ত জয়চামৰাজক মহীশূৰ ৰাজ্যৰ প্ৰথম ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হয়। ১৯৫১ আৰু ১৯৫৩ চনত তেওঁ ৰাজপ্ৰসাদৰ চৌহদত ভূৱনেশ্বৰী মন্দিৰ আৰু গায়ত্ৰী মন্দিৰ দুটা মন্দিৰ নিৰ্মাণ কৰিছিল।২১২২ ১৯৭১ চনত ২৬ সংশোধনী গৃহীত হোৱাৰ পিছত মহীশূৰৰ মহাৰাজৰ উপাধি বিলুপ্ত কৰা হয় আৰু ৰাজপ্ৰসাদৰ সন্মুখৰ মহলা দুটা জনসাধাৰণৰ বাবে মুকলি সংগ্ৰহালয়ত পৰিণত হয়।২৩
২০১৭ চনত এটিএম কিয়স্কৰ ভিতৰত বিজুতিৰ তাঁৰৰ বিসংগতিৰ ফলত হোৱা বৈদ্যুতিক অগ্নিকাণ্ডত ৰাজপ্ৰসাদৰ পূব গেটখনৰ ক্ষতিসাধন হয়।২৪
স্থাপত্য
“নতুন ৰাজপ্ৰাসাদ; দক্ষিণ ভাৰতৰ আধুনিক দৰ্শনীয় স্থান।" প্ৰাচুৰ্যৰে ভৰি আছে; 'এইটো এটা গথিক কেথেড্ৰেলৰ দৰে দেখা যায়।’ মই বিশ্বাস কৰোঁ যে ইয়াক পৃথিৱীৰ আটাইতকৈ উন্নত ৰাজপ্ৰাসাদ হিচাপে গঢ়ি তোলা হৈছে আৰু যদি বহুতো সুন্দৰ আড়ম্বৰ একেলগে ৰাখি এটা মহান ধাৰণা গঠন কৰিব পাৰে তেন্তে নিশ্চিতভাৱে স্থাপত্যৰ এই প্ৰকাশ নিশ্চয় এক মহৎ শিল্পকৰ্ম হ’ব।’’
— — উইলিয়াম গৰ্ডন বাৰ্ন মাৰ্ডক, ফ্ৰম এডিনবাৰ্গ টু ইণ্ডিয়া এণ্ড বাৰ্মা (১৯০৮)২৫
এই ৰাজপ্ৰাসাদটো তিনিমহলীয়া অট্টালিকা, প্ৰায় ৭৫ মিটাৰ (২৪৫ ফুট) দীঘল আৰু ৪৮ মিটাৰ (১৫৬ ফুট) বহল,২৬ আৰু ইয়াক প্ৰধানকৈ ধূসৰ-সেউজীয়া গ্ৰেনাইটৰদ্বাৰা নিৰ্মিত কৰা হৈছে।২৭ ৰাজপ্ৰাসাদৰ মূল গঠন হৈছে ইয়াৰ পাঁচ মহলীয়া কেন্দ্ৰীয় টাৱাৰ, ইয়াৰ শিখৰত মোগল স্থাপত্যৰ বৈশিষ্ট্যপূৰ্ণ সোণালী প্ৰলেপযুক্ত পিঁয়াজ আকৃতিৰ এটা গম্বুজ আছে। সাধাৰণ শিখৰৰ পৰিৱৰ্তে মূল গম্বুজটোৰ ওপৰত এটা সৰু 'ছাত্ৰী'(Chhatri) আছে, যিটো বৈশিষ্ট্য সাধাৰণতে ৰাজস্থানী ৰাজপ্ৰাসাদত দেখা যায়।২৬ ৰাজপ্ৰসাদৰ মূল অংশৰ মাজত এটা ডাঙৰ তোৰণযুক্ত দুৱাৰমুখ আছে, যিয়ে অট্টালিকাটোৰ মূল প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে; ইয়াৰ দুয়োফালে গ্ৰেনাইটৰ খুঁটাৰে সহায় কৰা চাৰিটা সৰু তোৰণ আছে।২৮ ৰাজপ্ৰসাদটোৰ দুয়ো মূৰত তিনিটা বৰ্গক্ষেত্ৰৰ টাৱাৰ আছে, প্ৰত্যেকটো টাৱাৰ পাঁচ মহলীয়া আৰু তাৰ ওপৰত গোলাপী মাৰ্বলৰ গম্বুজ আৰু চূড়া আছে। কেন্দ্ৰীয় তোৰণৰ ওপৰত গজলক্ষ্মীৰ (লক্ষ্মীৰ এটা ৰূপ, হিন্দু ধনৰ দেৱী) এটা বিশিষ্ট ভাস্কৰ্য্য স্থাপন কৰা হৈছে।২৭ ব্ৰিটিছ স্থপতিবিদ হেনৰী ইৰউইনৰ দ্বাৰা ডিজাইন কৰা এই ৰাজপ্ৰসাদটো ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক সুন্দৰ উদাহৰণ, ইয়াত মোগল, ৰাজপুত, হয়ছালা আৰু গথিক স্থাপত্য শৈলীৰ উপাদানসমূহ প্ৰতিফলিত হৈছে।২৬
তথ্যসূত্ৰ
- ↑ Deepa Alexander. (2019-01-30). History lessons about Madras High Court. TheHindu.com. The Hindu
- ↑ Meera Iyer. (2021-12-11). Lalitha Mahal: an architectural fantasy come to life. DeccanHerald.com. Deccan Herald
- ↑ Akki, Basavaraj. (October 1995). The Story of Mysore Palace. March of Karnataka. Director of Information and Publicity, Government of Karnataka
- ↑ Ishika Jain. (2025-05-21). Mysuru Dasara Festival. Travel.India.com. Travel India
- ↑ DHNS. (2011a). Mysore palace will complete 100 years next year. Deccan Herald
- ↑ (11 April 2025). Mysuru Palace sees 2nd highest footfall in a decade in 2024 with 44,788 foreigners
- ↑ Apte, Vaman Shivaram. (1959). अम्बा (ambā). The Practical Sanskrit-English Dictionary. Prasad Prakashan
- ↑ Sri Chamundeshwari Temple. ChamundeshwariTemple.in
- ↑ Macdonell, Arthur Anthony. (1929). विलास (vilāsa). A Practical Sanskrit Dictionary. Oxford University Press
- ↑ Anita Rao Kashi. The Fort. Times of India
- ↑ Rice, B.L. (1876). Mysore and Coorg: Mysore, by districts. Mysore Government Press
- ↑ King, Carol. (2025-10-08). Mysore Palace. Encyclopedia Britannica Online. Britannica
- ↑ Aditi Shah. (2020-07-14). Mysuru Palace: Raising a Royal Residence. Live History India
- ↑ Monuments of Srirangapatna Island Town. UNESCO World Heritage Convention
- ↑ Gouri Satya. (2018a). The four-century legacy of Mysore Palace. Star of Mysore
- ↑ Maharaja's Palace. Mysore District
- ↑ Mysore Palace. culturalindia.net
- ↑ DHNS. (2011-10-11). Mysore palace will complete 100 years next year. Deccan Herald
- ↑ Mysore Palace. Higman Consulting GmbH
- ↑ Srinivasan, K. (February 1950). Order No.C.B 10632 LEGIS 244-49-3. The Mysore Gazette. Director of Information and Publicity, Government of Karnataka
- ↑ Mysore Palace. Deputy Directors Office. Mysore Palace Board, Karnataka, India
- ↑ Silver Kavacha to adorn Goddess Bhuvaneshwari at Palace temple. Star of Mysore
- ↑ Mohammed Fayaz. The History of Mysore Palace: The Yaduraya Wodeyar Legacy. Vocal.Media
- ↑ (2017-05-12). Fire guts Mysuru Palace entrance. TheHindu.com. The Hindu
- ↑ W.G. Burn Murdoch 1908, পৃ. 176
- ↑ Mysuru Palace. mysorepalace.karnataka.gov.in
- ↑ Architecture of Mysore Palace
- ↑ Bellur, Anushka. (2017). Mysuru Palace: How National Identity fought Colonial Power
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহীশূৰ প্ৰাসাদ” প্ৰবন্ধৰ সংশোধন ৬১৫১৯৫ (১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।