অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বাৰ্বাডোচ

বাৰ্বাডোচ (Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৯৬৫ শব্দ · ৫ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বাৰ্বাডোচ (Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে। ই উত্তৰ আটলাণ্টিকৰ পশ্চিম অংশত, উইণ্ডৱাৰ্ড দ্বীপপুঞ্জ আৰু কেৰিবিয়ান সাগৰৰ পৰা ১০০ কিমি (৬২ মাইল) পূৱত অৱস্থিত।১ বাৰ্বাডোচ বিষুৱৰেখাৰ উত্তৰত অৱস্থিত। ইয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ হৈছে ব্ৰিজটাউন।

বাৰ্বাডোচৰ বহু সংখ্যক লোক মুখ্যতঃ আফ্ৰিকান মুলৰ যদিও ই কেৰিবিয়ান অঞ্চলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এটা আটলাণ্টিক দ্বীপ। লগতে এই অঞ্চলৰ এক আগশাৰীৰ পৰ্যটন স্থল হিচাপেও বাৰ্বাডোচে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।২

২০২১ চনৰ ৩০ নৱেম্বৰত বাৰ্বাডোচ বিশ্বৰ নবীনতম গণৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।৩

ব্যুৎপত্তি

"বাৰ্বাডোচ" নামটোৰ উৎপত্তি দাড়িযুক্ত ডিমৰু গছৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়। পৰ্তুগীজসকলে ১৫৩৬ চনত ব্ৰাজিললৈ যাওঁতে বাৰ্বাডোচ দ্বীপটো দেখিছিল আৰু দ্বীপটোত পোৱা ডিমৰু গছৰ ওপৰত ভিত্তি কৰি দ্বীপটোক "লছ বাৰ্বাডোচ" বুলি উল্লেখ কৰিছিল।৪

ইতিহাস

দ্বীপটোৰ স্পেনিছ মানচিত্ৰ
দ্বীপটোৰ স্পেনিছ মানচিত্ৰছবি: Nicolás de Cardona · Public domain

খৃষ্টাব্দ ৩৫০ ৰ আশেপাশে দক্ষিণ আমেৰিকা (ভেনিজুৱেলাৰ অৰিনোকো উপত্যক) ৰ পৰা নৌকাৰে আহিবলৈ ধৰা থলুৱা লোক সকল হৈছে বাৰ্বাডোচৰ প্ৰাচীনতম বাসিন্দা। “স্পেনিছ নাবিক” সকলে ১৫ শতিকাৰ শেষৰ ফালে বাৰ্বাডোচ দখল কৰিছিল আৰু ইয়াক “কাষ্টিলৰ মুকুটৰ” বাবে দাবী কৰিছিল। বাৰ্বাডোচ দ্বীপটো প্ৰথমবাৰৰ বাবে ১৫১১ চনত এখন স্পেনিছ মানচিত্ৰত প্ৰকাশ পাইছিল।৫ পৰ্তুগীজ সাম্ৰাজ্যই ১৫৩২ চনৰ পৰা ১৫৩৬ চনৰ ভিতৰত দ্বীপটো দাবী কৰিছিল, কিন্তু পিছলৈ তেওঁলোকে ১৬২০ চনত ইয়াক ত্যাগ কৰিছিল। ১৬২৫ চনৰ ১৪ মে তাৰিখে “অলিভ ব্লছম” নামৰ এখন ইংৰাজী জাহাজ বাৰ্বাডোচত উপস্থিত হৈছিল; ইয়াৰ লোকসকলে (ইংৰাজ) “ৰজা জেমছ প্ৰথম”ৰ নামত দ্বীপটোৰ অধিকাৰ লৈছিল। ১৬২৭ চনত প্ৰথম স্থায়ী বসতিস্থাপনকাৰী ইংলেণ্ডৰ পৰা আহে আৰু বাৰ্বাডোচ ইংৰাজ আৰু পিছলৈ “ব্ৰিটিছ উপনিবেশ”ত পৰিণত হয়।৬ এই সময়ছোৱাত, দ্বীপটোৰ বৃক্ষৰোপণত কাম কৰা “আফ্ৰিকাৰ দাস” সকলৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি উপনিবেশ অঞ্চলটো বৃক্ষৰোপণ অৰ্থনীতিৰ ওপৰত পৰিচালিত হৈছিল। ১৮০৭ চনৰ “দাস ব্যৱসায়” আইনৰ দ্বাৰা অবৈধ ঘোষণা নোহোৱালৈকে দ্বীপটোৰ দাস ব্যৱসায় অব্যাহত আছিল। দাসত্ত্ব বিলুপ্তি আইন ১৮৩৩ ৰ পিছত পাঁচ বছৰৰ ভিতৰত বাৰ্বাডোচত ক্ৰীতদাস জনসংখ্যাৰ চূড়ান্ত মুক্তি ঘটিছিল।

১৯৬৬ চনৰ ৩০ নৱেম্বৰত বাৰ্বাডোচ এখন স্বাধীন দেশ আৰু কমনৱেলথ ৰাষ্ট্ৰত পৰিণত হয় আৰু “দ্বিতীয় এলিজাবেথ” বাৰ্বাডোচৰ ৰাণী হিচাপে পৰিগণিত হয়। ২০২১ চনৰ অক্টোবৰ মাহত চেন্দ্ৰা মেছনক সংসদৰ দ্বাৰা বাৰ্বাডোচৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱাৰ বাবে নিৰ্বাচিত কৰা হয়।

২০২১ চনৰ ৩০ নৱেম্বৰত চেন্দ্ৰা মেছনে “ৰাণী এলিজাবেথ”ক ৰাষ্ট্ৰপ্ৰধান হিচাপে স্থানান্তৰিত কৰে, আৰু বাৰ্বাডোচ “কমনৱেলথ অৱ নেশ্যনছৰ” ভিতৰত এখন নবীনতম গণৰাজ্যলৈ পৰিৱৰ্তন হয়।৭৮

ভূগোল আৰু জলবায়ু

বাৰ্বাডোচৰ মানচিত্ৰ
বাৰ্বাডোচৰ মানচিত্ৰছবি: Ludger Berges · CC BY-SA 4.0

বাৰ্বাডোচ অন্যান্য ৱেষ্ট ইণ্ডিজ দ্বীপপুঞ্জৰ পূবে আটলাণ্টিক মহাসাগৰত অৱস্থিত। বাৰ্বাডোচ হৈছে লেচাৰ এণ্টিলছৰ আটাইতকৈ পূব দিশত স্থিত এটা সৰু দ্বীপ। ই পশ্চিমে ইয়াৰ চুবুৰীয়া দ্বীপপুঞ্জ ৱিণ্ডৱাৰ্ডৰ তুলনাত সমতল। দ্বীপটো লাহেকৈ স্কটলেণ্ড ডিচত্ৰিক্ট নামেৰে জনাজাত কেন্দ্ৰীয় উচ্চভূমি অঞ্চললৈ উন্নীত হয়, যাৰ উচ্চ বিন্দু হৈছে সাগৰ পৃষ্ঠৰ পৰা ৩৪০ মিটাৰ ওপৰৰ “মাউণ্ট হিলাবাই”।৯

জলবায়ু

দেশখনত সাধাৰণতে দুটা ঋতু অনুভৱ হয়, যাৰ ভিতৰত এটাত লক্ষণীয়ভাৱে অধিক বৰষুণ অন্তৰ্ভুক্ত থাকে যাক "বৰ্ষা ঋতু" বুলি জনা যায়, এই সময় জুনৰ পৰা ডিচেম্বৰ লৈকে চলে। ইয়াৰ বিপৰীতে, "শুকান ঋতু" ডিচেম্বৰৰ পৰা মে’ লৈ চলে। ইয়াৰ বছৰি গড় বৃষ্টিপাত প্ৰায় 60 ইঞ্চি (1,525 মিমি)। ডিচেম্বৰৰ পৰা মে' মাহলৈ গড় তাপমাত্ৰা ২১° ৰ পৰা ৩১°চেলচিয়াছ (৭০ ৰ পৰা ৮৮° ফাৰেনহাইট)ৰ ভিতৰত হয়, আনহাতে জুন আৰু নৱেম্বৰৰ ভিতৰত, উষ্ণতা ২৩° ৰ পৰা ৩১° চেলচিয়াছ (৭৩ ৰ পৰা ৮৮ °ফাৰেনহাইট)ৰ ভিতৰত হয়।১০

কোপেনৰ জলবায়ু শ্ৰেণীবিভাজন স্কেলত, বাৰ্বাডোচৰ বেছিভাগ অংশক ক্ৰান্তীয় মৌচুমী জলবায়ু (এএম) হিচাপে গণ্য কৰা হয়। অৱশ্য অঞ্চলটোত গোটেই বছৰ ১২ ৰ পৰা ১৬ কি:মি/ঘণ্টা (৭ ৰ পৰা ১০ মাইল প্ৰতি ঘণ্টা) গতিত প্ৰচুৰ পৰিমাণে বলা বতাহে ইয়াক এক বিশেষ জলবায়ু প্ৰদান কৰে যি মধ্যমীয়া ক্ৰান্তীয়।১১

জনগাঁথনি

বাৰ্বাডোচৰ এখন বাছস্থান।
বাৰ্বাডোচৰ এখন বাছস্থান।ছবি: CC BY 2.0
ৰাজধানী ব্ৰিজটাউনত বজাৰ কৰা লোকসকল।
ৰাজধানী ব্ৰিজটাউনত বজাৰ কৰা লোকসকল।ছবি: Postdlf · CC BY-SA 3.0

বাৰ্বাডোচৰ ষ্টেটিষ্টিকেল চাৰ্ভিচে চলোৱা ২০১০ চনৰ ৰাষ্ট্ৰীয় লোকপিয়লত আনুমানিক ২৭৭,৮২১জন আৱাসী জনসংখ্যা পোৱা গৈছিল, যাৰ ভিতৰত ১৪৪,৮০৩ গৰাকী মহিলা আৰু ১৩৩,০১৮জন পুৰুষ আছিল।১২

২০২০ চনলৈকে বাৰ্বাডোচৰ বাসিন্দাসকলৰ গড় আয়ুস ৮০ বছৰ আছিল। মহিলাৰ বাবে গড় আয়ুস হৈছে ৮৩ বছৰ আৰু পুৰুষৰ বাবে ৭৯ বছৰ (২০২০)।

বাৰ্ষিক জন্মৰ হাৰ হৈছে প্ৰতি ১,০০০ লোকত ১২.২৩জন জন্ম, আৰু বাৰ্ষিক মৃত্যুৰ হাৰ হৈছে প্ৰতি ১,০০০ লোকত ৮.৩৯জন মৃত্যু। নৱজাতকৰ মৃত্যুৰ হাৰ হৈছে প্ৰতি ১,০০০ জীৱিত জন্মৰ ১১.৬৩টা নৱজাতকৰ মৃত্যু।১৩

জাতিগত গোটসমূহ

সকলো বাৰ্বাডিয়ানৰ প্ৰায় ৯০ শতাংশ আফ্ৰো-কেৰিবিয়ান বংশোদ্ভূত আৰু মিশ্ৰিত বংশোদ্ভূত। জনসংখ্যাৰ বাকী অংশত মুখ্যতঃ যুক্তৰাজ্য, আয়াৰলেণ্ড, জাৰ্মানী আৰু ইটালীৰ ইউৰোপীয়সকলৰ গোট অন্তৰ্ভুক্ত আছে। অন্যান্য ইউৰোপীয় গোটবোৰত ফৰাচী, অষ্ট্ৰিয়ান, স্পেনীয় আৰু ৰাছিয়ান আছিল। এছিয়ান মুখ্যতঃ হংকং আৰু ভাৰতৰ লোকজনসংখ্যাৰ ১% তকৈও কম ইয়াত বসবাস কৰে। বাৰ্বাডোচৰ অন্যান্য গোটবোৰৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ লোকসকল।১৪

ভাষা

ইংৰাজী হৈছে বাৰ্বাডোচৰ চৰকাৰী ভাষা, আৰু সমগ্ৰ দ্বীপত যোগাযোগ, প্ৰশাসন আৰু ৰাজহুৱা সেৱাৰ বাবে ব্যৱহাৰ কৰা হয়। দেশৰ চৰকাৰী ভাষা হিচাপে ইয়াৰ ক্ষমতাত, ইংৰাজীৰ মানদণ্ড শব্দভাণ্ডাৰ, উচ্চাৰণ, বানান আৰু প্ৰথাৰ সৈতে খাপ খায়, কিন্তু ব্ৰিটিছ ইংৰাজীৰ দৰে একে নহয়। অৱশ্যে বেছিভাগ লোকৰ বাবে, "বাজান ক্ৰিওল" হৈছে দৈনন্দিন জীৱনৰ ভাষা। ইয়াৰ কোনো লিখিত ৰূপ নাই; যদিও দেশ খনৰ বহু লোকে ইয়াক ব্যৱহাৰ কৰে।

ধৰ্ম

কেথেড্ৰেল চাৰ্চ অৱ ছেইণ্ট মাইকেল এণ্ড অল এঞ্জেলছ, ব্ৰিজটাউন
কেথেড্ৰেল চাৰ্চ অৱ ছেইণ্ট মাইকেল এণ্ড অল এঞ্জেলছ, ব্ৰিজটাউনছবি: Sachiko Haraguchi · CC BY-SA 3.0 igo

খ্ৰীষ্টান ধৰ্ম হৈছে বাৰ্বাডোচৰ সৰ্ববৃহৎ ধৰ্ম, যাৰ সৰ্ববৃহৎ সম্প্ৰদায় হৈছে এংলিকান (২০১৯ চনত জনসংখ্যাৰ ২৩.৯%)। বাৰ্বাডোচত গুৰুত্বপূৰ্ণ অনুসৰণ কৰা অন্যান্য খ্ৰীষ্টান সম্প্ৰদায়বোৰ হৈছে কেথলিক গীৰ্জা (ব্ৰিজটাউনৰ ৰোমান কেথলিক ডায়চিছৰ দ্বাৰা পৰিচালিত), পেণ্টেকোষ্টাল (১৯.৫%), যিহোৱাৰ সাক্ষী, সপ্তম দিনৰ এডভেণ্টিষ্ট গীৰ্জা আৰু আধ্যাত্মিক বেপ্টিষ্ট। স্বাধীনতাৰ পিছত বাৰ্বাডোচৰ সংসদৰ দ্বাৰা আইনী ভাৱে অপ্ৰতিষ্ঠা নোহোৱালৈকে ইংলেণ্ডৰ গীৰ্জা চৰকাৰী ৰাজ্যিক ধৰ্ম আছিল। ২০১৯ চনলৈকে, ২১% বৰ্বাডিয়ানৰ কোনো ধৰ্ম নাই বুলি প্ৰতিবেদন দিয়া হৈছে, যাৰ ফলত অধৰ্মীয় সকল এংলিকানসকলৰ পিছত দ্বিতীয় সৰ্ববৃহৎ গোট হৈ পৰিছে। বাৰ্বাডোচৰ সৰু ধৰ্মসমূহৰ ভিতৰত আছে হিন্দু ধৰ্ম, ইছলাম, বাহাই বিশ্বাস আৰু ইহুদী ধৰ্ম।১৫

দেশ খনক ধৰ্মনিৰপেক্ষ বুলি গণ্য কৰা হয় আৰু দেশৰ আইনে সকলোৰে বাবে ধৰ্ম বা বিশ্বাসৰ স্বাধীনতা নিশ্চিত কৰে।১৬

চৰকাৰ আৰু ৰাজনীতি

১৯৬৬ চনৰ ৩০ নৱেম্বৰত স্বাধীন লাভ কৰা বাৰ্বাডোচ দেশখন ব্ৰিটিছ ৱেষ্টমিনষ্টাৰ প্ৰণালীৰ আৰ্হিত সংসদীয় গণৰাজ্য হিচাপে কাৰ্য কৰে। ৰাষ্ট্ৰপ্ৰধান হৈছে বাৰ্বাডোচৰ ৰাষ্ট্ৰপতি; যি বাৰ্বাডোচৰ সংসদৰ দ্বাৰা নিৰ্বাচিত হয় আৰু বাৰ্বাডোচৰ প্ৰধানমন্ত্ৰীৰ হৈছে চৰকাৰৰ মুৰব্বী। শ্ৰীমতী মিয়া মটলীয়ে ২০১৮ চনৰ ২৫ মে'ত বাৰ্বাডোচৰ অষ্টম প্ৰধানমন্ত্ৰী আৰু সেই পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা হিচাপে শপত গ্ৰহণ কৰিছিল।১৭ বাৰ্বাডোচৰ সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন।

আধুনিক বাৰ্বাডোচৰ ৰাজনীতিত মুখ্যতঃ ২ টা দলৰ আধিপত্য আছ।১৮ ইয়াৰ প্ৰভাৱশালী ৰাজনৈতিক দল দুটা হৈছে ডেমক্ৰেটিক লেবাৰ পাৰ্টি আৰু বৰ্তমানৰ বাৰ্বাডোচ লেবাৰ পাৰ্টি। স্বাধীনতাৰ পিছৰে পৰা ডেমক্ৰেটিক লেবাৰ পাৰ্টি (ডিএলপি) য়ে ১৯৬৬ চনৰ পৰা ১৯৭৬ চনলৈ; ১৯৮৬ ৰ পৰা ১৯৯৪; আৰু ২০০৮ চনৰ পৰা ২০১৮ চনলৈ শাসন কৰি আহিছে। বাৰ্বাডোছ লেবাৰ পাৰ্টি (বিএলপি)য়ে ১৯৭৬ চনৰ পৰা ১৯৮৬ লৈ; ১৯৯৪ ৰ পৰা ২০০৮; আৰু ২০১৮ চনৰ পৰা বৰ্তমানলৈ শাসনৰ ক্ষমতাত আছে।১৯

তথ্যসূত্ৰ

  1. ↑ Chapter 4 – The Windward Islands and Barbados – U.S. Library of Congress
  2. ↑ Belle, Nicole; Bramwell, Bill. (1 August 2005). Climate Change and Small Island Tourism: Policy Maker and Industry Perspectives in Barbados. Journal of Travel Research. পৃ. 34–38
  3. ↑ Barbados – the world’s newest republic.
  4. ↑ About Barbados.
  5. ↑ Sauer, Carl Ortwin. (1969). Early Spanish Main, The. University of California Press. পৃ. 192–197. ISBN 0-520-01415-4
  6. ↑ Secretariat. Barbados – History. Commonwealth of Nations
  7. ↑ Said-Moorhouse, Lauren; Foster, Max. (2021-11-30). Barbadians celebrate the birth of a republic and bid farewell to the Queen. CNN
  8. ↑ Safi, Michael. (30 November 2021). Barbados parts way with Queen and becomes world's newest republic. The Guardian
  9. ↑ Encylopedia Britannica- Barbados
  10. ↑ www.britannica.com/place/Barbados/Climate
  11. ↑ www.weather-atlas.com/en/barbados-climate#:~:tex
  12. ↑ আৰ্কাইভ কপি
  13. ↑ worldpopulationreview.com/countries/barbados-pop
  14. ↑ worldpopulationreview.com/countries/barbados-pop
  15. ↑ আৰ্কাইভ কপি
  16. ↑ fot.humanists.international/countries/americas-c
  17. ↑ barbados.org/govt.htm#.Yfo2YOpBzIU
  18. ↑ www.nationsencyclopedia.com/economies/Americas/B
  19. ↑ www.nationsencyclopedia.com/economies/Americas/B

সম্পৰ্কিত শ্ৰেণী

উত্তৰ আমেৰিকাৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্বাডোচ” প্ৰবন্ধৰ সংশোধন ৬২৪৪৮১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।