অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বঘৰা

বঘৰা, মৰিগাঁ‌ও জিলাৰ মধ্য ভাগত অৱস্থিত এখন অতি পুৰণি জনবসতি অঞ্চল। বঘৰা বুলিলে সধাৰণতে শিলসাঁ‌কো, সোণাৰীগাঁ‌ও, অনন্তপুৰ (শালিকাবড়ি), মাজগাঁ‌ও, কল্যাণপুৰ (কাইণ্ডাগুৰি), উলুবাৰী, হাতীগড়, পানীবঘৰা, ঔজাৰী, ঘূলীগাঁ‌ও, যোৰআঁ‌হত, শুখনাগোগ, মাণিপুৰ আৰু বাচনাঘাট নামৰ এই বাৰটা চুবুৰীক বুজায়।

হালনাগাদ: ৩ এপ্ৰিল ২০২৩ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বঘৰা, মৰিগাঁ‌ও জিলাৰ মধ্য ভাগত অৱস্থিত এখন অতি পুৰণি জনবসতি অঞ্চল। বঘৰা বুলিলে সধাৰণতে শিলসাঁ‌কো, সোণাৰীগাঁ‌ও, অনন্তপুৰ (শালিকাবড়ি), মাজগাঁ‌ও, কল্যাণপুৰ (কাইণ্ডাগুৰি), উলুবাৰী, হাতীগড়, পানীবঘৰা, ঔজাৰী, ঘূলীগাঁ‌ও, যোৰআঁ‌হত, শুখনাগোগ, মাণিপুৰ আৰু বাচনাঘাট নামৰ এই বাৰটা চুবুৰীক বুজায়।

বঘৰা নামৰ উৎপত্তি

বঘৰা নামৰ কেনেকৈ উৎপত্তি হ'ল এই বিষয়ে ভালেমান জনশ্ৰুতি তথা কিম্বদন্তি শুনা যায়। বঘৰাৰ আদি ৰজা শুভাঙ্কৰ বা শুকৰাঙ্ক বৈদ্যগড়ৰ পৰা আহি বঘৰাত ৰজা হয়। বৈদ্যগড় শব্দৰ পৰা বৈদ্যগড়ীয়া, বৈদ্যঘৰীয়া তাৰ পৰা বঘৰা নাম জনাজাত হয়।

বাঘ আগুৰা প্ৰথাৰ পৰা বঘৰা শব্দৰ উৎপত্তি হয় বুলিও জনা যায়। অতীজতে এই অঞ্চলত বহুত বাঘ আছিল। গৰু-গাই আদি পোহনীয়া জন্তু ৰক্ষাৰ কাৰণে ৰাইজে জাল-জৰী, যাঠি-জোং লৈ হাবিৰ মাজত বাঘ আগুৰি ধৰি তিনি দিন, সাত দিনলৈ নানা ৰং ধেমালি কৰি বাঘ মৰা হয়। তাৰ পাছত মৃত বাঘটো ৰজাৰ ঘৰলৈ নিয়া হয়। তাত মাহ-হালধীৰে নোৱাই ধূৱাই সিংহাসনত বহুৱাই ৰজা পাতি বিসৰ্জ্জন দিয়া হয়।

বৰ্তমান বঘৰা ৰাজ্যিক চিকিৎসালয় থকা ঠাইতে কাৰ্বিসকলৰ "বৰঘৰ" আছিল। এই বৰঘৰ শব্দৰ পৰাই বঘৰা হয়। অন্য এক জনশ্ৰুতি মতে, বৰ্তমানৰ গলচেপাত বছৰত এবাৰ সাতো ৰজাই একেলগে বহি দৰবাৰ পাতিছিল। বঘৰা ৰজাজন বৰ শকত-আৱত লোক আছিল। কিবা সংযোগত বঘৰা ৰজাৰ সিংহাসনৰ খুটি এটা ভাঙি ৰজা বাগৰি পৰিল। সেই কাৰণে "বাগৰা" শব্দৰ পৰাই মুখ বাগৰি "বঘৰা" হোৱা বুলিও কয়। ১

তথ্যসূত্ৰ

  1. ↑ কল্পতৰু চৌধুৰী. জোনাকীৰ বাটেৰে ই-আলোচনী

সম্পৰ্কিত শ্ৰেণী

মৰিগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঘৰা” প্ৰবন্ধৰ সংশোধন ৩৫২৩৯০ (৩ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।