অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বিহাৰ প্ৰদেশ

বিহাৰ প্ৰদেশ (Bihar Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯৩৬ চনত বিহাৰ আৰু উৰিষ্যাৰ বিভাজন ঘটি এই প্ৰদেশখনৰ সৃষ্টি হৈছিল।

হালনাগাদ: ১৯ মে’ ২০২৫ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিহাৰ প্ৰদেশ (Bihar Province) ব্ৰিটিছ ৰাজৰ এখন প্ৰদেশ আছিল। ১৯৩৬ চনত বিহাৰ আৰু উৰিষ্যাৰ বিভাজন ঘটি এই প্ৰদেশখনৰ সৃষ্টি হৈছিল।

ইতিহাস

১৭৫৬ চনত বিহাৰ বেংগল প্ৰেচিডেঞ্চিৰ অংশ আছিল। ১৮০৩ চনৰ ১৪ অক্টোবৰত উৰিষ্যা ব্ৰিটিছে দখল কৰে। ১ ১৯১২ চনৰ ২২ মাৰ্চত বিহাৰ আৰু উৰিষ্যা বংগৰ পৰা পৃথক কৰি বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হয়। ২ আকৌ ১৯৩৬ চনৰ ১ এপ্ৰিলত বিহাৰ আৰু উৰিষ্যা দুখন প্ৰদেশত পৰিণত হয়। ৩

ভাৰত চৰকাৰ আইনত প্ৰাদেশিক বিধানসভা আৰু দায়িত্বশীল চৰকাৰ নিৰ্বাচনৰ ব্যৱস্থা ৰখা হৈছিল। সেই অনুসাৰে ১৯৩৭ চনত নিৰ্বাচন অনুষ্ঠিত হয়। ভাৰতীয় জাতীয় কংগ্ৰেছে সংখ্যাগৰিষ্ঠ আসন লাভ কৰে যদিও চৰকাৰ গঠন কৰিবলৈ অস্বীকাৰ কৰে। ফলস্বৰূপে মহম্মদ ইউনুছৰ অধীনত সংখ্যালঘু অস্থায়ী চৰকাৰ এখন গঠন কৰা হয়। ৪

কিন্তু ১৯৩৭ চনৰ জুলাই মাহত কংগ্ৰেছে পূৰ্বৰ সিদ্ধান্ত সলনি কৰি কাৰ্যভাৰ গ্ৰহণ কৰাৰ সংকল্প লয়। সেয়েহে গৱৰ্ণৰে শ্ৰী কৃষ্ণ সিনহাক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়।

১৯৩৯ চনত গৱৰ্ণৰ জেনেৰেলে অন্যান্য প্ৰদেশৰ কংগ্ৰেছ মন্ত্ৰালয়কে ধৰি কোনো ভাৰতীয় নেতাৰ লগত আলোচনা নকৰাকৈয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত সিনহাই পদত্যাগ কৰে আৰু বিহাৰ গৱৰ্ণৰৰ শাসনৰ অধীনলৈ আহে। ১৯৪৬ চনত আন এক ৰাউণ্ড নিৰ্বাচন অনুষ্ঠিত হোৱাত কংগ্ৰেছৰ পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু সিনহা পুনৰ চৰকাৰৰ প্ৰমুখ (Premier) হয়।

অৱশেষত ১৯৪৭ চনৰ ১৫ আগষ্টত বিহাৰ প্ৰদেশ স্বাধীন ভাৰতৰ অংশ হৈ পৰে। ৫

প্ৰিমিয়াৰ

  • ১ এপ্ৰিল ১৯৩৭ – ১৯ জুলাই ১৯৩৭: মহম্মদ ইউনুছ (মুছলিম ইনডিপেণ্ডেণ্ট পাৰ্টী)
  • ২০ জুলাই ১৯৩৭ – ৩১ অক্টোবৰ ১৯৩৯: শ্ৰী কৃষ্ণ সিনহা (ভাৰতীয় জাতীয় কংগ্ৰেছ)
  • ৩১ অক্টোবৰ ১৯৩৯ – ২৩ মাৰ্চ ১৯৪৬ গৱৰ্ণৰৰ শাসন
  • ২৩ মাৰ্চ ১৯৪৭ – ১৫ আগষ্ট ১৯৪৭: শ্ৰী কৃষ্ণ সিনহা (ভাৰতীয় জাতীয় কংগ্ৰেছ)

তথ্যসূত্ৰ

  1. ↑ Newalpuri, Hafeezullah. Orissa Mein Urdu. National Council for Promotion of Urdu Language. পৃ. 30
  2. ↑ O'malley, L. S. S. (1924). Bihar And Orissa District Gazetteers Patna. Concept Publishing Company. ISBN 9788172681210
  3. ↑ ଇତିହାସ ଓ ରାଜନୀତି ବିଜ୍ଞାନ (ଶ୍ରେଣୀ ୧୦). Government of Odisha. পৃ. 62, 69
  4. ↑ (19 April 1937). PROVINCIAL GOVERNMENTS (MINISTERS).. Parliamentary Debates (Hansard)
  5. ↑ Provinces of British India

সম্পৰ্কিত শ্ৰেণী

ব্ৰিটিছ ভাৰতৰ প্ৰদেশবিহাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহাৰ প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৫১০১৮৯ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।