অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

পাৰো (ভূটান)

পাৰো(Paro) (জোংখা: སྤ་རོ་) ভূটানৰ পাৰো উপত্যকাৰ পাৰো জিলাৰ এখন মুখ্য চহৰ। পাৰো সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ থকা বহুতো পৱিত্ৰ স্থান আৰু ঐতিহাসিক অট্টালিকা সমৃদ্ধ এখন ঐতিহাসিক চহৰ। ইয়াৰ উপৰিও ইয়াত ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াতে আছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪২১ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পাৰো(Paro) (জোংখা: སྤ་རོ་) ভূটানৰ পাৰো উপত্যকাৰ পাৰো জিলাৰ এখন মুখ্য চহৰ।১ পাৰো সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ থকা বহুতো পৱিত্ৰ স্থান আৰু ঐতিহাসিক অট্টালিকা সমৃদ্ধ এখন ঐতিহাসিক চহৰ। ইয়াৰ উপৰিও ইয়াত ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াতে আছে। পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ড্ৰুকাইৰে যাত্ৰীক সেৱা আগবঢ়োৱা হয়।

স্থাপত্য

টাইগাৰ নেষ্ট
টাইগাৰ নেষ্টছবি: Prabina Karki · CC BY-SA 4.0

পাৰোৰ মূল ৰাস্তাটোৰ কাষে কাষে পৰম্পৰাগতভাৱে নিৰ্মিত বহু অট্টালিকাৰ নিদৰ্শন দেখা যায়।২ নতুনকৈ নিৰ্মাণ কৰা দলংখনৰ ওচৰতে আছে ডুংচে লাখাং (১৫ শতিকাৰ মন্দিৰ) আৰু উগিয়েন পাৰ্লি প্ৰাসাদ।২ ৰাজপৰিয়ালৰ সদস্যসকলে পাৰোত থকাৰ সময়ত এই ৰাজপ্ৰসাদত থাকে।২ ওচৰতে এখন পুৰণি দলং আৰু ৰিনপুং জং। পাৰোত থাকিবলৈ উল্লেখযোগ্য হোটেলসমূহৰ ভিতৰত আছে সালংকৃত শৈলীত নিৰ্মিত অলাথাং হোটেল।২

পাৰোৰ মূল চহৰৰ বাহিৰত প্ৰায় ১০ কিলোমিটাৰ (৬.২ মাইল) দূৰৈত বিখ্যাত “পাৰো তত্ত্বচ্চাং’’(টাইগাৰ নেষ্ট) নামৰ বৌদ্ধ মঠ আৰু আশ্ৰমস্থলী। কিছুমান ভূটানী লোকৰ মতে পদ্মসম্ভৱে (গুৰু ৰিনপোচে) বাঘৰ পিঠিত উঠি তিব্বতৰ পৰা এই স্থানলৈ উৰা মাৰিছিল।৩ আনহাতে, ইয়াৰ পৰা টাইগাৰ নেষ্ট মঠলৈ যাবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে। টাইগাৰ নেষ্টৰ পৰা পাৰো চহৰৰ এক মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়।২ ইয়াৰ পৰা ১৬ কিলোমিটাৰ (৯.৯ মাইল) দৈৰ্ঘ্যৰ এটা পথ উপত্যকাৰ ওপৰেৰে পাৰ হৈ আন এটা দুৰ্গ-মঠ ড্ৰুকিয়েল জোঙৰ ধ্বংসাৱশেষলৈ যায়, যি ১৯৫১ চনত জুইত আংশিকভাৱে ধ্বংস হৈছিল।২ পাৰোত ভূটানৰ আটাইতকৈ ওখ অট্টালিকা “টা-ঝং’ আছে, যাৰ উচ্চতা ২২ মিটাৰ (৭২ ফুট) আৰু ইয়াত মহলা আছে ৬টা। ১৬৪৯ চনত ইয়াৰ কাম সম্পূৰ্ণ হয়।৪

বিমান বন্দৰ

পাৰো বিমান বন্দৰ
পাৰো বিমান বন্দৰছবি: Douglas J. McLaughlin · CC BY 2.5

পাৰো বিমানবন্দৰক “বিশ্বৰ আটাইতকৈ দুষ্কৰ বাণিজ্যিক বিমানবন্দৰ’’ বুলি অভিহিত কৰা হৈছে,৫ বিমান বন্দৰটোৰ মাত্ৰ এটা ৰাণৱে আছে। উৰণত থকা বিমানসমূহে ৫,৫০০ মিটাৰ (১৮,০৪৪ ফুট ৭ ইঞ্চি) ওখ হিমালয়ৰ পৰ্বতৰ শৃংগবোৰ পাৰ হৈ যাব লাগে আৰু এনেস্থলত মাত্ৰ এটা ১৯৮০ মিটাৰ (৬,৪৯৬ ফুট ১ ইঞ্চি) ৰাণৱেৰ দৈৰ্ঘ্যই এই ক্ষেত্ৰত দুগুণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে, কাৰণ এই অঞ্চলত বায়ুৰ ঘনত্বকম। ফলত মাত্ৰ মুষ্টিমেয় বিমান পাইলটেহে (২০১৪ চনৰ ডিচেম্বৰ মাহলৈকে ৮ জন) তাত বাণিজ্যিক বিমান চলাবলৈ প্ৰমাণপত্ৰ লাভ কৰে। প্ৰতি বছৰে প্ৰায় ৩০ হাজাৰ লোক এই বিমানবন্দৰত উপস্থিত হয়।

কিলা গোম্পা

কিলা গোম্পা, যাক কিলা ডেচেন ইয়াংচে বুলিও কোৱা হয়, এই গোম্পাটো দ্ৰুবথোব চিলকাৰৱাৰ বংশৰ সত্তৰ প্ৰজন্মৰ চোগ্যাল নৰ্বু আৰু নৱম ৰাবজুঙৰ আশে-পাশে টেনপা কুচে প্ৰতিষ্ঠা কৰিছিল।৬ সেই সময়ৰ পৰা এতিয়ালৈকে এই মন্দিৰটো সন্ন্যাসীৰ মন্দিৰ হৈ আহিছে।

ড্ৰেংগ্যে গোম্পা

ষোড়শ শতিকাৰ বৌদ্ধ ধৰ্মৰ এজন প্ৰখ্যাত গুৰু বাৰাৱাপা গিয়ালচেন পেলজাঙে প্ৰতিষ্ঠা কৰিছিল ড্ৰেংগ্যে গোম্পাৰ মঠ। এই মঠটো পাহাৰৰ ওপৰত, ড্ৰং-গ্যেৰ দৰে নিৰ্মাণ কৰা হৈছে, সেয়ে, ইয়াক ড্ৰেংগ্যে গোম্পা নামেৰে জনা যায়। ইয়াক পাঁচজনী আৰাধ্যা দীৰ্ঘজীৱী ভগ্নীৰ প্ৰধান দেৱতা তাছি চেৰিংমাৰ পৱিত্ৰ ঠাই বুলি গণ্য কৰা হয়। তেওঁৰ আন চাৰিগৰাকী ভগ্নী জোংদ্ৰা খা, গংটেন গনপা, ডুপ শ্বাৰী আৰু টেংচেন গোম্পাত বাস কৰে বুলি বিশ্বাস কৰা হয়। নৱম ৰাবজুঙৰ সময়ছোৱাত বুদ্ধৰ ভৱিষ্যদ্বাণী অনুসৰণ কৰি গ্যালৱা গিয়াল্টচেনৰ শিষ্য ট্ৰুলকু গিয়েলচেন পেলে তিব্বতৰ বেয়ুলৰ পৰা ভূটানলৈ যাত্ৰা আৰম্ভ কৰিছিল। দেশৰ বিভিন্ন পৱিত্ৰ স্থান ভ্ৰমণ কৰি অৱশেষত পাৰোত উপস্থিত হৈ তাতেই পাহাৰৰ ওপৰত বাস কৰাৰ সিদ্ধান্ত ল’লে।

১৫১০ চনত তেওঁ ড্ৰাংগ্যে গোম্পা নিৰ্মাণ কৰি ‘বৰা কাজ্যুদ’ শিক্ষা সাধনৰ বাবে এখন সৰু বৌদ্ধ বিদ্যালয় প্ৰতিষ্ঠা কৰে। তেওঁ আন বহুতো মঠো নিৰ্মাণ কৰিছিল, যেনে- জংদ্ৰাখা লাখাং। গিয়েলচেন পেলৰ মৃত্যুৰ পিছত পিছলৈ তেওঁলোক ক্ষমতালৈ অহাৰ সময়ত লাম খা ন্যাই মঠটো দখল কৰে। ট্ৰুলকু নুমখা গিয়েলচেনে লাখাংৰ দায়িত্ব লয় আৰু তেওঁৰ পুনৰ্জন্মৰ ৰাজত্ব অব্যাহত থাকে। যেতিয়া ঝাবড্ৰুং ঙাৱাং নামগিয়েল ভূটানলৈ আহিছিল, তেতিয়া তেওঁলোকে লাম খা ঙাৰ পৰা মঠটো পুনৰ নিৰ্মাণ কৰিছিল আৰু দ্বিতীয় ড্ৰুবচেন জিম্বা গিয়েলটচেনক ইয়াৰ দায়িত্ব ল’বলৈ আদেশ দিছিল। পুনৰুদ্ধাৰৰ পিছত তক্তছাং লামাসকলকো নিযুক্তি দিয়া হয়। বাৰাৱা গিয়েলচেন লাম খা ঙাৰ অন্যতম। তেওঁ টেনচেং চোয়েলিং গাটচেল গনপাৰ মন্দিৰ নিৰ্মাণ কৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ National Geospatial-Intelligence Agency
  2. ↑ (6 October 2002). In The Kingdom Of Bhutan. Global Sapiens
  3. ↑ Pommaret, Francoise. (2006). Bhutan Himalayan Mountains Kingdom. Odyssey Books and Guides. পৃ. 136–7
  4. ↑ Bhutan | Statistics. Emporis
  5. ↑ Paro Airport, atlas obscura (website), accessed 3 December 2014
  6. ↑ (2008). Seeds of faith. 1. KMT Publ. ISBN 978-99936-22-42-0

সম্পৰ্কিত শ্ৰেণী

পৰ্যটনভূটান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰো (ভূটান)” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৪৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।