ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰাইন
ৰাইন (Rhein; Rhin; Rijn) এখন ইউৰোপীয়ান নদী। ১২৩০ কিমি দীঘল এই নদীখন কেন্দ্ৰীয় আৰু পশ্চিম ইউৰোপৰ দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী ৰাইন আৰু ড’নুবে (Danube) নদীয়ে ৰোমান সাম্ৰাজ্যৰ উত্তৰদিশ সামৰি আছিল আৰু তেতিয়াৰে পৰা বাণিজ্য সম্প্ৰসাৰণ তথা জলজ সম্পদৰ ক্ষেত্ৰত এই নদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি…
-
ৰাগ দুৰ্গা
দুৰ্গা হৈছে হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ এটা ৰাগ। ই কৰ্ণাটকী সংগীতৰ শুদ্ধ সৱেৰীৰ সৈতে কিছুমান বৈশিষ্ট্য (যেনে স্বৰৰ অৱস্থান) ভাগ কৰে, কিন্তু ৰাগৰ সঞ্চাৰৰ দিশৰপৰা ইয়াৰ সৈতে যথেষ্ট পৃথক।
-
ৰামধেনু জলপ্ৰপাত
ৰামধেনু জলপ্ৰপাত বা ৰেইনবো ওৱাটাৰফল পশ্চিম বংগৰ দাৰ্জিলিঙৰ কালেজ চাহ বাগিচাত অৱস্থিত এটা চিত্ৰময় জলপ্ৰপাত। গভীৰ অৰণ্য, চাহ বাগিচা, কালেজ উপত্যকাৰে আগুৰি থকা এই জলপ্ৰপাতটো ৰামধেনু গঠনৰ বাবে জনাজাত, যিটো পানীৰ টোপালবোৰৰ মাজেৰে সূৰ্য্যৰ পোহৰ ফিল্টাৰ হোৱাৰ বাবে ৰ’দঘাই দিনত দেখা যায়।
-
ৰামসেতু
ৰাম সেতু, যাক আদম দলং বুলিও কোৱা হয়, ভাৰতৰ দক্ষিণ প্ৰান্তক শ্ৰীলংকাৰ সৈতে সংযোগ কৰা চূণশিলৰ শিলৰ শৃংখল। ভগৱান ৰামে নিজৰ পত্নী সীতাক অসুৰ ৰজা ৰাৱণৰ পৰা উদ্ধাৰৰ বাবে কৰা অভিযানৰ কাহিনী বৰ্ণনা কৰা প্ৰাচীন হিন্দু মহাকাব্য ৰামায়ণৰ সময়ছোৱাত নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়।
-
ৰিঅ' ডি জেনেৰ'
ৰিঅ' ডি জেনেৰ’ হৈছে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ এখন বৃহৎ মহানগৰ আৰু ৰিঅ' ডি জেনেৰ' ৰাজ্যৰ ৰাজধানী। ই আটলাণ্টিক মহাসাগৰৰ তীৰৰ কাষত অৱস্থিত আৰু ব্ৰাজিলৰ অন্যতম প্ৰধান সাংস্কৃতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ। মহানগৰখন ১৫১৬ চনত প্ৰতিষ্ঠা হৈছিল।
-
ৱায়নাড় জিলা
ৱায়নাড় জিলা হ’ল ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত এখন জিলা। ইয়াৰ প্ৰশাসনিক সদৰ দপ্তৰ কেলপেট্টা পৌৰসভাত অৱস্থিত। এইখন কেৰালাৰ একমাত্ৰ মালভূমি।
-
অগস্ত্য হ্ৰদ
অগস্ত্য হ্ৰদ (যাক কেতিয়াবা অগস্থ্য হ্ৰদ বা বাতাপী হ্ৰদ নামেও লিখা হয়) দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ বাদামীস্থিত এটা কৃত্ৰিম হ্ৰদ। ইয়াক জনপ্ৰিয় ভ্ৰমণ স্থান বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ ওপৰতেই বাদামী গুহামন্দিৰ অৱস্থিত। ‘বাতাপী হ্ৰদ’ নামটো আহিছে বাদামীৰ প্ৰাচীন নাম বাতাপীৰপৰা।
-
অগস্ত্যমালা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল
অগস্ত্যমালা জৈৱমণ্ডল সংৰক্ষিত অঞ্চল (Agasthyamala Biosphere Reserve) ভাৰতৰ এখন সংৰক্ষিত জৈৱমণ্ডল বা বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ই ২০০১ চনত প্ৰতিষ্ঠা হৈছিল। এই অঞ্চলটো পশ্চিমঘাট পৰ্বতমালাৰ একেবাৰে দক্ষিণ মূৰত অৱস্থিত। ইয়াৰ মুঠ মাটিকালি ৩,৫০০.৩৬ বৰ্গ কিলোমিটাৰ।
-
অঙ্গাদিপুৰম
অঙ্গাদিপুৰম(: Angadippuram ) কেৰালাৰ মালাপ্পুৰাম জিলাৰ পেৰিন্থালমান্না তালুকত অৱস্থিত এখন গাঁও আৰু পেৰিন্থালমান্না চহৰৰ এটা প্ৰধান উপকণ্ঠ অঞ্চল। মধ্যযুগত ই শক্তিশালী ভাল্লুৱনাদ ৰাজ্যৰ ৰাজধানী আছিল।অঙ্গাদিপুৰম অঙ্গাদিপুৰম লেটাৰাইটৰ বাবে বিশেষভাৱে পৰিচিত, যিটো এখন অধিসূচিত ভূ-ঐতিহ্য স্মাৰক।
-
অঞ্জৰাকণ্ডী
অঞ্জৰাকণ্ডী (ইংৰাজী: Anjarakandy) ভাৰতৰ কেৰালা ৰাজ্যৰ কান্নুৰ জিলাত অৱস্থিত এখন পিয়ল চহৰ আৰু গ্ৰাম পঞ্চায়ত। অঞ্জৰাকণ্ডী চহৰৰ মাজেৰে অঞ্জৰাকণ্ডী নদী বৈ গৈছে।
-
অটল সুৰংগ
অটল সুৰংগ বা ৰহটাং সুৰংগ হৈছে হিমাচল প্ৰদেশৰ হিমালয় পৰ্বতৰ পীৰপাঞ্জাল মালাৰ লেহ-মানালি ঘাইপথৰ ৰোহটাং গিৰিপথৰ ওপৰত নিৰ্মিত এটা সুৰংগ। এই সুৰংগটোৰ দৈৰ্ঘ্য 9.02 কি.মি. সাগৰপৃষ্ঠৰ পৰা আৰু 10000 ফুট উচ্চতাত অৱস্থিত। ই পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ।
-
অটল সেতু
অটল সেতু হৈছে পানাজী আৰু পৰ্ভৰিমৰ মাজত যোৱা গোৱাৰ কেবল ষ্টেড দলং। ই মাণ্ডোভি নদীৰ জোৱাৰ-ভাটাৰ অংশৰ ওপৰেৰে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ কঢ়িয়াই লৈ ফুৰে। ইয়াৰ দৈৰ্ঘ্য ৩.২ কিলোমিটাৰ (২.০ মাইল) যাৰ ফলত ই ভাৰতৰ চতুৰ্থ দীঘলীয়া কেবল ষ্টেড দলং।
-
অনন্ত থান (আশ্ৰম)
প্ৰাচীন আৰু ঐতিহাসিক অনন্ত থান, বৰ্তমান ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দক্ষিণ প্ৰান্তৰ গোহাঁই চাপৰিত অৱস্থিত। স্থানীয় লোকৰ মুখে মুখে ইয়াৰ নাম অনন্ত আশ্ৰম বুলিও জনা যায়।
-
অবিভক্ত গোৱালপাৰা জিলা
অবিভক্ত গোৱালপাৰা জিলা (পূৰ্বতে: উত্তৰ-পূব ৰংপুৰ জিলা) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ এখন পুৰণি জিলা। ব্ৰিটিছ ঔপনিৱেশিক অসমৰ শাসকসকলে ইয়াক ব্ৰিটিছ শাসিত বংগৰ বৃহত্তৰ ৰংপুৰ জিলাৰ পৰা পৃথক কৰি অসমৰ লগত সংযুক্ত কৰি এই জিলাখন গঠন কৰিছিল।
-
অষ্টাদশ লোকসভা
অষ্টাদশ লোকসভা (১৮শ লোকসভা) হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ বৰ্তমানৰ কাৰ্যকাল। ২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈকে সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পিছত এই লোকসভা গঠন কৰা হয়। নিৰ্বাচনৰ ফলাফল ২০২৪ চনৰ ৪ জুনত ঘোষণা কৰা হৈছিল।
-
অসমৰ আৰ্দ্ৰভূমি
অসমৰ আৰ্দ্ৰভূমি (Wetland of Assam): বিল, জলাশয়, পিটনি আদি আৰ্দ্ৰভূমিৰে সমগ্ৰ অসম ভৰি আছে। সমীক্ষা অনুসৰি অসমত ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে। অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১, ৩৪, ১৩৭ হেক্টৰ।
-
অসমৰ ফেৰী দুৰ্ঘটনা
অসমৰ ফেৰী দুৰ্ঘটনা ২০১২ চনৰ ৩০ এপ্ৰিল তাৰিখে অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এক ভয়ংকৰ নৌ-দুৰ্ঘটনা। প্ৰায় ৩৫০জন যাত্ৰী বহন কৰা এখন ফেৰী হঠাৎ অহা ধুমুহাত পৰি নদীত উলটি পৰে। এই দুৰ্ঘটনাত অন্ততঃ ১০৮জন লোকৰ মৃত্যু ঘটে আৰু বহু লোক নিখোঁজ হয়।
-
অসমৰ সমজিলাসমূহৰ তলিকা
সমজিলা (Co-District) ভাৰতৰ অসম ৰাজ্যৰ জিলা-স্তৰৰ তলৰ এক প্ৰশাসনিক একক। ৰাজ্যখনৰ প্ৰশাসনিক সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ অধিক সহজে লৈ যোৱা আৰু জিলা সদৰৰ ওপৰত প্ৰশাসনিক চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে অসমত সমজিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
-
আইনষ্টাইন-জিলাৰ্ডৰ চিঠি
আইনষ্টাইন-জিলাৰ্ডৰ চিঠি "ই. ফাৰ্মি আৰু এল. জিলাৰ্ডৰ কিছুমান শেহতীয়া কামৰ পৰা, যিবিলাকৰ বিষয়ে মোক পাণ্ডুলিপিৰে জনোৱা হৈছে, মই এই আশা কৰিব পৰা হৈছো যে নিকট ভৱিষ্যতত ইউৰেনিয়াম মৌলটোক এটা নতুন আৰু গুৰুত্বপূৰ্ণ শক্তিৰ উৎসলৈ পৰিণত কৰা হ'ব পাৰে।
-
আচানকোভিল নদী
অচানকোভিল নদী (Achankovil River) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মাজেদি বৈ যোৱা ১২৮ কিলোমিটাৰ (৮০ মাইল) দীঘল এখন পশ্চিমমুখী প্ৰৱাহিত নদী। এই নদীখন কেৰালাৰ কোল্লাম, পাথানামথিট্টা আৰু আলাপ্পুঝা জিলাৰ মাজেৰে বৈ গৈছে।
-
আজমেৰ-মেৰৱাৰা
আজমেৰ-মেৰৱাৰা (আজমীৰ প্ৰদেশ আৰু আজমেৰ-মেৰৱাৰা-কেকৰী বুলিও জনা যায়) ঐতিহাসিক আজমেৰ অঞ্চলৰ ব্ৰিটিছ ভাৰতৰ এখন পূৰ্বৰ প্ৰদেশ আছিল। ১৮১৮ চনৰ ২৫ জুনত দৌলত ৰাও সিন্ধিয়াই এই ভূখণ্ড ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। ১৮৬১ চনত উত্তৰ-পশ্চিম প্ৰদেশৰ অংশ হৈ পৰাৰ আগলৈকে ই বেংগল প্ৰেচিডেঞ্চিৰ অধীনত আছিল আৰু।
-
আজহিকাল সমুদ্ৰতট
আজহিকাল সমুদ্ৰতট (Azheekal Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কৰুণাগাপল্লী তালুকত আৰৱ সাগৰৰ পাৰত অৱস্থিত এটা উপকূলীয় ভূ-আকাৰ। ই আলাপ্পাড উপদ্বীপৰ উত্তৰ প্ৰান্তত অৱস্থিত। আলাপ্পাড হৈছে সাগৰ আৰু টি. এছ. কেনেলৰ মাজত থকা এটা দীঘলীয়া ভূমিখণ্ড।
-
আঞ্চল
আঞ্চল (Anchal) হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ পুনালুৰ তালুকৰ অন্তৰ্গত এখন ক্ৰমবৰ্ধমান নগৰ আৰু গ্ৰাম পঞ্চায়ত। ই পুনালুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত।
-
আট্টপ্পাদি থুৱৰা
আট্টাপ্পাডি থুৱৰা (Attappady Thuvara) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা ৰহৰ মাহৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত শস্যৰ জাত। এই জাতটো মূলতঃ পালাক্কাড জিলাৰ আট্টাপ্পাডি জনজাতীয় তালুকত খেতি কৰা হয়। ভৌগোলিক সূচক (GI) স্বীকৃতিৰ অধীনত এই শস্যজাতক আট্টপ্পাদি থুৱৰা নামেৰে নিবন্ধিত কৰা হৈছে।
-
আথিৰাপ্পিল্লী জলপ্ৰপাত
আথিৰাপ্পিল্লী জলপ্ৰপাত ভাৰতৰ কেৰালা ৰাজ্যৰ এটা পাহাৰীয়া জলপ্ৰপাত। এই জলপ্ৰপাতটো ত্ৰিশূৰ জিলাৰ চালাকুডী তালুকত অৱস্থিত। ই আথিৰাপ্পিল্লী পঞ্চায়তৰ অন্তৰ্গত। এই জলপ্ৰপাতটো চালাকুডী নদীৰ ওপৰত আছে। এই নদীখন পশ্চিমঘাট পৰ্বতমালাৰপৰা ওলাইছে। ই কেৰালাৰ আটাইতকৈ ডাঙৰ জলপ্ৰপাত। ইয়াৰ উচ্চতা প্ৰায় ৮১.৫ ফুট।
-
আদমচিনি চাউল
আদমচিনি চাউল হৈছে প্ৰধানকৈ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যত উৎপাদিত অ-বাছমতী, পৰম্পৰাগত, চুটি দানাযুক্ত সুগন্ধি ধানৰ এক প্ৰজাতি। পূব উত্তৰ প্ৰদেশৰ চণ্ডাউলী, মিৰ্জাপুৰ, বাৰাণসী আৰু সোনভদ্ৰা, আৰু বিন্ধ্যা অঞ্চলত ই এক সাধাৰণ আৰু বহুলভাৱে খেতি কৰা শস্য।
-
আদি কৈলাশ
আদি কৈলাশ ( Adi Kailash), যাক শিৱ কৈলাশ, চোটা কৈলাশ, বাবা কৈলাশ বা জংলিংকং শৃংগ বুলিও কোৱা হয়, ভাৰতৰ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ হিমালয় পৰ্বতমালাত অৱস্থিত এটা পৰ্বত।
-
আদিমালী
আদিমালী ভাৰতৰ দক্ষিণ-পশ্চিম কেৰালাৰ ইডুক্কি জিলাৰ এখন চহৰ। আদিমালী ৮৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত, যাক কোচি-থোণ্ডি ৰাষ্ট্ৰীয় ঘাইপথ বুলি জনা গৈছিল, পূৰ্বতে কোচি মাধুৰা ঘাইপথ (বা পুৰণি অলৱেই মুন্নাৰ পথ) নামেৰে জনাজাত, যিয়ে কোচি আৰু মাদুৰাই সংযোগ কৰে।
-
আদূৰ
আদূৰ ভাৰতৰ কেৰালা ৰাজ্যৰ পত্তনমথিট্টা জিলাৰ এখন পৌৰসভা। ই আদূৰ তালুক আৰু আদূৰ ৰাজহ সংমণ্ডলৰ সদৰ ঠাই। আদূৰ জিলা সদৰ পত্তনমথিট্টাৰপৰা ১৮ কিমি (১১.২ মাইল) দক্ষিণ-পশ্চিমত আৰু ৰাজ্যৰ ৰাজধানী তিৰুৱনন্তপুৰমৰপৰা ৯০ কিমি (৫৫.৯ মাইল) উত্তৰত অৱস্থিত।
-
আনন্দ বজাৰ (বাক্সা)
আনন্দ বজাৰ (Ananda Bazar), অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদBTCৰ অন্তৰ্গত বাক্সা জিলাৰ পশ্চিম প্ৰান্তত শালবাৰী মহকুমাৰ অন্তৰ্ভুক্ত এখন অঞ্চল। আনন্দ বজাৰ অঞ্চলটো বিশেষকৈ সাপ্তাহিক বজাৰ, শিক্ষা আৰু আন আন দিশৰ বাবে বিখ্যাত। বাক্সা জিলাৰ (সদৰ) পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ।