অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভেল্লায়নী হ্ৰদ

ভেল্লায়নী হ্ৰদ বা ভেল্লায়নী কায়াল (Vellayani Lake, or Vellayani Kayal) কেৰালা ৰাজ্যৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ আৰু এই হ্ৰদ ভাৰতৰ কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ভেল্লায়নী পদুম ফুলৰ বাবে জনাজাত আৰু ইয়াক অলপ ইক’-হেভেন বুলি গণ্য কৰা হয়।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ৪১৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভেল্লায়নী হ্ৰদ বা ভেল্লায়নী কায়াল (Vellayani Lake, or Vellayani Kayal) কেৰালা ৰাজ্যৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ আৰু এই হ্ৰদ ভাৰতৰ কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ভেল্লায়নী পদুম ফুলৰ বাবে জনাজাত আৰু ইয়াক অলপ ইক’-হেভেন বুলি গণ্য কৰা হয়। প্ৰাচীন কালত সামগ্ৰী ভৰ্তি নাৱেৰে ভেল্লায়নী বেকৱাটাৰ চালালৈকে চলাচল কৰিছিল।

অৱস্থান

ভেল্লায়ণি হ্ৰদ থাম্পানূৰত অৱস্থিত তিৰুৱনন্তপুৰম কেন্দ্ৰীয় বাছ আস্থানৰপৰা প্ৰায় ৯ কিলোমিটাৰ দূৰত অৱস্থিত। ইষ্ট ফ'ৰ্টস্থিত চিটি ডিপ'ৰপৰাও ভেল্লায়ণি হ্ৰদলৈ নিয়মীয়াকৈ বাছ চলাচল কৰে। আনহাতে, কোভালমৰপৰা পূঙ্কুলম জংচন হৈ ইয়াৰ দূৰত্ব প্ৰায় ৭ কিলোমিটাৰ।

দৰ্শনীয় স্থানসমূহ

ভেল্লায়নী হ্ৰদৰপৰা সন্ধিয়াৰ দৃশ্য
ভেল্লায়নী হ্ৰদৰপৰা সন্ধিয়াৰ দৃশ্যছবি: Shagil Muzhappilangad · CC BY-SA 4.0

ভেল্লায়ণি হ্ৰদৰ পশ্চিম তীৰত অৱস্থিত ভেল্লায়ণি কৃষি মহাবিদ্যালয়, যাক লালিণ্ডলক পেলেচ (Lalindloch Palace) বুলিও জনা যায়, এই অঞ্চলৰ অন্যতম প্ৰধান আকৰ্ষণ।১

কালিয়ুট মহোৎসৱম এই স্থানত অনুষ্ঠিত হোৱা এক বৃহৎ সাংস্কৃতিক উৎসৱ। এই উৎসৱ প্ৰতি তিনি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় আৰু ৫০ দিন ধৰি চলে।২

সমাজ সংস্কাৰক অয়্যাংকলিৰ স্মৃতিত প্ৰতি বছৰে ভেল্লায়ণি হ্ৰদত অয়্যংকালি নাও দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা কেৰালাৰ ঐতিহ্যবাহী নৌকা দৌৰৰ অন্যতম উল্লেখযোগ্য অনুষ্ঠান। ৩৪

হ্ৰদৰ আয়তন হ্ৰাস

জিআইএছ (GIS) বিশেষজ্ঞ বিনোদ পি. জি., এছ. নলিনাকুমাৰ, এছ. আৰ. শ্ৰীৰাজ, আদৰ্শ প্ৰতাপ আৰু মোহন পিল্লাইৰ এক ভূ-স্থানিক অধ্যয়নত প্ৰকাশ পাইছে যে ১৯৭৯ চনৰপৰা ২০১৯ চনলৈ ভেল্লায়ণি হ্ৰদৰ আয়তন যথেষ্ট হ্ৰাস পাইছে।

অধ্যয়ন অনুসৰি, ১৯৭৩ চনত হ্ৰদটোৰ আয়তন আছিল ৫৫৮.৯৩ হেক্টৰ। সেয়া ১৯৯২ চনত কমি ২৬৭.৮৯ হেক্টৰ, ২০১১ চনত ২৬৭.১৪ হেক্টৰ, আৰু ২০১৯ চনত মাত্ৰ ২২২ হেক্টৰলৈ হ্ৰাস পায়। 2019.৫

হ্ৰদ আৰু জীৱবৈচিত্ৰ্যৰ প্ৰতি ভাবুকি

ভেল্লায়ণি–পুঞ্চাক্কাৰী জলাহভূমি বহু বছৰ ধৰি পক্ষিপ্ৰেমীসকলৰ বাবে এক স্বৰ্গস্বৰূপ স্থান। ইয়ালৈ প্ৰতি বছৰে গ্লছি আইবিছ (Glossy ibis), স্পট-বিল্ড পেলিকেন (Spot-billed pelican), পেইণ্টেড ষ্টৰ্ক (Painted stork) আৰু পেচিফিক ছোৱালো (Pacific swallow) আদি বহু পৰিভ্ৰমী চৰাই আহে। কিন্তু সময়ৰ লগে লগে এই চৰাইসমূহৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। প্লাষ্টিক প্ৰদূষণ আৰু বাসস্থান ধ্বংসৰ ফলত শেহতীয়া বছৰবোৰত হ্ৰদটোলৈ অহা পৰিভ্ৰমী চৰাইৰ সংখ্যাও কমি আহিছে।৬

এসময়ত হ্ৰদটোৰ পানী নিষ্কাশন কৰি উদ্ধাৰ কৰা ভূমি কৃষিকাৰ্যৰ বাবে ব্যৱহাৰ কৰাৰ এক প্ৰস্তাৱ উত্থাপন হৈছিল। কিন্তু স্থানীয় বাসিন্দা আৰু পৰিৱেশ সংৰক্ষণকৰ্মীসকলৰ তীব্ৰ প্ৰতিবাদৰ ফলত সেই পৰিকল্পনা বাতিল কৰা হয়। ইয়াৰ উপৰি অবৈধ বালি খনন, প্ৰদূষণ আৰু ভূমি পুনৰুদ্ধাৰ কাৰ্যকলাপৰ ফলত ভেল্লায়ণি হ্ৰদৰ পৰিৱেশ আৰু সামগ্ৰিক অৱস্থা ক্ৰমাৎ ক্ষতিগ্ৰস্ত হৈ আহিছে।৭৮

পদুমৰ পাত চপোৱাৰ এটি দৃশ্য
পদুমৰ পাত চপোৱাৰ এটি দৃশ্যছবি: Thejas Panarkandy · CC BY-SA 2.0
ভাভৱামুলা হ্ৰদৰ পথ
ভাভৱামুলা হ্ৰদৰ পথছবি: Arun90cl · CC BY-SA 4.0
পটভূমিত কংক্ৰিটৰ বেঞ্চৰ সৈতে আলকাতৰা লগোৱাৰ আগতে ভাভভামুলা হ্ৰদৰ পথ
পটভূমিত কংক্ৰিটৰ বেঞ্চৰ সৈতে আলকাতৰা লগোৱাৰ আগতে ভাভভামুলা হ্ৰদৰ পথছবি: Arun90cl · CC BY-SA 4.0

ভাভৱামূলা–কাডাভিনমূলা বান্ধ পথ

কাক্কামূলা–তিৰুৱনন্তপুৰম পথৰ উত্তৰ দিশত অৱস্থিত এই বান্ধ পথটোৱে ভাভৱামূলা আৰু কাডাভিনমূলাক সংযোগ কৰিছে। ভিঝিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰবন্দৰলৈ যোগান ধৰা খোৱাপানী ভেল্লায়ণি হ্ৰদৰপৰা সংগ্ৰহ কৰা হয়। এই উদ্দেশ্যে স্থাপন কৰা পানী পাম্পঘৰটো বান্ধ পথৰ কাষতে কাডাভিনমূলাত অৱস্থিত। ২০১৫ চনৰ ডিচেম্বৰ মাহত এই পথটোৰ সংস্কাৰ কৰা হৈছিল। পথৰ কাষে কংক্ৰিটৰ বহাৰ ব্যৱস্থা (বেঞ্চ) নিৰ্মাণ কৰি ইয়াক অধিক আকৰ্ষণীয় কৰি তোলা হয়, যাতে পৰ্যটকসকলক আকৰ্ষণ কৰিব পাৰে।

জনপ্ৰিয় সংস্কৃতিত

১৯৮৯ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ কিৰীডমত ভেল্লায়ণি হ্ৰদৰ ওপৰত থকা এখন সেতু দেখুওৱা হৈছিল। ছবিখনৰ জনপ্ৰিয়তাৰ ফলত পিছলৈ এই সেতুখন কিৰীডম পালাম(কিৰীডম সেতু) নামেৰে পৰিচিত হৈ পৰে।৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Queen, The Palace and The College: Sagas Untold - History of Maharani Sethu Lakshmi Bayi, the Lalindloch Palace and the College of Agriculture, Vellayani.
  2. ↑ How about an Onam bash at Vellayani - The New Indian Express. www.newindianexpress.com
  3. ↑ (2016-09-15). Ayyankali Jayanthi celebrated. The Hindu
  4. ↑ (2015-08-21). Ayyankali boat race on August 29. The Hindu
  5. ↑ Staff Reporter. (2019-12-05). Study finds reduction in area of Vellayani Lake. The Hindu
  6. ↑ Migratory visitors skipping city stop. The New Indian Express
  7. ↑ Move to drain the lake . Indiaenvironmentportal.org.in (2011-05-22). Retrieved on 2011-05-27
  8. ↑ State Human Rights Commission directive . Indiaenvironmentportal.org.in (2011-05-22). Retrieved on 2011-05-27
  9. ↑ കിരീടം സിനിമയിലെ പാലവും താമരപ്പൂക്കളും; കാശു ചെലവില്ലാതെ പിക്നിക് പോകാന്‍ അടിപൊളി സ്ഥലം!. ManoramaOnline

সম্পৰ্কিত শ্ৰেণী

হ্ৰদকেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেল্লায়নী হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৬২৩৭৮৪ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।