অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মংগল শোভাযাত্ৰা

মংগল শোভাযাত্ৰা বা মংগোল শোভাযাত্ৰা, বাংলাদেশত বাংলা নৱবৰ্ষৰ প্ৰথম দিনটোত সম্পন্ন হোৱা এক গণ শোভাযাত্ৰা। ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাৰ আয়োজন কৰে। এই উৎসৱক বাংলাদেশী জনসাধাৰণৰ ধৰ্মনিৰপেক্ষ পৰিচয়ৰ প্ৰকাশ আৰু একতা বৃদ্ধিৰ উপায় হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৪ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মংগল শোভাযাত্ৰা বা মংগোল শোভাযাত্ৰা, বাংলাদেশত বাংলা নৱবৰ্ষৰ প্ৰথম দিনটোত সম্পন্ন হোৱা এক গণ শোভাযাত্ৰা।১ ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাৰ আয়োজন কৰে।২ এই উৎসৱক বাংলাদেশী জনসাধাৰণৰ ধৰ্মনিৰপেক্ষ পৰিচয়ৰ প্ৰকাশ আৰু একতা বৃদ্ধিৰ উপায় হিচাপে গণ্য কৰা হয়।৩ ২০১৬ চনত ইউনেস্কোৱে ইয়াক অস্পষ্ট সাংস্কৃতিক ঐতিহ্য হিচাপে ঘোষণা কৰে,৪ আৰু এই মংগল শোভাযাত্ৰাক প্ৰতিনিধিত্বমূলক তালিকাত মানৱ ঐতিহ্য হিচাপে শ্ৰেণীভুক্ত কৰা হয়।৫৬

ব্যুৎপত্তি

বাংলা ভাষাৰ বাক্যাংশ মংগল শোভাযাত্ৰাৰ আক্ষৰিক অৰ্থ হৈছে "মংগলৰ বাবে কৰা শোভাযাত্ৰা।" ৭ চাৰু কলা অনুষদৰ এই শোভাযাত্ৰাৰ নামটো আৰম্ভণিৰ পৰাই মংগল শোভাযাত্ৰা নাছিল। মাহবুব জামাল শামীম নামৰ এই উৎসৱৰ আৰম্ভণিকালৰ ব্যক্তিৰ পৰা জনা যায়, ইয়াৰ পূৰ্বৰ নাম আছিল, “আনন্দ শোভাযাত্ৰা’’। ১৯৯৬ চনৰ পৰাহে আনন্দ শোভাযাত্ৰাক “মংগল শোভাযাত্ৰা’’ নামে জনা যায়।৮

ইতিহাস

১৯৮৯ চনৰ প্ৰথম মংগল শোভাযাত্ৰা
১৯৮৯ চনৰ প্ৰথম মংগল শোভাযাত্ৰাছবি: Hugh Ernest Holmes · CC BY-SA 4.0

১৯৮৯ চনত স্বৈৰাচাৰী শাসক হুছেইন মহম্মদ এৰশ্বাদ দেশৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে এই উৎসৱৰ শোভাযাত্ৰা প্ৰথমবাৰৰ বাবে পালন কৰা হয়।৯ বাংলাদেশৰ ৰক্তহীন অভ্যুত্থানৰ জৰিয়তে তেওঁ দেশৰ ৰাষ্ট্ৰপতি হৈছিল।১০

সেই সময়ত দেশখন সামৰিক একনায়কত্ববাদী শাসনৰ অধীনত থকাৰ উপৰি বাংলাদেশে বছৰি বানৰ যাতনাত ভুগিছিল। সেই সময়ত বাংলাদেশৰ ঢাকাত গণ বিদ্ৰোহ সংঘটিত হয় আৰু সেই বিদ্ৰোহত নূৰ হোছেইনকে ধৰি বহু লোকৰ মৃত্যু হয়।১১১২ ইয়াৰ প্ৰতিবাদ স্বৰূপে ঢাকা বিশ্ববিদ্যালয়ৰ চাৰু কলা অনুষদৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে পয়লা বৈশাখ অৰ্থাৎ ব’হাগৰ এক তাৰিখৰ দিনা মংগল শোভাযাত্ৰাৰ ব্যৱস্থা কৰি শাসন ব্যৱস্থাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লয়।১৩১৪১৫ তেতিয়াৰে পৰা এই শোভাযাত্ৰাৰ ব’হাগৰ প্ৰথম দিনা অনুষ্ঠিত হয়। ক’ৰোণা অতিমাৰীৰ বাবে দুবছৰমান স্তিমিত হৈছিল যদিও ২০২১ চনৰ পৰা পুনৰ ইয়াক পালন কৰা হৈছে।১৬ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত প্ৰথম মঙ্গল শোভাযাত্ৰা অনুষ্ঠিত হয় ২০০৮ চনত আৰু জগন্নাথ বিশ্ববিদ্যালয়ত প্ৰথম মঙ্গল শোভাযাত্ৰা অনুষ্ঠিত হয় ২০১৪ চনত।১৭

বৰ্ণনা

প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰা এই শোভাযাত্ৰাত চৰাই, মাছ, জীৱ-জন্তু, বিভিন্ন লোককথা আৰু অন্যান্য কাহিনীৰ বিশাল প্ৰতিৰূপ প্ৰদৰ্শন কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই সমাৱেশ সমদলক পৃথিৱীৰ ঐক্য, শান্তি আৰু দেশ আৰু মানৱতাৰ আগুৱাই নিবলৈ আৰু অশুভ শক্তিক খেদি পঠিওৱাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।৬৫ ইয়াক বাঙালী জনগোষ্ঠীৰ ধৰ্ম-নিৰপেক্ষ পৰিচয়ৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়, য’ত শ্ৰেণী, বয়স, ধৰ্মীয় বিশ্বাস বা লিংগ নিৰ্বিশেষে দেশৰ সকলোকে একত্ৰিত কৰে।৩

ইউনেস্ক’ৰ স্বীকৃতি

২০১৪ চনত বাংলাদেশৰ বাংলা একাডেমীয়ে ইউনেস্ক’ত “মংগল শোভাযাত্ৰা’’ৰ স্বীকৃতিৰ বাবে মনোনয়নৰ এটা ফাইল প্ৰস্তুত কৰে যিটো বাংলাদেশৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত হয় আৰু ইউনেস্কোত দাখিল কৰা হয়।১৩ ২০১৬ চনৰ ৩০ নৱেম্বৰত ইথিওপিয়াৰ আদিছ আবাবাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ অস্পষ্ট সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ আন্তঃচৰকাৰী সমিতিৰ দ্বাৰা মংগল শোভাযাত্ৰা উৎসৱক অস্পষ্ট সাংস্কৃতিক ঐতিহ্য হিচাপে নিৰ্বাচিত কৰা হয়৷১৫১৩

ভাৰতত

২০১৭ চনত বাংলাদেশৰ পদাংক অনুসৰণ কৰি বাঙালী অধ্যুষিত পশ্চিম বংগত উৎসৱমুখৰ মংগল শোভাযাত্ৰা উলিয়াই ঐক্য-সম্পীতিৰ ভাব প্ৰকাশ কৰে৷।১৮ ই বৰ্তমান বাংলাৰ লোকসংস্কৃতি আৰু কৃষ্টিৰ উৎসৱ হৈ পৰিছে৷১৬

তথ্যসূত্ৰ

  1. ↑ Habib, Haroon. Dramatic dawn. The Hindu
  2. ↑ 'Mangal Shobhajatra' for removing evil. bdnews24.com
  3. ↑ La bière belge inscrite au "patrimoine culturel immatériel" de l'humanité par l'Unesco. Le Huffington Post
  4. ↑ (30 November 2016). UNESCO recognises Mangal Shobhajatra as cultural heritage. UNESCO
  5. ↑ (30 November 2016). UNESCO recognises Mangal Shobhajatra as cultural heritage. The Daily Star
  6. ↑ UNESCO lists Mangal Shobhajatra as cultural heritage. Prothom Alo
  7. ↑ Mangal Shobhajatra included in Unesco cultural heritage list. The Nation
  8. ↑ বাঙালিৰ বৰ্ষবৰণ মিলন মেলায়, দৈনিক আজকেৰ কাগজ, ১৬ এপ্ৰিল ১৯৯৬। পৃ ২
  9. ↑ UNESCO Deems Belgium's Beer Culture A Treasure of Humanity. NPR
  10. ↑ (6 December 2016). The Rocky Road of Democracy. The Daily Star
  11. ↑ (10 November 2016). Dissent and the price of freedom. The Daily Star
  12. ↑ Shaheed Noor Hossain Day observed. Prothom Alo
  13. ↑ (1 December 2016). Unesco lists Mangal Shobhajatra as cultural heritage. The Daily Star
  14. ↑ Pohela Boishakh's rally gets UNESCO's recognition. Prothom Alo
  15. ↑ Mangal Shobhajatra gets recognition as cultural heritage. Business News 24 BD
  16. ↑ মংগল শোভাযাত্ৰা
  17. ↑ মঙ্গল শোভাযাত্ৰা শুৰুৰ ইতিহাস, আমাদেৰ সময়, ১৩ এপ্ৰিল ২০২২
  18. ↑ (9 April 2017). bn:এই প্রথম কলকাতার রাস্তায় ১ লা বৈশাখ হবে মঙ্গল শোভাযাত্রা

সম্পৰ্কিত শ্ৰেণী

সংস্কৃতিবাংলাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংগল শোভাযাত্ৰা” প্ৰবন্ধৰ সংশোধন ৪০৮৩৪৬ (২৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।