মাটিয়াবগ হাৱাখানা (Matiabag Palace বা Matiabag Hawakhana) অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।১ এই ঐতিহ্যপূৰ্ণ প্ৰসাদটো গদাধৰ নদীৰ পাৰত মাটিয়াবগ টিলাৰ ওপৰত গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰাইছিল।২ অৱসৰ বিনোদনৰ কাৰণে নিৰ্মাণ কৰা এই ৰাজহাউলিটো মাটিয়াবগ হাৱাখানা নামেৰে প্ৰসিদ্ধ। এই প্ৰসাদটিতে ভাৰতীয় বোলছবিৰ আদিপুৰুষ স্বৰূপ স্বৰ্গীয় প্ৰমথেশ চন্দ্ৰ বৰুৱাই শৈশৱকাল কটাইছিল।১ তদুপৰি ইয়াতেই বিখ্যাত গোৱালপাৰীয়া লোকগীত শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে আৰু হস্তীকন্যা খ্যাত পাৰ্বতী বৰুৱাও বসবাস কৰিছিল। ইয়াত আজি পৰ্যন্ত বহুতো বোলছবিৰ শ্বুটিং কৰা হৈছে।৩
বুৰঞ্জী
লোকবিশ্বাস মতে এবাৰ ৰজা প্ৰতাপ চন্দ্ৰ বৰুৱাই (ৰঙামাটিৰ জমিদাৰ) চিকাৰ কৰিবলৈ আহি এই ঠাইত এটা ভেকুলীয়ে এটা সাপক খায় থকাৰ এক অদ্ভুত দৃশ্য দেখা পায়। এই বংশৰ লোকসকল পৰম্পৰাগত ভাৱে দেৱী মহামায়াৰ ভক্ত আৰু সেয়ে প্ৰতাপ চন্দ্ৰ বৰুৱাই ইয়াক দেৱীয়ে দিয়া কোনো বিশেষ ইংগিত বুলি ভাবিবলৈ লৈছিল। পিছলৈ তেখেতে ইয়াতে দেৱী মহামায়াৰ এটি মন্দিৰ নিৰ্মাণ কাৰে আৰু এই ঠাইখনক গৌৰীপুৰ বুলি নামকৰণ কৰে ("গৌৰী" হৈছে মহামায়াৰ আন এটি নাম)। লগতে তেওঁ নিজ জমিদাৰিৰ সদৰ ৰঙামাটিৰ (বৰ্তমান বাংলাদেশত) পৰা গৌৰীপুৰলৈ স্থানান্তৰ কৰে।৪ যদিও আধুনিক গৌৰীপুৰ নগৰৰ ৰূপৰেখা ৰাজা প্ৰতাপ চন্দ্ৰ বৰুৱাই তৈয়াৰ কৰিছিল, এই নগৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ কাম কৰিছিল প্ৰভাত চন্দ্ৰ বৰুৱাই। প্ৰভাত চন্দ্ৰ বৰুৱাই বহুতো জনহিতকৰ কৰি থৈ গৈছে। চিকিৎসালয় নিৰ্মাণ, শিক্ষা বিস্তাৰ, সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰাৰ উপৰিও তেখেতে ৰাস্তা, বাগিছা, পুখুৰী আৰু বহুকেইটা ভৱন নিৰ্মাণ কৰিছিল। তেখেতে গৌৰীপুৰত ৰাজ হাউলি আৰু মূলতঃ অৱসৰ বিনোদনৰ বাবে মটিয়াবগ টিলাৰ ওপৰত হাৱাখানা নিৰ্মাণ কৰিছিল।২
যাতায়ত
ধুবুৰীৰ পৰা গৌৰীপুৰলৈ দূৰত্ব ৯ কি:মি: আৰু গুৱাহাটীৰ পৰা গৌৰীপুৰৰ দূৰত্ব হ'ল ২৬১ কি:মি:। ধুবুৰী হৈছে গৌৰীপুৰৰ নিকটতম ৰেলৱে ষ্টেচন। ইয়াৰ নিকটতম সক্ৰিয় বিমানবন্দৰ হৈছে গুৱাহাটী (২৬১ কি:মি:) আৰু বাগদোগ্ৰা (২২৬ কি:মি:)।
তথ্যসূত্ৰ
- ↑ (31-8-2005). Matiabog Palace. Telegraph India
- ↑ (31-8-2005). Contribution of Gauripur zamindar. IOSR Journal Of Humanities And Social Science
- ↑ Wikimapia Info
- ↑ Prakash, Ved. Encyclopaedia of North-East India, Volume 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাটিয়াবগ হাৱাখানা” প্ৰবন্ধৰ সংশোধন ৪৩১৯১৫ (১৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।