ভূৰাগাঁও-খাৰুপেটীয়া দলং, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫এ ৰ ওপৰত ৭.৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ (৪.৭৪ মাইল) প্ৰস্তাৱিত পকী পথ দলং ৷ ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটীয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ কৰা হ’ব।১
অৱস্থান
ভূৰাগাঁও আৰু খাৰুপেটীয়াৰ পৰা ২১ কিলোমিটাৰ দক্ষিণ ফালে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত ভূৰাগাঁও-খাৰুপেটীয়া দলংখনে দক্ষিণ দিশৰ ভূৰাগাঁও চহৰখনক নদীখনৰ উত্তৰ দিশৰ খাৰুপেটীয়াৰ সৈতে সংযোগ কৰিব। অসম-ভূটান সীমান্তৰ পৰা ৭৭ কিলোমিটাৰৰো অধিক দূৰত্বত অৱস্থিত এই দলংখনে তেজপুৰৰ কলিয়া ভোমোৰা সেতুৰ বিকল্প হিচাপে কাম কৰিব। ২
যাতায়ত
পথ
জাগীৰোড ( মৰিগাঁও ) ৰ পৰা আৰম্ভ কৰি সমৰাং (ভাৰত-ভূটান সীমান্ত)লৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৪ চনত গেজেটেড অধিসূচনাৰ জৰিয়তে আগবঢ়াইছিল।
ই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্পাৰ ৰোড।৭১৫এ নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতৰ অসম ৰাজ্য অতিক্ৰম কৰে।
ৰে'ল
ভূৰাগাঁও-খাৰুপেটীয়া দলঙৰ পৰা নিকটতম ৰেল ষ্টেচন হৈছে মৈৰাবাৰী ৰেলৱে ষ্টেচন। মৈৰাবাৰী ৰেলৱে ষ্টেচনৰ পৰা গুৱাহাটী - মৈৰাবাৰী কলংপাৰ (৫৫৬০৩) এখন যাত্ৰীবাহী ৰেল চলাচল কৰে।৩
ইতিহাস
তথ্য মতে ওদালগুৰিৰ উত্তৰে ভৈৰৱকুণ্ড আৰু ভুটান পাহাৰৰ মাজেৰে তাহানিৰ পৰা তিব্বত স্বায়ত্তশাসিত অঞ্চল, চীন আৰু আফগানিস্তানলৈ যাতায়তৰ বাট আছিল।৪ অসম বুৰঞ্জীৰ ২৯ নম্বৰ পৃষ্ঠাত ছাৰ এদৱাৰ্ড গেইটে ওদালগুৰিৰ পৰা তিব্বতলৈ চমু পথ হিচাপে উল্লেখ কৰিছিল।
বৰ্তমান পৰিস্থিতি
গুৱাহাটী আৰু তেজপুৰৰ আধা বাটত থকা খাৰুপেটীয়া-ভূৰাগাঁও দলংখনে ১৮০ কিলোমিটাৰ (১১০ মাইল) দূৰত্ব ৪০ কিলোমিটাৰলৈ হ্ৰাস কৰিব, আৰু ই টাৱাং আৰু পূব–পশ্চিম অৰুণাচল ঔদ্যোগিক কৰিডৰৰ পূব প্ৰান্তক সংযোগ কৰিব উজনি অসমলৈ ঘাইপথ।
টাংলাৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত বামুনজুলিৰ সমীপৰ কালানদীৰ ওপৰত নতুন আৰ চি চি দলং নিৰ্মাণৰ কাম অতি লেহেমীয়া হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।
গুৰুত্ব
তদুপৰি এই দলংখনৰ লগতে ঘাইপথটোৱে ভূটান আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুয়োখন ৰাজ্যতে পৰ্যটন আৰু বাণিজ্যত উত্থান ঘটাব। এই ঘাইপথটো হৈছে ভাৰতৰ বাবে চীনৰ পৰা সীমান্ত সুৰক্ষিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ প্ৰকল্প। কৌশলগত গুৰুত্বৰ বাবে ইয়াক টেংক আৰু বিমানৰ গতিবিধিৰ চম্ভালিৱ পৰাকৈ নিৰ্মাণ কৰা হৈছিল।৫
গুৱাহাটী আছিয়ান দেশৰ দুৱাৰমুখ হোৱাৰ কথা উল্লেখ কৰি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমৰ আন্তঃগাঁথনিগত উন্নয়নে নিকটৱৰ্তী দেশ বাংলাদেশ, ভূটান, ম্যানমাৰ আৰু নেপালৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবেও পথ-প্ৰশস্ত কৰিব।৬
তথ্যসূত্ৰ
- ↑ www.etvbharat.com/assamese/assam/state/darrang/g
- ↑ (19 July 2021). Consultancy Services for Feasibility Study and Preparation of Detailed Project Report of two laning from Morigaon to Rowta via Koupati including a two lane bridge across river Brahmaputra and from Udalguri to Indo - Bhutan Border via Khoiabari including Udalguri and Rowta bypass in the state of Assam.
- ↑ indiarailinfo.com/station/map/mairabari-mbo/8582
- ↑ ৰাজমোহন নাথ. দি বেক্গ্ৰাউন্দ অফ এচামিজ কালচাৰ্. পৃ. ১৪
- ↑ kuenselonline.com/samrang-jomotshangkha-highway- link|date=March 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.indiatoday.in/amp/india/story/three-more-bri
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূৰাগাঁও-খাৰুপেটিয়া দলং” প্ৰবন্ধৰ সংশোধন ৪৯৫১০৫ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।