
বুনেৰ জিলা (بونېر ولسوالۍ, ) পাকিস্তানৰ খাইবাৰ পাখতুঁখোৱা প্ৰদেশৰ মালাকান্দ সংমণ্ডলৰ এখন জিলা। বুনেৰ হস্পিটেলিটিৰ বাবে বিখ্যাত আৰু ইয়াক হস্পিটেলিটিৰ দেশ বুলিও কোৱা হয়। ১৯৯১ চনত জিলাৰ মৰ্যাদা লাভ কৰাৰ আগতে ই স্বাট জিলাৰ ভিতৰতে এখন তহচিল আছিল।১
ইতিহাস

দক্ষিণে স্বাবি আৰু উত্তৰে স্বাতৰ মাজত বুনেৰ উপত্যকা অৱস্থিত। ই গাঁৱে বিন্দু বিন্দুকৈ বিস্তৃত আৰু চাৰিটা মহকুমাত বিভক্ত উপত্যকা। মোৰা পাহাৰ আৰু ইলাম ৰেঞ্জে ইয়াক স্বাত উপত্যকাৰ পৰা বিভাজিত কৰে, আনহাতে চিনাৱাৰ ৰেঞ্জে ইউছাফজাইৰ, গুৰু পৰ্বতমালা মাৰ্দান উপত্যকা আৰু ডুমা পৰ্বতমালা পুৰাণ উপত্যকাৰ পৰা বিভাজিত কৰে।
১৫৮০ চনৰ ভিতৰত মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে ইউছুফজাই জনগোষ্ঠীৰ মাজত এক উল্লেখযোগ্য বিদ্ৰোহ সংঘটিত হয়।২ ১৫৮৫ চনৰ শেষৰ ফালে মোগল সম্ৰাট আকবৰে জৈন খান কোকা আৰু বীৰবলৰ অধীনত সামৰিক বাহিনী পঠিয়াই বিদ্ৰোহক মষিমূৰ কৰে। ১৫৮৬ চনৰ ফেব্ৰুৱাৰী মাহত কাৰাকৰ পাছৰ ওচৰত বীৰবলকে ধৰি প্ৰায় ৮০০০ মোগল সৈন্যক কালু খানৰ নেতৃত্বত ইউছুফজাই লস্কৰৰ দ্বাৰা হত্যা কৰোৱায়। আকবৰৰ ৰাজত্বকালত মোগল সেনাবাহিনীয়ে সন্মুখীন হোৱা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ দুৰ্যোগ।৩
গোটেই ১৯ শতিকাটোত বুনেৰৰ বাসিন্দাসকলে দুবাৰকৈ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে থিয় দিছিল। ২০০৯ চনৰ এপ্ৰিল মাহত তেহৰিক-ই-তালিবান পাকিস্তানে স্থানীয় বাসিন্দাসকলৰ সৈতে কিছু সময়ৰ যুদ্ধৰ অন্তত বুনেৰৰ নিয়ন্ত্ৰণ দখল কৰে। ইয়াৰ পিছত টিটিপিয়ে কঠোৰ নিয়ম আৰোপ কৰিবলৈ আৰম্ভ কৰে, য’ত ভিডিঅ’ ষ্ট’ৰ বন্ধ কৰা, দাড়ি কটাৰ বিৰুদ্ধে আদেশ দিয়া, বিভিন্ন ৰাজহুৱা স্থানত মহিলাৰ উপস্থিতিৰ ওপৰত নিষেধাজ্ঞা আদি অন্তৰ্ভুক্ত কৰা বুলি জানিব পৰা গৈছে।৪ ২৯ এপ্ৰিলত পাকিস্তান চৰকাৰে তালিবানৰ প্ৰতি সঁহাৰি জনাই অঞ্চলটোত সেনা নিয়োগ কৰিছিল, আনকি হেলিকপ্টাৰেৰে ডেলিভাৰী কৰা পেৰাচুট আৰোহীকো নিয়োগ কৰিছিল।৫ ২০০৯ চনৰ মে’ মাহৰ শেষৰ ফালে প্ৰায় গোটেই বুনেৰ তালিবানৰ কবলৰ পৰা মুক্ত কৰা হয়।৬
জনগাঁথনি
২০১৭ চনৰ লোকপিয়ল মতে জিলাখনৰ ৯২,৯৯০টা পৰিয়ালৰ ৮৯৫,৪৬০ গৰাকী জনসংখ্যা। ইয়াৰে ৪৪৫,৮৭২ গৰাকী পুৰুষ আৰু ৪৪৯,৫৫৫ গৰাকী মহিলা। সমগ্ৰ জনসংখ্যা আছিল গ্ৰাম্য। বুনেৰৰ লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ১০০৮ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৪৬.৮৪% - ৬৫.১০% পুৰুষ আৰু মহিলাৰ ২৯.৪০%। আৰু ৩২.১৮% জনসংখ্যা ১০ বছৰৰ তলৰ। জিলাখনৰ (মূলতঃ শিখ ধৰ্মৰ) ১,৪০২ (০.১৬%) লোক ধৰ্মীয় সংখ্যালঘু শ্ৰেণীৰ।৭২০১৭ চনৰ লোকপিয়লৰ সময়ত ৯৭.৫৬% জনসংখ্যাই পশতু আৰু ০.৯৫% হিন্দকো প্ৰথম ভাষা হিচাপে কয়।৭
প্ৰশাসন
বুনেৰ তহচিলছ
বুনেৰ জিলা বৰ্তমান ৬খন তহচিলত উপবিভক্ত।
- ডাগ্গাৰ
- চাঘৰজাই
- চামলা (মন্দনৰ)
- খুদু খেল
- গাগ্ৰা
- গাদেজাই
লোকসভা
এই জিলাখনক পাকিস্তান ৰাষ্ট্ৰীয় বিধানসভাত এজন নিৰ্বাচিত এম এন এ (ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য) দ্বাৰা প্ৰতিনিধিত্ব কৰে। ইয়াৰ সমষ্টিটো হৈছে এন এ-২৮।৮
| নিৰ্বাচন | সদস্য | দল |
|---|---|---|
| ২০০২ | শেৰ আকবৰ খান | পিপিপি (এস) |
| ২০০৮ | ইস্তিকবাল খান | এএনপি |
| ২০১৩ | শেৰ আকবৰ খান | জেআই |
| ২০১৮ | শেৰ আকবৰ খান | পিটিআই |
বিধানসভা
জিলাখনৰ খাইবাৰ পখতুঁখোৱাৰ প্ৰাদেশিক বিধানসভাৰ তিনিটা৯ আৰু পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ এটা সমষ্টি আছে।
| প্ৰাদেশিক বিধানসভাৰ সদস্য | পাৰ্টিৰ সংযোগ | সমষ্টি | চন |
|---|---|---|---|
| ৰিয়াজ খান | পাকিস্তান তেহৰিক-ই-ইনছাফ | পি কে-২০ বু্নেৰ-১ | ২০১৮ |
| চৈয়দ ফখৰ ই জেহান | পাকিস্তান তেহৰিক-ই-ইনছাফ | পি কে-২১ বু্নেৰ-২ | ২০১৮ |
| চৰ্দাৰ হুছেইন বাবাক | আৱামি নেচনেল পাৰ্টি | পি কে-২২ বু্নেৰ-৩ | ২০১৮ |
শিক্ষানুষ্ঠানসমূহ
- বুনেৰ বিশ্ববিদ্যালয়
- চৰকাৰী মহাবিদ্যালয় ডাগ্গাৰ, বুনেৰ
- চৰকাৰী বালিকা ডিগ্ৰী মহাবিদ্যালয়, ডাগ্গাৰ
- চৰকাৰী ডিগ্ৰী কলেজ জোৱৰ, বুনেৰ
- চৰকাৰী ছোৱালীৰ ডিগ্ৰী কলেজ, বাজাৰগাই
- চৰকাৰী ডিগ্ৰী কলেজ, গাদিজাই
ডাঙৰ গাঁওসমূহ

তৰৱাৰছাক বুনেৰৰ আটাইতকৈ জনবসতিপূৰ্ণ চহৰ যিখনৰ ২০১৮ চনত জনসংখ্যা আছিল প্ৰায় ৩৫,১৬৫ জন।১০
- টোটালাই ২০১৮ চনত প্ৰায় ২৪,৫৬২জন জনসংখ্যাৰে দ্বিতীয় সৰ্বাধিক জনবসতিপূৰ্ণ গাওঁ। ১০
- ৰেগা ২০১৮ চনত প্ৰায় ২৩,৭২৬জন জনসংখ্যাৰে তৃতীয় সৰ্বাধিক জনবসতিপূৰ্ণ গাওঁ। ১০
- এলাই ২০১৮ চনত প্ৰায় ২৩,৬৭৮জন জনসংখ্যাৰে চতুৰ্থ সৰ্বাধিক জনবসতিপূৰ্ণ গাওঁ।১০
- ২০২৩ চনত আফগান শৰণাৰ্থী শিবিৰৰ জনসংখ্যা আছিল প্ৰায় ২২,৩৮০ জন
লগতে পঢ়ক
- ৰুস্তম, মৰ্দন
- মৰ্দন
- এলুম গড়
তথ্যসূত্ৰ
- ↑ (2000). 1998 District Census report of Buner. Census publication. Population Census Organization, Statistics Division, Government of Pakistan
- ↑ Imperial Gazetteer2 of India, Volume 19– Imperial Gazetteer of India. Digital South Asia Library. পৃ. 152
- ↑ Richards, John F. (1993). The Mughal Empire. The New Cambridge History of India. Cambridge University Press. পৃ. 50–51. ISBN 9780521566032
- ↑ Taliban Exert Influence In Pakistan. NPR.org
- ↑ Pakistani forces seize main town of Buner district from Taliban
- ↑ 90% Buner Cleared: May 27, 2009
- ↑ District Wise Results / Tables (Census - 2017). www.pbscensus.gov.pk. Pakistan Bureau of Statistics
- ↑ Election Commission of Pakistan
- ↑ Constituencies and MPAs – Website of the Provincial Assembly of the NWFP
- ↑ Babbar, Rafiullah. Buner District Population of Cities, Towns and Villages 2017-2018
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুনেৰ জিলা” প্ৰবন্ধৰ সংশোধন ৬১৩৬৮৭ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।