
প্ৰাচীৰ দ্বীপ (Barrier islands) এক বিশেষপ্ৰকাৰৰ উপকূলীয় অবয়ৱ। ই মূলতঃ একপ্ৰকাৰৰ বালিয়া পাহাৰ বা বালিয়াড়ী প্ৰণালী আৰু বালিৰ দ্বীপ। তৰংগ বা ঢৌ আৰু জোৱাৰ-ভাটাৰ ক্ৰিয়াৰ ফলত উপকূলৰ ওচৰৰ বালি জমা হৈ মূল ভূ-খণ্ডৰ সমান্তৰালভাৱে এই দ্বীপসমূহ গঠিত হয়।১ প্ৰাচীৰ দ্বীপসমূহ সাধাৰণতে উপকূলীয় ৰেখাৰ সমান্তৰালভাৱে দীঘল আৰু ঠেক শ্ৰেণী হিচাপে গঢ়ি উঠে। ঢৌ, জোৱাৰ-ভাটা, গেদৰ সঞ্চালন আৰু সাগৰৰ জলস্তৰৰ পৰিৱৰ্তনে ইয়াৰ আকৃতি নিৰ্ধাৰণ কৰে। ইয়াৰ ফলত সময়ৰ লগে লগে এই দ্বীপসমূহৰ স্থান সলনি হ’ব পাৰে, আকাৰ বৃদ্ধি পাব পাৰে বা খহি যাব পাৰে।২ এই দ্বীপসমূহে সাগৰীয় ঢৌৰ তীব্ৰ শক্তিক শোষণ কৰি উপকূলীয় ৰেখাক সুৰক্ষিত কৰি ৰাখে। ইয়াৰ ফলত ইয়াৰ পিছফালে এক সুৰক্ষিত জলভাগৰ সৃষ্টি হয়, য’ত জলাহ ভূমি বা আৰ্দ্ৰভূমিসমূহ বিকশিত হ’ব পাৰে। এনে একোটা প্ৰাচীৰ দ্বীপৰ শৃংখলা কেইবাশ কিলোমিটাৰ পৰ্যন্ত বিস্তৃত হ’ব পাৰে। এই দ্বীপসমূহ জোৱাৰ-ভাটাৰ ক্ষুদ্ৰ প্ৰণালী বা খাঁজৰদ্বাৰা ইটোৰপৰা সিটো পৃথক হৈ থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছত অৱস্থিত পাদ্ৰে দ্বীপ বিশ্বৰ আটাইতকৈ দীঘল প্ৰাচীৰ দ্বীপ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 113 মাইল।৩ কেতিয়াবা কোনো গুৰুত্বপূৰ্ণ খাঁজ বা সুৰংগ পথ স্থায়ীভাৱে বন্ধ হৈ যাব পাৰে। ইয়াৰ ফলত এনে দ্বীপ এক ‘প্ৰাচীৰ উপদ্বীপ’ বা প্ৰাচীৰ সৈতকলৈ ৰূপান্তৰিত হয়।৪ প্ৰাচীৰ দ্বীপসমূহ উপকূলীয় অঞ্চলৰ অন্যান্য আৰ্হি যেনে— প্ৰতিৰোধীতীৰ আৰু স্পিটৰ সৈতে সম্পৰ্কিত। এইসমূহৰ ভৌতিক বৈশিষ্ট্য প্ৰায় একে। কিন্তু মূল ভূ-খণ্ডৰ সৈতে থকা সংযোগৰ মাত্ৰা আৰু ভূ-খণ্ডৰ দিশে পানীৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি ইহঁতৰ মাজত পাৰ্থক্য দেখা যায়।৫ যদিও এইসমূহৰ বেছিভাগেই দীঘল আৰু ঠেক হয়, তথাপি ইয়াৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু সামগ্ৰিক গঠন বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত জোৱাৰ-ভাটাৰ পৰিসৰ, ঢৌৰ শক্তি, গেদৰ যোগান, সাগৰৰ জলস্তৰৰ পৰিৱৰ্তন আৰু সাগৰৰ তলিৰ গঠন অন্যতম।৬ এই দ্বীপবোৰত থকা গছ-লতা বা উদ্ভিদৰ পৰিমাণে দ্বীপটোৰ উচ্চতা আৰু ক্ৰমবিকাশত এক ডাঙৰ প্ৰভাৱ পেলায়।৭
গোলকীয়ভাৱে সমগ্ৰ বিশ্বত প্ৰায় ১,৫০০টা প্ৰাচীৰ দ্বীপ চিনাক্ত কৰা হৈছে। এই আটাইবোৰ দ্বীপৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১৫,০০০ কিলোমিটাৰতকৈও অধিক। উত্তৰ গোলাৰ্ধত প্ৰাচীৰ দ্বীপৰ সংখ্যা আটাইতকয়ে বেছি। সমগ্ৰ বিশ্বৰ ভিতৰত উত্তৰ আমেৰিকাত এক-তৃতীয়াংশতকৈও অধিক আৰু এছিয়াত প্ৰায় এক-চতুৰ্থাংশ প্ৰাচীৰ দ্বীপ অৱস্থিত।৮
বিশ্বৰ প্ৰায় ১৩% ৰপৰা ১৫% উপকূলীয় অঞ্চলত প্ৰাচীৰ দ্বীপৰ শৃংখলা দেখিবলৈ পোৱা যায়।৯ এই দ্বীপসমূহ বিভিন্ন পৰিৱেশত গঠিত হ’ব পাৰে আৰু বৰ্তি থাকিব পাৰে। এইসমূহ কেনেকৈ গঠিত হয়, তাক ব্যাখ্যা কৰিবলৈ বিজ্ঞানীসকলে কেইবাটাও তত্ত্ব আগবঢ়াইছে।
উপকূলীয় অঞ্চল সুৰক্ষিত কৰিবলৈ মানুহে সাগৰৰ মাজত উপকূলৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা একপ্ৰকাৰৰ কৃত্ৰিম গাঁথনি ব্ৰেকৱাটাৰ বা তৰংগৰোধক বুলি কোৱা হয়। ইয়াৰ কাম হ’ল উপকূলত খুন্দা মৰা ঢৌ আৰু সোঁতৰ শক্তিক প্ৰতিৰোধ কৰা আৰু হ্ৰাস কৰা। এই কৃত্ৰিম গাঁথনিটোৱে প্ৰাকৃতিক প্ৰাচীৰ দ্বীপৰ দৰেই উপকূল ভাগক সুৰক্ষা প্ৰদান কৰে।
গঠনকাৰী অংশসমূহ
প্ৰাচীৰ দ্বীপসমূহে এটা পৰস্পৰ সংযোজিত উপকূলীয় ব্যৱস্থাৰ অংশ হিচাপে কাম কৰে। এই ব্যৱস্থাত বিভিন্ন পৰিৱেশৰ মাজত গেদ আৰু শক্তিৰ আদান-প্ৰদান ঘটে। ইয়াৰ ফলত ব্যৱস্থাটোৰ এটা অংশৰ পৰিৱৰ্তনে সমগ্ৰ প্ৰাচীৰ প্ৰণালীটোক প্ৰভাবিত কৰিব পাৰে।২
উচ্চ উপকূলভাগ (Upper shoreface) উপকূলভাগ হ’ল প্ৰাচীৰ দ্বীপৰ সেইটো অংশ য’ত মহাসাগৰ আহি দ্বীপৰ তীৰত লাগে। প্ৰাচীৰ দ্বীপৰ মূল অংশটোৱে এই উপকূলভাগক ইয়াৰ পিছফালৰ অংশ আৰু উপহ্ৰদ বা জোৱাৰ-ভাটাৰ বোকা-পথাৰ অঞ্চলৰপৰা পৃথক কৰি ৰাখে। উচ্চ উপকূলভাগত সাধাৰণতে বোকা আৰু সম্ভৱতঃ পলস মিশ্ৰিত মিহি বালি পোৱা যায়। মহাসাগৰৰ গভীৰলৈ যোৱাৰ লগে লগে এই গেদসমূহ অধিক মিহি হৈ পৰে। গভীৰতাৰ বাবে এই অংশত ঢৌৰ প্ৰভাৱ তেনেই কম হয়। ইয়াত জৈৱিক খোপনি বা বায়’টাৰ্বেচন (Bioturbation) এবিধ সাধাৰণ প্ৰক্ৰিয়া। পৃথিৱীৰ ভূ-তাত্ত্বিক ইতিহাসৰ ৰেকৰ্ডত উচ্চ উপকূলভাগৰ গেদীয় স্তৰত বহুতো জীৱাশ্ম পোৱা যায়।
মধ্য উপকূলভাগ (Middle shoreface) মধ্য উপকূলভাগ উচ্চ উপকূলভাগৰ ঠিক ওপৰতে অৱস্থিত। ইয়াৰ কম গভীৰতাৰ বাবে এই অংশটো ঢৌৰ চলাচলৰদ্বাৰা তীব্ৰভাৱে প্ৰভাবিত হয়। তীৰৰ ওচৰৰ বালিৰ আকাৰ মধ্যমীয়া হয় আৰু তাত শামুকৰ খোলাৰ টুকুৰা প্ৰায়ে দেখা যায়। যিহেতু ইয়াত ঢৌৰ ক্ৰিয়া অধিক শক্তিশালী হয়, সেয়েহে ইয়াত জৈৱিক খোপনি বা বায়’টাৰ্বেচনৰ সম্ভাৱনা কম থাকে।
নিম্ন উপকূলভাগ (Lower shoreface) নিম্ন উপকূলভাগ ধাৰাবাহিকভাৱে ঢৌৰ ক্ৰিয়াৰদ্বাৰা প্ৰভাবিত হয়। ঢৌৰ নিৰন্তৰ আৰু ভিন্নমুখী প্ৰৱাহৰ বাবে ইয়াত হেৰিংবোন আৰ্হিৰ গেদীয় গাঁথনিৰ বিকাশ ঘটে। ইয়াৰ বালিৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ বা খহটা হয়।
সন্মুখভাগ (Foreshore) সন্মুখভাগ হ’ল জোৱাৰ আৰু ভাটাৰ পানীৰ মাজত থকা স্থলভাগৰ অংশ। উচ্চ উপকূলভাগৰ দৰেই এই অংশটোও নিৰন্তৰভাৱে ঢৌৰ ক্ৰিয়াৰদ্বাৰা প্ৰভাবিত হয়। ঢৌৰ কোব বা খুন্দাৰ ফলত সৃষ্টি হোৱা তীব্ৰ শক্তিৰ বাবে ইয়াত তিৰ্যক-স্তৰায়ন, লেমিনেশ্যন আৰু ডাঙৰ বা খহটা বালি দেখা যায়। ইয়াৰ বালিৰ শ্ৰেণীবিভাজন বা সজ্জাটোও অতি সুন্দৰ হয়।
পিছফালৰ ভাগ (Backshore) পিছফালৰ ভাগটো সদায় পানীৰ সৰ্বোচ্চ স্তৰৰ ওপৰত থাকে। ইয়াত মাটিৰ ঢাপ বা বাৰ্ম (berm) পোৱা যায়, যিয়ে সন্মুখভাগ আৰু পিছফালৰ ভাগৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে। এই অংশত পানী নহয় আৰু বতাহ ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক। তীব্ৰ ধুমুহাৰ সময়ত ওখ ঢৌ আৰু বতাহে পিছফালৰ ভাগলৈ গেদ কঢ়িয়াই আনিব পাৰে বা ইয়াৰপৰা বালি উৰুৱাই ক্ষয়-ক্ষতি কৰিব পাৰে।
বালিয়াৰী (Dunes) বতাহৰদ্বাৰা সৃষ্টি হোৱা উপকূলীয় বালিয়াৰীবোৰ প্ৰাচীৰ দ্বীপৰ এক অন্যতম প্ৰধান বৈশিষ্ট্য। এইসমূহ পিছফালৰ ভাগৰ একেবাৰে ওপৰ অংশত অৱস্থিত। এই বালিয়াড়ীবোৰত বতাহে উৰুৱাই নিয়া সাধাৰণ বালিয়াড়ীৰ বৈশিষ্ট্যসমূহ দেখা যায়। পাৰ্থক্যটো হ’ল যে প্ৰাচীৰ দ্বীপৰ বালিয়াড়ীত সাধাৰণতে উপকূলীয় গছ-লতাৰ শিপা আৰু সাগৰীয় জীৱৰ খোপনি বা চিন দেখিবলৈ পোৱা যায়। এইসমূহে প্ৰাচীৰ দ্বীপৰ আকাৰ বৃদ্ধিতো সহায় কৰে।
উপহ্ৰদ আৰু জোৱাৰ-ভাটাৰ বোকা-পথাৰ (Lagoon and tidal flats) উপহ্ৰদ আৰু জোৱাৰ-ভাটাৰ বোকা-পথাৰ অঞ্চলটো বালিয়াড়ী আৰু পিছফালৰ ভাগৰ পিছফালে অৱস্থিত। এই অংশত পানী একেবাৰে শান্ত হৈ থাকে। ইয়াৰ ফলত মিহি পলস, বালি আৰু বোকা সহজে তলত জমা হ’ব পাৰে। উপহ্ৰদসমূহ কেতিয়াবা অম্লজানহীন বা এনাৰ’বিক (anaerobic) পৰিৱেশৰ স্থান হৈ পৰিব পাৰে। ইয়াৰ ফলত তাত প্ৰচুৰ পৰিমাণে জৈৱিক পদাৰ্থৰে চহকী ক’লা বোকাৰ সৃষ্টি হয়। এই অঞ্চলত বিভিন্ন ধৰণৰ গছ-লতা বা উদ্ভিদ দেখিবলৈ পোৱা যায়।
অৱস্থিতি

এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰতিখন মহাদেশতে প্ৰাচীৰ দ্বীপ দেখিবলৈ পোৱা যায়। এই দ্বীপসমূহ মূলতঃ ভৌগোলিকভাৱে সুস্থিৰ অঞ্চল বা ভূত্বকৰ ফলকসমূহৰ ‘ট্ৰেইলিং এজ কষ্ট’ (trailing edge coasts)-ত গঠিত হয়। এই অঞ্চলসমূহ ভূত্বকৰ ফলকসমূহৰ অপসাৰী সীমাৰদ্বাৰা গঠিত হোৱা মহাসাগৰীয় শৈলশিৰাৰপৰা দূৰলৈ গতি কৰে। ইয়াৰ উপৰি ভূমধ্যসাগৰ আৰু মেক্সিকো উপসাগৰৰ দৰে সৰু সাগৰীয় অৱবাহিকাৰ চাৰিওফালে এনে দ্বীপ দেখা যায়।১০ তুলনামূলকভাৱে কম জোৱাৰ-ভাটা আৰু প্ৰচুৰ পৰিমাণে বালিৰ যোগান থকা অঞ্চলসমূহ প্ৰাচীৰ দ্বীপ গঠনৰ বাবে আটাইতকয়ে উপযোগী।
অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়াৰ পূব উপকূলত আৰু ব্ৰিছবেনৰ ঠিক পূবে অৱস্থিত মৰেটন উপসাগৰক প্ৰশান্ত মহাসাগৰৰ তীব্ৰ সোঁতৰপৰা কেইবাটাও ডাঙৰ প্ৰাচীৰ দ্বীপৰ এক শৃংখলাই সুৰক্ষিত কৰি ৰাখিছে। উত্তৰৰপৰা দক্ষিণলৈ থকা এই দ্বীপসমূহ হ’ল— ব্ৰিবি দ্বীপ, মৰেটন দ্বীপ, নৰ্থ ষ্ট্ৰেডব্ৰোক দ্বীপ আৰু চাউথ ষ্ট্ৰেডব্ৰোক দ্বীপ। ১৮৯৬ চনত হোৱা এক তীব্ৰ ধুমুহাৰ বাবে শেষৰ দুটা দ্বীপৰ মাজত এটা নতুন প্ৰণালীৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে এই দুয়োটা এটা একক দ্বীপ আছিল। নৰ্থ ষ্ট্ৰেডব্ৰোক দ্বীপটো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বালিৰ দ্বীপ আৰু মৰেটন দ্বীপটো বিশ্বৰ তৃতীয় সৰ্ববৃহৎ বালিৰ দ্বীপ।
মৰেটন উপসাগৰৰপৰা একেটা উপকূলৰে প্ৰায় ২০০ কিলোমিটাৰ উত্তৰে অৱস্থিত ‘কে’গাৰী’ (পূৰ্বতে ফ্ৰেজাৰ দ্বীপ বুলি জনা গৈছিল) নামৰ আন এখন প্ৰাচীৰ দ্বীপ হ’ল বিশ্বৰ আটাইতকৈ ডাঙৰ বালিৰ দ্বীপ।

আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব উপকূল আৰু মেক্সিকো উপসাগৰীয় উপকূলত আটাইতকয়ে বেছি পৰিমাণে প্ৰাচীৰ দ্বীপ পোৱা যায়। পূব উপকূলৰ মেইনৰপৰা ফ্ল’ৰিডালৈ আৰু উপসাগৰীয় উপকূলৰ ফ্ল’ৰিডাৰপৰা টেক্সাছলৈকে থকা প্ৰতিখন ৰাজ্যতে প্ৰাচীৰ দ্বীপৰ অংশ দেখিবলৈ পোৱা যায়। ইয়াৰে বহু ঠাইত অতি বৃহৎসংখ্যক প্ৰাচীৰ দ্বীপ আছে। উদাহৰণস্বৰূপে ১৯৯৭ চনৰ এক হিচাপ অনুসৰি ফ্ল’ৰিডা উপদ্বীপৰ পশ্চিম উপকূলৰ মাত্ৰ ৩০০ কিলোমিটাৰ অঞ্চলৰ ভিতৰতে ২৯টা প্ৰাচীৰ দ্বীপ আছিল। লগতে ইয়াৰ পূব উপকূলত আন ২০টা আৰু ফ্ল’ৰিডা পেনহেণ্ডেল উপকূলৰ কাষে কাষে কেইবাটাও প্ৰাচীৰ দ্বীপ আছিল।১১ টেক্সাছত অৱস্থিত পাদ্ৰে দ্বীপ বিশ্বৰ আটাইতকয়ে দীঘল প্ৰাচীৰ দ্বীপ। উপসাগৰীয় উপকূলৰ অন্যান্য সুপৰিচিত দ্বীপসমূহৰ ভিতৰত টেক্সাছৰ গালভষ্টন দ্বীপ আৰু ফ্ল’ৰিডাৰ ছেনিবেল তথা কেপটিভা দ্বীপ অন্যতম। পূব উপকূলত অৱস্থিত প্ৰধান দ্বীপসমূহ হ’ল— ফ্ল’ৰিডাৰ মায়ামী বিচ আৰু পাম বিচ; উত্তৰ কেৰোলিনাৰ হাট্টেৰাছ দ্বীপ; ভাৰ্জিনিয়া আৰু মেৰিলেণ্ডৰ এছাটীগ দ্বীপ; নিউ জাৰ্ছীৰ এবচেকন দ্বীপ (য’ত আটলাণ্টিক চিটি অৱস্থিত); আৰু নিউয়ৰ্ক মহানগৰৰ লং আইলেণ্ড উপকূলৰ জোন্স বিচ দ্বীপ তথা ফায়াৰ আইলেণ্ড অন্যতম। শিলেৰে আবৃত তীৰ আৰু চুটি মহীসোপানৰ বাবে আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত কোনো প্ৰাচীৰ দ্বীপ পোৱা নাযায়। অৱশ্যে তাত প্ৰাচীৰ উপদ্বীপ দেখিবলৈ পোৱা যায়। আলাস্কাৰ সুমেৰু উপকূলতো কেইবাখনো প্ৰাচীৰ দ্বীপ আছে।
কানাডা
কানাডাৰ মেৰিটেইম উপকূল আৰু অন্যান্য উপকূলীয় অঞ্চলসমূহতো প্ৰাচীৰ দ্বীপ দেখা যায়। ইয়াৰ এক সুন্দৰ নিদৰ্শন নিউ ব্ৰান্সৱিকৰ মিৰামিচী উপসাগৰত পোৱা যায়। ইয়াত অৱস্থিত পোৰ্টেজ দ্বীপ, ফক্স দ্বীপ আৰু হে’ দ্বীপে মূল ভিতৰৰ উপসাগৰক চেইণ্ট লৰেন্স উপসাগৰীয় ধুমুহাৰপৰা সুৰক্ষিত কৰি ৰাখে।
মেক্সিকো
মেক্সিকোৰ উপসাগৰীয় উপকূল অঞ্চলতো কেইবাখনো প্ৰাচীৰ দ্বীপ আৰু প্ৰাচীৰ উপদ্বীপ আছে।
নিউজিলেণ্ড
নিউজিলেণ্ডৰ দুয়োখন মূল দ্বীপৰ উত্তৰ অঞ্চলত প্ৰাচীৰ দ্বীপৰ সংখ্যা আটাইতকয়ে বেছি। নিউজিলেণ্ডৰ উল্লেখযোগ্য প্ৰাচীৰ দ্বীপসমূহৰ ভিতৰত টৌৰংগা বন্দৰৰ প্ৰৱেশদ্বাৰ সুৰক্ষিত কৰি ৰখা মাটাকানা দ্বীপ আৰু টাস্মান উপসাগৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত ৰেবিট দ্বীপ অন্যতম।
ভাৰত
ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলত কেৰালা ৰাজ্যত অৱস্থিত ভাইপীন দ্বীপ এখন উল্লেখযোগ্য প্ৰাচীৰ দ্বীপ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ। এই দ্বীপখন বিশ্বৰ আটাইতকয়ে ঘন বসতিপূৰ্ণ দ্বীপসমূহৰো অন্যতম।
ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়াৰ প্ৰাচীৰ দ্বীপসমূহ সুমাত্ৰাৰ পশ্চিম উপকূলৰ কাষে কাষে অৱস্থিত। উত্তৰৰপৰা দক্ষিণলৈ থকা এই দ্বীপসমূহৰ ভিতৰত চিমেউলু, বাণ্যাক দ্বীপপুঞ্জ (প্ৰধানকৈ তুয়াংকু আৰু বাংকাৰু), নিয়াছ, বাটু দ্বীপপুঞ্জ (বিশেষকৈ পিনি, তানাহমাছা আৰু তানাহবালা), মেণ্টাৱাই দ্বীপপুঞ্জ (প্ৰধানকৈ চিবেৰুত, চিপুৰা, উত্তৰ পাৰাগে আৰু দক্ষিণ পাৰাগে দ্বীপ) আৰু এংগানো দ্বীপ অন্যতম।
ইউৰোপ
পোলেণ্ডৰপৰা লিথুৱেনিয়ালৈকে বাল্টিক সাগৰ অঞ্চলত প্ৰাচীৰ দ্বীপ দেখা যায়। ইয়াৰ উপৰি নেদাৰলেণ্ডৰপৰা ডেনমাৰ্কলৈ বিস্তৃত হৈ থকা ৱাডেন দ্বীপপুঞ্জত এই দ্বীপসমূহ স্পষ্টকৈ দৃশ্যমান হয়। ইটালীৰ ভেনিচ উপহ্ৰদত অৱস্থিত লিডো দি ভেনিজিয়া আৰু পেলেষ্ট্ৰিনা দুখন গুৰুত্বপূৰ্ণ প্ৰাচীৰ দ্বীপ। এই দুয়োখন দ্বীপ কেইবা শতিকা ধৰি ভেনিচ চহৰখনক সুৰক্ষা প্ৰদান কৰি আহিছে। ইংলেণ্ডৰ দক্ষিণ উপকূলত থকা চেচিল বিচ এখন উল্লেখযোগ্য প্ৰাচীৰ তীৰ হিচাপে গঢ়ি উঠিছে।১২ আজভ সাগৰ আৰু কৃষ্ণ সাগৰৰ উত্তৰ অঞ্চলতো এনে প্ৰাচীৰ তীৰ পোৱা যায়।
প্ৰক্ৰিয়াসমূহ
প্ৰব্ৰজন আৰু উপচি পৰা
ধুমুহা বা সাগৰীয় অশান্তিৰ সময়ত পানীৰ স্তৰ দ্বীপটোৰ উচ্চতাতকৈ অধিক হ’ব পাৰে। এই পৰিস্থিতিয়ে ‘ওভাৰৱাছ’ (overwash) বা পানী উপচি পৰা প্ৰক্ৰিয়াৰ সৃষ্টি কৰে। ইয়াৰ ফলত দ্বীপৰ সন্মুখভাগৰ বালি ওপৰলৈ আৰু ভূ-খণ্ডৰ দিশে থকা পিছফাললৈ উটি আহে। এই প্লাৱনৰ সময়ত স্থানান্তৰিত হোৱা বালিবোৰ বালিয়াৰীৰ পিছফালে জমা হৈ বিচনীৰ দৰে আৰ্হি (washover fan) গঠন কৰিব পাৰে। এই ওভাৰৱাছ প্ৰক্ৰিয়াই ধাৰাবাহিকভাৱে প্ৰাচীৰ দ্বীপৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটায়। গতিকে ইয়াৰ পৰিস্থিতিতন্ত্ৰই এই সাময়িক প্ৰাকৃতিক পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলিবলগীয়া হয়।১৩ এই প্ৰক্ৰিয়াটোৰ বাবেই ক্ৰমান্বয়ে প্ৰাচীৰ দ্বীপৰ ক্ৰমবিকাশ আৰু প্ৰব্ৰজন (migration) ঘটে।১৪
প্ৰব্ৰজনৰ প্ৰকাৰসমূহ
প্ৰাচীৰ দ্বীপৰ প্ৰণালীসমূহ অতি গতিশীল হয়। সময়ৰ লগে লগে এই দ্বীপবোৰে তিনিটা মূল প্ৰক্ৰিয়াৰে নিজৰ স্থান সলনি কৰিব পাৰে। প্ৰথমটো হ’ল পাৰ্শ্বীয় প্ৰব্ৰজন। উপকূলৰ কাষেৰে বালি উটি যোৱাৰ বাবে এই প্ৰক্ৰিয়া হয়। ইয়াৰ ফলত দ্বীপটোৰ এটা মূৰ ক্ষয় হয় আৰু আনটো মূৰত বালি জমা হয়। ইয়াৰ ফলত উপকূলৰ কাষে কাষে পথালি দিশত গতি হয়। দ্বিতীয়টো হ’ল প্ৰবৰ্ধনমূলক বা বিপৰীতমুখী প্ৰব্ৰজন। এই প্ৰক্ৰিয়াত মহাসাগৰৰ দিশে থকা ভাগত বালি জমা হৈ যায়। ইয়াৰ ফলত সাগৰৰ দিশে থকা অংশৰ আকাৰ বাঢ়ি যায়। তৃতীয়টো হ’ল আগ্ৰাসনমূলক প্ৰব্ৰজন। এই প্ৰক্ৰিয়াত প্ৰাচীৰ দ্বীপটো মূল ভূ-খণ্ডৰ দিশলৈ বাঢ়ি আহে। সাগৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বা স্থলভাগ তললৈ বহি যোৱাৰ বাবে এনে হয়।১৫
সংকটজনক প্ৰস্থৰ ধাৰণা
প্ৰাচীৰ দ্বীপসমূহ সাধাৰণতে এটা নিৰ্দিষ্ট প্ৰস্থ বা বহল আকাৰত গঠিত হয়। ১৯৭০-ৰ দশকৰপৰা প্ৰাচীৰ দ্বীপ, ওভাৰৱাছ আৰু প্লাৱনৰ গেদীয় স্তৰৰ প্ৰসংগত ‘সংকটজনক প্ৰস্থৰ ধাৰণা’ (critical width concept) লৈ আলোচনা চলি আহিছে। এই ধাৰণাটোৰ মূল কথা হ’ল— প্ৰাচীৰ দ্বীপৰ প্ৰস্থ এটা নিৰ্দিষ্ট সংকটজনক মানতকৈ কম হ’লেহে ওভাৰৱাছ প্ৰক্ৰিয়াই ইয়াৰ স্থানান্তৰণ কাৰ্য কৰিব পাৰে। দ্বীপটোৰ প্ৰস্থ এই নিৰ্দিষ্ট মানতকৈ কম হৈ নাযায়। কাৰণ ওভাৰৱাছ প্ৰক্ৰিয়াই সমগ্ৰ প্ৰাচীৰ দ্বীপটোৰ ওপৰেৰে গেদ কঢ়িয়াই নিয়া কাৰ্য সুন্দৰভাৱে কৰে। ইয়াৰ ফলত ই সাগৰীয় উপকূল পিছলৈ আঁতৰি যোৱাৰ গতিৰ সৈতে ভৰসাম্য বজাই ৰাখে। অধিক প্ৰস্থ বা বহল অংশবোৰত হোৱা প্লাৱনৰ বালি উপহ্ৰদৰ পাৰলৈকে গৈ নাপায়। ইয়াৰ ফলত সাগৰীয় উপকূল খহি গৈ দ্বীপটো আকৌ সেই সংকটজনক প্ৰস্থৰ মানলৈ সংকুচিত হয়। এই সংকটজনক প্ৰস্থতকৈ দ্বীপটোক পুনৰ বহল কৰাৰ একমাত্ৰ প্ৰক্ৰিয়াটো হ’ল— দ্বীপটো ভাঙি যোৱা, পানীৰ তলত বালুচৰ গঠন হোৱা আৰু পৰৱৰ্তী সময়ত সেই সুৰংগ পথটো স্থায়ীভাৱে বন্ধ হৈ পৰা।১৬
সংকটজনক প্ৰস্থক এনে এক আটাইতকয়ে চুটি পাৰ্শ্বীয় মাত্ৰা বুলি ক’ব পাৰি, যিয়ে দ্বীপটোৰপৰা হোৱা বালিৰ মুঠ লোকচানক কম কৰি ৰাখে। এই সংকটজনক প্ৰস্থৰ মাত্ৰা ব্যৱস্থাটোত থকা বালিৰ উৎস আৰু সংৰক্ষণৰ সৈতে জড়িত। উদাহৰণস্বৰূপে বালিয়াৰীত জমা থকা বালিৰ পৰিমাণ, উপকূলৰ পথালি আৰু দীঘল সোঁতৰ বালি পৰিবহণ তথা দ্বীপটোৰ উচ্চতাই ইয়াক নিৰ্ধাৰণ কৰে।১৭ বৃহৎ পৰিসৰত প্ৰাচীৰ দ্বীপসমূহৰ পুনৰুদ্ধাৰৰ বাবে এই সংকটজনক প্ৰস্থৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ওপৰত ভিত্তি কৰি দ্বীপসমূহক এক সঠিক উচ্চতা, প্ৰস্থ আৰু দৈৰ্ঘ্য দি পুনৰ নিৰ্মাণ কৰা হয়। ই নদীৰ মুখ, উপহ্ৰদ, জলাহ ভূমি আৰু মূল ভূ-খণ্ডৰ তীৰসমূহক সাগৰীয় ঢৌৰপৰা সুৰক্ষা প্ৰদান কৰে।১৮
অৱস্থিতি

এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰতিখন মহাদেশতে প্ৰাচীৰ দ্বীপ দেখিবলৈ পোৱা যায়। এই দ্বীপসমূহ মূলতঃ ভৌগোলিকভাৱে সুস্থিৰ অঞ্চল বা ভূত্বকৰ ফলকসমূহৰ ‘ট্ৰেইলিং এজ’ উপকূলত গঠিত হয়। এই অঞ্চলসমূহ ভূত্বকৰ ফলকসমূহৰ অপসাৰী সীমাৰদ্বাৰা গঠিত হোৱা মহাসাগৰীয় শৈলশিৰাৰপৰা দূৰলৈ গতি কৰে। ইয়াৰ উপৰি ভূমধ্যসাগৰ আৰু মেক্সিকো উপসাগৰৰ দৰে সৰু সাগৰীয় অৱবাহিকাৰ চাৰিওফালে এনে দ্বীপ দেখা যায়।১০ তুলনামূলকভাৱে কম জোৱাৰ-ভাটা আৰু প্ৰচুৰ পৰিমাণে বালিৰ যোগান থকা অঞ্চলসমূহ প্ৰাচীৰ দ্বীপ গঠনৰ বাবে আটাইতকয়ে উপযোগী।
অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়াৰ পূব উপকূলত আৰু ব্ৰিছবেনৰ ঠিক পূবে অৱস্থিত মৰেটন উপসাগৰ]ক প্ৰশান্ত মহাসাগৰৰ তীব্ৰ সোঁতৰপৰা কেইবাটাও ডাঙৰ প্ৰাচীৰ দ্বীপৰ এক শৃংখলাই সুৰক্ষিত কৰি ৰাখিছে। উত্তৰৰপৰা দক্ষিণলৈ থকা এই দ্বীপসমূহ হ’ল— ব্ৰিবি দ্বীপ, মৰেটন দ্বীপ, নৰ্থ ষ্ট্ৰেডব্ৰোক দ্বীপ আৰু চাউথ ষ্ট্ৰেডব্ৰোক দ্বীপ। ১৮৯৬ চনত হোৱা এক তীব্ৰ ধুমুহাৰ বাবে শেষৰ দুটা দ্বীপৰ মাজত এটা নতুন প্ৰণালীৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে এই দুয়োটা এটা একক দ্বীপ আছিল। নৰ্থ ষ্ট্ৰেডব্ৰোক দ্বীপটো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বালিৰ দ্বীপ আৰু মৰেটন দ্বীপটো বিশ্বৰ তৃতীয় সৰ্ববৃহৎ বালিৰ দ্বীপ।
মৰেটন উপসাগৰৰপৰা একেটা উপকূলৰে প্ৰায় ২০০ কিলোমিটাৰ উত্তৰে অৱস্থিত ‘কে’গাৰী’ (পূৰ্বতে ফ্ৰেজাৰ দ্বীপ বুলি জনা গৈছিল) নামৰ আন এখন প্ৰাচীৰ দ্বীপ হ’ল বিশ্বৰ আটাইতকৈ ডাঙৰ বালিৰ দ্বীপ।

আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব উপকূল আৰু মেক্সিকো উপসাগৰীয় উপকূলত আটাইতকয়ে বেছি পৰিমাণে প্ৰাচীৰ দ্বীপ পোৱা যায়। পূব উপকূলৰ মেইনৰপৰা ফ্ল’ৰিডালৈ আৰু উপসাগৰীয় উপকূলৰ ফ্ল’ৰিডাৰপৰা টেক্সাছলৈকে থকা প্ৰতিখন ৰাজ্যতে প্ৰাচীৰ দ্বীপৰ অংশ দেখিবলৈ পোৱা যায়। ইয়াৰে বহু ঠাইত অতি বৃহৎসংখ্যক প্ৰাচীৰ দ্বীপ আছে। উদাহৰণস্বৰূপে ১৯৯৭ চনৰ এক হিচাপ অনুসৰি ফ্ল’ৰিডা উপদ্বীপৰ পশ্চিম উপকূলৰ মাত্ৰ ৩০০ কিলোমিটাৰ অঞ্চলৰ ভিতৰতে ২৯টা প্ৰাচীৰ দ্বীপ আছিল। লগতে ইয়াৰ পূব উপকূলত আন ২০টা আৰু ফ্ল’ৰিডা পেনহেণ্ডেল উপকূলৰ কাষে কাষে কেইবাটাও প্ৰাচীৰ দ্বীপ আছিল।১৯ টেক্সাছত অৱস্থিত পাদ্ৰে দ্বীপ (Padre Island) বিশ্বৰ আটাইতকয়ে দীঘল প্ৰাচীৰ দ্বীপ। উপসাগৰীয় উপকূলৰ অন্যান্য সুপৰিচিত দ্বীপসমূহৰ ভিতৰত টেক্সাছৰ গালভষ্টন দ্বীপ আৰু ফ্ল’ৰিডাৰ ছেনিবেল তথা কেপটিভা দ্বীপ অন্যতম। পূব উপকূলত অৱস্থিত প্ৰধান দ্বীপসমূহ হ’ল— ফ্ল’ৰিডাৰ মায়ামী বিচ আৰু পাম বিচ; উত্তৰ কেৰোলিনাৰ হাট্টেৰাছ দ্বীপ; ভাৰ্জিনিয়া আৰু মেৰিলেণ্ডৰ এছাটীগ দ্বীপ; নিউ জাৰ্ছীৰ এবচেকন দ্বীপ (য’ত আটলাণ্টিক চিটি অৱস্থিত); আৰু নিউয়ৰ্ক মহানগৰৰ লং আইলেণ্ড উপকূলৰ জোন্স বিচ দ্বীপ তথা ফায়াৰ আইলেণ্ড অন্যতম। শিলাময় তীৰ আৰু চুটি মহীসোপানৰ বাবে আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত কোনো প্ৰাচীৰ দ্বীপ পোৱা নাযায়। অৱশ্যে তাত প্ৰাচীৰ উপদ্বীপ দেখিবলৈ পোৱা যায়। আলাস্কাৰ সুমেৰু উপকূলতো কেইবাখনো প্ৰাচীৰ দ্বীপ আছে।
কানাডা
কানাডাৰ মেৰিটেইম উপকূল আৰু অন্যান্য উপকূলীয় অঞ্চলসমূহতো প্ৰাচীৰ দ্বীপ দেখা যায়। ইয়াৰ এক সুন্দৰ নিদৰ্শন নিউ ব্ৰান্সৱিকৰ মিৰামিচী উপসাগৰত পোৱা যায়। ইয়াত অৱস্থিত পোৰ্টেজ দ্বীপ, ফক্স দ্বীপ আৰু হে’ দ্বীপে মূল ভিতৰৰ উপসাগৰক চেইণ্ট লৰেন্স উপসাগৰীয় ধুমুহাৰপৰা সুৰক্ষিত কৰি ৰাখে।
মেক্সিকো
মেক্সিকোৰ উপসাগৰীয় উপকূল অঞ্চলতো কেইবাখনো প্ৰাচীৰ দ্বীপ আৰু প্ৰাচীৰ উপদ্বীপ আছে।
নিউজিলেণ্ড
নিউজিলেণ্ডৰ দুয়োখন মূল দ্বীপৰ উত্তৰ অঞ্চলত প্ৰাচীৰ দ্বীপৰ সংখ্যা আটাইতকয়ে বেছি। নিউজিলেণ্ডৰ উল্লেখযোগ্য প্ৰাচীৰ দ্বীপসমূহৰ ভিতৰত টৌৰংগা বন্দৰৰ প্ৰৱেশদ্বাৰ সুৰক্ষিত কৰি ৰখা মাটাকানা দ্বীপ আৰু টাস্মান উপসাগৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত ৰেবিট দ্বীপ অন্যতম।
ভাৰত
ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলত কেৰালা ৰাজ্যত অৱস্থিত ভাইপীন দ্বীপ এখন উল্লেখযোগ্য প্ৰাচীৰ দ্বীপ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ। এই দ্বীপখন বিশ্বৰ আটাইতকয়ে ঘন বসতিপূৰ্ণ দ্বীপসমূহৰো অন্যতম।
ইণ্ডোনেছিয়া
ইণ্ডোনেছিয়াৰ প্ৰাচীৰ দ্বীপসমূহ সুমাত্ৰাৰ পশ্চিম উপকূলৰ কাষে কাষে অৱস্থিত। উত্তৰৰপৰা দক্ষিণলৈ থকা এই দ্বীপসমূহৰ ভিতৰত চিমেউলু, বাণ্যাক দ্বীপপুঞ্জ (প্ৰধানকৈ তুয়াংকু আৰু বাংকাৰু), নিয়াছ, বাটু দ্বীপপুঞ্জ (বিশেষকৈ পিনি, তানাহমাছা আৰু তানাহবালা), মেণ্টাৱাই দ্বীপপুঞ্জ (প্ৰধানকৈ চিবেৰুত, চিপুৰা, উত্তৰ পাৰাগে আৰু দক্ষিণ পাৰাগে দ্বীপ) আৰু এংগানো দ্বীপ অন্যতম।
ইউৰোপ
পোলেণ্ডৰপৰা লিথুৱেনিয়ালৈকে বাল্টিক সাগৰ অঞ্চলত প্ৰাচীৰ দ্বীপ দেখা যায়। ইয়াৰ উপৰি নেদাৰলেণ্ডৰপৰা ডেনমাৰ্কলৈ বিস্তৃত হৈ থকা ৱাডেন দ্বীপপুঞ্জত এই দ্বীপসমূহ স্পষ্টকৈ দৃশ্যমান হয়। ইটালীৰ ভেনিচ উপহ্ৰদত অৱস্থিত লিডো দি ভেনিজিয়া আৰু পেলেষ্ট্ৰিনা দুখন গুৰুত্বপূৰ্ণ প্ৰাচীৰ দ্বীপ। দুয়োখন দ্বীপে কেইবা শতিকা ধৰি ভেনিচ চহৰখনক সুৰক্ষা প্ৰদান কৰি আহিছে। ইংলেণ্ডৰ দক্ষিণ উপকূলত থকা চেচিল বিচ এখন উল্লেখযোগ্য প্ৰাচীৰ তীৰ হিচাপে গঢ়ি উঠিছে।২০ আজভ সাগৰ আৰু কৃষ্ণ সাগৰৰ উত্তৰ অঞ্চলতো এনে প্ৰাচীৰ তীৰ পোৱা যায়।
গঠন সম্পৰ্কীয় তত্ত্বসমূহ


প্ৰাচীৰ দ্বীপসমূহ কেনেকৈ গঠিত হয় তাক ব্যাখ্যা কৰিবলৈ বিজ্ঞানীসকলে ১৫০ বছৰতকৈও অধিক সময় ধৰি কেইবাটাও তত্ত্ব আগবঢ়াইছে। ইয়াৰ ভিতৰত তিনিটা মূল তত্ত্ব হ’ল— অফশ্ব’ৰ বাৰ বা সাগৰীয় বালিচৰ (offshore bar), স্পিট এক্ৰেশ্যন বা তীৰীয় বৃদ্ধি (spit accretion) আৰু চাবমাৰ্জেন্স বা জলমগ্নতা (submergence)।৬ সমগ্ৰ বিশ্বৰ উপকূলীয় অঞ্চলত সিঁচৰত হৈ থকা সকলো প্ৰাচীৰ দ্বীপৰে গঠন কেৱল এটা নিৰ্দিষ্ট তত্ত্বৰে ব্যাখ্যা কৰিব নোৱাৰি। বিজ্ঞানীসকলে এই ধাৰণাটো গ্ৰহণ কৰে যে বিভিন্নপ্ৰকাৰৰ প্ৰাচীৰ দ্বীপসমূহ কেইবাটাও পৃথক প্ৰক্ৰিয়াৰে গঠিত হ’ব পাৰে।২১
এই দ্বীপসমূহ গঠনৰ বাবে কিছুমান সাধাৰণ চৰ্তৰ প্ৰয়োজনীয়তা দেখা যায়। প্ৰাচীৰ দ্বীপৰ প্ৰণালীসমূহ সাধাৰণতে কম বা মধ্যমীয়া জোৱাৰ-ভাটা থকা আৰু ঢৌৰ প্ৰভাৱ বেছি থকা উপকূলীয় অঞ্চলত সহজে গঢ়ি উঠে। জোৱাৰ-ভাটাৰ পৰিসৰৰ ওপৰত ভিত্তি কৰি উপকূলসমূহক তিনিটা ভাগত ভগাব পাৰি— মাইক্ৰ’টাইডেল (০-২ মিটাৰ জোৱাৰ-ভাটা পৰিসৰ), মেজ’টাইডেল (২-৪ মিটাৰ জোৱাৰ-ভাটা পৰিসৰ) আৰু মেক্ৰ’টাইডেল (৪ মিটাৰতকৈ অধিক জোৱাৰ-ভাটা পৰিসৰ)। প্ৰাচীৰ দ্বীপসমূহ মূলতঃ মাইক্ৰ’টাইডেল উপকূল অঞ্চলত গঠিত হয়। এই অঞ্চলসমূহত এই দ্বীপবোৰ সুন্দৰভাৱে আৰু ধাৰাবাহিকভাৱে গঢ়ি উঠে। মেজ’টাইডেল উপকূলত এইসমূহ কমকৈ দেখা যায়। তাত এই দ্বীপবোৰ সাধাৰণতে চুটি হয় আৰু জোৱাৰ-ভাটাৰ খাঁজ বা সুৰংগ পথবোৰ প্ৰায়ে দেখা যায়। মেক্ৰ’টাইডেল উপকূল অঞ্চলত প্ৰাচীৰ দ্বীপ একেবাৰে বিৰল।২২ কম জোৱাৰ-ভাটা পৰিসৰ আৰু ঢৌৰ প্ৰভাৱ বেছি থকা উপকূলৰ লগতে সাগৰৰ তলিৰ ঢাল বা গ্ৰেডিয়েণ্ট (gradient shelf) কম হ’ব লাগে। অন্যথা বালিচৰত বালি জমা নহৈ সমগ্ৰ উপকূল ভাগতে সিঁচৰতি হৈ পৰিব। প্ৰাচীৰ দ্বীপ গঠনৰ বাবে প্ৰচুৰ পৰিমাণে বালি বা গেদৰ যোগানো এক অপৰিহাৰ্য চৰ্ত।৯ ইয়াৰ ভিতৰত নদীৰ গেদ বা পলস আৰু হিমবাহৰ গেদ আদি অন্তৰ্ভুক্ত। ইয়াৰ শেষৰ প্ৰধান চৰ্তটো হ’ল সুস্থিৰ সাগৰীয় জলস্তৰ। প্ৰাচীৰ দ্বীপ গঠন আৰু ইয়াৰ বৃদ্ধিৰ সময়ত সাগৰৰ জলস্তৰ বিশেষ পৰিৱৰ্তন নোহোৱাকৈ থকাটো অতি গুৰুত্বপূৰ্ণ। যদি সাগৰৰ জলস্তৰ অতি তীব্ৰভাৱে সলনি হয়, তেন্তে ঢৌৰ ক্ৰিয়াৰ ফলত বালি জমা হৈ বালিয়াৰী গঠন হ’বলৈ পৰ্যাপ্ত সময় পোৱা নাযাব। ফলস্বৰূপে মাটি ওপৰলৈ উঠি আহি প্ৰাচীৰ দ্বীপ গঠন হোৱা প্ৰক্ৰিয়াটো বাধাৰ সন্মুখীন হ’ব। প্ৰাচীৰ দ্বীপ গঠনৰ বাবে সাগৰৰ জলস্তৰ সুস্থিৰ হোৱাটো প্ৰয়োজন। ইয়াৰ ফলত ঢৌৱে বালি এঠাইতে কেন্দ্ৰীভূত কৰিব পাৰে আৰু ক্ৰমান্বয়ে ওপৰলৈ উঠি দ্বীপটো গঠন কৰিব পাৰে।২৩
অফশ্ব’ৰ বাৰ তত্ত্ব
১৮৪৫ চনত ফৰাচী বিজ্ঞানী ইলী দে বিউমণ্টে প্ৰাচীৰ দ্বীপ গঠনৰ এক বিৱৰণ প্ৰকাশ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে কম গভীৰ পানীলৈ গতি কৰা ঢৌবোৰে বালি জোকাৰি দিয়ে। এই বালিবোৰ পানীৰ তলত বালিচৰ বা বাৰ হিচাপে জমা হয়। যেতিয়া ঢৌবোৰ ভাঙি পৰে, তেতিয়া সিহঁতৰ বেছিভাগ শক্তি হেৰাই যায়। এই বালিচৰসমূহ ক্ৰমান্বয়ে উলম্বভাৱে বৃদ্ধি পাই সাগৰৰ জলস্তৰৰ ওপৰলৈ উঠি আহে আৰু প্ৰাচীৰ দ্বীপ গঠন কৰে।১০
ফ্ল’ৰিডা উপদ্বীপৰ মেক্সিকো উপকূলৰ কাষে কাষে এই প্ৰক্ৰিয়াৰে কেইবাখনো প্ৰাচীৰ দ্বীপ গঠিত হোৱা দেখা গৈছে। ইয়াৰ ভিতৰত এনক্লোট কি, থ্ৰী ৰুকাৰ আইলেণ্ড, শ্বেল কি আৰু চাউথ বান্সেছ কি অন্যতম।২৪
স্পিট এক্ৰেশ্যন তত্ত্ব
আমেৰিকাৰ ভূ-তত্ত্ববিদ গ্ৰোভ কাৰ্ল গিলবাৰ্টে ১৮৮৫ চনত প্ৰথমবাৰৰ বাবে যুক্তি দৰ্শাইছিল যে প্ৰাচীৰ দ্বীপৰ গেদসমূহ উপকূলৰ দীঘল সোঁতৰ উৎসৰপৰা আহে। তেওঁ প্ৰস্তাৱ কৰিছিল যে ঢৌৰ জোকাৰণিৰ বাবে উপকূলীয় সোঁতৰ (longshore drift) জৰিয়তে বালি উটি যায়। এই বালিবোৰে উপকূলৰ অগ্ৰভূমিৰপৰা উপকূলৰ সমান্তৰালভাৱে বিস্তৃত হৈ স্পিট বা বালিৰ জিভা (spits) গঠন কৰে। পৰৱৰ্তী সময়ত ধুমুহাৰ তীব্ৰ ঢৌৰ ফলত এই স্পিটবোৰ ভাঙি কেইবাটাও ভাগত বিভক্ত হয় আৰু ই প্ৰাচীৰ দ্বীপলৈ ৰূপান্তৰিত হয়।২৫
চাবমাৰ্জেন্স তত্ত্ব

১৮৯০ চনত উইলিয়াম জন মেকগীয়ে যুক্তি দিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব আৰু মেক্সিকো উপসাগৰীয় উপকূল ভাগ লাহে লাহে জলমগ্ন হৈ পৰিছে। এই উপকূলসমূহৰ কাষে কাষে থকা কেইবাখনো পানীৰে ভৰি পৰা নদী উপত্যকাই ইয়াৰ প্ৰমাণ দিয়ে। ইয়াৰ ভিতৰত ৰাৰিটান, ডেলাৱেৰ আৰু চেচাপেক উপসাগৰ অন্যতম। তেওঁ বিশ্বাস কৰিছিল যে জলমগ্ন হোৱাৰ সময়ত উপকূলীয় বালিয়াড়ীবোৰ মূল ভূ-খণ্ডৰপৰা পৃথক হৈ পৰিছিল আৰু ইয়াৰ পিছফালে উপহ্ৰদসমূহ গঠিত হৈছিল।২৬ তেওঁ মিছিছিপী-আলাবামা প্ৰাচীৰ দ্বীপসমূহক (কেট, শ্বিপ, হৰ্ণ, পেটিট বয়েছ আৰু ডফিন দ্বীপ) ইয়াৰ এক নিদৰ্শন হিচাপে ব্যৱহাৰ কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত উপকূলীয় শিলাস্তৰ আৰু গেদৰ বয়স অধিক নিখুঁতভাৱে নিৰ্ধাৰণ কৰাৰ পাছত তেওঁৰ এই ব্যাখ্যা অশুদ্ধ বুলি প্ৰমাণিত হয়।২৭
লুইচিয়ানাৰ উপকূল অঞ্চলত মিছিছিপী নদীৰ ডেল্টা বা বদ্বীপৰ পুৰণি অংশসমূহ ঢৌৰ ক্ৰিয়াৰ বাবে পুনৰ গঠিত হৈ উপকূলীয় বালিয়াড়ী শ্ৰেণী গঠন কৰিছে। প্ৰাচীৰ দ্বীপসমূহৰ পিছফালে থকা জলাহ ভূমিসমূহ দীৰ্ঘদিন ধৰি তললৈ বহি যোৱাৰ বাবে এই পুৰণি আৰ্দ্ৰভূমিসমূহ মুকলি জলভাগলৈ ৰূপান্তৰিত হৈছে। ১৮৫৩ চনৰপৰা ১৯৭৮ চনলৈকে ১২৫ বছৰৰ ভিতৰত এই প্ৰাচীৰ দ্বীপৰ পিছফালে থকা দুটা সৰু উপহ্ৰদ বিকশিত হৈ পেল্টো হ্ৰদৰ দৰে এক বিশাল জলভাগৰ সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে আইলেছ ডাৰ্নিয়াৰেছ দ্বীপখন মূল ভূ-খণ্ডৰপৰা সম্পূৰ্ণৰূপে পৃথক হৈ পৰে।২১
বোল্ডাৰ বেংক
নিউজিলেণ্ডৰ এক ব্যতিক্ৰমী প্ৰাকৃতিক গঠনে প্ৰাচীৰ দ্বীপসমূহৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ ইংগিত দিয়ে। দক্ষিণ দ্বীপৰ উত্তৰ প্ৰান্তত থকা নেলচন হেভেনৰ প্ৰৱেশদ্বাৰত অৱস্থিত ‘বোল্ডাৰ বেংক’ (Boulder Bank) শিলৰ এক অনন্য তৰপ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৩ কিলোমিটাৰ আৰু প্ৰস্থ মাত্ৰ কেইমিটাৰমান। ইয়াক সম্পূৰ্ণ অৰ্থত প্ৰাচীৰ দ্বীপ বুলি ক’ব নোৱাৰি, কাৰণ ইয়াৰ এটা মূৰ মূল ভূ-খণ্ডৰ সৈতে সংযোজিত হৈ আছে। বোল্ডাৰ বেংকটো মেকায় ব্লুফৰ গ্ৰেন’ডায়ৰাইট (granodiorite) শিলেৰে গঠিত। এই স্থানটো য’ত বোল্ডাৰ বেংকটো মূল ভূ-খণ্ডৰ সৈতে মিলিছে তাৰ নিচেই ওচৰতে অৱস্থিত। এই ব্যতিক্ৰমী গাঁথনিটো কোনটো প্ৰক্ৰিয়াৰ ফলত গঠিত হৈছে তাক লৈ এতিয়াও বিতৰ্ক চলি আছে। অৱশ্যে উপকূলীয় সোঁতৰ ধাৰণাটোক ইয়াৰ বাবে আটাইতকৈ গ্ৰহণযোগ্য বুলি গণ্য কৰা হয়। ১৮৯২ চনৰপৰা শিলৰ চলাচলৰ গতি নিৰ্ধাৰণ কৰিবলৈ গৱেষণা চলাই থকা হৈছে। ইয়াৰ ওপৰৰ তৰপৰ শিলবোৰৰ চলাচলৰ গতি বছৰি প্ৰায় ৭.৫ মিটাৰ বুলি অনুমান কৰা হৈছে।২৮
প্ৰকাৰসমূহ
প্ৰকাৰ আৰু সময়ৰ সৈতে হোৱা পৰিৱৰ্তনক প্ৰভাবিত কৰা উপকূলীয় প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি প্ৰাচীৰ দ্বীপসমূহক শ্ৰেণীভুক্ত কৰিব পাৰি।
ঢৌ-প্ৰধান
ঢৌ-প্ৰধান প্ৰাচীৰ দ্বীপসমূহ দীঘল, চাপৰ আৰু ঠেক হয়। এইবোৰৰ দুই মূৰ সাধাৰণতে অস্থিৰ উপসাগৰীয় প্ৰণালী বা খাঁজেৰে আবৃত হৈ থাকে। ঢৌৰ বাবে সৃষ্টি হোৱা উপকূলীয় সোঁতে বালি বা পলস কঢ়িয়াই নি দ্বীপটোক দীঘল কৰি তোলে। এই প্ৰক্ৰিয়াটো সাধাৰণতে এটা দিশতে হয়। কিন্তু কিছুমান পৰিস্থিতিত দ্বীপটোৰ দুয়োটা মূৰৰে বিস্তাৰ ঘটিব পাৰে (যেনে ফ্লৰিডাৰ উপকূলৰ এংক্ল’ট কী, থ্ৰী ৰুকাৰ আইলেণ্ড আৰু ছেণ্ড কী)। ধুমুহাৰ ঢৌৱে দ্বীপটো অতিক্ৰম কৰা অংশবোৰত সাধাৰণতে নতুন পলসৰ সৃষ্টি হয়, বিশেষকৈ নৱগঠিত প্ৰাচীৰ দ্বীপবোৰত এইটো বেছিকৈ দেখা যায়। ঢৌ-প্ৰধান দ্বীপবোৰ ধুমুহাৰ বাবে ভাঙি যোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত নতুন প্ৰণালীৰ সৃষ্টি হয়। উপকূলীয় সোঁতে কঢ়িয়াই অনা পলসৰ বাবে এনে প্ৰণালীবোৰ বন্ধ হৈ যাব পাৰে, কিন্তু যদি জোৱাৰ-ভাটাৰ সোঁত তীব্ৰ হয় তেন্তে এইবোৰ স্থায়ী হৈ পৰে। বালিৰ পাহাৰ বা স্তূপ থকা পুৰণি প্ৰাচীৰ দ্বীপবোৰত ধুমুহাৰ প্ৰভাৱ কমকৈ পৰে। ঢৌ-প্ৰধান দ্বীপবোৰ বৃদ্ধি পাবলৈ প্ৰচুৰ পৰিমাণে পলসৰ প্ৰয়োজন হয়। যদি দ্বীপটোৱে পৰ্যাপ্ত পৰিমাণে পলস নাপায়, তেন্তে ধুমুহাৰ বাবে ই লাহে লাহে মূল ভূ-খণ্ডৰ দিশলৈ গতি কৰে।২৯
মিশ্ৰ-শক্তি
ঢৌ-প্ৰধান প্ৰাচীৰ দ্বীপসমূহ পিছলৈ মিশ্ৰ-শক্তি (Mixed-energy) প্ৰাচীৰ দ্বীপলৈ ৰূপান্তৰিত হ’ব পাৰে। মিশ্ৰ-শক্তিৰ দ্বীপসমূহ ঢৌৰ শক্তি আৰু জোৱাৰ-ভাটাৰ প্ৰৱাহ—দুয়োটাৰেদ্বাৰা গঠিত হয়। জোৱাৰ-ভাটাৰ সোঁতে বালি কঢ়িয়াই নিয়ে। ইয়াৰ ফলত প্ৰণালীটোৰ দুয়োফালে বালি জমা হৈ চৰৰ সৃষ্টি কৰে। ডাঙৰ জোৱাৰ-ভাটাৰ বাবে ডাঙৰ চৰৰ সৃষ্টি হয়, যিবোৰ ভাটাৰ সময়ত পানীৰ ওপৰলৈ ওলাই পৰে। এই চৰবোৰে উপকূললৈ অহা ঢৌৰ দিশ সলনি কৰি দিয়ে। ইয়াৰ ফলত দ্বীপটোৰ এটা মূৰ বহল হৈ পৰে (যাক ড্ৰামষ্টিক বা ঢোলৰ কাঠি আকৃতিৰ প্ৰাচীৰ দ্বীপ বোলা হয়)। এই প্ৰক্ৰিয়াটোৱে উপকূলীয় সোঁতে কঢ়িয়াই অনা বালি ধৰি ৰাখে, যাৰ ফলত দ্বীপটোৰ আনটো মূৰে পৰ্যাপ্ত বালি নাপাই সংকুচিত হৈ পৰে।৩০
আমেৰিকাৰ জৰ্জিয়া ৰাজ্যৰ বহুতো উপকূলীয় দ্বীপ দীঘলতকৈ পথালিয়ে বেছি বহল। ফ্লৰিডাৰ চিয়েষ্টা কী দ্বীপটোৰ আকৃতিও এনেধৰণৰ ঢোলৰ কাঠিৰ দৰে, যাৰ উত্তৰ অংশটো বেছি বহল।
ফেচ-লিমিটেড প্ৰাচীৰ দ্বীপ
ফেচ-লিমিটেড (Fetch-Limited) প্ৰাচীৰ দ্বীপসমূহ ইয়াৰ ওপৰত পৰা ঢৌৰ পাৰ্থক্যৰদ্বাৰা চিনাক্ত কৰা হয়। এই দ্বীপবোৰ তুলনামূলকভাৱে সৰু আৰু কম শক্তিশালী স্থানীয় ঢৌৰদ্বাৰা গঢ়ি উঠে। এইবোৰ সাগৰীয় দ্বীপৰ দৰেই গঠিত হয়, কিন্তু ইয়াৰ অন্তৰ্নিহিত শক্তি বহুত কম থাকে। এনে দ্বীপ সমগ্ৰ বিশ্বতে পোৱা যায়, যাৰ ভিতৰত ৬৩% তকৈও অধিক উত্তৰ গোলাৰ্ধত অৱস্থিত। উত্তৰ আমেৰিকাত ইয়াৰ পৰিমাণ আটাইতকৈ বেছি (প্ৰায় ৩০%)।৩১
স্বাভাৱিক বতৰত এই দ্বীপবোৰত এক মিটাৰতকৈ কম উচ্চতাৰ স্থানীয় ঢৌৰ সৃষ্টি হয়। যিহেতু স্বাভাৱিক অৱস্থাত ঢৌৰ শক্তি কম থাকে, সেয়েহে বেছিভাগ ভৌগোলিক পৰিৱৰ্তন ধুমুহাৰ সময়তহে ঘটে। ইয়াৰ ফলত ফেচ-লিমিটেড প্ৰাচীৰ দ্বীপসমূহ সাগৰৰ মুখা-মুখি হোৱা দ্বীপবোৰতকৈ সাধাৰণতে চুটি আৰু ঠেক হয়। ৩১
পৰিস্থিতিতন্ত্ৰৰ গুৰুত্ব
প্ৰাচীৰ দ্বীপসমূহে মূল ভূ-খণ্ডৰ পানীৰ উৎসসমূহক সাগৰৰ ডাঙৰ ঢৌ আৰু ধুমুহাৰ প্ৰভাৱৰপৰা ৰক্ষা কৰাৰ লগতে উপকূলীয় অঞ্চল সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলত তুলনামূলকভাৱে কম শক্তিৰ, এক বিশেষপ্ৰকাৰৰ লুণীয়া পানীৰ পৰিৱেশ সৃষ্টি হয়। ইয়াৰ পাৰ্শ্বৱৰ্তী পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন জলাশয় যেনে— হ্ৰদ, নদীৰ মোহনা বা পিটনি আদিৰ সৃষ্টি হ’ব পাৰে। এইবোৰ সাধাৰণতে বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ বাবে এক চহকী বাসস্থান। প্ৰাচীৰ দ্বীপবোৰ নাথাকিলে এই জলাশয়বোৰৰ কোনো অস্তিত্ব নাথাকিলহেঁতেন; সাগৰৰ দৈনিক ঢৌ, জোৱাৰ-ভাটা আৰু সামুদ্ৰিক ধুমুহাই এইবোৰ ধ্বংস কৰি পেলালেহেঁতেন। ইয়াৰ এক অন্যতম প্ৰধান উদাহৰণ হৈছে লুইজিয়ানাৰ প্ৰাচীৰ দ্বীপসমূহ।৩২
উৎসসমূহ
- Davis, Richard A. Jr.; FitzGerald, Duncan M. (2004). Beaches and Coasts. Blackwell Publishing. ISBN 978-0-632-04308-8
- Davis, Richard A. Jr. (2016). Barrier Islands of the Florida Gulf Coast Peninsula. Pineapple Press. ISBN 978-1-56164-8085
- Morton, Robert A. (2007). Historical Changes in the Mississippi-Alabama Barrier Islands and the Roles of Extreme Storms, Sea level, and human activities. USGS Report. U. S. Geological Survey. পৃ. 43
তথ্যসূত্ৰ
- ↑ US Department of Commerce, National Oceanic and Atmospheric Administration. What is a barrier island?. oceanservice.noaa.gov
- ↑ Oertel, George F. (February 1985). The barrier island system. Marine Geology. পৃ. 1–18
- ↑ Garrison, J.R., Jr., Williams, J., Potter Miller, S., Weber, E.T., II, McMechan, G., and Zeng, X., 2010, "Ground-penetrating radar study of North Padre Island; Implications for barrier island interval architecture, model for growth of progradational microtidal barrier islands, and Gulf of Mexico sea-level cyclicity:" Journal of Sedimentary Research,' v. 80, p. 303–319.
- ↑ Blevins, D. (2017). North Carolina's Barrier Islands: Wonders of Sand, Sea, and Sky. University of North Carolina Press. পৃ. 3. ISBN 978-1-4696-3250-6
- ↑ Stripling, S.; Bradbury, A. P.; Cope, S. N.; Brampton, A. H. (2008). Understanding barrier beaches: R&D Technical Report FD 1924/TR (PDF) (Report). United Kingdom Department for Environment, Food and Rural Affairs
- ↑ Davis & FitzGerald (2004), p. 144
- ↑ Durán Vinent, Orencio; Moore, Laura J. (2015). Barrier island bistability induced by biophysical interactions. Nature Climate Change. পৃ. 158–162
- ↑ Stutz, Matthew L.; Pilkey, Orrin H. (2001). "A Review of Global Barrier Island Distribution". Journal of Coastal Research: 15–22. ISSN 0749-0208.
- ↑ Smith, Q.H.T., Heap, A.D., and Nichol, S.L., 2010, "Origin and formation of an estuarine barrier island, Tapora Island, New Zealand:" Journal of Coastal Research, v. 26, p. 292–300
- ↑ Davis (2016), p. 8
- ↑ Davis, Richard R. Jr. (1997). The Geology of Florida. University Press of Florida. পৃ. 158, 162, 166–167. ISBN 0-8130-1496-4
- ↑ Goudie, Andrew. (1990). The Landforms of England and Wales. Basil Blackwell Ltd. পৃ. 264. ISBN 0-631-17306-4
- ↑ Barrier Island Ecosystems. www.iwr.usace.army.mil
- ↑ Lorenzo-Trueba, J.; Ashton, A. (2014). Rollover, drowning, and discontinuous retreat: Distinct modes of barrier response to sea-level rise arising from a simple morphodynamic model. Journal of Geophysical Research: Earth Surface. পৃ. 779–801
- ↑ "Island Migration - SEPM Strata". www.sepmstrata.org. Retrieved 2026-02-03
- ↑ Leatherman, S.P. (1976). Barrier island migration: an assessment of the overwash process. Geological Society of America Abstracts with Programs. পৃ. 215
- ↑ Rosati, J.D. (2009). Concepts for Functional Restoration of Barrier Islands
- ↑ Rosati, J.D; Dean, R.G; Stone, G.W. (2007). Morphologic evolution of subsiding barrier island systems. Proceedings 30th International Coastal Engineering Conference, World Scientific Press, in Press
- ↑ Davis, Richard R. Jr. (1997). The Geology of Florida. University Press of Florida. পৃ. 158, 162, 166–167. ISBN 0-8130-1496-4
- ↑ Goudie, Andrew. (1990). The Landforms of England and Wales. Basil Blackwell Ltd. পৃ. 264. ISBN 0-631-17306-4
- ↑ Davis & FitzGerald (2004), p. 147
- ↑ Boggs, S., Jr., 2012, Principles of Sedimentology and Stratigraphy: New Jersey, Pearson Education, Inc., 585 p
- ↑ Coastal Services Center, NOAA's Coastal Services Center Barrier Islands: Formation and Evolution . Accessed April 10, 2011
- ↑ Davis (2016), pp. 43–51, 53–54, 66–69
- ↑ Davis & FitzGerald (2004), pp. 144–145
- ↑ Davis & FitzGerald (2004), p. 145
- ↑ Morton, p. 2
- ↑ M. R. Johnson. (2001). Nelson Boulder Bank. New Zealand Journal of Geology and Geophysics. পৃ. 79–88
- ↑ Davis (2016), pp. 11–13, 23, 29
- ↑ Davis (2016), pp. 13–16, 31
- ↑ Cooper, J. Andrew G.; Lewis, David A.; Pilkey, Orrin H. (2007). Fetch-limited barrier islands: Overlooked coastal landforms. GSA Today. পৃ. 4
- ↑ Stone, G.W., and McBride, R.A., 1998, "Louisiana barrier islands and their importance in wetland protection: forecasting shoreline change and subsequent response of wave climate:" Journal of Coastal Research, v. 14, p. 900–915
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচীৰ দ্বীপ” প্ৰবন্ধৰ সংশোধন ৬৩১১৬৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।