ভাইপিন (Vypin,, কোচিন পৰ্তুগীজ: ইছলা ছান্তা) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ অন্তৰ্ভুক্ত এক দ্বীপপুঞ্জ।১২৩
ভাইপিন এটা প্ৰাচীৰ দ্বীপ হিচাপে অৱস্থিত। ইয়াৰ পশ্চিম দিশত আৰৱ সাগৰ আৰু পূব দিশত পেৰিয়াৰ নদীৰ বিভিন্ন শাখা নদীৰদ্বাৰা গঠিত কেৰালাৰ কায়াল (কোচিন কায়াল) আছে। এই দ্বীপটোৰ একেবাৰে উত্তৰ মূৰটো মুজিৰিছৰ (কোডুংগালুৰ) পেৰিয়াৰ নদীৰ মোহনাত আৰু একেবাৰে দক্ষিণ মূৰটো ফ’ৰ্ট ভাইপিনৰ ওচৰৰ কালামুক্কুত কোচিন কায়ালৰ মুখত অৱস্থিত।

দ্বীপটো প্ৰায় 27 কি.মি. দীঘল আৰু ই গোশ্ৰী দলং (Goshree bridges) শৃংখলাৰ জৰিয়তে মূল ভূ-খণ্ড কোচিৰ সৈতে সংলগ্ন হৈ আছে। এই দলং ভাইপিনৰ কালামুক্কুৰপৰা আৰম্ভ হৈ আন দুটা দ্বীপ স্পৰ্শ কৰি শেষত মেৰিন ড্ৰাইভত মিলিছে। ইয়াৰ মুঠ দূৰত্ব প্ৰায় 3 কি.মি.। ভাইপিন পৃথিৱীৰ ভিতৰতে ৫৮সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ দ্বীপ। ভাইপিনৰ ভিতৰতে নজাৰাক্কল অন্যতম আটাইতকৈ ঘন জনবসতিপূৰ্ণ স্থান।
উন্নয়ন
ভাইপিনৰ একেবাৰে উত্তৰ প্ৰান্তত কোচিৰ আটাইতকৈ ডাঙৰ মাছ ধৰা বন্দৰ 'মুনাম্বম ফিশ্বিং হাৰ্বাৰ' অৱস্থিত। কোচি ৰিফাইনেৰীজৰ এছ.পি.এম প্ৰকল্প (এটা অফশ্বৰ পাম্পিং ষ্টেচন), পুথুভাইপিন এল.এন.জি (LNG) টাৰ্মিনেল, আই.অ’.চি (IOC) বটলিং প্লাণ্ট আৰু প্ৰস্তাৱিত ওচেন এৰিয়ামৰ বাবে পুথুভাইপে কেৰালাৰ এক প্ৰধান ঔদ্যোগিক কেন্দ্ৰ আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা মহানগৰীয় উপ-চহৰ অঞ্চল হিচাপে গঢ়ি উঠিছে।
কেৰালাত মুঠ দহটা লাইটহাউচ বা প্ৰদীপ-স্তম্ভ আছে, যাৰ ভিতৰত এটা পুথুভাইপে বীচত অৱস্থিত আৰু এইটো কেৰালাৰ আটাইতকৈ ওখ লাইটহাউচ।
ভাৰতৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰান্স-শ্বিপমেণ্ট টাৰ্মিনেল (ICTT) ভাল্লাৰপাদম দ্বীপৰ বিশেষ অৰ্থনৈতিক মণ্ডলত অৱস্থিত, যিটো আটাইতকৈ ডাঙৰ কণ্টেইনাৰ জাহাজসমূহ চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ উদ্বোধন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে কৰিছিল।
ফ'ৰ্ট কোচিৰপৰা ভাইপিন দ্বীপলৈ নিয়মীয়া নাও বা ব’ট সেৱা উপলব্ধ। ২০০৪ চনত গোশ্ৰী দ্বীপপুঞ্জ উন্নয়ন কৰ্তৃপক্ষই (GIDA) ভাইপিনক মূল ভূ-খণ্ডৰ সৈতে সংযোগ কৰিবলৈ এখন দলং নিৰ্মাণ কৰে। গোশ্ৰী দলঙে মুলাভুকাড আৰু ভাল্লাৰপাদম দ্বীপ দুটাকো সংযোগ কৰে।
ভাইপিন এতিয়া কোচি চহৰৰ এক দ্ৰুত উন্নয়নশীল উপ-চহৰ অঞ্চল। বৰ্তমান আধুনিক জীৱনৰ সকলো মৌলিক আন্তঃগাঁথনি ভাইপিনত উপলব্ধ। উত্তৰ কেৰালাৰপৰা অহা যাত্ৰীসকলে ভাইপিন-মুনাম্বম ৰাজ্যিক ঘাইপথ ব্যৱহাৰ কৰি এৰ্নাকুলামত উপস্থিত হ’ব পাৰে।
ইতিহাস
১৩৪১ চনত এক ভয়াবহ বানপানীৰ পিছত এই দ্বীপটো গঠিত হৈছিল।
ভাইপিনৰ গ্ৰাম পঞ্চায়তসমূহ
- পাল্লিপুৰম, এৰ্নাকুলাম
- কুজুপিল্লী
- এডাভানাক্কাড
- নায়াৰাম্বালাম
- নজাৰাক্কল
- এলামকুন্নাপুঝা
ভাইপিনৰ ৰাজহ গাঁওসমূহ
- পাল্লিপুৰম, এৰ্নাকুলাম
- কুজুপিল্লী
- এডাভানাক্কাড
- নায়াৰাম্বালাম
- নজাৰাক্কল
- এলামকুন্নাপুঝা
- পুথুভাইপে (এলামকুন্নাপুঝা পঞ্চায়তৰ অংশ)
অন্যান্য গাঁওসমূহ
- চেৰাই (পাল্লিপুৰম পঞ্চায়তৰ অংশ)
- মুনাম্বম (পাল্লিপুৰম পঞ্চায়তৰ অংশ)
- চাক্কাৰাকাডাভু (পাল্লিপুৰম পঞ্চায়তৰ অংশ)
- আইয়াম্পিল্লী (কুজুপিল্লী পঞ্চায়তৰ অংশ)
- নেডুংগাড (নায়াৰাম্বালাম পঞ্চায়তৰ অংশ)
- পেৰুম্পিল্লী, নাৰাক্কল (নাৰাক্কল পঞ্চায়তৰ অংশ)
- মালীপুৰম (এলামকুন্নাপুঝা পঞ্চায়তৰ অংশ)
- ভালাপ্পু (এলামকুন্নাপুঝা পঞ্চায়তৰ অংশ)
- ওচানথুৰুথ (এলামকুন্নাপুঝা পঞ্চায়তৰ অংশ)
- মুৰিকুম্পাডম (এলামকুন্নাপুঝা পঞ্চায়তৰ অংশ)
- ফৰ্ট ভাইপিন (কোচি পৌৰ নিগমৰ অংশ)
বাহ্যিক সংযোগ
- ভৌগোলিক স্থানাংক:।
তথ্যসূত্ৰ
- ↑ Vypeen Island. www.keralatourism.org
- ↑ Discover Vypin Island, Kochi. Incredible India
- ↑ Loading... www.avathi.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাইপিন” প্ৰবন্ধৰ সংশোধন ৬২৪৪৯৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।