জীৱবৈজ্ঞানিক বৰ্গীকৰণত সাম্ৰাজ্য বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ ত্ৰি-সাম্ৰাজ্য পদ্ধতিৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায়। ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি সাম্ৰাজ্যৰ জীৱন বৃক্ষৰ মতে, তিনিখন সাম্ৰাজ্য হ'ল - আৰ্কিয়া, বেক্টেৰিয়া আৰু ইউকাৰিয়া (সংকোষকেন্দ্ৰীয়)।১ ইয়াৰে প্ৰথম দুখন সাম্ৰাজ্যৰ সকলো সদস্য প্ৰকোষকেন্দ্ৰীয় অনুজীৱ বা কোষকেন্দ্ৰহীন এককোষী অনুজীৱ। সুনিৰ্দিষ্ট কোষকেন্দ্ৰ থকা আৰু প্ৰায় সকলো বহুকোষী জীৱ সংকোষকেন্দ্ৰীয় সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত। সাম্ৰাজ্য সমূহক কেইবাখনো জগতত ভাগ কৰা হৈছে।
বিকল্প শ্ৰেণীবিভাজন সমূহ
জীৱজগতৰ এতিয়ালৈকে প্ৰস্তাৱিত বিকল্প শ্ৰেণীবিভাজন সমূহঃ
- দ্বি-সাম্ৰাজ্য পদ্ধতি বা অতিঅধিৰাজ্য পদ্ধতিঃ প্ৰকোষকেন্দ্ৰীয় (ম'নেৰা) আৰু সংকোষকেন্দ্ৰীয় নামৰ দুটা গোটত বিভক্ত কৰা হয়।২
- ইউকাইট হাইপ'থেছিছঃ বেক্টেৰিয়া আৰু আৰ্কিয়া (আৰ্কিয়া আৰু ইউকাৰিয়াক সাঙুৰি) নামৰ দুখন অধিজগতত ভাগ কৰা হৈছিল। এই প্ৰস্তাৱটো জেমছ অ্যা লেক আৰু সংগীসকলে, ১৯৮৪ চনত আগবঢ়াইছিল।৩৪৫
ভাইৰাছৰ বহিষ্কৰণ
ওপৰৰ কোনো এটা পদ্ধতিতে কোষবিহীন জীৱসমূহ অন্তৰ্ভুক্ত কৰা হোৱা নাই। ২০১১ চনত ভাইৰাছ সমূহকলৈ এখন চতুৰ্থ অধিৰাজ্যৰ সম্ভাৱনাৰ কথা আলোচনা কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ Woese C, Kandler O, Wheelis M. (1990). Towards a natural system of organisms: proposal for the domains Archaea, Bacteria, and Eucarya.. Proc Natl Acad Sci USA. পৃ. 4576–9
- ↑ Mayr, Ernst. (1998). Two empires or three?. Proc Natl Acad Sci USA. পৃ. 9720–9723
- ↑ Archibald, John M. (23 December 2008). The eocyte hypothesis and the origin of eukaryotic cells. PNAS. পৃ. 20049–20050
- ↑ Lake, James A.; Henderson, Eric; Oakes, Melanie. (June 1984). Eocytes: A new ribosome structure indicates a kingdom with a close relationship to eukaryotes. PNAS. পৃ. 3786–3790
- ↑ Williams, Tom A.; Foster, Peter G.; Cox, Cymon J. (December 2013). An archaeal origin of eukaryotes supports only two primary domains of life. Nature. পৃ. 231–236
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাম্ৰাজ্য (জীৱ বিজ্ঞান)” প্ৰবন্ধৰ সংশোধন ৪২৫৩১০ (৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।