মিথানল বা মিথাইল এলক’হল (Methanol or Methyl Alcohol) হৈছে এবিধ ৰাসায়নিক পদাৰ্থ তথা সৰলতম এলক’হল যাৰ আণৱিক সংকেত CH3OH। ইয়াক সংক্ষেপে MeOH হিচাপে লিখা হয়। মিথানল এবিধ পাতল, উদ্বায়ী, বৰণহীন, জ্বলনশীল তৰল যাৰ ইথানলৰ নিচিনা এক বিশেষ সুৰাৰ গোন্ধ আছে।১ বৰ্তমান সময়ত মুখ্যতঃ কাৰ্বন মনোক্সাইডৰ হাইড্ৰজেনকৰণৰ দ্বাৰা ঔদ্যোগিকভাৱে মিথানল উৎপাদন কৰা হয়।২ মুক্ত বতাহৰ উপস্থিতিত মিথানলে অম্লজান পুৰি কাৰ্বন ডাই অক্সাইড আৰু পানী (H2O) উৎপন্ন কৰে: 2 CH3OH + 3 O2 → 2 CO2 + 4 H2O
তথ্যসূত্ৰ
- ↑ National Institute for Occupational Safety and Health. (22 August 2008). The Emergency Response Safety and Health Database: Methanol
- ↑ Fiedler, E.; Grossmann, G.; Burkhard Kersebohm, D.; Weiss, G. and Witte, C. (2005). Ullmann's Encyclopedia of Industrial Chemistry. Wiley-VCH. ISBN 978-3527306732
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিথানল” প্ৰবন্ধৰ সংশোধন ৩১১১৮০ (১৬ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।