চন্দ্ৰ এক্স-ৰে' মানমন্দিৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ দূৰবীক্ষণ যন্ত্ৰ। ভাৰতীয়-আমেৰিকান জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী সুব্ৰমনিয়ম চন্দ্ৰশেখৰৰ নামৰে ৰখা এই দূৰবীক্ষণ যন্ত্ৰটো ১৯৯৯ চনত ইয়াৰ কক্ষপথলৈ নিক্ষেপ কৰা হয়। ইয়াৰ দাপোণখনৰ ছিদ্ৰ ১.২ মিটাৰ (৪ ফুট) আৰু ফ'কেল দৈৰ্ঘ্য ১০ মিটাৰ (৩৩ ফুট)। কেমেৰাৰ উপৰিও চন্দ্ৰৰ এটা ট্ৰেন্সমিটাৰ আছে যি ০.০৭-১০ KeV পৰিসৰত উচ্চ-ৰিজল্যুচনৰ সংকেত পঠিয়াব পাৰে। এই দূৰবীক্ষণেৰে ঘাইকৈ কৃষ্ণগহ্বৰ, চুপাৰন'ভাৰ অৱশেষ, ষ্টাৰবাৰ্ষ্ট তাৰকাৰাজ্য আদি অধ্যয়ন কৰা হয়।১ পূৰ্বে এই মানমন্দিৰটো ‘এডভাঞ্চড্ এক্স-ৰে' এষ্ট্ৰ'ফিজিক্স ফেচিলিটি’ (সংক্ষেপে AXAF) হিচাপে জনাজাত আছিল।
ছবি
}}]]
বাহ্যিক লিংক
তথ্যসূত্ৰ
- ↑ Hoiberg Dale H. (Editor). (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc. পৃ. 133. ISBN 978-1-6-61535-687-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ এক্স-ৰশ্মি মানমন্দিৰ” প্ৰবন্ধৰ সংশোধন ২১৭০৮৭ (২২ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।