অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ঈশ্বৰ মানৱ (ভাৰত)

ঈশ্বৰ মানৱ(God man) হৈছে এক প্ৰকাৰৰ চমৎকাৰী গুৰুক বুজাবলৈ ভাৰতত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে ব্যৱহাৰ কৰা এটা কথিত শব্দ। এই সকলক সাধাৰণতে তেওঁলোকৰ অনুগামী সকলে অৰ্ধদেৱতাৰ দৰে ব্যক্তিত্বলৈ উন্নীত কৰে। সাধাৰণতে এই ব্যক্তিত্বৰ উপস্থিতি উচ্চ পৰ্যায়ৰ, আৰু সমাজৰ বৃহৎ অংশৰ দৃষ্টি আৰু সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২২ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঈশ্বৰ মানৱ(God man) হৈছে এক প্ৰকাৰৰ চমৎকাৰী গুৰুক বুজাবলৈ ভাৰতত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে ব্যৱহাৰ কৰা এটা কথিত শব্দ। এই সকলক সাধাৰণতে তেওঁলোকৰ অনুগামী সকলে অৰ্ধদেৱতাৰ দৰে ব্যক্তিত্বলৈ উন্নীত কৰে। সাধাৰণতে এই ব্যক্তিত্বৰ উপস্থিতি উচ্চ পৰ্যায়ৰ, আৰু সমাজৰ বৃহৎ অংশৰ দৃষ্টি আৰু সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম।১ তেওঁলোকে কেতিয়াবা নিজকে অস্বাভাৱিক শক্তিৰ অধিকাৰী বুলি দাবী কৰে, যেনে যিকোনো ৰোগৰ পৰা সুস্থ কৰাৰ ক্ষমতা, ভৱিষ্যতৰ পৰিঘটনাসমূহ দেখাপোৱা বা প্ৰভাৱিত কৰাৰ ক্ষমতা আৰু মন পাঢ়িব পৰা ক্ষমতা।২

অৱলোকন

ঈশ্বৰ মানৱ সকলক বিশেষ ব্যক্তি হিচাপে তেওঁলোকৰ অনুসৰণকাৰী সকলে পূজা কৰে।৩ কোনো-কোনো ঈশ্বৰ মানৱ ধৰ্মীয় প্ৰেক্ষাপটত সৃষ্ট। কিন্তু এইসকল কোনো ধৰ্মীয় ব্যৱস্থাৰে সংযুক্ত নহয়। শেহতীয়াকৈ এনে বহু ঈশ্বৰ মানৱে ভাৰতৰ বাহিৰতো তেওঁলোকৰ ভক্ত সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰদ্বাৰা তেওঁলোকে নিজৰ জনপ্ৰিয়তা তথা সম্পত্তি বাঢ়াব পাৰিছে।২

সত্য সাই বাবা (১৯২৬–২০১১) হৈছে অগণন ভক্ত থকা এনে এগৰাকী ঈশ্বৰ মানৱ।২৩৪

তথ্যসূত্ৰ

  1. ↑ Mehta, Uday (1993), Modern Godmen in India: A Sociological Appraisal, Mumbai: Popular Prakashan
  2. ↑ James G. Lochtefeld. (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃ. 253. ISBN 978-0-8239-3179-8
  3. ↑ Linda Woodhead. (January 2002). Religions in the Modern World: Traditions and Transformations. Psychology Press. পৃ. 35. ISBN 978-0-415-21783-5
  4. ↑ Johannes Quack. (22 November 2011). Disenchanting India: Organized Rationalism and Criticism of Religion in India. Oxford University Press. পৃ. 96. ISBN 978-0-19-981260-8

সম্পৰ্কিত শ্ৰেণী

সমাজতত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশ্বৰ মানৱ (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩৪১৩২৯ (২৬ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।