বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্থানাংক প্ৰণালী
স্থানাংক প্ৰণালী হৈছে জ্যামিতিত এনে এটা ব্যৱস্থা যিয়ে ইউক্লিডীয় স্থানৰ দৰে বহুবিধত বিন্দু বা অন্যান্য জ্যামিতিক উপাদানসমূহৰ অৱস্থান অনন্যভাৱে নিৰ্ধাৰণ আৰু প্ৰামাণিককৰণ কৰিবলৈ এটা বা ততোধিক সংখ্যা বা স্থানাংক ব্যৱহাৰ কৰে।
-
হস্তা
হস্তা (हस्त), অৰ্থাৎ "হাত" ভাৰতীয় জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানৰ তেৰ নম্বৰ নক্ষত্ৰ (চন্দ্ৰ ভৱন), যাৰ বিস্তৃতি ১০°ৰপৰা ২৩° ২০′লৈকে। ই কৰ্ভাছ নক্ষত্ৰমণ্ডলৰ α, β, γ, δ, আৰু ε কৰ্ভি তৰাৰ সৈতে ৰজিতা খায়।
-
হাইছিছ
হাইছিছ (HySIS) হৈছে ভাৰতীয় হাইপাৰ স্পেকট্ৰেল ইমেজিং উপগ্ৰহ। ইয়াক ইছৰোৱে ২৯ নৱেম্বৰ ২০১৮ চনত মহাকাশলৈ উৎক্ষেপণ কৰে। ইয়াক ইছৰোৱে নিৰ্মাণ কৰি উলিয়াই।
-
ৰাসায়নিক মৌলৰ তালিকা
আন্তৰ্জাতিক বিশুদ্ধ আৰু প্ৰয়োগ ৰসায়ন সংঘ (IUPAC)ই ১১৮টা ৰাসায়নিক মৌল চিনাক্ত কৰি আনুষ্ঠানিকভাৱে নামকৰণ কৰিছে। ৰাসায়নিক মৌল, যাক প্ৰায়ে কেৱল মৌল বুলি কোৱা হয়, হৈছে এনে একপ্ৰকাৰৰ পৰমাণু যাৰ পাৰমাণৱিক নিউক্লিয়াছত এটা নিৰ্দিষ্টসংখ্যক প্ৰ'টন থাকে (অৰ্থাৎ, এটা নিৰ্দিষ্ট পৰমাণু সংখ্যা, বা Z )।
-
অষ্টক নিয়ম
ৰাসায়নিক বিক্ৰিয়াৰ সময়ত মৌলৰ পৰমাণুবোৰে ইহঁতৰ যোজক কক্ষত আঠটা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে। ইয়াৰ দ্বাৰা পৰমাণু এটাই পৰ্যাবৃত্ত তালিকাত ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছটোৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে। ইয়াকে অষ্টক নিয়ম বোলে।
-
অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকা
http://www.worldagroforestrycentre.org/resources/databases/agroforestree http://www.flowersofindia.in http://www.kew.org/plants-fungi/Aesculus-indica.htm
-
অসমত দেখা পোৱা সাপবোৰ
-
আলোক তন্তু
আলোক তন্তু বা আলোক আঁহ (ইংৰাজী: optical fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ। আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।
-
উপপাদ্য
উপপাদ্য (Theorem) হৈছে জ্যামিতীয় প্ৰতিজ্ঞা। ইয়াক স্বতঃসিদ্ধ ভাৱে বা পূৰ্বে প্ৰতিস্থিত কোনো বিবৃতিৰ ভিত্তিত প্ৰমাণৰ দ্বাৰা সত্য বুলি গ্ৰহণ কৰা হয়। সেয়ে ই এক স্ব-স্বতঃসিদ্ধ বিবৃতি। উপপাদ্যবোৰ একোটা স্বতঃসিদ্ধৰ যুক্তিপূৰ্ণ ফলাফল, যাৰ এক বা একাধিক যুক্তিপূৰ্ণ প্ৰমাণ থাকে।
-
এগোৰাফ’বিয়া
এগোৰাফ'বিয়া (Agoraphobia) হৈছে এক উদ্বেগজনিত বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে এনে লক্ষণ য'ত ব্যক্তিজনে নিজৰ পৰিৱেশক অসুৰক্ষিত বুলি অনুভৱ কৰে আৰু পলায়নৰ কোনো উপায় নাই বুলি ভাবি উদ্বিগ্ন হৈ পৰে।। আক্ৰান্তসকলে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যি কোনো কাম কৰিব পাৰে।
-
এছিয়ান আমেৰিকান মহাকাশচাৰীসকলৰ তালিকা
{| ! ক্ৰমিক নং !! ফটো !! নাম জন্ম তাৰিখ !! বংশাৱলীৰ দেশ !! জন্মৰ দেশ !! মন্তব্য !! অভিযানসমূহ |- | ১ || || এলিছন অ'নিযুকা জুন ২৪, ১৯৪৬ || || || মহাকাশত প্ৰথম জাপানীজ আমেৰিকান। স্পেছ চাটল্ চেলেঞ্জাৰ দুৰ্ঘটনাত মৃত্যু।
-
কালাম ছেট
কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম।
-
কৰ্কট নীহাৰিকা
ট'ৰাছ (Taurus) তাৰকাৰাজ্যত থকা এক উজ্জ্বল নীহাৰিকা। পৃথিৱীৰ পৰা ই প্ৰায় ৫,০০০ পোহৰ-বৰ্ষ দূৰত অৱস্থিত। ই এটা চুপাৰন'ভাৰ অৱশেষ আৰু ইয়াৰ ব্যাস প্ৰায় ১২ পোহৰ-বৰ্ষ। ১০৫৪ চনত চীন আৰু আন দেশৰ জ্যোতিৰ্বিদসকলে প্ৰথমে ইয়াক প্ৰতক্ষ্য কৰে।
-
গাণিতিক ধ্ৰুৱকৰ তালিকা
__NOTOC__গাণিতিক ধ্ৰুৱক হৈছে এনে এটা সংখ্যা যাৰ মান এটা দ্ব্যৰ্থহীন সংজ্ঞাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। ইয়াক প্ৰায়ে এটা চিহ্ন (যেনে, বৰ্ণমালাৰ আখৰ) বা গণিতজ্ঞসকলৰ নামেৰে উল্লেখ কৰা হয়। উদাহৰণস্বৰূপে, ধ্ৰুৱক π (পাই) ক এটা বৃত্তৰ পৰিধিৰ দৈৰ্ঘ্য আৰু ইয়াৰ ব্যাসৰ অনুপাত হিচাপে সংজ্ঞায়িত কৰিব পাৰি।
-
ছাবেৰিক এচিড
ছাবেৰিক এচিড, অক্টেনডাইঅ’ইক এচিডো কোৱা হয়, এটা ডাইকাৰ্বক্সিলিক এচিড, যাৰ সূত্ৰ C8H14O4। ই ঔষধ সংশ্লেষণ আৰু প্লাষ্টিক নিৰ্মাণত ব্যৱহাৰ কৰা ৰংহীন স্ফটিকীয় কঠিন পদাৰ্থ। ইয়াৰ নামটো লেটিন শব্দ suber ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ কৰ্ক।
-
ছাবেৰিনিক এচিড
বেটুলা গছৰ বাকলিত প্ৰাকৃতিকভাৱে দেখা পোৱা একপ্ৰকাৰৰ কাৰ্বক্সিলিক এচিড হৈছে ছাবেৰিনিক এচিড। ৰাসায়নিকভাৱে ইহঁতৰ প্ৰধানকৈ α- আৰু ω- দ্বিকাৰ্যকৰী সংপৃক্ত আৰু অসংপৃক্ত ফেটি এচিডৰ শেষৰ সৈতে দীঘলীয়া (C18) শৃংখল থাকে। ইহঁতৰ নামটো গছৰ বাকলিৰ এটা প্ৰধান ৰাসায়নিক বায়’পলিমাৰ ছাবেৰিনৰপৰাই উদ্ভৱ হৈছে।
-
জিং গাও
জিং গাও (ইংৰাজী: Jing Gao) এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁৰ গৱেষণাত মেচিন লাৰ্নিঙক ডাটা মাইনিঙৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, য’ত কাৰণ সম্পৰ্কীয় অনুমান, অস্বাভাৱিকতা চিনাক্তকৰণ, তথ্যৰ বিশ্বাসযোগ্যতা মূল্যায়ন আৰু সত্য অন্বেষণৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত।
-
ট্ৰানজিষ্টৰ
ট্ৰানজিষ্টৰ হ'ল এবিধ অৰ্ধপৰিবাহী আহিলা। ইয়াক বৈদ্যুতিক সংকেত আৰু ক্ষমতা, এম্প্লিফাই কৰা আৰু সালসলনি কৰাত ব্যৱহাৰ কৰা হয়। অতিকমেও তিনিটা প্ৰান্তিক্(terminal) থকা এই আহিলাৰ মুখ্য উপাদান হ'ল অৰ্ধপৰিবাহী পদাৰ্থ।
-
ডেটা মাইনিং
ডেটা মাইনিং এটা কম্পিউটাৰ বিজ্ঞানৰ লগত জড়িত বিষয়। স্থানান্তৰে ইয়াক "তথ্যাধাৰত জ্ঞানান্বেষন" (-ও বোলা হয়। ডেটা মাইনিঙৰ মূল উদ্দেশ্য হৈছে বৃহৎ পৰিমাণৰ ডেটাৰ পৰা তথ্য বা জ্ঞান নিষ্কাষণ কৰা।
-
দামোদৰ
দামোদৰ, সম্পূৰ্ণ নাম বতাছেৰী দামোদৰ নামবুদিৰি খ্ৰীষ্টীয় পোন্ধৰ শতিকাৰ সময়ছোৱাৰ কেৰালাৰ জ্যোতিৰ্বিজ্ঞান আৰু গণিত বিদ্যালয়ৰ এজন জ্যোতিৰ্বিজ্ঞানী-গণিতজ্ঞ আছিল। তেওঁ পৰমেশ্বৰ (১৩৬০–১৪২৫)ৰ পুত্ৰ, যিয়ে জ্যোতিৰ্বিজ্ঞানৰ গণনাৰ ড্ৰিগানিটা(drigganita) ব্যৱস্থা বিকশিত কৰিছিল।
-
দেৰগাঁও উল্কাপিণ্ড
দেৰগাঁও উল্কাপিণ্ড নামেৰে নামাংকিত এই উল্কাপিণ্ডটো ২০০১ চনৰ ২ মাৰ্চ তাৰিখে বিয়লি প্ৰায় ৪:৪০ বজাত অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত (অক্ষাংশ: ২৬°৪১' উত্তৰ দ্ৰাঘিমাংশ: ৯৩°৫২' পূব) পৰিছিল।
-
নিউ হৰাইজন্ছ
নিউ হৰাইজনচ (New Horizons) এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীত ফ্ল'ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি প্ৰকল্প।
-
পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা
এইখন এখন পদাৰ্থ বিজ্ঞানৰ সাধাৰণ সাংকেতিক চিহ্নসমূহৰ তালিকা। তালিকাখনত গাঢ় আখৰেৰে সূচোৱা ৰাশি কেইটা ভেক্টৰ ৰাশি।
-
পাইৰেন' মিটাৰ
পাইৰেন' মিটাৰ (pyranometer) হৈছে সৌৰ বিকিৰণ মাপ কৰা এবিধ সঁজুলি। পাইৰন'মিটাৰ চলাবলৈ ব্যাহিক বিদ্যুৎ শক্তিৰ প্ৰয়োজন নহয়,অৱশ্যে বৰ্তমান হাইব্ৰিড চিষ্টেমত বিদ্যুৎ সংযোগো কৰা যায়। গ্ৰীক ভাষাৰ পাইয়াৰ আৰু এন' শব্দৰ পৰা পাইৰেন' মিটাৰ শব্দটো দিয়া হৈছে,যাৰ অৰ্থ হৈছে ক্ৰমে জুই আৰু আকাশৰ ওপৰত।
-
ফ'নন
ফ'নন(Phonon) হৈছে শব্দ-তৰঙ্গৰ শক্তিৰ কোৱাণ্টাৰ নাম। ইয়াৰ মান হৈছে ⟨\,hf⟩, য'ত ⟨\,h⟩ হৈছে প্লাংকৰ ধ্ৰুবক (Planck's constant) আৰু ⟨\,f⟩ হৈছে এই শব্দ-তৰঙ্গৰ কম্পনাঙ্ক। ই এক আলোক কোৱাণ্টা ফ'টনৰ দৰে।
-
বে'লৰ পৰিঘটনা
বে'লৰ পৰিঘটনা (বা palpebral oculogyric reflex) এটা চিকিৎসা বিজ্ঞানৰ চিহ্ন য'ত চকু বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে চকুটো ওপৰলৈ আৰু বাহিৰলৈ পাক খাই যায়। বেছিভাগ মানুহৰে ক্ষেত্ৰত চকু ওপৰলৈ উঠি যোৱাটো দেখা পোৱা যায় আৰু ই এক ৰক্ষামূলক কৌশল।
-
মনোযৌন বিকাশ
মনোযৌন বিকাশ হ'ল ব্যক্তিত্বৰ ক্ৰমবিকাশ সম্পৰ্কে বিশ্ববিখ্যাত মনোবিজ্ঞানী চিগ্মণ্ড ফ্ৰয়েডে আগবঢ়োতা এক বৈপ্লৱিক তত্ত্ব। ফ্ৰয়েডৰ মতে মানুহৰ ব্যক্তিত্ব বিকাশ সৰ্বমুঠ পাঁচটা স্তৰৰ মাজেদি সম্পূৰ্ণ হয়।
-
মাইকেলচন-ম'ৰ্লি পৰীক্ষা
মাইকেলচন-ম'ৰ্লি পৰীক্ষা (Michelson-Morley experiment) আছিল মহাকাশত ইথাৰৰ উপস্থিতি ধৰা পেলাবলৈ কৰা এক পৰীক্ষা। এই পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হয় যে মহাবিশ্বত ইথাৰৰ কোনো অস্তিত্ব নাই।
-
মেঘালয় যুগ
ভূতাত্ত্বিক সময়ৰ মাপনী বা স্কেলৰ শেহতীয়া যুগটোৱেই হৈছে মেঘালয় যুগ। ই হৈছে চতুৰ্থ কল্পৰ উচ্চতম স্তৰ। মেঘালয় যুগ আজিৰ পৰা প্ৰায় ৪২০০ বছৰৰ আগতে আৰম্ভ হৈছিলে। আন্তৰ্জাতিক স্তৰবিজ্ঞান কমিছনে ২০১৮ চনৰ জুলাই মাহত মেঘালয় যুগটোক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিলে।
-
লি সল্ক
লি সল্ক (Lee Salk; মৃত্যু ২ মে', ১৯৯২) হ'ল এজন আমেৰিকান শিশু মনোবিজ্ঞানী আৰু লেখক যিজনক কেঁচুৱাৰ ওপৰত হৃদস্পন্দনৰ শব্দৰ শান্ত প্ৰভাৱ আৱিষ্কাৰৰ কৃতিত্ব প্ৰদান কৰা হয়। জীৱনৰ শেষৰ তৃতীয়াংশত, সল্কে বিভিন্ন টেলিভিছন শ্ব’ আৰু বক্তৃতা-মঞ্চত অসংখ্য লোকৰ উপস্থিতত আলোচনা আগবঢ়াইছিল।