অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জেমছ প্ৰেস্কট জুল

জেমছ প্ৰেস্কট জুল (James Prescott Joule; /dʒuːl/; ২৪ ডিচেম্বৰ ১৮১৮ – ১১ অক্টোবৰ ১৮৮৯) এজন ইংৰাজ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ তাপৰ প্ৰকৃতি অধ্যয়ন কৰিছিল আৰু যান্ত্ৰিক কামৰ সৈতে ইয়াৰ সম্পৰ্ক আৱিষ্কাৰ কৰিছিল।

হালনাগাদ: ২২ জুলাই ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

জেমছ প্ৰেস্কট জুল (James Prescott Joule; /dʒuːl/; ২৪ ডিচেম্বৰ ১৮১৮ – ১১ অক্টোবৰ ১৮৮৯) এজন ইংৰাজ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ তাপৰ প্ৰকৃতি অধ্যয়ন কৰিছিল আৰু যান্ত্ৰিক কামৰ সৈতে ইয়াৰ সম্পৰ্ক আৱিষ্কাৰ কৰিছিল। এই কামৰ ফলস্বৰূপে শক্তি সংৰক্ষণৰ নিয়ম (law of conservation of energy) প্ৰতিষ্ঠিত হয়, যিয়ে পাছলৈ তাপগতিবিদ্যাৰ প্ৰথম নিয়মৰ (first law of thermodynamics) বিকাশ ঘটায়। শক্তিৰ SI একক "জুল" (Joule, সংকেত: J) তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

১৮৪২ চনত জেমছ জ'লে লৰ্ড কেলভিনক উপহাৰ দিয়া এটা বৈদ্যুতিক মটৰ। হাণ্টেৰিয়ান মিউজিয়াম, গ্লাছগো।
১৮৪২ চনত জেমছ জ'লে লৰ্ড কেলভিনক উপহাৰ দিয়া এটা বৈদ্যুতিক মটৰ। হাণ্টেৰিয়ান মিউজিয়াম, গ্লাছগো।ছবি: Stephencdickson · CC BY-SA 4.0

তেওঁ লৰ্ড কেলভিনৰ সৈতে একেলগে কাম কৰি এটা নিৰপেক্ষ তাপ স্কেল প্ৰস্তুত কৰিছিল, যাক আজিকালি কেলভিন স্কেল (Kelvin scale) বুলি জনা যায়। জুলে মেগনেটোষ্ট্ৰিকচনৰ পৰ্যবেক্ষণ কৰিছিল আৰু এটা ৰেজিষ্টৰৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ গ’লে উৎপন্ন হোৱা তাপৰ পৰিমাণৰ সৈতে সম্পৰ্কিত সূত্ৰ আবিষ্কাৰ কৰিছিল, যাক আজিকালি "জুলৰ প্ৰথম নিয়ম" (Joule's First Law) বোলা হয়। শক্তি ৰূপান্তৰ সম্পৰ্কীয় তেওঁৰ বিখ্যাত পৰীক্ষাসমূহ প্ৰথম ১৮৪৩ চনত প্ৰকাশ পাইছিল।

আৰু চাওক

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিবিজ্ঞানীপদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমছ প্ৰেস্কট জুল” প্ৰবন্ধৰ সংশোধন ৫২৫৯৯২ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।