শৰীৰতত্ত্বত শ্বসন (Respiration) হৈছে জীৱৰ কলাৰ ভিতৰত কোষ (জীৱবিজ্ঞান)লৈ বায়ুমণ্ডলৰ পৰা অম্লজান আৰু বিপৰীত দিশত কাৰ্বন ডাই অক্সাইডৰ পৰিবহন প্ৰক্ৰিয়া।
শ্বসনৰ শৰীৰতাত্বিক বৰ্ণনা আৰু জৈৱৰাসায়নিক বৰ্ণনা একে নহয়। জৈৱৰাসায়নিক শ্বসন হৈছে কোষীয় শ্বসন: শৰ্কৰা আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত পানী, কাৰ্বন ডাই অক্সাইড আৰু 38ATP (শক্তি) উৎপাদন কৰা পৰিপাক ক্ৰিয়া, যাৰ উদ্দেশ্য হৈছে শক্তি আহৰণ কৰা। জীৱৰ কোষীয় শ্বসনৰ বাবে দৈহিক শ্বসন অতি আৱশ্যক। কোষীয় শ্বসন জীৱৰ কোষৰ ভিতৰত সংঘটিত হয় আনহাতে দৈহিক শ্বসনে জীৱ আৰু বাহ্যিক পৰিৱেশৰ মাজত গেছৰ আদান-প্ৰদানেৰে সমন্বয় সাধন কৰে।
উশাহ লোৱা (হাঁওফাঁওৰ জৰিয়তে হোৱা বাতায়ন আৰু শ্বাস-নিশ্বাসক সাঙুৰি লয়), দৈহিক শ্বসনৰ এটা অংশ। প্ৰকৃততে, শ্বাসক্ৰিয়া আৰু বাতায়ন, শ্বসনৰ সমাৰ্থক শব্দ নহয়, বিশেষাৰ্থক শব্দহে (অৱশব্দ); কিন্তু এই যথাৰ্থতা সাধাৰণতে অনুসৰণ কৰা নহয়। আনকি স্বাস্থ্য সেৱাতো এই যথাৰ্থতা অনুসৰণ কৰা দেখা নাযায় কাৰণ, শ্বসন হাৰ (respiratory rate, RR) হৈছে এটা বহু ব্যৱহৃত পদ, যদিও প্ৰকৃতাৰ্থত ই বাতায়ন হাৰহে হোৱা উচিত।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বসন (শৰীৰতত্ত্ব)” প্ৰবন্ধৰ সংশোধন ৩৩৮০৩৯ (১৭ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।