বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয় (বা সংক্ষিপ্তভাৱে ইউএছটিএম) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰি-ভৈ জিলাত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। ই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়৷ মেঘালয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয় আইন, ২০০৮ৰ জৰিয়তে বিশ্ববিদ্যালয়খন স্থাপিত হৈছে। এই বিশ্ববিদ্যালয়খন ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ শৈক্ষিক নেটৱৰ্ক এডুকেচন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন (ইআৰডিএফ)ৰ অধীনস্থ এটি প্ৰকল্প৷১২৩৪ ইয়াক ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদে গ্ৰেড ‘A’ ৰে স্বীকৃতি প্ৰদান কৰিছে।৫
তথ্যসূত্ৰ
- ↑ Home. University of Science and Technology, Meghalaya | Top Private University in North East India & Assam
- ↑ (12 June 2015). https://www.business-standard.com/article/pti-stories/ustm-bags-university-of-the-year-east-award-115061200901_1.html
- ↑ Entrepreneur Mahbubul Hoque is a role model of education in Assam. The New Indian Express
- ↑ Marks in qualifying exams key parameter for admissions - Times of India. The Times of India
- ↑ NAAC Accreditation – University of Science and Technology, Meghalaya | Top Private University in North East India & Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়” প্ৰবন্ধৰ সংশোধন ৫২৭৬১৮ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।