চেৰেছ (প্রতীক:
)১ সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল ২। চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।
৯৫০ কিলোমিটাৰ ব্যাসৰ অধিকাৰী চেৰেছ গ্ৰহাণুপুঞ্জৰ সবাতোকৈ ডাঙৰ জ্যোতিষ্ক। গ্ৰহাণুপুঞ্জৰ সকলো গ্ৰহাণুৰ মুঠ ভৰৰ প্ৰায় এক-তৃতীয়াংশ ভৰ চেৰেছতেই আছে। সাম্প্ৰতিক পৰ্যবেক্ষনসমূহৰ পৰা জনা যায়, চেৰেছৰ পৃষ্ঠ সম্ভৱত পানী, বৰফ আৰু পানীত দ্ৰৱীভূত বিভিন্ন খনিজ পদাৰ্থৰ মিশ্ৰনৰ পৰা তৈয়াৰ হৈছে।
বাহ্যিক সংযোগ
- Movie of one Ceres rotation (processed Hubble images)
- How Gauss determined the orbit of Ceres from keplersdiscovery.com
- A simulation of the orbit of Ceres
- An up-to-date summary of knowledge about Ceres, plus an Earth-Ceres size comparison (the Planetary Society)
তথ্যসূত্ৰ
- ↑ JPL/NASA. (2015-04-22). What is a Dwarf Planet?. Jet Propulsion Laboratory
- ↑ Piazzi, Giuseppe. (1801). Risultati delle osservazioni della nuova Stella scoperta il dì 1 gennajo all'Osservatorio Reale di Palermo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰেছ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫০১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।