ব্যোমমিত্ৰা (Vyommitra) হৈছে এগৰাকী মহাকাশ ভ্ৰমণকাৰী হিউমনয়ড (মানৱগুণ বিশিষ্ট) ৰবট। ২০২০ চনৰ ২২ জানুৱাৰী তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মানৱ মহাকাশযাত্ৰা আৰু অনুসন্ধানকাৰী আলোচনাচক্ৰত এগৰাকী নাৰীসদৃশ ৰবটৰ নাম ঘোষণা কৰে, যাক গগনযান নামৰ মহাকাশ অভিযানটোত আন মহাকাশচাৰীসকলৰ সৈতে প্ৰেৰণ কৰা হ'ব। মানৱ মহাকাশ উৰণ কৰা আন ৰাষ্ট্ৰসমূহৰ বিপৰীতে ইছৰোয়ে পৰীক্ষামূলক অভিযানত জন্তু উৰুৱাব নোৱাৰিব বুলি সিদ্ধান্ত লৈছিল। ইয়াৰ পৰিৱৰ্তে, মহাকাশত দীঘলীয়া সময়ৰ বাবে মানৱ শৰীৰৰ ওজনহীনতা আৰু বিকিৰণে কি প্ৰভাৱ পেলাব সেয়া অধ্যয়ন কৰিবলৈ হিউমেনইড ৰবট পঠিওৱা হ'ব।১
ব্যোমমিত্ৰাই মাইক্ৰ'গ্ৰেভিটি পৰীক্ষা, মডিউলৰ প্ৰাচল নিৰীক্ষণ, আৰু কঁকালৰ পৰা ওপৰলৈ মানুহৰ দৰে কাৰ্যকলাপ অনুকৰণ কৰি ক্ৰুড মিছনত মহাকাশচাৰীসকলক সমৰ্থন কৰাৰ বাবে অবিচলিতভাবে গগনযান অভিযানত থাকিব বুলি আশা কৰা হৈছে।২ ইয়াৰ নিজস্ব কোনো ভৰি নাই, যদিওবা দুখন হাত আছে। ব্যোমমিত্ৰাই হিন্দী আৰু ইংৰাজী উভয় ভাষাতে কথা পাতিব পাৰে। একাধিক কাম সম্পাদন কৰাৰ বাবে ইয়াক প্ৰ'গ্ৰেম কৰা হৈছে।৩৪৫৬
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (25 July 2019). Why is India sending robots into space?
- ↑ (24 January 2020). ISRO to send humanoid Vyommitra in unmanned Gaganyaan spacecraft ahead of human spaceflight. Economic Times
- ↑ Kumar, Chethan. (22 January 2020). Gaganyaan mission: First glimpse of 'Vyommitra', the humanoid for Gaganyaan; it's a 'She'. Times of India
- ↑ (22 January 2020). ISRO's manned mission to Moon will happen, but not right now: K Sivan. The Indian Express
- ↑ (22 January 2020). 'व्योममित्रा'ची पहिली झलक! भारताकडून 'ती' पहिल्यांदा जाणार अवकाशात. Loksatta
- ↑ (22 January 2020). ISRO's prototype humanoid for Gaganyaan mission is Vyom Mitra which will go to space before astronauts. Times Now News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যোমমিত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৮৩১৬৮ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।