অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জেট লেগ

এটা সময় অঞ্চলৰ পৰা আন এটালৈ যাত্ৰা কৰোঁতে হোৱা জৈৱিক লয়ৰ অসামঞ্জস্যতাক জেট লেগ (Jet lag) বোলে। মেলাট'নিন হৰম'ন নিঃসৰণ নিয়ন্ত্ৰণ কৰা আন্ধাৰ-পোহৰৰ চক্ৰ ব্যাহত হ'লে জেট লেগ হয়। মেলাট'নিনে টোপনি আৰু সাৰে থকাৰ দৈনিক ছন্দ (circadian rythm) নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

হালনাগাদ: ৩০ এপ্ৰিল ২০১৮ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এটা সময় অঞ্চলৰ পৰা আন এটালৈ যাত্ৰা কৰোঁতে হোৱা জৈৱিক লয়ৰ অসামঞ্জস্যতাক জেট লেগ (Jet lag) বোলে। মেলাট'নিন হৰম'ন নিঃসৰণ নিয়ন্ত্ৰণ কৰা আন্ধাৰ-পোহৰৰ চক্ৰ ব্যাহত হ'লে জেট লেগ হয়। মেলাট'নিনে টোপনি আৰু সাৰে থকাৰ ছন্দঃপূৰ্ণ চক্ৰ (circadian rythm) নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিমান সময়ত কিমান দূৰত্বলৈ যাত্ৰা কৰিছে তাৰ ওপৰত জেট লেগৰ প্ৰাবল্য নিৰ্ভৰ কৰে। জেট লেগক আগতে দৈনিক ছন্দৰ টোপনি ৰোগত শ্ৰেণীবদ্ধ কৰা হৈছিল।১ লক্ষণৰ ভিতৰত ভাগৰ লগা, মনোযোগ দিব নোৱৰা, টোপনিৰ খেলিমেলি, অস্বাচ্ছন্দ্য বোধ, মূৰৰ বিষ, খিংখিঙীয়া হোৱা, পেটৰ অসুখ, ভোক কমা আদি প্ৰধান।

জেট বিমানৰ প্ৰচলন হোৱাৰ আগতে এই পৰিঘটনা বৰকৈ দেখা নগৈছিল। জেট বিমানত তীব্ৰবেগেৰে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা হোৱাৰ পাছত এই পৰিঘটনা পোহৰলৈ আহে আৰু সেইবাবে ইয়াৰ নামো "জেট লেগ" ৰখা হয়।২

তথ্যসূত্ৰ

  1. ↑ (May 17, 2013). Highlights of Changes from DSM-IV-TR to DSM5. American Psychiatric Association
  2. ↑ Hoiberg Dale H. (Editor). (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc. পৃ. 375

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেট লেগ” প্ৰবন্ধৰ সংশোধন ১৭৭৭৪৮ (৩০ এপ্ৰিল ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।