
কোমলদেহী প্ৰাণী হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে।
নামকৰণ
কোমলদেহীৰ ইংৰাজী mollusc আৰু mollusk দুয়োটা শব্দ ফৰাচী mollusque শব্দৰ পৰা আহৰণ কৰা হৈছে, ফৰাচী শব্দটোৰ মূল হৈছে লেটিন শব্দ molluscus, ইয়াৰ অৰ্থ mollis, কোমল। Molluscus শব্দটো এৰিষ্ট'টলৰ τὰ μαλάκια ta malákia (কোমল; < μαλακός malakós "কোমল") শব্দৰ পৰা লোৱা হৈছে, ইয়াৰ দ্বাৰা তেঁও inter alia কাটলফিছক বুজাইছিল।১ কোমলদেহী সম্পৰ্কে কৰা বৈজ্ঞানিক অধ্যয়নক মালাক'লজি (malacology) বুলি কোৱা হয়।২
আদিতে মলাছক'ইড (Molluscoida) শব্দটো ব্ৰাংকিঅ'পদ, ব্ৰাঅ'জৱা আৰু টিউনিকেট নামৰ কোমলদেহীৰ সৈতে কিছু পৰিমানে মিল থকা তিনিটা গোট অন্তৰ্ভূক্ত প্ৰাণী জগতৰ এটা বিভাগৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত, এই গোট সমূহৰ সৈতে কোমলদেহীৰ কোনো সম্পৰ্ক নাই, আৰু এটাৰ সৈতে আনটোৰ অতি কম সম্পৰ্ক আছে, সেইবাবে বৰ্তমান মলাছক'ইড শব্দটো ব্যৱহাৰ কৰা নহয়।৩
বৈশিষ্ট্য
ইহঁতৰ দেহ কোমল। কোমল দেহটো কঠিন খোলাৰ দ্বাৰা আবৃত। পেশীবহুল নিম্নাংশৰ সহায়ত ইহঁতে চলাচল কৰে। বহিঃত্বক, হাঁওফাঁও বা ফুলৰ সহায়ত শ্বাসকাৰ্য সমাপন কৰে। ইহঁত বৈচিত্ৰপূৰ্ণ প্ৰাণী। ইহঁতৰ অধিকাংশই সামুদ্ৰিক। ছেলোমেট,অধিকাংশ দ্বিপাশ্বীয় প্ৰতিসম। ৰক্তত হিম'চায়ানিন (haemocyanin) আৰু এমিব'চাইট (amoebocyte) কণিকা থাকে। দেহত মেণ্টেল নামৰ পাতল আৱৰণ থাকে।
বিচিত্ৰতা
কোমলদেহী প্ৰাণীৰ অন্তৰ্গত আনুমানিক প্ৰায় ৫০,০০০ ৰ পৰা ১২০,০০০ জীৱিত প্ৰজাতি আছে। ১৯৬৯ চনত ডেভিদ নিকলে প্ৰায় ১০৭,০০০ জীৱিত প্ৰজাতি আছে বুলি অনুমান কৰিছিল। ইয়াৰ ভিতৰত প্ৰায় ১২,০০০ প্ৰজাতি আছিল স্বচ্ছ পানীৰ গেষ্ট্ৰ'পদ আৰু ৩৫,০০০ প্ৰজাতি আছিল মাটিত বাস কৰা কোমলদেহী। তুলনামূলক ভাবে প্ৰায় ১৪% কোমলদেহী বাইভালভিয়া শ্ৰেণীৰ অন্তৰ্গত আৰু বাকী পাঁচটো শ্ৰেণীৰ জীৱিত কোমলদেহী প্ৰায় ২%তকৈও কম।৪ ২০০৯ চনত চাপমেনৰ তথ্য মতে জীৱিত কোমলদেহীৰ সংখ্যা প্ৰায় ৮৫,০০০।৫ ২০০১ চনলৈকে প্ৰায় ৯৩,০০০ প্ৰজাতিৰ নামকৰণ কৰা হৈছিল, ইয়াৰ ভিতৰত নামকৰণ কৰা সকলো সাগৰীয় জীৱৰ ২৩% অন্তৰ্ভূক্ত আছিল।৬ জীৱিত প্ৰাণীৰ ভিতৰত কোমলদেহী হৈছে সন্ধিপদী প্ৰাণীৰ পিছতেই দ্বিতীয় বৃহৎ জৈৱ গোট।৭
শ্ৰেণীবিভাজন
কোমলদেহীৰ অন্তৰ্গত শ্ৰেণী সম্পৰ্কে বিভিন্ন মত পোষণ কৰা দেখা যায়; উদাহৰণ স্বৰূপে, তলৰ তালিকাত সাতটা জীৱিত শ্ৰেণী,৮ আৰু দুটা বিলুপ্ত শ্ৰেণী প্ৰদৰ্শন কৰা হৈছে। তথাপি সিহঁতক এটা ক্লেড বুলি কব পৰা নাযায়, কিছুমান পুৰণি পদ্ধতিত কাউড'ফভিটা আৰু ছলেন'গেছটাৰ নামৰ শ্ৰেণী দুটাক একেলগে এপলেক'ফৰা নামৰ শ্ৰেণীত ৰখা হৈছিল। সাধাৰণতে চিনাক্ত কৰা দুটা "শ্ৰেণী" জীৱাশ্মৰ পৰাহে জনা গৈছে।
| শ্ৰেণী | প্ৰধান জীৱ | জীৱিত প্ৰজাতি৮ | বিতৰণ |
| গেষ্ট্ৰ'পডা৯ | সকলো শামুক আৰু কুমজেলেকুৱা, যেনে Abalone, Limpet, Conch, Nudibranchs, Sea hare, Sea butterfly আদি | ৭০,০০০ | সাগৰীয়, স্বচ্ছ পানী, মাটি |
| বাইভালভিয়া১০ | Clams, Oysters, Scallops, Geoducks, Mussels | ২০,০০০ | সাগৰীয়, স্বচ্ছ পানী |
| পলিপ্লেকফ'ৰা | কাইটন | ১,০০০ | শিলাময় জোৱাৰ−ভাটা অঞ্চল আৰু সাগৰ পৃষ্ঠ |
| চেফাল'পডা১১ | Squid, Octopus, Cuttlefish, Nautilus, Spirula | ৯০০ | সাগৰীয় |
| স্কেফ'পডা | টাষ্ক (tusk) খোলা | ৫০০ | সাগৰীয় ৬ − ৭০০০ গভীৰতাত |
| এপ্লেকফ'ৰা | কৃমি-সদৃশ প্ৰাণী | ৩২০ | সাগৰপৃষ্ঠৰ ২০০ − ৩০০০ মিটাৰ গভীৰতাত |
| মন'প্লেকফ'ৰা | টুপী−সদৃশ খোলা যুক্ত কোমলদেহীৰ সৈতে পুৰণি সম্বন্ধীয় | ৩১ | সাগৰপৃষ্ঠৰ ১৮০০ − ৭০০০ মিটাৰ গভীৰতাত; এটা প্ৰজাতি ২০০ মিটাৰ (৬৬০ ফুট) |
| ৰষ্ট'কনকিয়া †১২ | জীৱাশ্ম; সম্ভৱতঃ বাইভালভৰ পূৰ্ৱসূৰী | বিলুপ্ত | সাগৰীয় |
| হেলচিনেল'ইডা † | জীৱাশ্ম; শামুক-সদৃশ প্ৰাণী, যেনে Latouchella | বিলুপ্ত | সাগৰীয় |
এই গোট সমূহৰ উচ্চ পৰ্যায়ৰ শ্ৰেণীবিভাজন এতিয়াও সমস্যাজৰ্জৰ। শেহতীয়া অধ্যয়ন মতে মনফাইলেটিক এপ্লেক'ফৰাই পলিপ্লেক'ফৰাৰ সৈতে এটা ক্লেড সৃষ্টি কৰে।১৩ ইয়াৰোপৰি, বাইভালভিয়া আৰু গেষ্ট্ৰপডাৰ এটা ভগ্নী গোট সম্পৰ্ক আছে বুলি অধ্যয়নে কব বিচাৰে। টেম্টাকুলিয়েটাও কোমলদেহীৰ অন্তৰ্ভূক্ত বুলি কব পাৰি।
তথ্যসূত্ৰ
- ↑ Aristotle. History of Animals
- ↑ Little, L. (1964). Shorter Oxford English Dictionary. Oxford University press
- ↑ পৃ. 675
- ↑ Nicol, David. (June 1969). The Number of Living Species of Molluscs. Systematic Zoology. পৃ. 251–254
- ↑ Chapman, A.D. (2009). Numbers of Living Species in Australia and the World, 2nd edition. Australian Biological Resources Study, Canberra. Retrieved 2010-01-12. (printed); (online)
- ↑ Hancock, Rebecca. (2008). Recognising research on molluscs. Australian Museum
- ↑ Ponder, W.F. (2008). Phylogeny and Evolution of the Mollusca. Berkeley: University of California Press. পৃ. 481. ISBN 978-0-520-25092-5
- ↑ Haszprunar, G. (2001). Encyclopedia of Life Sciences. John Wiley & Sons, Ltd. ISBN 978-0470016176
- ↑ Ruppert, p. 300
- ↑ Ruppert, p. 367
- ↑ Ruppert, p. 343
- ↑ Clarkson, E.N.K. (1998). Invertebrate Palaeontology and Evolution. Blackwell. পৃ. 221. ISBN 978-0-632-05238-7
- ↑ Kocot, K. M.; Cannon, J. T.; Todt, C. (September 22, 2011). Phylogenomics reveals deep molluscan relationships. Nature. পৃ. 452–456
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোমলদেহী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৬৩১০৮৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।