অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কেতেকী

কেতেকী ( Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কেতেকী ( Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।

বিৱৰণ

কেতেকীৰ দেহ মজলীয়া আকাৰৰ। মতা আৰু মাইকী চৰাই দেখিবলৈ সাধাৰণতে একে হয়। দেহৰ ওপৰৰ অংশ মুগা বৰণীয়া, তললৈ ডাঠ ক’লা। নেজত গাঢ় মুগা বৰণ আৰু আগটো বগা বৰণৰ হোৱা দেখা যায়। কেতেকী পোৱালিৰ মূৰৰ ওপৰ অংশ আৰু ডিঙি বগা বৰণৰ হয়। চকুৰ মণি মুগা বা হালধীয়া ৰঙৰ হোৱা দেখা যায়।১

কেতেকী চৰায়ে প্ৰজননৰ সময়ত ইটোৱে সিটোক মাতি থকা প্ৰায়ে শুনা যায়১

কেতেকী চৰাইৰ প্ৰধান খাদ্য হ’ল নোমাল বিছা বা পলু, পোক-পতংগ আৰু ফল-মূল।১ ইহঁতে সাধাৰণতে গছৰ ওপৰৰ স্তৰত (upper canopy) খাদ্য খায়।২

বিতৰণ

কেতেকী চৰাই সমগ্ৰ এছিয়াত বহুলভাৱে বিস্তৃত। ইঁহতে সাধাৰণতে পৰ্ণপাতী আৰু চিৰসেউজীয়া বনাঞ্চলত বসবাস কৰে।১

আচৰণ

কেতেকীয়ে আনৰ বাহত কণী পাৰে। ই সাধাৰণতে কাউৰী আৰু Drongo ৰ বাহত কণী পাৰে বুলি জনা যায়। এই চৰাই বিধৰ প্ৰজননৰ সময় স্থানভেদে বেলেগ বেলেগ হোৱা দেখা যায়। উদাহৰণ স্বৰূপে ই চীনত মে-জুলাই, ভাৰতবৰ্ষত মাৰ্চ-আগষ্ট, ম্যনমাৰত জানুৱাৰী-জুন মাহত প্ৰজনন কৰে বুলি জনা যায়।১

অন্যান্য উৎস

  • Sankar,K (1993) The Indian Cuckoo (Cuculus micropterus micropterus Gould) in Sariska Tiger Reserve, Rajasthan. J. Bombay Nat. Hist. Soc. 90(3):512
  • Hewetson, C. E. (1956) Observations on the bird life of Madhya Pradesh. J. Bombay nat. Hist. Soc. 53(4):627

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Payne, RB. (2005). The Cuckoos.. Oxford University Press. পৃ. 25, 101, 492–494
  2. ↑ Narayan,Goutam; Rosalind,Lima. (1991). Hovering: an unrecorded behaviour in the Indian Cuckoo Cuculus micropterus.. J. Bombay Nat. Hist. Soc.. পৃ. 454

সম্পৰ্কিত শ্ৰেণী

অসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতেকী” প্ৰবন্ধৰ সংশোধন ৫৪০৪১০ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।