অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অতিপ্ৰাকৃতিক

অতিপ্ৰাকৃতিক (Supernatural) বুলিলে প্ৰকৃতিৰ নিয়মৰ ঊৰ্ধত থকা পৰিঘটনা বা সত্তাক বুজোৱা হয়।প্ৰাচীন জগতত ইয়াৰ কোনো অস্তিত্ব নাছিল। লোককথা আৰু ধৰ্মীয় প্ৰসংগত অতিপ্ৰাকৃতিকতাক বৈশিষ্ট্যযুক্ত কৰা হয়। কিন্তু অধিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াক বৈশিষ্ট্যযুক্ত হিচাপে ব্যাখ্যা কৰিব পাৰি।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অতিপ্ৰাকৃতিক (Supernatural) বুলিলে প্ৰকৃতিৰ নিয়মৰ ঊৰ্ধত থকা পৰিঘটনা বা সত্তাক বুজোৱা হয়।১১ এই শব্দটো মধ্যযুগীয় লেটিন supernaturalisৰ পৰা উদ্ভৱ হৈছেঃ super- (ওপৰত, বাহিৰত, বা বাহিৰত) + natura (প্ৰকৃতি)১ প্ৰকৃতি নামৰ সৰ্বশেষ শব্দটোৱে প্ৰাচীন জগতৰ পৰাই একাধিক অৰ্থ বহন কৰি আহিছে যদিও " অতিপ্ৰাকৃতিক" শব্দটোৰ উৎপত্তি হৈছে মধ্যযুগতহে।২প্ৰাচীন জগতত ইয়াৰ কোনো অস্তিত্ব নাছিল।৩

লোককথা আৰু ধৰ্মীয় প্ৰসংগত অতিপ্ৰাকৃতিকতাক বৈশিষ্ট্যযুক্ত কৰা হয়।৪ কিন্তু অধিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াক বৈশিষ্ট্যযুক্ত হিচাপে ব্যাখ্যা কৰিব পাৰি। যেনেঃ অন্ধবিশ্বাস বা অস্বাভাৱিকতাক বিশ্বাসৰ ক্ষেত্ৰত।৫ এই শব্দটো অভৌতিক সত্তা যেনেঃ স্বৰ্গদূত, দানৱ, দেৱতা আৰু আত্মাৰ ক্ষেত্ৰত আৰোপ কৰা হয়। ইয়াৰ উপৰি যাদু,টেলিকাইনেছিছ, লেভিটেচন, পূৰ্বজ্ঞান, আৰু অতি-ইন্দ্ৰিয় সংবেদন আদি বিষয়সমূহতো ই অন্তৰ্ভুক্ত।

প্ৰকৃতিবাদৰ দৰ্শনে কয় যে প্ৰাকৃতিক জগতৰ বাহিৰে একোৱেই নাই, আৰু সেইবাবেই এই দৰ্শনে সন্দেহৰ দৃষ্টিৰে অলৌকিক দাবীক পৰ্যবেক্ষণ কৰিছে।৬

নৃতত্ত্ববিজ্ঞানৰ অধ্যয়নে ইংগিত দিয়ে যে মানুহে প্ৰাকৃতিক আৰু অতিপ্ৰাকৃতিক ব্যাখ্যাক পাৰস্পৰিকভাৱে ব্যতিক্ৰমী বা দ্বৈতভাৱে গ্ৰহণ নকৰে বা ব্যৱহাৰ নকৰে। বৰঞ্চ প্ৰাকৃতিক আৰু অতিপ্ৰাকৃতিক ব্যাখ্যাৰ মিলন স্বাভাৱিক আৰু সংস্কৃতিৰ মাজত ব্যাপক।৭অন্তৰ-সাংস্কৃতিক অধ্যয়নে ইংগিত দিয়ে যে পৃথিৱীৰ বিষয়ে অসংখ্য কথা যেনেঃ ৰোগ, মৃত্যু আৰু উৎপত্তিৰ ব্যাখ্যাৰ বাবে প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে প্ৰাকৃতিক আৰু অলৌকিক ব্যাখ্যাৰ সহাৱস্থান মন কৰিবলগীয়া।৮৯ ব্যক্তিবিশেষে কেতিয়া আৰু কেনেকৈ প্ৰাকৃতিক আৰু অলৌকিক ব্যাখ্যাক অন্তৰ্ভুক্ত কৰে সেইটো নিৰ্ধাৰণ কৰাত প্ৰসংগ আৰু সাংস্কৃতিক নিৱিষ্টই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্যক্তিৰ প্ৰাকৃতিক আৰু অলৌকিক ব্যাখ্যাৰ সহাৱস্থানেই দুটা সুকীয়া জ্ঞানমূলক ক্ষেত্ৰৰ ফলাফল হ'ব পাৰে। এটা শাৰীৰিক-যান্ত্ৰিক সম্পৰ্কৰ সৈতে আৰু আনটো সামাজিক সম্পৰ্কৰ সৈতে জড়িত।১০ খিলঞ্জীয়া গোটসমূহৰ অধ্যয়নে ব্যাখ্যাৰ এনে সহাৱস্থানৰ কাৰ্যাৱলীৰ সন্দৰ্ভত অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।১১১২

সন্দেহবাদ বা সংশয়বাদ

সংশয়বাদ (আমেৰিকান ইংৰাজী) সাধাৰণতে অনুমানিক জ্ঞান বা বিশ্বাসৰ এটা বা ততোধিক বস্তুৰ প্ৰতি প্ৰশ্নবোধক মনোভাৱ বা সন্দেহ।১৩১৪ইয়াক প্ৰায়ে অতিপ্ৰাকৃতিক, নৈতিকতা (নৈতিক সন্দেহ), ধৰ্ম (ঈশ্বৰৰ অস্তিত্বৰ ওপৰত সন্দেহ), বা জ্ঞান (জ্ঞানৰ সম্ভাৱনা বা নিশ্চয়তাৰ ওপৰত সন্দেহ) আদিৰ ক্ষেত্ৰত নিৰ্দেশিত কৰা হয়।১৫আনুষ্ঠানিক ক্ষেত্ৰত বিষয় হিচাপে সন্দেহবাদ দৰ্শন বা জ্ঞানতত্ত্বৰ প্ৰেক্ষাপটত ঘটে যদিও ইয়াক ৰাজনীতি, ধৰ্ম, ছদ্মবিজ্ঞান আদি যিকোনো বিষয়ত প্ৰয়োগ কৰিব পাৰি।

সন্দেহবাদীসকলে অতিপ্ৰাকৃতিক বস্তুৰ অস্তিত্ব থাকিব নোৱাৰে বুলি মন্তব্য দিয়াৰ এটা কাৰণ হ'ল "অলৌকিক" যিকোনো বস্তুৱেই সংজ্ঞা অনুসৰি প্ৰাকৃতিক জগতৰ অংশ নহয়। একাংশ বিশ্বাসীয়ে অলৌকিকতাৰ সমৰ্থনত সবলভাৱে কয় যে ইয়াক কেৱল বৰ্তমানৰ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি প্ৰদৰ্শন কৰিব নোৱাৰি। কিন্তু সন্দেহবাদীসকলে কয় যে এনে পদ্ধতি হৈছে মানুহৰ জ্ঞাত আৰু অজ্ঞাত বিষয়বোৰৰ অনুসন্ধান কৰিবলৈ উদ্ভাৱন কৰা সৰ্বোত্তম আহিলা।১৬

তথ্যসূত্ৰ

  1. ↑ Definition of SUPERNATURAL
  2. ↑ Bartlett, Robert. (14 March 2008). The Natural and the Supernatural in the Middle Ages. Cambridge University Press. পৃ. 1–34. ISBN 978-0521702553
  3. ↑ Supernatural. A Concise Companion to the Jewish Religion. Oxford Reference Online – Oxford University Press
  4. ↑ Pasulka, Diana; Kripal, Jeffrey. (23 November 2014). Religion and the Paranormal. Oxford University Press blog. Oxford University Press
  5. ↑ Halman, Loek. (2010). Atheism and Secularity Vol.2: Gloabal Expressions. Praeger. ISBN 9780313351839
  6. ↑ Naturalism. Internet Encyclopedia of Philosophy. University of Tennessee
  7. ↑ Legare, Cristine H.; Visala, Aku. (2011). Between Religion and Science: Integrating Psychological and Philosophical Accounts of Explanatory Coexistence. Human Development. পৃ. 169–184
  8. ↑ Legare, Cristine H.; Evans, E. Margaret; Rosengren, Karl S. (May 2012). The Coexistence of Natural and Supernatural Explanations Across Cultures and Development: Coexistence of Natural and Supernatural Explanations. Child Development. পৃ. 779–793
  9. ↑ Aizenkot, Dana. (11 September 2020). Meaning-Making to Child Loss: The Coexistence of Natural and Supernatural Explanations of Death. Journal of Constructivist Psychology. পৃ. 318–343
  10. ↑ Busch, Justin T. A.; Watson-Jones, Rachel E.; Legare, Cristine H. (March 2017). The coexistence of natural and supernatural explanations within and across domains and development. British Journal of Developmental Psychology. পৃ. 4–20
  11. ↑ Whitehouse, Harvey. (2011). The Coexistence Problem in Psychology, Anthropology, and Evolutionary Theory. Human Development. পৃ. 191–199
  12. ↑ Watson-Jones, Rachel E.; Busch, Justin T. A.; Legare, Cristine H. (October 2015). Interdisciplinary and Cross-Cultural Perspectives on Explanatory Coexistence. Topics in Cognitive Science. পৃ. 611–623
  13. ↑ Popkin, R. H. The History of Skepticism from Erasmus to Descartes (rev. ed. 1968); C. L. Stough, Greek Skepticism (1969); M. Burnyeat, ed., The Skeptical Tradition (1983); B. Stroud, The Significance of Philosophical Skepticism (1984). Encyclopedia2.thefreedictionary.com
  14. ↑ "Philosophical views are typically classed as skeptical when they involve advancing some degree of doubt regarding claims that are elsewhere taken for granted." utm.edu
  15. ↑ Greco, John. (2008). The Oxford Handbook of Skepticism. Oxford University Press, US. ISBN 9780195183214
  16. ↑ Novella, Steven, et al. The Skeptics' Guide to the Universe: How to Know What's Really Real in a World Increasingly Full of Fake. Grand Central Publishing, 2018. pp. 145–146

সম্পৰ্কিত শ্ৰেণী

লোককথাঅতিপ্ৰাকৃত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অতিপ্ৰাকৃতিক” প্ৰবন্ধৰ সংশোধন ৬২৪৮৮৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।