অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফুলকবি

ফুলকবি (ইংৰাজী: Cauliflower; বৈজ্ঞানিক নাম: Brassica oleracea var. botrytis) হৈছে ব্ৰাচিকাচেয়া বা সৰিয়হ তথা কবি গোত্ৰৰ অন্তৰ্গত Brassica oleracea প্ৰজাতিৰ এবিধ পাচলি।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ৬৪০ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ
নাৰ্ছাৰীত গজি উঠা ফুলকবিৰ পুলি
নাৰ্ছাৰীত গজি উঠা ফুলকবিৰ পুলিছবি: Tomwsulcer · CC0

ফুলকবি (ইংৰাজী ভাষা: Cauliflower; বৈজ্ঞানিক নাম: Brassica oleracea var. botrytis) হৈছে ব্ৰাচিকাচেয়া বা সৰিয়হ তথা কবি গোত্ৰৰ অন্তৰ্গত Brassica oleracea প্ৰজাতিৰ এবিধ শাক-পাচলি। একে প্ৰজাতিৰ অন্যান্য জাতসমূহ যেনে বন্ধাকবি, ব্ৰকলি, ব্ৰুচেলছ স্প্ৰাউটছ, পাতকবি (kale) আৰু ওলকবি আদিৰ দৰেই ফুলকৰিও এবিধ বহুলভাৱে খেতি কৰা পাচলি। এই উদ্ভিদজোপাৰ খাব পৰা অংশটো হৈছে ইয়াৰ অপৰিপক্ক ফুলৰ কলিবোৰৰ ঘন থুপটো, যাক সাধাৰণতে curd বুলি কোৱা হয়। ইয়াৰ ফুলৰ থুপটো সাধাৰণতে বগা ৰঙৰ হয়, কিন্তু ই সেউজীয়া, কমলা বা বেঙুনীয়া ৰঙৰো হ’ব পাৰে। ইয়াৰ কেইবাটাও জাত পোৱা যায়, যাৰ ভিতৰত ৰোমানেস্কো ব্ৰকলি নামৰ জাতটো অন্যতম, যাৰ সৰ্পিল গাঁথনিৰ ফুলবোৰ ফ্ৰেক্টেল আৰ্হিত বৃদ্ধি পায়।

প্ৰাচীন কালত ভূমধ্যসাগৰীয় অঞ্চলত বনৰীয়া কপিৰ কৃত্ৰিম নিৰ্বাচন পদ্ধতিৰ জৰিয়তে ফুলকবিৰ ঘৰুৱাকৰণ কৰা হৈছিল। বৰ্তমান বিশ্বজুৰি শীতকালীন শস্য হিচাপে ইয়াৰ খেতি কৰা হয় আৰু পাকঘৰত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াক কেঁচাকৈ, ভাপত সিজাই, ভাজি বা অন্যান্য ব্যঞ্জনৰ সৈতে মিলাই খাব পাৰি। ২০২৪ চনত সমগ্ৰ বিশ্বতে ফুলকবি আৰু ব্ৰকলিৰ মুঠ উৎপাদন আছিল ২.৭ কোটি টন, যাৰ ভিতৰত ৭৩% উৎপাদন কৰি চীন আৰু ভাৰত উৎপাদক দেশ হিচাপে শীৰ্ষত আছিল।

বিৱৰণ

ফুলকবিৰ প্ৰধানকৈ চাৰিটা মুখ্য গোট আছে।১

  1. ইটালীয়ান: এই গোটটোৰ ফুলকৰি দেখিবলৈ বৈচিত্ৰ্যময় আৰু ই একবৰ্ষজীৱী বা দ্বিবৰ্ষজীৱী দুয়ো প্ৰকাৰৰ হ’ব পাৰে। এই গোটত বগা, ৰোমানেস্কো আৰু বিভিন্ন বাদামী, সেউজীয়া, বেঙুনীয়া তথা হালধীয়া জাতৰ ফুলকবি অন্তৰ্ভুক্ত। এই গোটটো হৈছে মূল পূৰ্বপুৰুষীয়া ৰূপ, যাৰ পৰা বাকী থকা গোটসমূহৰ বিকাশ ঘটিছে।
  2. উত্তৰ ইউৰোপীয় একবৰ্ষীয়: এইবোৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাত গ্ৰীষ্ম আৰু শৰৎকালীন চপোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ১৮ শতিকাত জাৰ্মানীত এই গোটটোৰ বিকাশ কৰা হৈছিল আৰু ইয়াৰ ভিতৰত পুৰণি জাত ‘আৰ্ফাট’ আৰু ‘স্ন’বল’ অন্যতম।
  3. উত্তৰ-পশ্চিম দ্বিবৰ্ষীয়: এইবোৰ ইউৰোপত শীতকাল আৰু বসন্তৰ আৰম্ভণিতে চপোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। ১৯ শতিকাত ফ্ৰান্সত ইয়াৰ বিকাশ কৰা হৈছিল আৰু ইয়াৰ ভিতৰত পুৰণি জাত ‘এঞ্জাৰ্ছ’ আৰু ‘ৰোচকফ’ অন্তৰ্ভুক্ত।
  4. এছিয়ান: এইখন চীন আৰু ভাৰতত ব্যৱহাৰ কৰা ক্ৰান্তীয় ফুলকবি। ১৯ শতিকাৰ ভিতৰত ভাৰতত বৰ্তমান বিলুপ্ত ‘কৰ্নিচ’ জাতৰ পৰা ইয়াৰ বিকাশ ঘটোৱা হৈছিল২ আৰু ইয়াৰ পুৰণি জাতসমূহৰ ভিতৰত ‘আৰ্লি বেনাৰছ’ আৰু ‘আৰ্লি পাটনা’ অন্যতম।

ঘৰুৱাকৰণ

ফুলকবি হৈছে B. oleracea প্ৰজাতিৰ এক "অৱৰুদ্ধ পুষ্পবিন্যাস" উপ-প্ৰজাতি, যাৰ উৎপত্তি প্ৰায় ২,৫০০ বছৰ আগতে হৈছিল।৩ জিন’মিক বিশ্লেষণে দেখুৱাইছে যে ই প্ৰথমতে ব্ৰকলিৰ পৰা তিনিটা MADS-box জিনৰ সৈতে বিৱৰ্তন ঘটিছিল, যিয়ে ইয়াৰ ফুলৰ থুপ গঠনত ভূমিকা পালন কৰে। ইয়াৰ দৈহিক আৰু জৈৱিক বৈশিষ্ট্যৰ সৈতে নটা ল’চি আৰু প্ৰাৰ্থী জিন জড়িত হৈ আছে।৩

জাতসমূহ

সমগ্ৰ বিশ্বতে ওলকবিৰ শ শ ঐতিহাসিক আৰু বৰ্তমানৰ বাণিজ্যিক জাত ব্যৱহাৰ কৰা হয়। উত্তৰ আমেৰিকাৰ প্ৰায় ৮০টা জাতৰ এক বিস্তৃত তালিকা উত্তৰ কেৰোলিনা ৰাজ্যিক বিশ্ববিদ্যালয়ত সংৰক্ষিত কৰা হৈছে।৪

ৰংসমূহ

  • বগা ফুলকবি: ই ফুলকবিৰ আটাইতকৈ সাধাৰণ আৰু পৰিচিত ৰং, যাৰ বগা ৰঙৰ ফুলৰ থুপ বা মূৰটো সেউজীয়া পাতেৰে আবৃত হৈ থাকে।৫
  • কমলা ফুলকবি: এই জাতৰ ফুলকৰিত কমলা ৰঙৰ ৰঞ্জক পদাৰ্থ হিচাপে বিটা-কেৰোটিন থাকে, যি এবিধ প্ৰ’ভিটামিন এ যৌগ। এই কমলা ৰঙৰ বৈশিষ্ট্যটো কানাডাৰ এখন ফুলকবিৰ পথাৰত পোৱা এক প্ৰাকৃতিক মিউটেণ্ট বা উৎপৰিৱৰ্তনৰ পৰা উদ্ভৱ হৈছিল।৬ ইয়াৰ ব্যৱসায়িক জাতসমূহৰ ভিতৰত ‘চেডাৰ’ আৰু ‘অৰেঞ্জ বুকে’ অন্যতম।
  • 'সেউজীয়া ফুলকবি:'B. oleracea Botrytis গোটৰ এই সেউজীয়া ফুলকৰিক কেতিয়াবা ‘ব্ৰক’ফ্লাৱাৰ’ বুলিও কোৱা হয়। ই সাধাৰণ ফুলকবিৰ আকৃতিৰ উপৰিও সৰ্পিল গাঁথনিৰ ফেক্টেল আৰ্হিৰ জাততো পোৱা যায়, যাক ৰোমানেস্কো ফুলকবি বোলে। ১৯৯০ চনৰ আৰম্ভণিৰ পৰাই আমেৰিকা আৰু ইউৰোপৰ বজাৰত এই দুয়োবিধ পাচলি সুলভ হৈ পৰিছে। সেউজীয়া জাতসমূহৰ ভিতৰত ‘আলভাৰ্ডা’, ‘গ্ৰীণ গডেছ’ আৰু ‘ভৰ্ডা’ অন্যতম। ৰোমানেস্কো জাতৰ ভিতৰত ‘মিনোৰেট’ আৰু ‘ভেৰোনিকা’ উল্লেখনীয়।
  • বেঙুনীয়া ফুলকবি: ফুলকবিৰ এই বেঙুনীয়া ৰংটো শৰীৰত এন্থ’চায়ানিনৰ উপস্থিতিৰ বাবে হয়। এন্থ’চায়ানিন হৈছে পানীত দ্ৰৱণীয় ৰঞ্জক পদাৰ্থ, যি আন বহুতো উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী যেনে ৰঙা বন্ধাকবি আৰু ৰঙা সুৰাত পোৱা যায়।৭ ইয়াৰ প্ৰধান জাতসমূহৰ ভিতৰত ‘গ্ৰাফিটি’ আৰু ‘পাৰ্পল কেপ’ অন্যতম।

উদ্ভিদ ৰাসায়নিক

কপি গোত্ৰৰ অন্যান্য পাচলিবোৰৰ দৰেই ফুলকৰিতো কেইবাবিধো অপুষ্টিকৰ উদ্ভিদ ৰাসায়নিক বা ফাইটোকেমিকেলছ থাকে, যাৰ সম্ভাৱ্য গুণাগুণৰ বাবে বৰ্তমান প্ৰাৰম্ভিক গৱেষণা চলি আছে। ইয়াৰ ভিতৰত আইচোথিওচায়ানেটছ আৰু গ্লুকোচিনোলেটছ অন্যতম।৮ ফুলকবি পানীত উতলাই ৰান্ধিলে ইয়াৰ গ্লুকোচিনোলেটছৰ মাত্ৰা হ্ৰাস পায়, আনহাতে ভাপত সিজোৱা, মাইক্ৰ’ৱেভত দিয়া বা লঘুভাৱে তেলত ভাজিলে ইয়াৰ মাত্ৰাত কোনো বিশেষ প্ৰভাৱ নপৰে।৯

পুষ্টিগুণ

কেঁচা ফুলকৰিত ৯২% পানী, ৫% কাৰ্ব’হাইড্ৰেট, ২% মাংসসাৰ থাকে আৰু চৰ্বিৰ পৰিমাণ তেনেই নগণ্য (তালিকা চাওক)। প্ৰতি ১০০ গ্ৰাম কেঁচা ফুলকপিয়ে ২৫ কেলৰি খাদ্য শক্তি যোগান ধৰে। ই ভিটামিন চি-ৰ এক উচ্চ উৎস (দৈনিক প্ৰয়োজনীয়তাৰ ৫৪% DV)। ইয়াৰ উপৰিও ইয়াত কেইবাবিধো ভিটামিন বি, ভিটামিন কে আৰু পটাচিয়াম মধ্যমীয়া পৰিমাণে (১০–১৪% DV) পোৱা যায়। অন্যান্য সূক্ষ্ম পুষ্টি উপাদানসমূহৰ পৰিমাণ অতি কম (৫% DV তকৈও কম)।

তথ্যসূত্ৰ

  1. ↑ Crisp, P. (1982). The use of an evolutionary scheme for cauliflowers in screening of genetic resources. Euphytica. পৃ. 725
  2. ↑ Swarup, V.; Chatterjee, S.S. (1972). Origin and genetic improvement of Indian cauliflower. Economic Botany. পৃ. 381–393
  3. ↑ Chen, Rui; Chen, Ke; Yao, Xingwei. (2024). Genomic analyses reveal the stepwise domestication and genetic mechanism of curd biogenesis in cauliflower. Nature Genetics. পৃ. 1235–1244
  4. ↑ Farnham, M. (2007). Vegetable Cultivar Descriptions for North America:Cauliflower
  5. ↑ Vincent A. Fritz; Carl J. Rosen; Michelle A. Grabowski. (2017). Growing broccoli, cabbage and cauliflower in Minnesota. University of Minnesota Extension, Garden – Growing Vegetables
  6. ↑ Dickson, M.H.; Lee C.Y.; Blamble A.E. (1988). Orange-curd high carotene cauliflower inbreds, NY 156, NY 163, and NY 165. HortScience. পৃ. 778–779
  7. ↑ Chiu, L.; Prior, R.L.; Wu, X. (16 July 2005). Toward Identification of the Candidate Gene Controlling Anthocyanin Accumulation in Purple Cauliflower (Brassica oleracea L. var. botrytis). American Society of Plant Biologists Annual Meeting. পৃ. 628
  8. ↑ (2014). Glucosinolate metabolism, functionality, and breeding for the improvement of Brassicaceae vegetables. Breeding Science. পৃ. 48–59
  9. ↑ Nugrahedi, Probo Y.; Verkerk, Ruud; Widianarko, Budi. (2015). A Mechanistic Perspective on Process-Induced Changes in Glucosinolate Content in Brassica Vegetables: A Review. Critical Reviews in Food Science and Nutrition. পৃ. 823–838

সম্পৰ্কিত শ্ৰেণী

পাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলকবি” প্ৰবন্ধৰ সংশোধন ৬৩৮২২৮ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।