অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ উত্তৰ-পূব দিশত 'চেঁচা অৰ্কিড উদ্যান' আৰু পূবে কামেং নৈৰ সিপাৰে পাক্কে ব্ৰাঘ্ৰ প্ৰকল্প অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৪১৩ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ উত্তৰ-পূব দিশত 'চেঁচা অৰ্কিড উদ্যান' আৰু পূবে জীয়া ভৰলীৰ সিপাৰে পাক্কে ব্ৰাঘ্ৰ প্ৰকল্প অৱস্থিত। ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য সাগৰ পৃষ্ঠৰ পৰা ৫০০ মিটাৰৰ পৰা ৩২৫০ মিটাৰ পৰ্যন্ত বিয়পি আছে। ই 'কামেং হস্তী সংৰক্ষিত বনাঞ্চল (Kameng Elephant Reserve)ৰ অন্তৰ্ভুক্ত। ১৯৫০ ৰ দশকত এই অঞ্চলত বাহৰ পাতি থকা ভাৰতীয় সেনাৰ চতুৰ্থ ইনফেণ্ট্ৰিৰ ৰেড ঈগল ডিভিজনৰ নামেৰে এই অভয়াৰণ্যৰ নাম ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৰখা হয় বুলি জনা যায়। ১ এই অভয়াৰণ্য প্ৰধানকৈ বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে বিখ্যাত।

ভৌগোলিক অৱস্থান

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য আৰু চেঁচা অৰ্কিড অভয়াৰণ্য উত্তৰ-পূবমুৱাকৈ অৱস্থিত। এই বন্যপ্ৰাণী অভয়াৰণ্যখন উত্তৰে ঈগলনেষ্ট পাছ আৰু বুগুন জনজাতিৰ সংৰক্ষিত বনাঞ্চললৈ গঠিত হৈছে। ইয়াৰ উত্তৰ সীমান্তত টাৱাং জিলা। ভালুকপুং-বমডিলা ৰাষ্ট্ৰীয় পথটোৱে এই অভয়াৰণ্যৰ পূব সীমা। ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ পশ্চিমে ভূটান সীমান্ত। ২

প্ৰাণীকুল

পক্ষী

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য পক্ষী নিৰীক্ষণৰ বাবে বিখ্যাত। ইয়াত বৰ্তমানলৈকে ৪৫৪ প্ৰজাতিৰ বিভিন্ন চৰাই পোৱা গৈছে। ২ ইয়াৰ ভিতৰত ৩ বিধ পানীকাউৰী (cormorants), ৫ বিধ কণামুচুৰী জাতীয় (herons), Black Stork, Oriental White Ibis, ৪ বিধ হাঁহ (ducks), ২০ বিধ মাংসহাৰী চৰাই (hawks, eagles, kites, harriers and vultures), ৩ বিধ ফেলকন (falcons), ১০ বিধ কুকুৰাজাতীয় (pheasants, junglefowl, quail, peafowl), ১৪ বিধ কপৌ জাতীয় চৰাই (pigeons), ৩ বিধ ভাটৌজাতীয় চৰাই (Parrots), ১৫ বিধ কাউৰী জাতীয় (Cukoos), ১০ বিধ ফেঁচা জাতীয় (Owls), ৭ বিধ মাছোৰোকা জাতীয় (Kingfishers), ৪ বিধ ধনেশ (Hornbills), ৯ বিধ বুলবুল জাতীয় (Bulbuls) চৰাই প্ৰধান। ৩ তদুপৰি এই অভয়াৰণ্যত তিনিবিধ ট্ৰগপান (tragopan) প্ৰজাতিৰ চৰাই দেখা পোৱা যায়।৪

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৫ চনত বুগুণ লিঅ'চিকলা (Bugun liocichla ) নামৰ এবিধ নতুন চৰাই আৱিষ্কাৰ হয়। ২০০৬ চনত ৰমনা আত্ৰেয়া (Ramana Athreya) ই এই চৰাইবিধৰ বৰ্ণনা কৰে। ৫

সৰীসৃপ প্ৰাণী

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত বহু প্ৰকাৰৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী দেখা পোৱা যায়। ইয়াৰ ভিতৰত ৩৪ বিধ উভচৰ, ২৪ বিধ সাপ, ৭ বিধ জেঠীজাতীয়, ৪ বিধ স্কিঙ্ক (Skink) প্ৰাণী প্ৰধান। Abor Hills Agama নামৰ প্ৰাণীবিধ ১২৫ বছৰৰ বিৰতিৰ মূৰত এই অভয়াৰণ্যত পুনৰ আৱিষ্কাৰ হয়। ইয়াত দেখা পোাৱ অন্যান্য বিৰল প্ৰজাতি বোৰ হ'ল, Darjeeling False-wolfsnake, Anderson's Mountain lizard, Günther's Kukri Snake, Common Slug Snake আৰু Keelback সাপৰ প্ৰজাতি।

স্তন্যপায়ী প্ৰাণী

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত কমেও ১৫ বিধ স্তন্যপায়ী প্ৰাণী দেখা পোৱা যায়। ইয়াৰ ভিতৰত বিলুপ্তপ্ৰায় টুপীমুৰীয়া বান্দৰ, ঢেঁকীয়াপতীয়া বাঘ, হাতী, ৰঙা পাণ্ডা, ভালুক, অৰুণাচলী বান্দৰ আৰু মিথুন আদিয়ে প্ৰধান। ১৯৯৭ চনত প্ৰখ্যাত প্ৰাণীবিজ্ঞানী আনোৱাৰদ্দিন চৌধুৰীয়ে নতুন বান্দৰৰ প্ৰজাতি 'অৰুণাচলী বান্দৰ' আৱিষ্কাৰ কৰে।৬৭৮

পখিলা

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত কমেও ১৬৫ বিধ বিভিন্ন প্ৰজাতিৰ ৰং-বিৰঙী পখিলা দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত ভূটান গ্ল'ৰি (Bhutan Glory), গ্ৰে এডমিৰেল (Grey Admiral), ডাস্কি লেবিৰিন্থ (Dusky Labyrinth), টাইগাৰ ব্ৰাউন (Tigerbrown), হুৱাইট আউল (White Owl) আদিয়ে প্ৰধান। .৯

উদ্ভিদকূল

এই অভয়াৰণ্যত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা পোৱা যায়। বৃক্ষৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ অ'ক গছেই প্ৰধান। ইয়াত কমেও পাঁচটা প্ৰজাতিৰ ৰ'ড'ডেণ্ড্ৰন ফুল দেখা পোৱা যায়। ১০

জৈৱবৈচিত্ৰ্য সংৰক্ষণ

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য এখন Conservation International Himalaya Biodiversity Hotspot স্থান১১

Birdlife International এ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য আৰু চেঁচা অভয়াৰণ্যক Important Bird Area (IBA IN344) ৰ অন্তৰ্ভুক্ত কৰিছে।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Athreya Ramana (3/13/2005) Kaati Trust, Pune Eaglenest Wildlife Sanctuary
  2. ↑ Choudhury A.U. (2003). Birds of Eaglenest Wildlife Sanctuary and Sessa Orchid Sanctuary, Arunachal Pradesh, India. Forktail 19:1-13
  3. ↑ Athreya Ramana (4/13/2005) Birds of W. Arunachal Pradesh, Checklist, Kaati Trust, Pune Eaglenest record (E)
  4. ↑ Choudhury, A.U. (2005). Distribution, status and conservation of galliformes in north-east India. Pp.38-56 in: Fuller, R.A. & Browne, S.J. (eds) 2005. Galliformes 2004. Proceedings of the 3rd International Galliformes Symposium. World Pheasant Association, Fordingbridge, UK
  5. ↑ Athreya, R. (9/8/2006) A new species of Liocichla (Aves: Timaliidae) from Eaglenest Wildlife Sanctuary, Arunachal Pradesh, India Indian Birds 2 (4): p82-94
  6. ↑ Choudhury, Anwaruddin. (2004). The mystery macaques of Arunachal Pradesh. Rhino Foundation Newsletter. পৃ. 21–25
  7. ↑ Sinha, A.,Datta, A., Madhusudan, M. D. and Mishra, C. (2005). 'Macaca munzala: a new species from western Arunachal Pradesh, northeastern India. International Journal of Primatology''. পৃ. 989
  8. ↑ Choudhury, A.U. (1999). Status and Conservation of the Asian elephant Elephas maximus in north-eastern India. Mammal Review 29(3): 141-173
  9. ↑ Athreya, R. (2006) Eaglenest Biodiversity Project − I (2003–2006): A report submitted to the Forest Department of the Government of Arunachal Pradesh, India, and the Rufford-Maurice-Laing Foundation (UK). Kaati Trust, Pune. Conservation resources for Eaglenest wildlife sanctuary.
  10. ↑ In search of the Bugun Liocichla and other parables from Eaglenest
  11. ↑ Conservation International (2007) Himalaya - conservation action and protected areas, retrieved 10/1/2007 Himalaya - conservation action and protected areas
  12. ↑ BirdLife International (2006) BirdLife IBA Factsheet, retrieved 10/1/2007 IN344 Eaglenest and Sessa Sanctuaries

সম্পৰ্কিত শ্ৰেণী

অৰুণাচল প্ৰদেশভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৩৮০১৪০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।