পাৰ চৰাই (Pigeon) পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।
বিৱৰণ

একোটা পাৰৰ দৈৰ্ঘ্য ১৫ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰ পৰ্যন্ত হয়। পৃথিৱীত প্ৰায় ৩০০ প্ৰকাৰৰ পাৰ পোৱা যায়। তাৰ আটাইতকৈ ডাঙৰবিধৰ ওজন চাৰি কিলোগ্ৰামলৈকে হ'ব পাৰে।
পাৰৰ শৰীৰটো সুগঢ়িত। ঠেংদুটা, মূৰ আৰু ঠোঁট সৰু। সাধাৰণতে ঠোঁটৰ ৰং ক'লা আৰু ওপৰৰ ঠোঁটটো সামান্য বেঁকা। পাৰৰ বৰণ বগা, মুগা, ক'লা বা ছাই ৰঙৰ হয়। কিছুমান প্ৰজাতি অৱশ্যে উজ্জ্বল বৰণৰো হয়।
বিতৰণ
পৃথিৱীৰ অতি ঠাণ্ডা অঞ্চলসমূহৰ বাহিৰে সকলো ঠাইতে পাৰ আছে।
আচৰণ
খাদ্য
ইহঁতে সাধাৰণতে শস্যৰ গুটি, পোক-পতংগ আদি খায়। কিছুমান পাৰৰ গলধনত খোৱাবস্তু জমা ৰাখিব পৰাকৈ এটা টোঁটোলা থাকে।
প্ৰজনন
পাৰই এবাৰত দুটালৈকে কণী পাৰে। মতা-মাইকী দুয়োটাই পাল পাতি কণী উমনি দিয়ে আৰু সাধাৰণতে ১২-১৯ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে। কণী ফুটি পোৱালি ওলোৱাৰ পাচত মাক আৰু বাপেক উভয়ে, ঠোঁটত ঠোঁট লগাই সিহঁতৰ মুখৰ টোঁটোলাৰ ভিতৰত সৃষ্টি হোৱা এক ক্ৰীমৰ দৰে 'গাখীৰ' খুৱায়। অৱশ্যে কিছু ডাঙৰ হোৱাৰ পাচত তাৰ লগত, আধা হজম হোৱা খাদ্যও মিহলাই দিয়ে।
পৰিব্ৰজন
পাৰৰ কিছুমান প্ৰজাতিয়ে পৰিব্ৰজন কৰে। দেহৰ আকৃতি অনুসৰি পাৰৰ ডেউকাদুখন বেছ ডাঙৰ আৰু শক্তিশালী। ইয়াৰ ফলত পাৰই বেগাই আৰু বহুদূৰলৈ উৰিব পাৰে। পাৰৰ উৰণবেগ ঘণ্টাত ৮০-৯৬ কিলোমিটাৰ পৰ্যন্ত হয়।
মানুহৰ সৈতে সম্পৰ্ক
প্ৰায় সকলো পাৰই পোহ মানে আৰু গৃহপালিত চৰাইৰূপে মানুহৰ আশ্ৰয়ত ঘৰৰ চিলিং বা নিৰ্দিষ্টকৈ সাজি দি বাহ বা গৰাল আদিত বাস কৰে। ঘৰুৱা পাৰৰ বাহিৰে আনবোৰ পাৰ সাধাৰণতে গছৰ আশ্ৰয়ত থাকে। তাতে সিহঁতে বাহ সাজে। কিছুমানে থিয় গৰা বা মাটিতে বাহ সাজে।
প্ৰাচীন কালত পাৰক বা-বাতৰি সৰবৰাহৰ কামত ব্যৱহাৰ কৰা হৈছিল। তেনেধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা পাৰই ১,০০০ কিলোমিটাৰলৈকে উৰি গৈ বাতৰি দি আহিব পাৰে। খ্ৰীষ্টপূৰ্ব ৪৪-ৰ পৰাই, পাৰৰ দ্বাৰা খবৰ আদান-প্ৰদান কৰাৰ বিষয়ে জনা যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো পাৰৰ দ্বাৰা বাতৰি সৰবৰাহ কৰা হৈছিল।
সংস্কৃতিত
বগা পাৰক শান্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৬৪৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।