মিৰিকা মাছ (Cirrhinus cirrhosus, বা Cirrhinus mrigala), মৃগেল আৰু হোৱাইট কাৰ্প বুলিও কোৱা হয়, হৈছে কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি। ভাৰতৰ নদী আৰু জুৰিত পোৱা এবিধ স্থানীয় মাছ, কেৱল কাউভেৰি নদীত ইয়াৰ বন্য প্ৰজাতি দেখিবলৈ পোৱা যায়, প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN)ৰ ৰঙা তালিকাত ইয়াক অসুৰক্ষিত প্ৰজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ই স্থানীয়ভাৱে পালন কৰাৰ ওপৰিও বাহিৰা অঞ্চলতো অতি জনপ্ৰিয় আৰু বহুল ভাৱে পালন কৰা মাছৰ প্ৰজাতি।১ ই প্ৰায় 1 মিটাৰ পৰ্যন্ত দীঘল হয়।
মীন পালন
ই দক্ষিণ এচিয়াৰ মীন-পালনত ব্যৱহাৰ কৰা এটা অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছৰ প্ৰজাতি।২ ইয়াক ৰৌ আৰু বাহুৰ সৈতে সংমিশ্ৰিতভাৱে পালন কৰা হয়। খাদ্য হিচাপে ইয়াক ঘৰুৱাভাৱে ব্যৱহাৰ কৰাৰ লগতে বিক্ৰীও কৰা হয়। পুখুৰীৰ পৰিৱেশত ই বংশবৃদ্ধি নকৰে, সেইবাবে প্ৰাণোদিত পদ্ধতিত (কৃত্ৰিমভাৱে কণী পাৰিবলৈ প্ৰেৰিত কৰা) ইহঁতৰ পোনা উৎপাদন কৰা হয়।
অন্য কাৰ্পতকৈ ভাৰতীয় কাৰ্পবোৰ অধিক সুস্বাদু বুলি বিবেচিত হৈছে আৰু সেইবাবে ইহঁতৰ চাহিদা তথা দামো বেছি। ১৯৯০ চনৰ পৰা ইহঁতৰ বাৰ্ষিক উৎপাদন প্ৰায় ২,৫০,০০০ টনৰ পৰা ৫,৫০,০০০ টনলৈ বৃদ্ধি হৈছে। ভাৰত আৰু বাংলাদেশতেই ইহঁতৰ সৰ্বাধিত উৎপাদন কৰা হয়।
বসতি
মিৰিকা হৈছে মধ্য স্তৰৰ উপভোক্তা। ই খৰশ্ৰোতা নদী আৰু জুৰিত বাস কৰে। বাসস্থানৰ প্ৰায় 50 to গভীৰৰ বালি বা মাটিত ইহঁতে কণী পাৰে। এজনী 6 কিলোগ্ৰাম ওজনৰ মাইকী মিৰিকা মাছে প্ৰায় এক নিযুতমান কণী পাৰে। ইহঁত অতি খৰতকীয়াকৈ বৃদ্ধি হয়; মাত্ৰ দুবছৰতেই প্ৰায় 60 চে.মি. দীঘল আৰু ওজন প্ৰায় 2 কিলোগ্ৰাম লৈকে হোৱা দেখা যায়।
তথ্যসূত্ৰ
- ↑ FAO. (2014). Cirrhinus mrigala (Hamilton, 1822). Cultured Aquatic Species Information Programme. FAO Fisheries and Aquaculture Department
- ↑ Development of freshwater fish farming and poverty alleviation - A case study from Bangladesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰিকা মাছ” প্ৰবন্ধৰ সংশোধন ৪১৭০৪৭ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।