কণ্টকচৰ্মী বা একাইন'ডাৰ্মাটা হৈছে প্ৰাণীজগতৰ অন্যতম এটা প্ৰধান পৰ্ব। একাইন'ডাৰ্মাটা পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰক একাইন'ডাৰ্ম বোলে। গ্ৰীক শব্দ Echinos অৰ্থ Spine বা কাঁইট আৰু Derma অৰ্থ skin তথা ত্বকৰ পৰা একাইন'ডাৰ্মাটা শব্দটি আহৰণ কৰা হৈছে।১২ সেইবাবে ইহঁতক সাধাৰণভাৱে কণ্টকচৰ্মী চৰ্মী বোলে।
বৈশিষ্ট্য
- অখণ্ডিত দেহৰ বহিৰ্ভাগ চূণেৰে নিৰ্মিত (Calcareous) কাঁইট (Spine) আৰু অছিকলেৰে (Ossicle) আবৃত।
- পূৰ্ণাঙ্গ প্ৰাণী অৰীয় প্ৰতিসম (Radial symmetry) আৰু পঞ্চপাৰ্শীয় (Pentamerous) হলেও পলু দ্বিপাৰ্শ্বীয় প্ৰতিসম।
- দেহৰ বহিৰ্ভাগত পাঁচটা এম্বুলেক্ৰেল গ্ৰ'ভ (Ambulacral groove) থাকে।
- বিশেষ জলসংবহনতন্ত্ৰ (Water Vascular System) থাকে, যি চিলমৰ পৰা উদ্ভূত।
- ত্ৰিস্তৰ কোষবিশিষ্ট দেহৰ ভূমিৰ দিশত মৌখিক (Oral) আৰু ভূমিৰ বিপৰীত দিশত বিমৌখিক (Aboral) তল অৱস্থিত।
- এম্বুলেক্ৰাল খাঁজৰ দুই দিশে শাৰিবদ্ধভাৱে ইহঁতৰ গমনাঙ্গ নালিকা পদ (Tube feet) থাকে।
- ত্ৰিস্তৰীয় (Triploblastic) আৰু প্ৰকৃত চিলম (Coelom) বিশিষ্ট এই প্ৰাণীৰ মুণ্ড নাথাকে।
- পৰিপাক নলী (Alimentary canal) পোন অথবা কুণ্ডলীকাৰ (Coiled)।
- নিৰ্দিষ্ট শ্বসন অঙ্গ আৰু ৰেচন অঙ্গ নাথাকে। দেহগহ্বৰৰ পৰা পাতল থলীৰ দৰে প্ৰবৰ্ধিত অঙ্গ বা পাপুলিয়ে (papulae) শ্বসন অঙ্গৰ কাম কৰে।
- স্নায়ুতন্ত্ৰ আৰু সংবেদ অঙ্গ প্ৰাচীন আৰু অনুন্নত।
- সাধাৰণতে একলিঙ্গী (Dioecious), যৌন প্ৰজনন পদ্ধতিত জননক্ৰিয়া ঘটে। সাধাৰণত বহিঃনিষেশন ঘটে।
- মুক্ত পলু স্তৰ থাকে। বিভিন্ন প্ৰকাৰৰ পলু স্তৰ পোৱা যায়, যেনে− বাইপিনেৰিয়া, ব্ৰকিঅ'লেৰিয়া, ডলিঅ'লেৰিয়া ইত্যাদি।
- সকলো সামুদ্ৰিক (ব্যতিক্ৰম: Synapta simplex, ই মিঠা পানীত বসবাস কৰে)।১
শ্ৰেণীবিন্যাস

শ্ৰেণী: ক্ৰিনইডিয়া (Crinoidea)
গ্ৰীক শব্দ Crinon অৰ্থ Lily বা পদুম/লিলি ফুল আৰু Eidos অৰ্থ Form বা আকৃতিৰ পৰা ক্ৰিনইডিয়া (Crinoidea) শব্দটো আহিছে।১ পদুম ফুলৰ আকৃতিৰ গোলাকাৰ দেহ বাতিৰ দৰে দেহবৃতি (Calyx) গঠন কৰে য'ৰ পৰা সঞ্চালনশীল শাখান্বিত পিনিউল (Pinnules) বিশিষ্ট বাহু সৃষ্টি হয়। মৌখিক তলত (Oral surface) মুখ আৰু পায়ু অৱস্থিত। এই তলতে চিলিয়াযুক্ত (Ciliated) এম্বুলেক্ৰাল খাদ (Ambulacral groov) থাকে। নালিকা পদত (Tube feet) শোষক (Sucker) আৰু মেড্ৰেপ'ৰাইট (Madereporite) নাথাকে কিন্তু কাঁইট (Spine) থাকে। ই সামুদ্ৰিক পদ্ম নামে পৰিচিত। উদাহৰণ: Antedon bifida (সামুদ্ৰীক পদ্ম)
শ্ৰেণী: এষ্টেৰইডিয়া (Asteroidea)
গ্ৰীক শব্দ Aster অৰ্থ Star বা তৰা আৰু Eidos অৰ্থ Form বা আকৃতিৰ পৰা এষ্টেৰইডিয়া (Asteroidea) শব্দট আহিছে।১ মৌখিক-বিমৌখিকভাবে (Oral-aborally) চেপেটা পঞ্চপাৰ্শীয় দেহৰ কেন্দ্ৰত কেন্দ্ৰীয় ফলক (Central disk) অৱস্থিত আৰু এই ফলকৰ পৰা বৰ্ধিত বাহুবোৰো সুস্পষ্টভাবে চিহ্নিত নহয়। পঞ্চবাহুৰ প্ৰতিটোৰ অঙ্কীয় দিশত এম্বুলেক্ৰাল খাদ (Ambulacral groove) উন্মুক্ত আৰু এই খাদৰ উভয় দিশে দুই/চাৰি শাৰিত শোষকযুক্ত নালিকাপদবোৰো (Tube feet) অৱস্থিত। ইয়া মুক্তভাবে সাঁতুৰি আৰু ধীৰগতিত বগাই (Creeping) যোৱা প্ৰাণী। ইয়াক তৰামাছ (Starfish) বা সামুদ্ৰীক তৰা (Sea star) নামেৰে জনা যায়। উদাহৰণ: Asterias vulgaris (তৰামাছ)
শ্ৰেণী: অফিউৰ'ইডিয়া (Ophiuroidea)

গ্ৰীক শব্দ Ophis অৰ্থ Snake বা সাপ, Oura অৰ্থ Tail বা নেজ আৰু Eidos অৰ্থ Form বা আকৃতিৰ পৰা অফিউৰ'ইডিয়া (Ophiuroidea) শব্দটো আহিছে।১ মৌখিক-বিমৌখিকভাবে (Oral-aborally) চেপেটা পঞ্চপাৰ্শীয় (Pentamerous) দেহৰ কেন্দ্ৰত অৱস্থিত কেন্দ্ৰীয় ফলকৰ (central disk) পৰা বৰ্ধিত বাহুবোৰ সুস্পষ্ট আৰু সুচিহ্নিত। চাবুকৰ দৰে আৰু সঞ্চালনশীল পঞ্চবাহুৰ প্ৰতিটোৰ অঙ্কীয় দিশৰ উভয় ফালে দুই/চাৰি শাৰীত চোষকবিহীন নালিকাপদবোৰো (Tube feet) অবস্থিত। অনেক প্ৰাণীত অ্যাম্বুল্যাক্ৰাল খাদ (Ambulacral groove) অনুপস্থিত। যিসকলৰ উপস্থিত তেওঁলোকৰ ক্ষেত্ৰত সেয়া ওসিকল (Ossicles) দ্বাৰা আবৃত। পাকস্থলী (Stomach) থলি বা থৈলা (Sack) আকৃতিৰ আৰু পায়ু (Anus) অনুপস্থিত। উদাহৰণ: Ophiura ciliaris (সৰ্পতৰা)
শ্ৰেণী: একাইন'ইডিয়া (Echinoidea)
গ্ৰীক শব্দ Echinos অৰ্থ Hedgehog আৰু Eidos অৰ্থ Form বা আকৃতিৰ পৰা একাইন'ইডিয়া (Echinoidea) শব্দটো আহিছে।১ দ্বিপাৰ্শ্বীয় প্ৰতিসম দেহ বাহুবিহীন আৰু আকৃতিত গোলাকাৰ, ডিম্বাকাৰ, ফলকাকাৰ বা হৃদপিণ্ডাকাৰ। দেহ চূণজাতীয় পদাৰ্থেৰে নিৰ্মিত খোলাৰে আবৃত যাৰ উপৰৰ স্তৰত সঞ্চালনশীল কণ্টক থাকে। এম্বুলেক্ৰাল খাদ (Ambulacral groove) অছিকলৰ (Ossicles) দ্বাৰা আবৃত আৰু নালীকাপদ (Tube feet) শোষক বিশিষ্ট। দাঁতসহ এৰিষ্টটল'ছ লেণ্টাৰ্ণ (Aristotle’s lantern) নামৰ চৰ্বণ অঙ্গ (Chewing apparatus) থাকে। গ'নাডৰ (Gonad) সংখ্যা পাঁচ অথবা তাতকৈ কম। ই সমুদ্ৰ আৰ্চিন আৰু ডলাৰ (Sea urchins and dollars) নামেৰে পৰিচিত। উদাহৰণ: Echinus esculentus (সাগৰ অৰ্চিন)
শ্ৰেণী: হল'থুৰইডিয়া (Holothuroidea)
গ্ৰীক শব্দ Holothurion অৰ্থ Sea cucumber বা সমুদ্ৰৰ তিয়ঁহ আৰু Eidos অৰ্থ Form বা আকৃতিৰ পৰা হল'থুৰইডিয়া (Holothuroidea) শব্দটো আহিছে।১ নলাকাৰ দেহ মৌখিক (Oral) আৰু বিমৌখিক (Aboral) অক্ষ (Axis) সমানে দীঘল আৰু দ্বিপাৰ্শ্বীয় প্ৰতিসম। দেহপ্ৰাচীৰ কোমল, চামৰাৰ দৰে আৰু কাঁইটবিহীন। সম্মুখস্থ মুখ ছিদ্ৰৰ চাৰিওফালৰ কৰ্ষিকা (Tentacle) চক্ৰাকাৰে সজ্জিত থাকে। নালীকাপদ শোষক বিশিষ্ট। অৱসাৰণীতে এজোৰ শ্বসন-বৃক্ষ (Respiratory tree) উন্মুক্ত হৈ থাকে। ই সামুদ্ৰিক তিয়ঁহ নামেৰে পৰিচিত। উদাহৰণ: Cucumaria planci (কুকুমেৰিয়া)
তথ্যসূত্ৰ
- ↑ মুত্তাবি. মাধ্যমিক জীববিজ্ঞান. জাতীয় শিক্ষাক্ৰম আৰু পাঠ্যপুস্তক বোৰ্ড. পৃ. ৬৭
- ↑ echinoderm
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণ্টকচৰ্মী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৩০৪৪৫৭ (২১ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।