দলপুঙা (Bronze-winged Jacana, বৈজ্ঞানিক নাম-Metopidius indicus) 'Jacana' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ এই গোটৰ চৰাইসমূ্হৰ ঠেং ডাঙৰ হয় আৰু এই বৈশিষ্ট্যটোৰ বাবে ই ওপঙি থকা উদ্ভিদৰ ওপৰত সুকলমে চৰি ফুৰিব পাৰে৷ বিষুৱীয় অঞ্চলত এই চৰাইবিধ বহুলভাৱে বিস্তৃত হৈ আছে৷
বিৱৰণ
দলপুঙাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ২৯ ছে:মি:৷ মাইকী দলপুঙাৰ দেহৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়৷ ইয়াৰ দেহৰ বৰণ প্ৰধানকৈ ক'লা, নেজডাল ৰঙা আৰু ভিতৰৰ পাখিৰ বৰণ ডাঠ মটিয়া হয়৷ ইয়াৰ চকুৰ চেলাউৰি উজ্জ্বল বগা দলপুঙাৰ ঠোঁট হালধীয়া আৰু ঠেং দুখন মুগাবৰণীয়া হোৱা দেখা যায়৷
পোৱালি দলপুঙাৰ বৰণ মটিয়া আৰু বগা-চানেকীয়া হোৱা দেখা যায়৷
বিতৰণ
দলপুঙাই ভাৰত আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে৷
আচৰণ
ত এটা পোৱালি দলপুঙা চৰাই]]
দলপুঙাৰ মাত 'চিইক-চিইক-চিইক' ধৰণৰ৷ ই সাধাৰণতে সাৱধানবাণী দিবলৈ মাত মাতে৷
খাদ্য
দলপুঙাই সাধাৰণতে ওপঙি থকাজলজ উদ্ভিদত পোৱা পোক-পতংগ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী খাই জীয়াই থাকে৷
ত কণীৰ ওপৰত দলপুঙা]]
প্ৰজনন
দলপুঙাৰ প্ৰজননৰ ধৰণ অন্য চৰাইৰ পৰা ভিন্ন হোৱা দেখা যায়৷ ইয়াৰ ক্ষেত্ৰত মাইকী দলপুঙা চৰাইটো মতাতকৈ ডাঙৰ আৰু উজ্জ্বল হয়৷ মাইকী চৰাইৰ মাজত মতা সংগীৰ বাবে প্ৰতিযোগিতা হয়৷ এজনী মাইকী চৰায়ে একাধিক মতা দলপুঙাৰ সৈতে যোৰ পাতে আৰু পোৱালি জগায়৷ ১
তথ্যসূত্ৰ
- Hayman, Peter. (1988). Shorebirds. Helm. ISBN 0-7470-1403-5
- Rasmussen, Pamela C. (2005). Birds of South Asia: the Ripley guide. Smithsonian Institution. ISBN 84-87334-67-9 Also published by Lynx Edicions in Barcelona. Other ISBNs are: ISBN 84-87334-65-2 and ISBN 84-87334-66-0.
- Butchart, S.H.M., Seddon, N. & Ekstrom, J.M.M. (1999) Polyandry and competition for territories in bronze-winged jacanas. Animal Ecology.
- Butchart, S.H.M. (1998) Sexual conflicts and polyandry in bronze-winged jacanas. PhD Thesis, University of Cambridge, Cambridge.
- Butchart, S.H.M. Sexual conflicts and copulation patterns in polyandrous bronze-winged jacanas (Metopidius indicus). Behavior.
- Emlen, S.T., Wrege, P.H. (2004) Size dimorphism, intrasexual competition and sexual selection in wattled jacana Jacana jacana, a sex-role-reversed shorebird in Panama. Auk.
See also Ciconiiformes, as the influential Sibley-Ahlquist taxonomy considers the Jacana to be in this order
তথ্যসূত্ৰ
- ↑ Butchart, S.H.M., Seddon, N. & Ekstrom, J.M.M. (1999) Yelling for sex: harem males compete for female access in bronze-winged jacanas. Animal Behavior
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলপুঙা” প্ৰবন্ধৰ সংশোধন ৬৩১৩১৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।