অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লং

লং (Clove) এবিধ মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ আৰু তাৰ গছ। ইয়াৰ বৈজ্ঞানিক নাম Syzygium aromaticum। ইণ্ডোনেছিয়াৰ মালুকু দ্বীপত উৎপত্তি হোৱা লং এতিয়া গোটেই বিশ্বতে ব্যৱহাৰ কৰা হয়। ইয়াক ঘাইকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বহুতো ঔষধি গুণ আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৩৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

লং (Clove) এবিধ মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ আৰু তাৰ গছ। ইয়াৰ বৈজ্ঞানিক নামকৰণ পদ্ধতি Syzygium aromaticum। ইণ্ডোনেছিয়াৰ মালুকু দ্বীপত উৎপত্তি হোৱা লং এতিয়া গোটেই বিশ্বতে ব্যৱহাৰ কৰা হয়। ইয়াক ঘাইকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বহুতো ঔষধি গুণ আছে। ঘাইকৈ জাঞ্জিবাৰ, মাদাগাস্কাৰ আৰু ইণ্ডোনেছিয়াত লঙৰ খেতি কৰা হয়। দক্ষিণ এছিয়াৰ ভাৰত, বাংলাদেশ, শ্ৰীলংকা আৰু পাকিস্তানতো লঙৰ খেতি হয়। লং গছৰ পৰা গোটেই বছৰজুৰি উৎপাদন পোৱা যায়।১ ভাৰতীয় খাদ্যত লং এবিধ অপৰিহাৰ্য মছলা।

ইতিহাস

খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত হান সম্ৰাজ্যৰ চীনা সম্ৰাটে ৰাজ-দৰবাৰত লং চোৱাই মুখশুদ্ধি কৰাৰ আদেশ দিয়া উল্লেখ পোৱা যায়।২ প্লীনি দা এলডাৰৰ বৰ্ণনা মতে খ্ৰীষ্টীয় প্ৰথম শতিকাত লং ৰোমান সাম্ৰাজ্য পাইছিল।৩ পুৰতাত্বিক অৱস্থিতি লিখিত সাহিত্যত উল্লেখ থকাৰ বহু পিছৰ সময়ত শ্ৰীলংকাৰ বাণিজ্য বন্দৰ এটাত ৯০০-১১০০ খ্ৰীষ্টাব্দৰ লং পোৱা গৈছে।৪ মধ্যযুগত ওমানৰ বণিক সকলে ভাৰতৰ পৰা লঙৰ বেপাৰ কৰি মধ্যপূৰ্ব অঞ্চল আৰু আফ্ৰিকালৈ নিছিল।

আধুনিক কালৰ আগৰলৈকে লং কেৱল ইণ্ডোনেছিয়াৰ মলুকাছ দ্বীপপুঞ্জত খেতি কৰা হৈছিল। এই দ্বীপপুঞ্জক মছলাৰ দ্বীপ বুলিও জনা যায়।৫

বিৱৰণ

লং গছ আৰু ফুলৰ অংকুৰ
লং গছ আৰু ফুলৰ অংকুৰছবি: Prof. Chen Hualin · CC BY-SA 4.0

লং এবিধ গুল্মজাতীয় চিৰসেউজীয়া গছ। ইয়াৰ সৰ্বাধিক উচ্চতা ৮-১২ মিটাৰ মান হয়। পাতবোৰ দীঘল আৰু সেউজীয়া ৰঙৰ। লঙৰ ফুল ডাঠ ৰঙা ৰঙৰ ডালৰ অগ্ৰঅংশত থোপা-থোপে লাগে। ফুলৰ কলি সমূহ প্ৰথমতে শেঁতা ৰঙৰ থাকে, পিছলৈ সেউজীয়া হয়। সেউজীয়াৰ পৰা ডাঠ ৰঙা ৰঙৰ হলে লং সমূহ চপাই লোৱা হয়। ফুলৰ কলিটো ঠাৰিৰে সৈতে আৰু চাৰিটা বৃতিৰে ঘূৰণীয়া সৰু কোচ খাই থকা পাহি থকা লং সমূহ ১.৫-২ ছেণ্টিমিটাৰ মানত ছিঙা হয়। পিছত ৰ'দত শুকুৱাই ব্যৱহাৰৰ উপযোগী কৰি লোৱা হয়।

ৰাসায়নিক বিৱৰণ

লঙৰ বিশেষ গোন্ধ সৃষ্টি কৰা ইউজিন'ল নামৰ যৌগ
লঙৰ বিশেষ গোন্ধ সৃষ্টি কৰা ইউজিন'ল নামৰ যৌগছবি: Calvero. · Public domain

লঙৰ পৰা নিষ্কাষণ কৰা উদ্ধায়ী তেলৰ ৭২-৯০% ইউজিন'ল নামৰ যৌগৰে গঠিত। ইয়াৰ ফলত লঙে ইয়াৰ বিশেষ গোন্ধ লাভ কৰে।৬৭ ইয়াত পোৱা অন্যান্য যৌগ সমূহ হৈছে:

  • এছিটাইল ইউজিন'ল
  • বিটা কেৰিঅ'ফাইলিন
  • ভেনিললিন
  • ক্ৰেটেগলিক এচিড

ইয়াৰ উপৰি কিছুমান টেনিন যেনে বাইকৰ্নিন,৬৮ গেল'টেনিক এচিড, মিথাইল চেলিচাইলেট (বিষনাশক) কিছুমান ফ্লেভেনইড যেনে ইউজেনিন, কেম্ফৰল, ৰেমনেটিন, ইউজেনাইটিন কিছুমান ট্ৰাইটাৰপেনয়ড যেনে অলেন'লিক এচিড, কেম্পপেষ্ট'ৰল আৰু বহুতো চেছকুইটাৰপেন পোৱা যায়।৯

ব্যৱহাৰ

শুকান লং
শুকান লংছবি: Brian Arthur · CC BY 2.5

খাদ্য হিচাপে

লঙৰ সুগন্ধি গুণৰ বাবে ৰন্ধন প্ৰক্ৰিয়াত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। এছিয়ান, ভূমধ্য সাগৰীয়, আফ্ৰিকান, মধ্যপ্ৰাচ্য আদি অঞ্চলৰ খাদ্যত লং বহুল পৰিমাণে ব্যৱহাৰ কৰা হয়। বিশেষকৈ মাংসৰ আঞ্জা, পোলাও, তৰকাৰী ইত্যাদি আমিষ-নিৰামিষ দুয়ো প্ৰকাৰৰ খাদ্যত লং ব্যৱহাৰ কৰা হয়। সেইদৰে বিভিন্ন মিষ্টান্নতো লং ব্যৱহাৰ কৰা হয়। তামোল-পাণ-চুপাৰীৰ সৈতে মুখশুদ্ধিৰ বাবে লং ব্যৱহৃত হয়। লং মছলা চাহ আৰু গৰম মছলাৰ অন্যতম উপাদান। লঙৰ পৰা ইণ্ডোনেছিয়াত বিশেষ ধৰণৰ ক্ৰেটেক নামৰ চিগাৰেট প্ৰস্তুত কৰা হয়। এছিয়া, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত লং চিগাৰেট ব্যৱহাৰ কৰা হয়।

সুগন্ধি দ্ৰৱ্য হিচাপে

লঙৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰি বিভিন্ন প্ৰকাৰৰ ৰুম ফ্ৰেছনাৰ, মাউথ ফ্ৰেছনাৰ ইত্যাদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও টুথপেষ্ট, চাবোন, প্ৰসাধন সামগ্ৰী, আতৰ আদিত লং ব্যৱহাৰ কৰা হয়।

কীটনাশক হিচাপে

লঙৰ তেল পৰুৱা আৰু মহ খেদিবলৈ ব্যৱহাৰ কৰা হয়।

ঔষধ হিচাপে

অতীজৰে পৰা পাৰম্পৰিক ঔষধ আৰু আয়ুৰ্বেদিক চিকিৎসাত লং ব্যৱহাৰ কৰা হৈ আহিছে। দাঁতৰ বিষৰ উপশম ঘটাবলৈ লংতেল ব্যৱহৃত হয়। লঙৰ তেলে দাঁতৰ আলুৰ সংক্ৰমণো কম কৰে। ইয়াৰ লগতে লঙে মুখৰ দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়াক নাশ কৰে। ওকালি আৰু বমি ভাৱ আতৰ কৰিবলৈ লং পিচি মৌজোলৰ সৈতে মিহলাই খাব পাৰি। এচিডিটি, পেটৰ বিষ অজীৰ্ণ, বদহজমি আৰু বায়ুৰ সমস্যা লঙে আঁতৰ কৰে। ফাইবাৰে শৌচকচা আৰোগ্য কৰে আৰু পাকস্থলীৰ ঘাঁ শুকুৱাত লং সহায়ক হয়। লংত থকা এণ্টিঅক্সিডেণ্ট ইউজিনলে লিভাৰৰ সক্ৰিয়তা বঢ়ায়। কাণৰ বিষত লঙৰ তেল ব্যৱহাৰ কৰা হয়। লংত থকা ৰাসায়নিক উপাদান সমূহ মধুমেহ আৰু কৰ্কট ৰোগৰ বাবে উপকাৰী। কাঁহ আৰু ডিঙিৰ সুৰ-সুৰণিত লঙৰ ব্যৱহাৰ কৰি সুফল পোৱা যায়। লঙৰ সুগন্ধি এৰমাথেৰাপিত ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধয়ে মানসিক চাপ কমাই প্ৰশান্তি আনে।১০১১

তথ্যসূত্ৰ

  1. ↑ Yun, Wonjung. (13 August 2018). (Tridge Market Update) Tight Stocks of Quality Cloves Lead to a Price Surge. Tridge
  2. ↑ Andaya, Leonard Y. (1993). Southeast Asia in the early modern era: trade, power, and belief. Cornell University Press. ISBN 978-0-8014-8093-5
  3. ↑ Lape, Peter V. (5 November 2010). Political dynamics and religious change in the late pre-colonial Banda Islands, Eastern Indonesia. World Archaeology. পৃ. 138–155
  4. ↑ Kingwell-Banham, Eleanor. World's oldest clove? Here's what our find in Sri Lanka says about the early spice trade. The Conversation
  5. ↑ Turner, Jack. (2004). Spice: The History of a Temptation. Vintage Books. পৃ. xxvii–xxviii. ISBN 978-0-375-70705-6
  6. ↑ Kamatou, G. P.; Vermaak, I.; Viljoen, A. M. (2012). Eugenol--from the remote Maluku Islands to the international market place: a review of a remarkable and versatile molecule. Molecules. পৃ. 6953–81
  7. ↑ (2 November 2019). Eugenol. PubChem, US National Library of Medicine
  8. ↑ Li-Ming Bao, Eerdunbayaer; Nozaki, Akiko; Takahashi, Eizo. (2012). Hydrolysable Tannins Isolated from Syzygium aromaticum: Structure of a New C-Glucosidic Ellagitannin and Spectral Features of Tannins with a Tergalloyl Group.. Heterocycles. পৃ. 365–381
  9. ↑ Chinese Herbal Medicine: Materia Medica, Third Edition by Dan Bensky, Steven Clavey, Erich Stoger, and Andrew Gamble. 2004
  10. ↑ (5 March 2018). Clove. Drugs.com
  11. ↑ (2014). Clove. MedlinePlus, U.S. National Library of Medicine and National Institutes of Health

সম্পৰ্কিত শ্ৰেণী

গুল্মমছলাঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লং” প্ৰবন্ধৰ সংশোধন ৬৩০৯০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।