অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শৰালি হাঁহ

শৰালি (Lesser Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

শৰালি (Lesser Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়। এই দীঘল ডিঙিৰ চৰাইবিধে উৰিলে বহল ডেউকা দুখনে হুইছেলৰ দৰে এটা শব্দ কৰে। ইয়াৰ বুকুখন ৰঙচুৱা যিয়ে ইয়াক একেধৰণৰ প্ৰজাতি বৰ-শৰালিৰ পৰা পৃথক কৰে।

বিৱৰণ

Sylvan Heights Waterfowl Park ত এটা শৰালি হাঁহ
Sylvan Heights Waterfowl Park ত এটা শৰালি হাঁহছবি: DickDaniels (http://theworldbirds.org/) · CC BY-SA 3.0

এই ৰঙচুৱা মুগা হাঁহবিধ কেৱল বৰশৰালিৰ পৰা পৃথক কৈ চিনাক্তকৰণতহে অসুবিধা হ'ব পাৰে। কিন্তু ইয়াৰ পাৰ্থক্য স্পষ্টকৈ দেখুউৱা বৈশিষ্ট্যসমূহ হৈছে শৰালিৰ নেজত ৰঙচুৱা বৰণ আছে কিন্তু বৰশৰালিৰ নেজৰ বৰণ ক্ৰীম বা বগা ৰঙৰ হোৱা দেখা যায়। উৰন্ত অৱস্থাত ইয়াৰ মূৰ দেহতকৈ কিছু তললৈ হালি থাকে। মতা-মাইকী উভয়ে দেখাত একে হয়। ইহঁতে লাহে লাহে উৰে কিন্তু ডেউকা ঘনকৈ কোবায় যাৰ ফলত শব্দৰ সৃষ্টি হয়। ইহঁত প্ৰায়ে নিশাচৰ হয় আৰু দিনৰ ভাগত জিৰণি লৈ থাকে।১২৩৪

বিতৰণ

উৰন্ত অৱস্থাত হুইছেলৰ দৰে শব্দৰ সৃষ্টি কৰা বাহিৰৰ প্ৰাইমেৰী পাখিৰ আকৃতি
উৰন্ত অৱস্থাত হুইছেলৰ দৰে শব্দৰ সৃষ্টি কৰা বাহিৰৰ প্ৰাইমেৰী পাখিৰ আকৃতিছবি: Shyamal · CC0

শৰালি প্ৰধানকৈ এবিধ স্থানীয় হাঁহৰ প্ৰজাতি। ই ভাৰত উপমহাদেশ তথা দক্ষিণ-পূব এছিয়াৰ জলাশয় সমূহত বহুলভাৱে বিস্তৃত হৈ আছে। ইয়াক প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা, মালয়েছিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত দেখা পোৱা যায়। তদুপৰি ইহঁত আন্দামান, নিকোবৰ, মালদ্বীপকে ধৰি ভালেমান দ্বীপ-পূঞ্জত বিস্তৃত হৈ আছে।৫ ইহঁতে কেতিয়াবা স্থানীয় বতৰৰ পৰিৱৰ্তনৰ বাবে আৰু পানীৰ সহজলভ্যতাৰ প্ৰভাৱত দক্ষিণৰ ফালে পৰিভ্ৰমণ কৰে।

বাসস্থান

শৰালি হাঁহ প্ৰধানকৈ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখা যায়। দিনৰ ভাগত ই পাৰত জিৰণি লয়।২ আনকি নগৰ অঞ্চলৰ জলাশয় সমূহতো বহতো শৰালি হাঁহ চৰি থকা অৱস্থাত দেখা যায়। উদাহৰণস্বৰূপে কলিকতা, গোৱা আদিত শীতকালত এই হাঁহবিধ দেখা যায়।৬৭৮

আচৰণ

ত এজাক শৰালি]]

শৰালিয়ে সাধাৰণতে বৃহৎ জাকত বাস কৰে। ইহঁতে প্ৰধানকৈ জলজ উদ্ভিদ আৰু খেতি পথাৰৰ ধান, সৰু মাছ, ভেকুলী আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী সমূহ খাই জীয়াই থাকে।৯ ই প্ৰায়ভাগ সময় পানীত চৰি কটায়।১০

এজাক শৰালী হাঁহ ৰ'দ পুৱাই থকাৰ দৃশ্য
এজাক শৰালী হাঁহ ৰ'দ পুৱাই থকাৰ দৃশ্যছবি: Anupom sarmah · CC BY-SA 3.0

প্ৰজনন কালত মতা শৰালিয়ে মাইকীজনীৰ সন্মুখত ঠোঁটটো তল-ওপৰ কৰি আৰু চাৰিওকাষে ঘূৰি মাইকীজনীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে।১১১২ইহঁতে বাৰিষা প্ৰজনন কৰে বুলি জনা যায় যদিওখাদ্যৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি ঠাইভেদে ইয়াৰ ব্যতিক্ৰম হোৱাও দেখা যায়। গছৰ খোৰোঙত ডালি আৰু ঘাঁহেৰে ইহঁতে বাহ সাজে। কেতিয়াবা চিলনী বা কণামুচৰিৰ পুৰণা বাহতো ইহঁতে কণী পৰা দেখা যায়। এবাৰত ৭-১২ টাকৈ কণী পাৰে। কণীৰ বৰণ বগা হয়। মতা-মাইকী উভয়ে উমনি দিয়ে।১৩১৪। কণী পৰাৰ ২২-২৪ দিনৰ ভিতৰত কণী ফুটি পোৱালি জগে।১৫২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Heinroth, O. (1911). Proc. Fifth International Ornithological Congress, Berlin. Internation Ornithological Congress. পৃ. 589–702
  2. ↑ Ali, Salim. (1978). Handbook of the Birds of India and Pakistan. Volume 1. Oxford University Press. পৃ. 138–139
  3. ↑ Rasmussen PC & JC Anderton. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 68
  4. ↑ Phillips, John C. (1922). A natural history of the ducks. Volume 1. Houghton Mifflin Company. পৃ. 148–156
  5. ↑ Anderson, R C & M Baldock. (2001). New records of birds from the Maldives, with notes on other species. Forktail. পৃ. 67–73
  6. ↑ Abdulali, Humayun. (1965). Behaviour of Lesser Whistling Teal (Dendrocygna javanica (Horsfield)) in Alipore Zoo, Calcutta. J. Bombay Nat. Hist. Soc.. পৃ. 300–301
  7. ↑ Lainer, Heinz. (2000). Waterfowl of the Carambolim Lake. Newsletter for Birdwatchers. পৃ. 59–60
  8. ↑ Mazumdar S; P Ghosh and GK Saha. (2005). Diversity and behaviour of waterfowl in Santragachi Jheel, West Bengal, India, during winter season. Indian Birds. পৃ. 68–69
  9. ↑ Bolen, Eric G; Rylander, M Kent. (1975). Notes on the morphology and ecology of the Lesser Whistling Teal (Dendrocygna javanica). J. Bombay Nat. Hist. Soc.. পৃ. 648–654
  10. ↑ Bharucha, EK. (1990). Common Myna as a campfollower of Lesser Whistling Teals. J. Bombay Nat. Hist. Soc.. পৃ. 450
  11. ↑ Johnsgard, Paul A. (1965). Handbook of Waterfowl Behavior. Cornell University Press. পৃ. 21
  12. ↑ Raj, M. (1991). Field observations on the behaviour of Lesser Whistling Teal in Assam. Newsletter for Birdwatchers. পৃ. 4–6
  13. ↑ Aldrich, HC. (1945). Record clutch of eggs of the Whistling Teal (Dendrocygna javanica (Horsf.)). J. Bombay Nat. Hist. Soc.. পৃ. 610
  14. ↑ Yom-Tov, Yoram. (2001). An updated list and some comments on the occurrence of intraspecific nest parasitism in birds. Ibis. পৃ. 133–143
  15. ↑ Parsons, RE. (1940). Does the Common Whistling Teal have more than one brood in the year?. J. Bombay Nat. Hist. Soc.. পৃ. 901

সম্পৰ্কিত শ্ৰেণী

হাঁহঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰালি হাঁহ” প্ৰবন্ধৰ সংশোধন ৫৪০৭১১ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।