অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চাকৈ-চকোৱা

চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।

বিচৰণ

চাকৈ-চকোৱাৰ মুখ্য বসতিস্থল দক্ষিণপূব ইউৰোপৰ পৰা মুখ্য এচিয়া হৈ দক্ষিণপূব চীনলৈ বিস্তৃত হৈ আছে, তদুপৰি পশ্চিম আফ্ৰিকা আৰু ইথিঅ'পিয়াতো চাকৈ-চকোৱা পোৱা যায়। ই এবিধ পৰিভ্ৰমী চৰাই। শীত কালটো ই দক্ষিণপূব এছিয়াত পাৰ কৰে। দক্ষিণ পূব ইউৰোপ আৰু দক্ষিণ স্পেইনত এই চৰাই বিধ প্ৰায় বিলুপ্ত প্ৰায় হলেও, এছিয়াত এই চৰাই বিধ এতিয়াও দেখিবলৈ পোৱা যায়। উত্তৰ আমেৰিকাতো কেতিয়াবা এই চৰাই বিধ দেখিবলৈ পোৱা যায়।

বিৱৰণ

ই এবিধ মুক্ত বিচৰণ কৰা চৰাই। ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়।১ ই এবাৰত ৬-১৬টা ওমনি দিয়ে। ইয়াৰ কণীবোৰ দেখিবলৈ বগা ক্ৰীমৰ ৰঙৰ দৰে। ইয়াৰ কণীবোৰ ওমনি লোৱাৰ পৰা কণী ফুটি পোৱালি ওলাবলৈ ৩০ দিন লাগে। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। ই কেতিয়াবাহে ডাঙৰ দল বান্ধে। কিন্তু কেতিয়াবা ডাঙৰ হ্ৰদত আৰু ধীৰস্ৰোতা নদীত শীত কালৰ সময়ত ইয়াক ডাঙৰ দলত দেখা যায়। এই চৰাই বিধ দেখিবলৈ আন চৰাইতকৈ বেলেগ। ই ৫৮-৭০ চেঃমিঃ দীঘল আৰু ইয়াৰ পাখি দুখিলা ১১০-১৩৫ চেঃমিঃ দীঘল। ইয়াৰ শৰীৰটো দেখিবলৈ কমলা-মুগা ৰঙৰ আৰু মুৰটো শেঁতা ৰঙৰ, পাখি দুখিলা বগা আৰু কলা ৰঙৰ। ই পানীত বৰ ভালকৈ সাঁতুৰিব পাৰে। ই উৰোঁতে দেখিবলৈ ৰাজহাঁহৰ নিচিনা লাগে। মতা-মাইকী দুয়োটা দেখিবলৈ প্ৰায় একে, কিন্তু, মতাটোৰ ডিঙিৰ তলত এটা কলা ৰঙৰ আঙুঠিৰ দেৰ চিন্থ আছে। মাইকীজনীৰ মুখত এটা বগা দাগ আছে। ই সহবাসৰ সময়ত বনৰীয়া হাঁহৰ নিচিনাকৈ ডাঙৰকৈ চিঞৰ মাৰে।

সংস্কৃতিত

চাকৈ-চকোৱা চৰাইবিধক বুদ্ধধৰ্মীসকলে পবিত্ৰ হিচাবে গণ্য কৰে।

ভাৰতীয় সংস্কৃতিত

সংস্কৃতত এই চৰাই বিধক চক্ৰৱাক বুলি কয়। ভাৰতীয় সংস্কৃতিত চাকৈ-চকোৱা প্ৰেমৰ প্ৰতীক। কবিসকলে বিবাহিতযুগলক বৰ্ণনা কৰোঁতে এই চৰাই বিধৰ নাম ব্যৱহাৰ কৰে। চাকৈ-চকোৱা যুগলটো ৰাতি ইটোৰ পৰা সিটো আঁতৰি থাকি কান্দে আৰু দিনত আকৌ লগ হয়। ৰাতিৰ সময়ত মতা আৰু মাইকী চৰাই দুয়োটিয়ে ইটোৱে সিটোক নদীৰ দুটি পাৰৰ পৰা মাতি থাকে। সিহঁতে সূৰ্যোদয় হোৱালৈ অপেক্ষা কৰি থাকে। সূৰ্য্যক চাকৈ-চকোৱাৰ বন্ধু বুলি গণ্য কৰা হয়।

স্থিতি

চাকৈ-চকোৱা Agreement on the Conservation of African-Eurasian Migratory Waterbirds (AEWA) ৰ অন্তৰ্ভুক্ত চৰাই।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Stockley C H (1923) "Some notes on Indian game birds." J. Bombay Nat. Hist. Soc.'29' 278–279

সম্পৰ্কিত শ্ৰেণী

হাঁহঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকৈ-চকোৱা” প্ৰবন্ধৰ সংশোধন ৫৪০৭১৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।