মুগা পলু হৈছে ছেছৰনিডিয়া (Saturniidae) পৰিয়ালৰ অন্তৰ্গত অসম ৰেছম মথৰ পলু। ইয়াক উত্তৰ-পূব ভাৰত (প্ৰধানকৈ অসম)ত পোৱা য়ায়, ইয়াত ৯৯% উৎপাদিত হয়।১
এই পলুৱে চোম গছ (Machilus bombycina) আৰু সোঁৱালো গছৰ (Litsea polyantha) পাত খাদ্য হিচাপে গ্ৰহণ কৰে।
মূগা পলুৰ পৰা আহৰণ কৰা ৰেছম কিছু সোণালী বৰণৰ আৰু যিমানেই পুৰণা হয়, সিমানেই তাৰ উজ্জ্বলতা বৃদ্ধি পায়। ই কেতিয়াও ৰং নেহেৰুৱাই আৰু কেতিয়াও ইয়াত দাগ নেলাগে। অন্য ৰেছম মথৰ দৰেই, মুগা মাইকী মথৰ উদৰ মতা মথৰ তুলনাত ডাঙৰ আৰু বেলনাকৃতিৰ। পলুসমূহো অন্য ৰেছম পলুৰ দৰেই ৰঙীন আৰু কেৱল এবিধ গছৰ পাত খায় (monophagous)।২৩ সুন্দৰ সোণোবালী বৰণ আৰু স্থায়িত্বৰ বাবে মুগা জনসাধাৰণৰ মাজত জনপ্ৰিয়। আন ৰেচমৰ তুলনাত মুগা অতি সোনকালে বেয়া নহয় আৰু ইয়াক সহজে ধুব পৰা যায়। এযোৰ মুগা কাপোৰৰ আয়ুস প্ৰায় ৫০ বছৰ বা তাতোধিক হ'ব পাৰে। বিভিন্ন ৰসায়নে (যেনে ছালফিউৰিক এছিদ)মূগাৰ ক্ষতি কৰিব নোৱাৰে। কিন্তু যিহেতু মুগা সূতাৰ উৎপাদনৰ বাবে অত্যধিক মাত্ৰাত মুগা লেটাৰ প্ৰয়োজন সেয়েহে মূগাৰ দাম বৰ্তমান বজাৰত বহুত বেছি। কিন্তু তথাপিও মূগাৰ চহিদা বজাৰত হ্ৰাস পোৱা নাই, বৰঞ্চ বাঢ়িছেহে। বিশেষকৈ অসমীয়া কলা-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হিচাপে মূগাই অতিজৰে পৰা অসমীয়া সমাজত আদৰ পাই আহিছে।
২০১৫ চনত, চেণ্টাৰ অৱ ডি.এন.এ. ফিংগাৰপ্ৰিণ্ট এণ্ড ডায়েগন'ষ্টিকছ, হায়দৰাবাদ, ভাৰতত নাগাৰাজুৰ গৱেষক দলৰ আদৰ্শ গুপ্তা কেয়ে মুগা ৰেছম আঁহৰ সম্পূৰ্ণ ক্ৰম আৰু প্ৰটিনৰ গঠন আৱিষ্কাৰ কৰে আৰু নেচাৰ বৈজ্ঞানিক পুস্তিকাত প্ৰকাশ কৰে।৪
২০০৯ চনত, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত উৎপল বড়া আৰু তেখেতৰ সহকৰ্মীবৃন্দই মুগা ৰেচম আঁহ কলা অভিযন্তন প্ৰয়োগৰ বাবে এক বিশ্বাসযোগ্য জৈৱ পদাৰ্থ বুলি প্ৰকাশ কৰে।
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ (2007-03-06). Organic_Clothing: Raw & Organic Silk: Facts behind the Fibers. Organicclothing.blogs.com
- ↑ CHAPTER 9. Fao.org
- ↑ Adarsh Gupta. K. Molecular architecture of silk fibroin of Indian golden silkmoth, Antheraea assama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন্থেৰিয়া আছামেনছিছ” প্ৰবন্ধৰ সংশোধন ৬১৫৯০১ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।