অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কুটুম চৰাই

কুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।

বিৱৰণ

পূৰ্ণবয়স্ক মতা কুটুম চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৪৩ চে:মি: আৰু ওজন প্ৰায় ৪৭৬-৬৫০ গ্ৰাম হোৱা দেখা যায়। ইয়াৰ দেহৰ বৰণ ক'লা-মটিয়া আৰু ঠেংদুখন ৰঙা, ঠোঁট ক'লাবৰণীয়া। পোৱালি কুটুম চৰাইৰ ৰং বগা-চানেকীয়া আৰু ঠোঁট হালধীয়া তথা ঠেংদুখন সেউজীয়া। মাইকী কুটুম চৰাইৰ আকাৰ মতাটোতকৈ সৰু। ইয়াৰ দেহ প্ৰায় ৩৬ চে:মি: দীঘল আৰু ২৯৮-৪৩৪ গ্ৰাম ওজনৰ হোৱা দেখা যায়।

ত এটা পোৱালি কুটুম চৰাই]]

বিতৰণ

কুটুম চৰায়ে সাধাৰণতে দক্ষিণ এছিয়াৰ ভাৰত, পাকিস্তান, শ্ৰীলংকা, চীন, জাপান,ফিলিপাইন আৰু ইণ্ডোনেছিয়াত প্ৰজনন কৰে বুলি জনা যায়। ই এই অঞ্চলসমূহৰ স্থানীয় চৰাই আৰু সমগ্ৰ বছৰ তাতে অতিবাহিত কৰে।

আচৰণ

কুটুম চৰাই সাধাৰণতে মানুহৰ সমাগমৰ পৰা আঁতৰি থাকে, ইহঁতক কাচিৎহে মুকলি অঞ্চলত দেখা পোৱা যায়। ৰাতিপুৱা আৰু গধূলি সময়ত ইহঁতে ডাঙৰকৈ মতা শুনা যায়।

খাদ্য

কুটুম চৰায়ে পোক-পতংগ, সৰু মাছ, গুটি আদি খাই জীয়াই থাকে। ই ঠোঁটেৰে অগভীৰ পানী বা বোকাময় অঞ্চলত খাদ্য বিচাৰি ফুৰে।

প্ৰজনন

ই সাধাৰণতে বিল বা কোনো জলাশয়ৰ পাৰৰ শুকান ঠাইত বাহ সাজে। এবাৰত কুটুম চৰায়ে ৩-৬টাকৈ কণী পাৰে।

তথ্যসূত্ৰ

  • Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6

সম্পৰ্কিত শ্ৰেণী

ডাউকজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুটুম চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৫৮২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।