হেটুলুকা (Barbet) ভাৰত উপমহাদেশৰ উত্তৰৰ অঞ্চলসমূ্ত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ হিমালয়ৰ নামনি, বাংলাদেশ আৰু পশ্চিমবংগত বিস্তৃত হৈ আছে৷
প্ৰজাতি
হেটুলুকা কেইবা প্ৰজাতিৰ দেখা যায়।১
(১) ঘোংকোলোং হেটুলুকা (ইংৰাজীঃ Lineated Barbet, বৈজ্ঞানিক নাম-Megalaima lineata)
(২) নীলকণ্ঠী হেটুলুকা (ইংৰাজীঃ Blue-Throated Barbet, বৈজ্ঞানিক নাম-Magalaima asiatica)
(৩) বৰ হেটুলুকা (ইংৰাজীঃ Great Barbet,বৈজ্ঞানিক নাম-Magalaima virens)
(৪) বসন্ত চৰাই (ইংৰাজীঃ Coppersmith Barbet,বৈজ্ঞানিক নাম-Magalaima haemacephala)
(৫) সোণালীকণ্ঠী হেটুলুকা (ইংৰাজীঃ Golden Throated Barbet,বৈজ্ঞানিক নাম-Magalaima franklinii)
বিতৰণ তথা বাসস্থান
(১) ঘোংকোলোং হেটুলুকা - প্ৰায় ২৪ ছেণ্টিমিটাৰ ডাঙৰ আকাৰৰ এইবিধ হেটুলুকা হিমালয়ৰ পাদদেশৰ পৰা পূব আৰু উত্তৰ পূব ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়।মূৰৰপৰা বুকুলৈকে ডাঠ বগা আঁচ থাকে।থুঁতৰিৰপৰা ডিঙিলৈকে পাতল বগা ৰঙৰ হয়।গাৰ তলৰ অংশ কেতিয়াবা পাতল মটীয়া বৰণৰ দেখা যায়। চকুৰ চাৰিওকাষ আৰু ঠোঁট হালধীয়া ৰঙৰ হয়।১
(২) নীলকণ্ঠী হেটুলুকা - প্ৰায় ২৩ ছেণ্টিমিটাৰ , মজলীয়া আকাৰৰ হেঁটুলুকা বিধৰ আগমূৰ ৰঙচুৱা মুকুটৰ দৰে হয়।মুখ,ডিঙি আৰু বুকুৰ ওপৰ ভাগ নীলা বৰণৰ হয়। ঠোঁটটো ডাঙৰ আৰু পাতল ধোঁৱা বৰণীয়া হয়। হিমালয়ৰ লগতে উত্তৰ পূব ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়।১
(৩) বৰ হেটুলুকা - এইবিধ হেঁটুলুকা প্ৰায় ৩৩ ছেণ্টিমিটাৰ ডাঙৰ আকাৰৰ দেখিবলৈ পোৱা যায়। হিমালয়ৰ লগতে উত্তৰ পূব ভাৰত আৰু বাংলাদেশলৈকে দেখা পোৱা যায়। ইহঁতৰ মূৰ বেঙুনীয়া-নীলা বৰণৰ হয়। ঠোঁটটো ডাঙৰ শেঁতা হালধীয়া হয়।বুকুখন মটীয়া আৰু পেটৰ তললৈকে হালধীয়াৰ পৰা ৰঙচুৱা দেখা যায়।
(৪) বসন্ত হেটুলুকা - ১৭ ছেণ্টিমিটাৰৰ সৰু আকাৰৰ এইবিধ হেটুলুকা সমগ্ৰ ভাৰততে বহুলভাৱে বিস্তৃত হৈ আছে। উজ্জ্বল বৰণৰ আৰু মূৰৰ আগৰখিনি ৰঙচুৱা হয়।বুকুতো ৰঙা দাগ থাকে। চকুৰ চাৰিওভাগ হালধীয়া আৰু ডিঙিও হালধীয়া হয়।মতা আৰু মাইকী দুয়োটা দেখাত একে হয়।ভৰি দুখন ঈষৎ ৰঙা হয়।
(৫) সোণালীকণ্ঠী হেটুলুকা - প্ৰায় ২৩ ছেণ্টিমিটাৰৰ মজলীয়া আকাৰৰ চৰাইবিধ হিমালয়ৰ পাদদেশৰ লগতে উত্তৰ পূব ভাৰত আৰু দক্ষিণ - পূব এচিয়ালৈ বিস্তৃত হৈ আছে। চুটি ডিঙিৰ মজলীয়া আকাৰৰ চৰাইবিধৰ মূৰৰ ওপৰৰ মাজৰ অংশ হালধীয়া মুকুটৰ দৰে হয় আৰু ডিঙিও হালধীয়া হয়। ঠোঁট,ভৰি ডাঠ ৰঙৰ হয় আৰু গাল দুখন পাতল ধোঁৱা বৰণীয়া বগা হয়।১
আচৰণ
ই প্ৰধানকৈ ফলভোজী চৰাই৷ হেটুলুকাই গছৰ খোৰোঙত বাহ সাজি বাস কৰে৷
(১) ঘোংকোলোং হেঁটুলোকা - এইবিধ হেঁটুলোকাই নিৰসভাৱে কটুৰ কটুৰকৈ মাত মাতে আৰু মুকলি পৰ্ণপাতী বনাঞ্চল,কাঠনিৰ লগতে ৰাস্তাৰ কাষৰ ফল,গুটি থকা গছতো দেখা যায়। ফল-মূলৰ লগতে পোক-পতংগৰ ওপৰতে খাদ্য ভ্যাস নিৰ্ভৰশীল।১
(২) নীলকণ্ঠী হেঁটুলুকা- এইবিধ হেঁটুলুকাৰ মাত ডাঙৰ হয় আৰু ঘনকৈ টুক-এ-ৰুক টুক-এ-ৰুককৈ মাতে।
(৩) বৰ হেঁটুলুকা - ইহঁতৰ মাত ডাঙৰ,বহু দূৰৈৰপৰা পিহো পিহোকৈ দিনটো শুনা যায়। সাধাৰণতে অকলশৰীয়াকৈ আৰু কেতিয়াবা জাকত পাঁচ-ছটাকৈও দেখা পোৱা যায়।
(৪) বসন্ত চৰাই - ইহঁতৰ মাত টুক টুককৈ দোহৰাই থকাৰ দৰে হয়। মুকলি কাঠনি, বনাঞ্চল আদিৰ লগতে ঘৰৰ কাষৰ বাগিচাৰ গছৰ ওপৰত বহি মাতি থকা দেখা যায়।
(৫) সোণালীকণ্ঠী হেঁটুলুকা - ইহঁতৰ মাত তীক্ষ্ণ আৰু মতা চৰাইবিধৰ মাত ডাঙৰ - পুকৌক পুকৌককৈ পুনৰাবৃত্তি কৰি থকাৰ দৰে হয়।সেমেকা ওখ বহল পাতৰ উষ্ণ বনাঞ্চল আদি ঠাইত বাস কৰে।১
খাদ্য
এই চৰাইবিধ সাধাৰণতে ফল-মূলৰ লগতে পোক-পতংগৰ ওপৰত নিৰ্ভৰশীল।১
তথ্যসূত্ৰ
- ↑ 'হেঁটুলুকা': মৃদুল মজিন্দাৰ বৰুৱা; প্ৰান্তিক (১ - ১৫ অক্টোবৰ ),খণ্ড ৩৭ শ বছৰ (২১ শ সংখ্যা )
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেটুলুকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৪০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।