সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ।১ সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ্যাত। ইয়াক আয়ুৰ্বেদিক ঔষধতো ব্যৱহাৰ কৰা হয়। সোণাৰু থাইলেণ্ডৰ ৰাষ্ট্ৰীয় গছ আৰু ৰাষ্ট্ৰীয় ফুল। ইয়াৰ লগতে ই ভাৰতৰ ৰাজ্য কেৰালাৰ ৰাজ্যিক ফুল।

বৰ্ণনা

সোণাৰু এবিধ মধ্যমীয়া আকাৰৰ উদ্ভিদ। ই প্ৰায় 10 – উচ্চতালৈ বৃদ্ধি হয়। পৰ্ণপাতী সোণাৰুৰ পাত ১৫ ৰ পৰা ৬০ ছেঃমিঃ দীঘল। প্ৰতিটো পাতত ৩টাৰ পৰা ৮টালৈ ৭-২১ ছেঃমিঃ বহল উপপত্ৰ থাকে। ফুলবোৰ পাণ্ডুলামৰ দৰে ওলমি থাকে। পুষ্পবিন্যাস ২০-৪০ ছেঃমিঃ দীঘল আৰু প্ৰতিটো ফুল ৪ ৰ পৰা ৭ ছেঃমিঃ ব্যাসৰ। ফুলবোৰৰ পাঁচটা হালধীয়া সমান জোখৰ পাহি থাকে। ফলবোৰ মাহজাতীয় ৩০-৬০ ছেঃমিঃ দীঘল আৰু ১.৫-২.৫ ছেঃমিঃ বহল। গা-গছ কঠিন আৰু দীৰ্ঘজীৱী আৰু সাধাৰণতে ইয়াৰ কাঠ বিভিন্ন স্থানত ব্যৱহাৰ কৰা হয়।২
ব্যৱহাৰ
ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত সোণাৰু ঘাইকৈ আলংকাৰিক গছ হিচাপে সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। বসন্ত ঋতুৰ শেষৰ ফালে সোণাৰু ফুল ফুলিবলৈ ধৰে আৰু গোটেই গছজোপা হালধীয়া ফুলেৰে ভৰি পৰে। শুকান জলবায়ুতো ই জীয়াই থাকিব পাৰে। সোণাৰু গছৰ বাবে ৰ'দ পৰা পানী ওলাই যাব পৰা ঠাইত ভাল হয়। ই খৰাং আৰু লৱণ প্ৰতিৰোধী।৩
খাদ্য
ভাৰতৰ কিছু কিছু ঠাইত সোণাৰুৰ ফুল খাদ্য হিচাপে গ্ৰহণ কৰা হয়। তদুপৰি সোণাৰুৰ পাত গৰু-ছাগলী আদি জীৱ-জন্তুক ইয়াৰ পাত খাদ্য হিচাপে দিয়া হয়।
ঔষধি গুণ

আয়ুৰ্বেদত সোণাৰুক "অৰ্গধৱ" বুলি উল্লেখ আছে। ইয়াৰ অৰ্থ হৈছে ৰোগ বিনাশক। ইয়াৰ ফল কৌষ্ঠ-কাঠিন্যত ব্যৱহাৰ কৰা হয়।৪৫ আয়ুৰ্বেদিক ঔষধত সোণাৰু বহু বছৰ আগৰ পৰা ব্যৱহৃত হয় আহিছে যদিও ইয়াৰ বিষয়ে গৱেষণাৰ থল আছে। বৰ্তমান সময়ত কিছুমান শৌচ খোলোচা কৰা ঔষধত সোণাৰু ব্যৱহাৰ কৰা হয়।
বিভিন্ন ভাষাত নাম
- অসমীয়া: সোণাৰু
- বাংলা: সোনালু
- মাৰাঠী: বহাৱা (बहावा)
- হিন্দী, পঞ্জাবী: অমলতাস (अमलतास/ਅਮਲਤਾਸ)
- গুজৰাটী: গৰমালো (ગરમાળો)
- নেপালী, মৈথিলী: ৰাজবৃক্ষ (राजवृक्ष)
- কোংকণী: বায়ো (बायो)
- সংস্কৃত: অৰগ্বদ (अरग्वद)
তথ্যসূত্ৰ
- ↑ BSBI List 2007. Botanical Society of Britain and Ireland
- ↑ sinhala botany website
- ↑ Cassia Fistula (aburnum, Purging Fistula, Golden Shower, Amaltas). Ayurveda - Herbs. 4 to 40
- ↑ Pole, Sebastian. (2012). Ayurvedic Medicine: The Principles of Traditional Practice. Singing Dragon. পৃ. 129. ISBN 1848191138
- ↑ Bhagwan Dash, Vaidya. (2002). Materia Medica Of Ayurveda. B. Jain. পৃ. 41–42
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰু” প্ৰবন্ধৰ সংশোধন ৫৪০৪১৯ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।