আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷
মতা আমৰ'লীয়া হাঁহৰ মূৰ অংশ চমকনি থকা সেউজীয়া, পেট আৰু ডেউকা মুগা বৰণৰ৷ মাইকী আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ মটিয়া৷ ইহঁতে জলাশয় সমূহত জাক পাতি বাস কৰে৷ ১
টেক্স'নমি
আমৰ'লীয়া হাঁহৰ উল্লেখ পোনপ্ৰথমবাৰৰ বাবে কেৰ'লাছ লিনিয়াছৰ চিষ্টেমা নেচুৰীৰ দশম সংস্কৰণত পোৱা যায়৷ ২ ইয়াৰ ইংৰাজী নাম "Mallard" ফৰাচী ভাষাৰ malart বা mallart ৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়৷ অৱশ্যে ইয়াৰ নামৰ উৎস সম্পৰ্কে কোনো প্ৰমাণিত তথ্য পোৱা নাযায়৷ কোনো কোনোৰ মতে ই জাৰ্মান শব্দ Madelhart ৰ পৰাও ই উদ্ভৱ হ'ব পাৰে৷ ৩
বিৱৰণ

আমৰ'লীয়া হাঁহৰ দেহৰ আকাৰ মজলীয়া৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫০-৬৫ ছে:মি:৷৪ and weighs 0.72 –.৫৬ প্ৰজনন কালত মতা আমৰ'লীয়া হাঁহৰ দেহৰ বৰণ অধিক স্পষ্ট হৈ পৰে৷ ইয়াৰ মূৰ চমকনি থকা সেউজ বৰণৰ আৰু ডিঙিৰ কলাৰ, বেঙুনীয়া বুকু তথা মুগা-মটিয়া ডেউকাৰ বাবে সহজে চিনাক্ত কৰিব পৰা যায়৷ ৭ মতা হাঁহটোৰ ঠোঁট হালধীয়া আৰু আগটো কমলা ৰঙৰ হৈ পৰে৷ মাইকী আমৰ'লীয়া হাঁহৰো পাখিবোৰ মাখন ৰঙৰ পৰা ডাঠ মটিয়া যেনে হয়৷ ৭ আমৰ'লীয়া হাঁহৰ সদ্যজন্মা পোৱালিৰ বৰণ হালধীয়া আৰু ঠেং আৰু ঠোঁট কলা বৰণৰ হয়৷ এমহীয়া হোৱাৰ পৰা ইয়াৰ গাৰ ৰং মাইকী হাঁহৰ দৰে হৈ পৰে৭ তিনিৰ পৰা চাৰিমাহৰ ভিতৰত ই পূৰ্ণবয়স্কৰ ৰূপ পায়৷
বিতৰণ তথা বাসস্থান
উত্তৰ গোলাৰ্ধত আমৰ'লীয়া হাঁহ বহুলভাৱে বিস্তৃত হৈ আছে৷ উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আলাস্কা, মেস্কিকো, হাৱাই দ্বীপপূঞ্জ, ছাইবেৰিয়া, জাপান আদিলৈকে ই বিস্তৃত৷ T৪ ইয়াৰ গোলকীয় বিতৰণৰ দক্ষিণৰ অঞ্চলসমূহত ই পৰিভ্ৰমণকাৰী হিচাপে বসবাস কৰে আৰু উত্তৰৰ অঞ্চল সমূ্হত প্ৰজনন কৰে৷ ৮
আমৰ'লীয়া হাঁহে বিভিন্ন ধৰণৰ বাসস্থান তথা বতৰত বসবাস কৰাত সক্ষম৷ সেয়েহে ইয়াক বৰফাবৃত অঞ্চলৰ পৰা নাতিশীতোষ্ণ আৰু বিষুৱীয় অঞ্চল সমূহতো দেখা পোৱা যায়৷ ই নদী আৰু সাগৰ দুয়োধৰণৰ পানীতে বাস কৰে৷ তাৰোপৰি ইয়াক বিভিন্ন জলাশয় যেনে বিল, হ্ৰদ, পুখুৰী আদিতো পোৱা যায়৷ ই সাধাৰণতে অগভীৰ পানীত চৰিবলৈ ভাল পায়৷ আমৰ'লীয়া হাঁহে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ ৯
আচৰণ
খাদ্য
আমৰ'লীয়া হাঁহ সাধাৰণতে সৰ্বভক্ষী হয়৷ ই প্ৰধানকৈ খাদ্যৰ উপলব্ধতা, প্ৰজননৰ সময় আৰু অন্ত: আৰু আন্ত: প্ৰজাতি প্ৰতিযোগিতাৰ ভিত্তিত খাদ্য নিৰ্বাচন কৰে৷১০ সাধাৰণতে ই বিভিন্ন অমেৰুদণ্ডী প্ৰাণী, কেকোঁৰা, জলজ উদ্ভিদৰ বিভিন্ন অংশ খাই জীয়াই থাকে৷ গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি প্ৰজননৰ সময়ত মতা আমৰ'লীয়া হাঁহে ৩৭.৬% প্ৰাণী, ৬২.৪% উদ্ভিদ খায়৷ অন্যহাতে মাইকী আমৰ'লীয়া হাঁহে প্ৰজননৰ সময়ত ৩৭.০% প্ৰাণী, ৬৩.০% উদ্ভিদ আৰু কণী পৰাৰ সময়ত ৭১.০% প্ৰাণী, ২৮.১% উদ্ভিদ খায়৷ ১১ পৰিভ্ৰমণ কালত আৰু প্ৰজননৰ সময়ত এই প্ৰজাতিৰ খাদ্যৰ সৰহ অংশই উদ্ভিদ হোৱা দেখা যায়৷ ১২১৩
প্ৰজনন


শৰতকালত অৰ্থাৎ অক্টোবৰ-নৱেম্বৰ মাহত আমৰ'লীয়া হাঁহে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ বসন্তৰ আৰম্ভণিৰ লগে লগে মাইকী হাঁহজনীয়ে কণী পাৰিবলৈ লয়৷ এইসময়ত মতা হাঁহটোৱে মাইকী জনীক এৰি জাকৰ আন মতা হাঁহৰ লগ লয়৷ আমৰ'লীয়া হাঁহে সাধাৰণতে পানীৰ কাষৰীয়া অঞ্চলত বাহ সাজে৷ এবাৰত ই ৮-১৩ টাকৈ কণী পাৰে৷ মাইকী হাঁহে ২৭-২৮ দিন ধৰি কণী উমনি দিয়ে৷ পোৱালী পৈণত ৰুপত জন্ম লয় আৰু ইহঁতে জন্মাৰ পিছতে সাঁতুৰিব পৰা হয়৷
স্থিতি তথা সংৰক্ষণ
অন্য হাঁহৰ প্ৰজাতিৰ ব্যতিক্ৰম হিচাপে আমৰ'লীয়া হাঁহে মানুহৰ পৰা লাভান্বিত হে হোৱা দেখা গৈছে৷ ইয়াৰ কাৰণ হ'ল এই প্ৰজাতিটৌ অভিযোজনত পাকৈত আৰু সেইবাবে মানুহৰ বসতি থকা অঞ্চলতো ইহঁতে বসবাস কৰিব পাৰে৷ তাৰোপৰি ইহঁতে স্থানীয় হাঁহৰ প্ৰজাতিৰ সৈতে প্ৰজনন কৰিও বংশবৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ ইয়াক পোহনীয়া হাঁহৰ পূৰ্বপুৰুষ বুলিও আখ্যা দিয়া হয়৷১৪১৫১৬
নিউজিলেণ্ডত ইয়াক বহিৰাগত (invasive species) প্ৰজাতি বুলি গণ্য কৰা হয়৷ এই অঞ্চল সমূহত অভিযোজন কৰি আৰু স্থানীয় হাঁহৰ লগত আন্ত: প্ৰজাতি প্ৰজনন কৰি আমৰ'লীয়া হাঁহৰ দ্ৰুত বংশবৃদ্ধি ঘটিছে৷ ১৭ ইয়াৰ এনে হাইব্ৰিড প্ৰজাতিয়ে স্বাভাৱিক পৰিস্থিতিতন্ত্ৰতে বিঘিনি ঘটোৱা বুলি সন্দেহ কৰা হৈছে৷ ১৮ ফলত আমৰ'লীয়া হাঁহৰ ওচৰ সম্পৰ্কীয় প্ৰজাতিসমূহৰ বাবে অস্তিত্ব সংকট আহি পৰিছে৷ এনে প্ৰজাতিসমূহ হ'ল, Hawaiian Duck১৭১৯, Pacific Black Duck,১৭২০২১২২ American Black Duck,১৭২৩২৪২৫ Mottled Duck,১৭২৬২৭ Meller's Duck,২৮ Yellow-billed Duck,১৮ আৰু Mexican Duck১৭২৭৷
লগতে চাওক
- Bagemihl, Bruce. (1999). Biological Exuberance: Animal Homosexuality and Natural Diversity. St. Martin's Press. পৃ. 479–481. ISBN 978-0-312-19239-6
- Cramp. (1977). Handbook of the Birds of Europe the Middle East and North Africa, the Birds of the Western Palearctic, Volume 1: Ostrich to Ducks. Oxford University Press. ISBN 978-0-19-857358-6
- Johnson, Kevin P.; Sorenson, M. D. (1999). Phylogeny and biogeography of dabbling ducks (genus Anas): a comparison of molecular and morphological evidence. The Auk. পৃ. 792–805
বাহ্যিক সংযোগ
- A to Z of UK Birds RSPB
- Birds in Backyards
- BirdGuides Mallard Page
- Media related to the Mallard on the Internet Bird Collection
- Mallard Information – All About Birds
- Ageing and sexing by Javier Blasco-Zumeta & Gerd-Michael Heinze (PDF; 5.7 MB)
- Ducks.Jamrent.org Mallards
- View the duck genome on Ensembl
তথ্যসূত্ৰ
- ↑ Anas platyrhynchos, Domestic Duck; DigiMorph Staff – The University of Texas at Austin. Digimorph.org. Retrieved on 2012-08-23
- ↑ Linnaeus, Carl. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata. Laurentius Salvius. পৃ. 125
- ↑ Simpson, John; Weiner, Edmund. (1989). Mallard. Oxford English Dictionary. Clarendon Press. ISBN 0-19-861186-2
- ↑ Cramp 1977, p. 505
- ↑ Mallard, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2012-08-23
- ↑ John B. Dunning Jr. (1992). CRC Handbook of Avian Body Masses. CRC Press. ISBN 978-0-8493-4258-5
- ↑ Cramp 1977, p. 506
- ↑ Herrera, Néstor; Rivera, Roberto; Ibarra Portillo, Ricardo; Rodríguez, Wilfredo. (2006). Nuevos registros para la avifauna de El Salvador. Boletín de la Sociedad Antioqueña de Ornitología. পৃ. 1–19
- ↑ Cramp 1977, p. 507
- ↑ Krapu, Gary L.; Reinecke, Kenneth J. (1992). Ecology and Management of Breeding Waterfowl. University of Minnesota Press. পৃ. 1–30 (10). ISBN 978-0-8166-2001-2
- ↑ Swanson, George A.; Meyer, Mavis I.; Adomaitis, Vyto A. (1985). Foods consumed by breeding mallards on wetlands of south-central North Dakota. Journal of Wildlife Management. পৃ. 197–203
- ↑ Gruenhagen, Ned M.; Fredrickson, Leigh H. (1990). Food use by migratory female mallards in northwest Missouri. Journal of Wildlife Management. পৃ. 622–626
- ↑ Combs, Daniel L. & Leigh H. Fredrickson. (1990). Foods used by male mallards wintering in southeastern Missouri. Journal of Wildlife Management. পৃ. 603–610
- ↑ Mottled Ducks: The Problem: Hybridization; Florida Fish and Wildlife Conservation Commission . Myfwc.com. Retrieved on 2012-08-23
- ↑ Environmental assessment for control of free-ranging resident Mallards in Florida, May 2002, Contact: Frank Bowers, U.S. Fish and Wildlife Service. Fws.gov. Retrieved on 2012-08-23
- ↑ Invasive Alien Bird Species Pose A Threat, Kruger National Park, Siyabona Africa Travel (Pty) Ltd – South Africa Safari Travel Specialist. Krugerpark.co.za. Retrieved on 2012-08-23
- ↑ Rhymer, Judith M.; Simberloff, Daniel. (1996). Extinction by hybridization and introgression. Annual Review of Ecology and Systematics. পৃ. 83–109
- ↑ Rhymer, Judith M. (2006). Extinction by hybridization and introgression in anatine ducks. Acta Zoologica Sinica. পৃ. 583–585
- ↑ Griffin, C. R.; Shallenberger, F. J.; Fefer, S. I. (1989). Proceedings of Freshwater Wetlands and Wildlife Symposium. Savannah River Ecology Lab. পৃ. 155–169
- ↑ Gillespie, Grant D. (1985). Hybridization, introgression, and morphometric differentiation between Mallard (Anas platyrhynchos) and Grey Duck (Anas superciliosa) in Otago, New Zealand. The Auk. পৃ. 459–469
- ↑ Rhymer, Judith M.; Williams, Murray J.; Braun, Michael J. (1994). Mitochondrial analysis of gene flow between New Zealand Mallards (Anas platyrhynchos) and Grey Ducks (A. superciliosa). The Auk. পৃ. 970–978
- ↑ Williams, Murray; Basse, Britta. (2006). Indigenous gray ducks, Anas superciliosa, and introduced mallards, A. platyrhynchos, in New Zealand: processes and outcome of a deliberate encounter. Acta Zoologica Sinica. পৃ. 579–582
- ↑ Johnsgard, Paul A. (1967). Sympatry changes and hybridization incidence in Mallards and Black Ducks. American Midland Naturalist. পৃ. 51–63
- ↑ Avise, John C.; Ankney, C. Davison; Nelson, William S. (1990). Mitochondrial gene trees and the evolutionary relationship of Mallard and Black Ducks. Evolution. পৃ. 1109–1119
- ↑ Mank, Judith E.; Carlson, John E.; Brittingham, Margaret C. (2004). A century of hybridization: decreasing genetic distance between American black ducks and mallards. Conservation Genetics. পৃ. 395–403
- ↑ Mazourek, J. C.; Gray, P. N. (1994). The Florida duck or the mallard?. Florida Wildlife. পৃ. 29–31
- ↑ McCracken, Kevin G.; Johnson, William P.; Sheldon, Frederick H.. (2001). Molecular population genetics, phylogeography, and conservation biology of the mottled duck (Anas fulvigula). Conservation Genetics. পৃ. 87–102
- ↑ Young, H. Glyn; Rhymer, Judith M. (1998). Meller's duck: A threatened species receives recognition at last. Biodiversity and Conservation. পৃ. 1313–1323
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমৰ’লীয়া হাঁহ” প্ৰবন্ধৰ সংশোধন ৬৩২৮৪১ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।