কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত। পৰামৰ্শিত ভাষাসমূহ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বঙালী ভাষা, ওড়িয়া ভাষা আদি ভাষাত কৃষ্ণচূড়া বুলি কোৱাৰ বিপৰীতে কৃষ্ণচূড়াক হিন্দী ভাষা, মাৰাঠী ভাষা আদি ভাষাত গুলমোহৰ বুলিও কোৱা হয়।১
বৰ্ণনা
কৃষ্ণচূড়া গছৰ ৰঙা, কমলা, হালধীয়া ফুল আৰু উজ্জ্বল সেউজীয়া পাতে ইয়াক দৃষ্টিনন্দন কৰি তোলে। কৃষ্ণচূড়া মাদাগাস্কাৰৰ শুষ্ক পৰ্ণপাতি বৃক্ষৰ অৰণ্যত পোৱা যায়। অৰণ্যত ই বিলুপ্ত প্ৰায়। সৌন্দৰ্য বৰ্ধক গুণৰ উপৰিও এই গছ উষ্ণ জলবায়ুত ছাঁ দিবলৈ বিশেষভাবে উপযুক্ত। কৃষ্ণচূড়া উদ্ভিদ উচ্চতাত কম (সৰ্বোচ্চ ১২ মিটাৰ) হলেও ডাল-পাতেৰে ই বহু অঞ্চল আৱৰি থাকে। শুষ্ক অঞ্চলত গ্ৰীষ্মকালত কৃষ্ণচূড়াৰ পাত সৰি গলেও নাতিশীতোষ্ণ অঞ্চলত ই চিৰসেউজীয়া।
ফুল আৰু পাত
কৃষ্ণচূড়া ফুলৰ ৰং উজ্জ্বল ৰঙা। ভাৰত উপমহাদেশত বসন্ত কালত ইয়াৰ ফুল ফুলে। ফুলবোৰ চাৰিটা পাপৰি যুক্ত। পাপবোৰ প্ৰায় ৮ ছেণ্টিমিটাৰলৈ দীঘল হব পাৰে। কৃষ্ণচুড়া জটিল পত্ৰ বিশিষ্ট আৰু উজ্জ্বল সেউজীয়া। প্ৰতিটো পাত ৩০-৫০ ছেণ্টিমিটাৰ দীঘল আৰু ২০-৪০টা উপপত্ৰ বিশিষ্ট।
পৰিবেশ
কৃষ্ণচূড়াৰ বাবে উষ্ণ বা প্ৰায়-উষ্ণ জলবায়ুৰ দৰকাৰ। এই বৃক্ষ শুষ্ক আৰু লৱণাক্ত অৱস্থা সহ্য কৰিব পাৰে। কেৰেবিয়ান অঞ্চল, আফ্ৰিকা, হংকং, তাইৱান, দক্ষিণ চীন, বাংলাদেশ, ভাৰত সহ বিশ্বৰ অনেক দেশত কৃষ্ণচূড়া পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষ্ণচূড়া কেৱল মাত্ৰ দক্ষিণ ফ্ল'ৰিডা, দক্ষিণ পশ্চিম ফ্ল'ৰিডা, টেক্সাচৰ ৰিঅ' গ্ৰাণ্ড উপত্যকাত পোৱা যায়।২
ভাৰত বৰ্ষত সাধাৰণতে এপ্ৰিল-জুন সময়ত কৃষ্ণচূড়া ফুল ফুলে। সেইদৰে পৃথিৱীৰ বিভিন্ন দেশত কৃষ্ণচূড়াৰ ফুল ফুলাৰ সময় ভিন্ন।
- দক্ষিণ ফ্ল'ৰিডা - জুন
- কেৰেবিয়ান - মেৰ পৰা ছেপ্টেম্বৰ
- ভাৰত - এপ্ৰিলৰ পৰা জুন
- অষ্ট্ৰলিয়া - ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী
- আৰব আমিৰাত - ছেপ্টেম্বৰ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণচূড়া” প্ৰবন্ধৰ সংশোধন ৬০০১৩৮ (৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।