কণামুছৰি (Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰান, ভাৰত, ম্যানমাৰ, বাংলাদেশ আৰু শ্ৰীলংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক সহজে চকুত পৰে, কিন্তু অন্য সময়ত অৰ্থাৎ খাদ্যৰ সন্ধানত চৰি থকা অৱস্থাত চাৰিওকাষৰ পৰিৱেশৰ সৈতে এনেদৰে মিলি থাকে (camouflage)। একেবাৰে কাষ পালেও ইয়াক সহজে দেখা নাযায়৷ এইবাবেই জনমানসত এই প্ৰজাতিৰ চৰাইক কণা বুলি ধাৰণা কৰি ইয়াৰ নাম কণামুছৰি দিয়া হয় ১২
বিৱৰণ
ত প্ৰজননৰ সময়ত হোৱা ৰঙা বৰণৰ ঠেঙৰে কণামুছৰি চৰাই]]
কণামুছৰিক চুটি ডিঙি আৰু শকত ঠোঁটেৰে সৈতে গাঠলু (stocky) যেন দেখা যায়৷ বাৰিষা কালত পূৰ্ণবয়স্ক কণামুছৰি চৰাইৰ ডিঙিৰ পাখি দীঘল হয়৷ অন্য সময়ত ইয়াক শেঁতা বৰণৰ দেখা যায় যদিও উৰন্ত অৱস্থাত ডেউকাৰ বগা বৰণে ইয়াক উজ্জল কৰি তোলে৷

প্ৰজননৰ সময়ত পূৰ্ণবয়স্ক কণামুছৰিৰ ঠেং ৰঙা বৰণৰ হোৱা দেখা যায়৷ এনে পৰিঘটনা খুব কমসংখ্যক কণামুছৰিৰ ক্ষেত্ৰতহে দেখা পোৱাৰ বাবে ইয়াক স্বাভাৱিক পৰিৱৰ্তনৰ সলনি জিনগত পৰিৱৰ্তন (genetic variants) বুলিও ধাৰণা কৰাহয়৷ ৩৪৫৬
ইহঁত সাধাৰণতে নীৰৱে থাকে যদিও খেদা খালে বা বাহৰ ওচৰে পাজৰে থাকিলে তীক্ষ্ণ মাত (harsh croak) উলিয়ায়৷
কণামুছৰিৰ পোনপ্ৰথম বৰ্ণনা কৰিছিল কলনেল উইলিয়াম হেনৰি শ্বাইকিজ (William Henry Sykes) এ ১৮৩২ চনত। জন এডৱাৰ্ড গ্ৰে'ৰ (John Edward Gray) সন্মানাৰ্থে ইয়াৰ বৈজ্ঞানিক নাম Ardeola grayii ৰখা হয়৷
আচৰণ
কণামুছৰি ভাৰতবৰ্ষত বহুলভাৱে বিস্তৃত৷ সাধাৰণতে ইহঁত অকলশৰে থাকে যদিও খৰালি কালত জলাশয়ত উভৈনদীভাৱে খাদ্য থাকে বাবে ই ওচৰা ওচৰিকৈ থাকি চৰে৷ ৭ কণামুছৰিয়ে জাক পাতিও বাস কৰে (semi-colonial breeders)৷৮
খাদ্য
কণামুছৰিয়ে খাদ্যৰ বাবে জলাশয় সমূহত বাস কৰে৷ ইহঁতে জলাশয়ৰ বিভিন্ন জলজ উদ্ভিদ যেনে মেটেকা (Water hyacinth) আদিৰ সহায়ত দ পানীতো খাদ্যৰ সন্ধান কৰিবলৈ সক্ষম হয়৷ ৯১০১১১২ কেতিয়াবা ইহঁতে পানীৰ পৰা জঁপিয়াইও খাদ্য চিকাৰ কৰে৷ ১৩ ১৪ কণামুছৰিয়ে পানীৰ পৰা ভেকুলী, মাছ আদি পাৰৰ ফালে খেদাইও চিকাৰ কৰে৷১৫
কণামুছৰিৰ প্ৰধান খাদ্য বিভিন্ন প্ৰজাতিৰ কেকোঁৰা, জলজ পোক-পতংগ, মাছ, ভেকুলী আৰু মাজে সময়ে জোক (Herpobdelloides sp.).১৬ জলাশয়ৰ বাহিৰত ইহঁতে অন্যান্য পোক-পতংগ যেনে ফৰিং (crickets), জিঞা (dragonflies)১৭, মাখি১৮) আৰু বিভিন্ন উভচৰ প্ৰাণী (amphibian) আদি ধৰি খায়৷ ১৯
প্ৰজনন
বাৰিষাৰ আগে আগে কণামুছৰিৰ প্ৰজনন হয়৷ ইহঁতে সৰু সৰু জাকত বাহ সাজে৷ সাধাৰণতে গছৰ সৰু-সুৰা ডালেৰে বাহটো সাজে৷ প্ৰায়ভাগ বাহ পাতেৰে আৱৰা প্ৰকাণ্ড গছত ৯-১০ মিটাৰ উচ্চতাত সাজে৷ বাহ সজাৰ সামগ্ৰী মতা চৰায়ে সংগ্ৰহ কৰি আনে আৰু মাইকী কণামুছৰি চৰায়ে বাহটো সাজি উলিয়ায়৷ এবাৰত ৩-৫ টাকৈ কণী দিয়ে৷ ২০ ১৮-২৪ দিনৰ ভিতৰত কণী ফুটি পোৱালী জগায়৷ মাক-দেউতাক দুয়োয়ে পোৱালিক খাদ্য খুৱায়৷ ২১ পোৱালীয়ে প্ৰধানকৈ মাছ খায়৷ ৭ ক্ষতি বা কোনোধৰণৰ অসুবিধা নথকা বাহ বছৰৰ পিছৰ বছৰো ব্যৱহৃত হয়৷ ২২
অন্যান্য উৎস
- Lamba, B.S. (1963) Nidification of some Indian birds. No.6. The Indian Pond Heron or Paddy bird Ardeola grayii (Sykes). Pavo 1(1): 35-43.
- de Boer LEM, van Brink JM (1982) Cytotaxonomy of the Ciconiiformes (Aves), with karyotypes of eight species new to cytology. Cytogenet Cell Genet 34:19-34
- Parasharya,BM; Bhat,HR (1987) Unusual feeding strategies of the Little Egret and Pond Heron. Pavo 25(1&2), 13-16.
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Anonymous. (1998). Vernacular Names of the Birds of the Indian Subcontinent. Buceros. পৃ. 53–109
- ↑ Yule, Henry, Sir. Hobson-Jobson. (1903). A glossary of colloquial Anglo-Indian words and phrases, and of kindred terms, etymological, historical, geographical and discursive. New ed. edited by William Crooke, B.A.. J. Murray, London
- ↑ Gopisundar, K. S. (2004). Abundance and seasonality of Indian Pond Herons Ardeola grayii with red legs in Uttar Pradesh, India. Forktail
- ↑ Abdulali, H. and Alexander, H. G.. (1952). Ardeidae with red legs. Ibis. পৃ. 363
- ↑ Wesley, H. D. (1993). Genetics of the red tarsi and feet in the Pond Heron. Newsletter for Birdwatchers. পৃ. 73
- ↑ Sundar, Gopi KS. Distribution and extent of Pond Herons Ardeola grayii with red legs in India. Indian Birds. পৃ. 108–115
- ↑ Begum, S. (2003). Colonial nesting behavior in Indian Pond Heron (Ardeola grayii grayii) of Bangladesh. Zoos' Print Journal. পৃ. 1113–1116
- ↑ Gadgil, Madhav & Salim Ali. (1975). Communal roosting habits of Indian birds. J. Bombay Nat. Hist. Soc.. পৃ. 716–727
- ↑ Chandra-Bose,DA. (1969). The Paddybird, Ardeola grayii (Sykes) floating on water. Pavo. পৃ. 74–75
- ↑ Neelakantan,KK. (1986). Pond heron afloat. Newsletter for Birdwatchers. পৃ. 11–13
- ↑ Krishna, MB. (1978). Pond Herons. Newsletter for Birdwatchers. পৃ. 10
- ↑ Muir,GBF. (1916). Paddy-birds Ardeola grayii fishing. J. Bombay Nat. Hist. Soc.. পৃ. 366–367
- ↑ Grimwood,IM; Brocklehurst,MJC. (1984). Unusual feeding behaviour in the Paddy Bird or Indian Pond Heron Ardeola grayii'. J. Bombay Nat. Hist. Soc.''. পৃ. 696–697
- ↑ Sivasubramanian,C. (1988). Aerial feeding by Median Egret (Egretta intermedia), Little Egret (Egretta garzetta) and Pond Heron (Ardeola grayii). J. Bombay Nat. Hist. Soc.. পৃ. 611–612
- ↑ Kirkpatrick, K. M. (1953). Feeding habit of the Indian Pond Heron (Ardeola grayii). J. Bombay Nat. Hist. Soc.. পৃ. 507
- ↑ Mathew,DN; Narendran,TC; Zacharias,VJ. (1978). A comparative study of the feeding habits of certain species of Indian birds affecting agriculture. J. Bombay Nat. Hist. Soc.. পৃ. 1178–1197
- ↑ Santharam,V. (2003). Indian pond-herons Ardeola grayii feeding on dragonflies. Journal of Bombay Natural History Society. পৃ. 108
- ↑ Prasad,JN; Hemanth,J. (1992). Pond Heron Ardeola grayii (Sykes) feeding on bees. J. Bombay Nat. Hist. Soc.. পৃ. 246
- ↑ Sodhi, NS. (1986). Feeding ecology of Indian pond heron and its comparison with that of little egret. Pavo. পৃ. 97–112
- ↑ Pandey, Deep Narayan. (1991). Nesting of the Pond Heron Ardeola grayii (Sykes) on Eucalyptus trees. J. Bombay Nat. Hist. Soc.. পৃ. 281
- ↑ Yesmin, R., Rahman, K. & Haque, N. (2001). The breeding biology of the Pond Heron (Ardeola grayii Sykes) in captivity. Tigerpaper. পৃ. 15–18
- ↑ Ali, S. & S. D. Ripley. (1978). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 63–64
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণামুছৰি” প্ৰবন্ধৰ সংশোধন ৫৪০৬৬৫ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।