অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

জাতি বেত

জাতি বেত বা কেলামাছ টেনুইছ (Calamus tenuis) আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।

হালনাগাদ: ১১ জুন ২০২৪ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জাতি বেত বা কেলামাছ টেনুইছ (Calamus tenuis) আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ।১ বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।২

বিস্তৃতি

জাতি বেত ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। এই উদ্ভিদ সাধাৰণতে প্ৰায় গ্ৰীষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় বৃষ্টিময় নিম্নভূমি অৰণ্য আৰু প্ৰায় গ্ৰীষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় বৃষ্টিময় পাৰ্বত্য অৰণ্যত পোৱা যায়। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড় আৰু লখিমপুৰ জিলাৰ অন্তৰ্গত বনাঞ্চলবিলাকত এই বেতৰ উৎপত্তি হোৱা দেখা যায়। সাধাৰণতে দ-চানেকীয়া ঠাইত এই বেতৰ উৎপত্তি পৰিলক্ষিত হয়।৩

বিৱৰণ

জাতি বেতে লতাৰ নিচিনাকৈ গছৰ ওপৰলৈ বগাই যোৱাৰ চাৰিত্ৰিক প্ৰবৃত্তি প্ৰদৰ্শন কৰে। লতাৰ মাজে মাজে গাঁঠিৰ উৎপত্তি হয়, লতাৰ উপৰিভাগ মিহি আৰু ভিতৰখন আঁহযুক্ত হয়। পাবে পাবে বৌখাৰ উৎপত্তি হয় আৰু এই বৌখাৰপৰা উদ্ভৱ হোৱা ঠাৰিৰ আগত ছিৰিলি ছিৰিলি পাত ধৰে। লতাডাল বাঢ়ি যোৱাৰ লগে লগে পাতবোৰ সৰি যায় আৰু কেৱল আগভাগত পাতবিলাক ওলমি থাকে। হাকুটাৰ পৰা কাইট থকা আঁকুহিৰ উৎপত্তি হয়।৩

জাতিবেতৰ লতাডালৰ গুৰিত উৎপত্তি হোৱা মুঢ়াৰ পৰা বিকশিত হোৱা ঘাই শিপাডালৰ পৰা অসংখ্য ক্ষুদ্ৰ শিপাৰ উৎপত্তি হয়। এই শিপাবোৰে লতাডালক মাটিত খামোচ মাৰি ধৰি ৰাখে। মুঢ়াত উৎপন্ন হোৱা পুলিবোৰ ক্ৰমে ডঙৰ হৈ ওচৰত থকা গছ-গছনিবিলাকৰ ওপৰলৈ বগাই যায়।

জাতি বেতৰ থোপাথোপে ফুল ধৰে। সেই ফুলবোৰ পূৰঠ হ’লে থোপা থোপে বাকলি থকা ফল ধৰে। এই ফলবোৰক বেতগুটি বুলি কোৱা হয়।৩

ব্যৱহাৰ

জাতিবেত টুকুৰিকে ধৰি অন্য বহুতো সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ বকটু গুচাই সুত তৈয়াৰ কৰা হয়। ঘৰৰ বেৰাৰ কামি বন্ধা, খৰাহি-পাচিৰ বাও বন্ধা আদি কামত এই বেতৰ সুতবোৰ ব্যৱহাৰ কৰা হয়। তদুপৰি এই বেতৰ গাঁজ খাদ্য হিচাপে খোৱা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families, Calamus tenuis
  2. ↑ Global species
  3. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

লতাউদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতি বেত” প্ৰবন্ধৰ সংশোধন ৪২২৮২৮ (১১ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।