অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তৰা আপেল

তৰা আপেল (ইংৰাজীঃ STAR APPLE, বৈজ্ঞানিক নামঃ Chrysophyllum cainito) হৈছে দক্ষিণ পূব এচিয়াৰ গ্ৰীষ্মমণ্ডলত উপলব্ধ এবিধ Sapotaceae পৰিয়ালৰ অন্তৰ্গত ফল। ই পানামাৰ ঠেক উপকূল অঞ্চলত উপলব্ধ এক স্থানীয় বৃক্ষজাতীয় গছৰ ফল। সময়ৰ লগত ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ খেতি আৰম্ভ হৈছে।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৪ ২৯৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তৰা আপেল (ইংৰাজীঃ STAR APPLE, বৈজ্ঞানিক নামঃ Chrysophyllum cainito) হৈছে দক্ষিণ পূব এচিয়াৰ গ্ৰীষ্মমণ্ডলত উপলব্ধ এবিধ Sapotaceae পৰিয়ালৰ অন্তৰ্গত ফল। ই পানামাৰ ঠেক উপকূল অঞ্চলত উপলব্ধ এক স্থানীয় বৃক্ষজাতীয় গছৰ ফল। সময়ৰ লগত ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ খেতি আৰম্ভ হৈছে।১ সময়ৰ লগত ইয়াৰ খেতি বৃহত্তৰ এণ্টিলিছ আৰু ৱেষ্ট ইণ্ডিজলৈ বিয়পি পৰিছে আৰু বৰ্তমান দক্ষিণ-পূব এছিয়াকে ধৰি সমগ্ৰ ক্ৰান্তীয় অঞ্চলত ইয়াৰ খেতি কৰা হৈছে।২ ই দ্ৰুতগতিত ডাঙৰ হয় আৰু ইয়াৰ উচ্চতা ২০ মিটাৰ পৰ্যন্ত হয়।

নাম

সাধাৰণ নাম Cainito আৰু Caimito সম্ভৱতঃ স্পেনিছ ভাষাত মায়ান শব্দ cab (ৰস), im (স্তন), আৰু vitis (ৰস)ৰ পৰা আহিছে।৩ তৰা আপেল স্থানীয় সাধাৰণ নাম। ৪ ইয়াৰ ৰঙৰ লগত সংগতি ৰাখি কোনো কোনোৱে স্থানীয় ভাৱে বেঙুনীয়া আপেল বুলিও কয়।

বিৱৰণ

গছ

পাতবোৰ চিৰসেউজ, বিকল্প শিৰা, সৰল, ডিম্বাকাৰ, সম্পূৰ্ণ, ৫–১৫ চে.মি. দীঘল হয়। গছৰ পাতবোৰ দূৰৰ পৰা চালে তলৰ ফালটো সোণালী ৰঙেৰে জিলিকি উঠে। সৰু সৰু ফুলবোৰ বেঙুনীয়া বগা আৰু মিঠা সুগন্ধি গোন্ধ থাকে। গছজোপা হাৰ্মাফ্ৰডিটিক (আত্ম-উৰ্বৰ)ও। ইয়াৰ পৰা প্ৰচণ্ড গোন্ধ ওলায়।

ফল

ফলটো গোলাকাৰ আৰু সাধাৰণতে ইয়াৰ ব্যাস ২ৰ পৰা ৩ ইঞ্চি হয়।৫ পকিলে সাধাৰণতে ইয়াৰ ছাল বেঙুনীয়া হয় আৰু ফুলৰ পাহিবোৰৰ চাৰিওফালে ক্ষীণ সেউজীয়া অংশ দেখা যায়। ফলৰ ঠাৰি অংশত এটা জিলিকিথকা তৰাৰ দৰে বেটুপাতবোৰ দেখা যায়। ফলবোৰ কেতিয়াবা সেউজীয়া বগা আৰু হালধীয়া হয়। ছালত প্ৰচুৰ পৰিমাণে আঠা থাকে, আৰু ইয়াৰ আৰু ছালবোৰ খাব পৰা নহয়, ফলটো গুচাই খাব লাগে। চেপেটা গুটিবোৰ পাতল বাদামী আৰু কঠিন। ই ঋতু অনুসৰি ফল দিয়া গছ।

ফলবোৰ সতেজ ডেজাৰ্ট ফল হিচাপে ব্যৱহাৰ কৰা হয়; ই মিঠা আৰু প্ৰায়ে ঠাণ্ডা কৰি পৰিবেশন কৰা হয়। ইয়াৰ ফলটো গাঢ় বেঙুনীয়া, সেউজীয়া বাদামী আৰু হালধীয়া তিনিটা ৰঙতো থাকে। বেঙুনীয়া ৰঙৰ ফলৰ ছাল আৰু গঠন ঘন হোৱাৰ বিপৰীতে সেউজীয়া বাদামী ৰঙৰ ফলৰ ছাল পাতল আৰু অধিক তৰল ৰস থাকে; হালধীয়া ৰঙৰ জাতটো কম উপলব্ধ।

আফ্ৰিকাত গাম্বেয়া এলবিডা আৰু জি. আফ্ৰিকানাকে ধৰি কেইবাটাও সম্পৰ্কীয় প্ৰজাতি, যাক তৰা আপেল বুলিও কোৱা হয়, খেতি কৰা হয়। ৬

বৈজ্ঞানিক শ্ৰেণী বিভাজন
ৰাজ্যউদ্ভিদ
Clade:Tracheophytes
Clade:Angiosperms
Clade:Eudicots
Clade:Asterids
বৰ্গEricales
পৰিয়ালSapotaceae
গণChrysophyllum
প্ৰজাতিC. cainito

তথ্যসূত্ৰ

  1. ↑ Petersen, Jennifer J.; Parker, Ingrid M.; Potter, Daniel. (March 2014). Domestication of the neotropical tree Chrysophyllum cainito from a geographically limited yet genetically diverse gene pool in Panama. Ecology and Evolution. পৃ. 539–553
  2. ↑ ”Chrysophyllum cainito” at AgroForestryTree Database at www.worldagroforestry.org/sea/products/afdbases/
  3. ↑ Suárez Molina, Victor. (1996). El español que se habla en Yucatán. Universidad Autónoma de Yucatán. পৃ. 112. ISBN 9687556226
  4. ↑ (13 December 2022). Chrysophyllum cainito L.. Flora and Fauna Web, Government of Singapore
  5. ↑ Boning, Charles R. (2006). Florida's Best Fruiting Plants: Native and Exotic Trees, Shrubs, and Vines. Pineapple Press, Inc. পৃ. 199. ISBN 1561643726
  6. ↑ National Research Council. (2008-01-25). Lost Crops of Africa: Volume III: Fruits. Lost Crops of Africa. National Academies Press. ISBN 978-0-309-10596-5

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰা আপেল” প্ৰবন্ধৰ সংশোধন ৪৫৩৫৮৫ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।