জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান (জে. ডি. এন. পি.)১ (Jigme Dorji National Park) হ'ল ভূটানৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান।
ইতিহাস
১৯৭৪ চনত এই ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল। ই ৪৩১৬ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত হৈ আছে। এই এলেকাৰ ভিতৰত ভূটানৰ তিনিওটা জলবায়ু অঞ্চল অন্তৰ্ভুক্ত হৈ আছে আৰু উদ্যানখন ১,৪০০-ৰ পৰা ৭,০০০ মিটাৰতকৈ অধিক উচ্চতালৈকে বিস্তৃত। উদ্যানখনৰ ভিতৰত ১,০০০ পৰিয়ালৰ প্ৰায় ৬,৫০০জন লোক জীৱিকাৰ বাবে কৃষি আৰু পশুপালনৰ লগত জডি়ত। ইয়াক ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ভূটানৰ সম্ভাৱ্য নাম তালিকাত এই উদ্যানখনক এক স্থান হিচাপে তালিকাভুক্ত কৰা হৈছে।২৩
অৱস্থান
গাছা জিলাৰ লগতে থিম্ফু জিলা, পাৰো জিলা, পুনাখা, আৰু ৱাংডুৱে ফড্ৰাং জিলাৰ উত্তৰ অঞ্চলসমূহৰ অধিকাংশই ই দখল কৰিছে।
উদ্ভিদ আৰু প্ৰাণী
উদ্যানখনে ৩৭বিধ জ্ঞাত প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ লগতে কেইবাটাও বিপন্ন, বিপদাপন্ন বা দুৰ্বল প্ৰজাতি, যেনে ভূটান টাকিন, বৰফৰ বাঘ, গোধাফুটুকী, ঢেকীয়াপতীয়া বাঘ, ভৰাল বা হিমালয়j নীলা ভেড়া, ক'লা কস্তুৰী হৰিণ, হিমালয়ৰ ক'লা ভালুক, ৰঙা পাণ্ডা, উচুৰি ৰাংকুকুৰ আৰু স্পটেড লিনচাং ইয়াত ভাৰতীয় নাহৰফুটুকী বাঘ, হিমালয়ৰ চেৰো, শৰপহু, সুগৰী পহু, হিমালয়ৰ গৰাল, হিমালয়ৰ মাৰমট, হিমালয়ৰ পিকা আৰু ৩০০তকৈও অধিক প্ৰজাতিৰ চৰাইক উদ্যানখনে আশ্ৰয় প্ৰদান কৰিছে। ই ভূটানৰ একমাত্ৰ উদ্যান য'ত ৰাষ্ট্ৰীয় প্ৰাণী (টাকিন), ফুল (নীলা পপি), চৰাই (ৰেভেন) আৰু গছ (চাইপ্ৰেছ) একেলগে বিদ্যমান।২৩
সাংস্কৃতিক স্থানসমূহ
সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্ব থকা বহুকেইটা স্থান জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যানত আছে। মাউণ্ট জোমোলহাৰী আৰু মাউণ্ট জিচু ড্ৰেকক স্থানীয় দেৱতাৰ ঘৰ হিচাপে পূজা কৰা হয়। লিংছি জং আৰু গাছা জং দুৰ্গ ঐতিহাসিক গুৰুত্বপূৰ্ণ স্থান। মো ছু, ৱাংডি ছু আৰু পা ছু (পাৰো ছু) নদীৰ উৎস উদ্যানখনত অৱস্থিত হিমবাহ হ্ৰদসমূহত আছে।৩৪
হিমবাহ
ৰ শৃংগ}}]]
জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যানে লুনানা আৰু লয়া গেৱগছকে ধৰি উত্তৰ গাছা জিলাৰ বেছিভাগ অঞ্চল সামৰি লৈছে। এই গেৱগছসমূহ ভূটানৰ কিছু উল্লেখযোগ্য আৰু অনিশ্চিত হিমবাহৰ স্থান। এই হিমবাহবোৰ লিপিবদ্ধ ইতিহাসৰ সময়ছোৱাত যথেষ্ট পৰিমাণে গলি গৈছে, যাৰ ফলত মাৰাত্মক আৰু ধ্বংসাত্মক হিমবাহ হ্ৰদৰ গলনৰ ফলত বানপানী সৃষ্টি হৈছে। উদ্যানখনৰ ভিতৰত থকা হিমবাহ আৰু হিমবাহ হ্ৰদসমূহৰ ভিতৰতে মুখ্য হৈছে থৰ্থৰ্মি, লুগিয়ে, আৰু টেৰি কাং।৫৬৭৮ ঋতুয়ে অনুমতি দিয়াৰ লগে লগে, পানীৰ স্তৰ হ্ৰাস কৰিবলৈ উদ্যানৰ ভিতৰত থকা অস্থায়ী শিবিৰৰ শ্ৰমিকসকলে কাম কৰে যাতে নদীৰ নামনিত বানপানীৰ ভাবুকি হ্ৰাস হয়।৭
এইবোৰো চাওক
- ভূটানৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা
- ভূটানৰ হিমবাহসমূহ
তথ্যসূত্ৰ
- ↑ Dofps
- ↑ Parks of Bhutan. Bhutan Trust Fund for Environmental Conservation online. Bhutan Trust Fund
- ↑ Jigme Dorji National Park. Himalaya 2000 online. Bhutan Travel Guide"Jigme Dorji National Park". Himalaya 2000 online. Bhutan Travel Guide. Retrieved 2 April 2011
- ↑ (October 1999). Parks. Protected Areas Programme. IUCN – The World Conservation Union
- ↑ Pelden, Sonam. (3 September 2010). Thorthormi water level brought down 43 cm. Bhutan Observer online
- ↑ Choden, Kuenzang C. (21 August 2009). A major GLOF in 2010?. Bhutan Observer online
- ↑ Pelden, Sonam. (9 October 2009). Thorthormi water level brought down. Bhutan Observer online
- ↑ (26 August 2008). Snowman Trek I (to Sephu). Tourism Council of Bhutan online. Government of Bhutan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৫৩২১৭ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।