অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

টুৱাটেৰা

টুৱাটেৰা (মাওৰি, tuatara) নিউজিলেণ্ডৰ এবিধ নিজা-থলুৱা সৰীসৃপ। জেঠীজাত জীৱৰ দৰে দেখিলেও ইহঁত বেলেগ এটা গুৰি-গোষ্ঠীৰ, যিটো হ’ল ৰাইংক’চেফালিয়া বৰ্গ। ইহঁতৰ নামটো মাওৰি ভাষাৰ পৰা আহিছে যাৰ অৰ্থ "পিঠিত শৃংগ"। ২০ কোটি বছৰমান আগতে উন্নতি লাভ কৰা বৰ্গটোৰ এটাই টুৱাটেৰাৰ প্ৰজাতি বাচি আছে।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

টুৱাটেৰা (মাওৰি, tuatara) নিউজিলেণ্ডৰ এবিধ নিজা-থলুৱা সৰীসৃপ। জেঠীজাত জীৱৰ দৰে দেখিলেও ইহঁত বেলেগ এটা গুৰি-গোষ্ঠীৰ, যিটো হ’ল ৰাইংক’চেফালিয়া বৰ্গ।১ ইহঁতৰ নামটো মাওৰি ভাষাৰ পৰা আহিছে যাৰ অৰ্থ "পিঠিত শৃংগ"।২ ২০ কোটি বছৰমান আগতে উন্নতি লাভ কৰা বৰ্গটোৰ এটাই টুৱাটেৰাৰ প্ৰজাতি (জীৱবিদ্যা) বাচি আছে।৩ জীৱৰ গোটেইবিলাক গোটৰ ভিতৰত ইহঁতৰ আৰু ইস্কুৱামেটৰ (সাপ আৰু জেঠীজাত জীৱৰ) একেবাৰে শেহতীয়া পূৰ্বপুৰুষ একেই।৪ এই কাৰণে জেঠীজাত জীৱৰ আৰু সাপৰ অধ্যয়নত আৰু প্ৰথম ডায়েপ্সিড (ডাইনাচৰ, য’ত চৰাইও পৰে আৰু ঘৰীয়ালজাত জীৱক সাঙুৰি লোৱা এটা এম্নিয়ট চাৰিঠেঙীয়া জীৱৰ গোট) বিলাকৰ চেহেৰা আৰু অভ্যাসৰ পুনৰনিৰ্মাণৰ বাবে টুৱাটেৰাক গুৰুত্ব দিয়া হয়।

টুৱাটেৰাৰ বৰণ সেউজীয়াৰ দৰে মটীয়া আৰু ধোঁৱাবুলীয়া, ইয়াৰ দীঘ মূৰৰ পৰা নেজলৈকে ৮০ ছে.মি. (৩১ ইঞ্চি) আৰু ওজন ১.৩ কেজি।৫ ইহঁতৰ কাঁইটীয়া জঁ থাকে, বিশেষকৈ মতাবিলাকত বেছিকৈ দেখি। ইহঁতৰ ওপৰৰ পাৰিটোত দুশাৰীকৈ দাঁত থাকে আৰু তলৰ পাৰিটোত ওপৰৰ পাৰিৰ মাজেৰে এশাৰী দাঁত থাকে, এনেকুৱা আন কোনো জীয়াই থকা জীৱত নেদেখি। আচহুৱাকৈ ইহঁতৰ দেখা যোৱা ফটোৰিচেপ্টিভ তৃতীয় চকুও থাকে যিটোৱে চিৰ্কাডিয়ান আৰু ঋতুগত চক্ৰবোৰ কৰায় বোলে ভবা গৈছে। বাহিৰা কান নাই যদিও ইহঁতে শুনিব পাৰে আৰু ইহঁতৰ লাওখোলাত কিছুমান ইউনিক ঠাচ থাকে যাৰ কিছুমান বিৱৰ্তনগতভাবে মাছ অৱস্থাৰ পৰা বজাই ৰাখিছে যেন দেখা গৈছে। যদিও টুৱাটেৰাক কেতিয়াবা "জীৱন্ত জীৱাশ্ম" বুলি কোৱা হয়, শেহতীয়া দেহতাত্ত্বিক অধ্যয়নে ইহঁত মেছ’জৈক যুগৰ পৰা বহুত সলনি হোৱা বুলি দেখুৱাইছে।৬৭৮ ইয়াৰ জননকোষ মেপ কৰি থাকোঁতে গৱেষকসকলে এই প্ৰজাতিটোৰ খাৰযোৰৰ সংখ্যা ৫ৰ পৰা ৬শ কোটিটা আছে মানুহটোক দুগুণ।৯

তথ্যসূত্ৰ

  1. ↑ (2004). Tuatara. New Zealand Ecology: Living Fossils. TerraNature Trust
  2. ↑ (2009). The Tuatara. Kiwi Conservation Club: Fact Sheets. Royal Forest and Bird Protection Society of New Zealand Inc
  3. ↑ Tuatara. Conservation: Native Species. Threatened Species Unit, Department of Conservation, Government of New Zealand
  4. ↑ Rest, Joshua S.; Ast, Jennifer C.; Austin, Christopher C. (2003-01-01). Molecular systematics of primary reptilian lineages and the tuatara mitochondrial genome. Molecular Phylogenetics and Evolution. পৃ. 289–297
  5. ↑ (2007). Reptiles:Tuatara. Animal Bytes. Zoological Society of San Diego
  6. ↑ Jones ME. (2008). Skull shape and feeding strategy in Sphenodon and other Rhynchocephalia (Diapsida: Lepidosauria). J Morphol. পৃ. 945–66
  7. ↑ Jones ME. (2009). Dentary tooth shape in Sphenodon and its fossil relatives (Diapsida: Lepidosauria: Rhynchocephalia). Front Oral Biol. পৃ. 9–15. ISBN 978-3-8055-9229-1
  8. ↑ (2009). A sphenodontine (Rhynchocephalia) from the Miocene of New Zealand and palaeobiogeography of the tuatara (Sphenodon). Proc Biol Sci. পৃ. 1385–90
  9. ↑ Tuatara genome mapping. Odt.co.nz

সম্পৰ্কিত শ্ৰেণী

সৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুৱাটেৰা” প্ৰবন্ধৰ সংশোধন ৬২৩৬৭৫ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।