তেলীয়া সাৰেংৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiaticusasiaticus। ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্জ্বল ৰঙা, মূৰ ডিঙি ডেউকাৰ মাজৰ পাখি ক’লা (অলপ চিকচিকিয়া ডাঠ নীলা)। পিঠি, পেট আৰু ডেউকা বগা ক’লাৰ মিশ্ৰিত বৰণৰ। ইহঁত প্ৰায় ৪,১০০ গ্ৰাম গধুৰ হয়। ১ দেখাত মতা মাইকী একেই যদিও মাইকী সাৰেং চৰাইজনীৰ চকুৰ মণি হালধীয়া আৰু মতাটোৰ ক’লা। উৰন্ত অৱস্থাত ভৰি দুখন পাছলৈ আৰু ডিঙিটো আগলৈ দি একে সমতাত ৰাখি উৰে।
নামকৰণ তথা শ্ৰেণীবিভাজন
পোনপ্ৰথমে জন লাথামে (John Latham) এই চৰাইবিধক Mycteria asiatica হিচাপে নামকৰণ কৰিছিল। পৰৱৰ্তী কালত ইয়াক দৈহিক গঠনৰ ভিত্তিত Xenorhynchus নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত কৰা হয়২। আচৰণৰ ভিত্তিত, কাহলে (Kahl) Ephippiorhynchus গোত্ৰত অন্তৰ্ভুক্তিৰ প্ৰস্তাৱ আগবঢ়ায়। পৰৱৰ্তী কালত কৰা বিভিন্ন বৈজ্ঞানিক অধ্যয়নে এই প্ৰস্তাৱৰ সপক্ষে যথেষ্ট তথ্য আগবঢ়াবলৈ সক্ষম হয়৩৪ এই প্ৰজাতি বিধৰ দুবিধ উপ-প্ৰজাতি পোৱা যায় -
•Ephippiorhynchus asiaticus asiaticus
• Ephippiorhynchus asiaticus australis –মূলত: নিউগিনি আৰু অষ্ট্ৰেলীয়াত পোৱা যায়৫
অৱস্থিতি
প্ৰধানকৈ দঃ এচিয়া, নিউগিনি আৰু অষ্ট্ৰেলিয়াত সাৰেং চৰাইৰ অৱস্থিতি দেখা যায়। বিশেষকৈ অষ্ট্ৰেলিয়াত ইহঁতৰ সংখ্যা আটাইতকৈ বেছি। ভাৰতত বিশেষকৈ গঙ্গা নদী অৱবাহিকা আৰু অসমত তেলীয়া সাৰেঙৰ অৱস্থিতি দেখা যায়। উত্তৰ প্ৰদেশৰ কেয়'লেডো ৰাষ্ট্ৰীয় উদ্দ্যানত ২৯ বৰ্গ কিলোমিটাৰত প্ৰায় ছয় যোৰাকৈ সাৰেং পক্ষী দেখা গৈছে। ৬শ্ৰীলংকাৰ ৰোহুনা (Ruhuna) ৰাষ্ট্ৰীয় উদ্যানত মাত্ৰ ৪-৫ যোৰা সাৰেং চৰাই দেখা গৈছে। ৭ বাংলাদেশ৮ আৰু থাইলেণ্ডত৯ ই লুপ্তপ্ৰায় হিচাবে চিহ্নিত হৈছে।
বাসস্থান
সাধাৰণতে চেপ্তেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত ইহঁতে বাঁহ সাজে। বিল, জলাশয়, দ পথাৰ আদিৰ কাষত বা অকণমান আঁতৰতে থকা ওখ পুৰণি ফেৰেঙণি থকা গছত গছৰ ডাল-পাত,ঘাঁহ-বন আদি গোটাই ইহঁতে বাঁহ সাজে। বাঁহ সাজোতে বাঁহটোত বোকা মাটিৰ লেপন একোটাও দিয়া দেখা যায়। একেটা বাঁহকে কেইবাবাৰু ব্যৱহাৰ কৰে। প্ৰতিবাৰে ৪টাকৈ কণী পাৰে যদিও কেতিয়াবা ১-৫ টাও হ'ব পাৰে।১০ কণীৰপৰা পোৱালি ওলাবৰ বাবে প্ৰায় ৩০ দিন লাগে। প্ৰথমে পোৱালিবোৰৰ পাখিৰ ৰং বগা থাকে যদিও পাছলৈ ক্ৰমে উজ্জ্বল ধোঁৱা বৰণীয়া হৈ গৈ থাকে। পোৱালিক সলনা-সলনিকৈ মতা মাইকী দুয়োটা চৰায়ে খাদ্য যোগায়। কেতিয়াবা ঠোঁটত পানী কঢ়িয়াই অনাও দেখা যায়।১১ পোৱালিকেইটাৰ ৪ মাহমানৰ পাছত উৰিব পৰা হ'লে খাদ্য যোগান বন্ধ কৰে। প্ৰায় এবছৰ কাল পোৱালিবোৰ পৰিয়ালৰ লগতে থকে। পৰিয়ালটোৰ লগতে এইবিধ চৰাইৰ সম্পৰ্ক সীমাবদ্ধ। ইহঁতে জাক পাতি নুফুৰে। জলাশয় বিলাকত দূৰে দূৰে দুই চাৰিটাকৈ চৰি ফুৰা দেখা যায়। দিনৰ ভাগত কেতিয়াবা ভৰি দুটা বেকা কৰি জিৰণি লয়।
খাদ্য
তেলীয়া সাৰেং চৰাইবিধ মাংসহাৰী (carnivor)ৰ অন্তৰ্ভুক্ত বুলিব পাৰি। পানী বা মাটিৰ সৰু জীৱ প্ৰজাতি ইহঁতৰ খাদ্য। ভেকুলী, সৰু সৰীসৃপ জাতীয় প্ৰাণী, পানীত চৰা সৰু চৰাই,১২১৩ মাছ, পোক, পৰুৱা, গছৰ গুটি আদি ইহঁতৰ খাদ্য।
বাহ্যিক সংযোগ
- Birds in my backyard, Australia
- New South Wales, Australia
- Images and videos
- 3D specimen
- BirdLife Species Factsheet
তথ্যসূত্ৰ
- ↑ "অসমৰ চৰাই পৰ্যবেশনৰ হাতপুথি" -লেখক সৌম্যদ্বীপ দত্ত
- ↑ Peters, J.L. (1931). Check-list of birds of the world. Harvard University Press, Cambridge, Massachusetts. পৃ. 1–345
- ↑ Wood, DS. (1984). Concordance between classifications of the Ciconiidae based on behavioral and morphological data. Journal of Ornithology. পৃ. 25–37
- ↑ Slikas, B. (1997). Phylogeny of the avian family Ciconiidae (Storks) based on cytochrome b sequences and DNA - DNA hybridisation distances. Molecular Phylogenetics and Evolution. পৃ. 275–300
- ↑ Elliott, A. (1992). Handbook of the Birds of the World. Lynx Edicions, Barcelona. পৃ. 463
- ↑ Ishtiaq F; AR Rahmani, MC Coulter and Sàlim Javed. (2004). Nest-site characteristics of Black-necked Stork (Ephippiorhynchus asiaticus) and Woolly-necked Stork (Ciconia episcopus) in Keoladeo National Park, Bharatpur, India. J. Bombay Nat. Hist. Soc.. পৃ. 90–95
- ↑ Santiapillai, C. & Dissanayake, S. R. B. & Alagoda, T. S. B. (1997). Observations on the Black-necked Stork (Ephippiorhynchus asiaticus) in the Ruhuna National Park, Sri Lanka. Tigerpaper. পৃ. 7–11
- ↑ Khan, M. A. R. (1984). Conservation of storks and ibises in Bangladesh. Tigerpaper. পৃ. 2–4
- ↑ Round, P.D. & Amget, B. & Jintanugol, J. & Treesucon, U. (1988). A summary of the larger waterbirds in Thailand. Tigerpaper. পৃ. 1–9
- ↑ Whistler, Hugh. (1949). Popular handbook of Indian birds. Gurney and Jackson, London. পৃ. 502–503
- ↑ Ali, S & S D Ripley. (1978). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 104–105
- ↑ Panday,Jamshed D. (1974). Storks preying on live birds. J. Bombay Nat. Hist. Soc.. পৃ. 141
- ↑ Verma, A. (2003). Feeding association of Marsh Harrier Circus aeruginosus and Black-necked Storks Ephippiorhynchus asiaticus in Keoladeo National Park (Bharatpur, India). Aquila. পৃ. 47–50
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলীয়া সাৰেং” প্ৰবন্ধৰ সংশোধন ৬২৪৩৪৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।